অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আমাৰ উপকাৰী অণুজীৱসমূহ প্ৰোবায়’টিক্স

আমাৰ উপকাৰী অণুজীৱসমূহ প্ৰোবায়’টিক্স

মানুহৰ বিভিন্ন ৰোগৰ কাৰক বেক্টেৰীয়া আদি অণুজীৱ সমুহ বুলি আমি জানো আৰু সেয়ে অণুজীৱ বুলিলেই আমি অপকাৰী বুলিয়েই ভাবো। পিছে এনে কেতবোৰ অণুজীৱ আছে যিবোৰ উপযুক্ত পৰিমাণত জীৱিত অৱস্থাত আহাৰৰ জৰিয়তে গ্ৰহণ কৰিলে মানুহ আৰু উন্যান্য জীৱ-জন্ত্তৰ উপকাৰ হয়। এনেবোৰ অণুজীৱকে প্ৰোবায়’টিক্স বোলে।

আমাৰ বিভিন্ন অসুখৰ চিকিৎসাত ব্যৱহাৰ কৰা এণ্টিবায়’টিক শ্ৰেণীৰ ঔষধ সমূহে বেমাৰৰ সৃষ্টি কৰা অনিষ্টকাৰী বেক্টেৰিয়া আদি ধ্বংস কৰোতে উপকাৰী বা প্ৰয়োজনীয় অণুজীৱ কেতবোৰো ধ্বংস হয়। বিশেষ শ্ৰেণীৰ ৰোগৰ চিকিৎসাত ব্যৱহৃত ৰেডিঅ’থেৰাপীয়েও প্ৰোবায়’টিক ধ্বংস কৰে। ইয়ে শৰীৰত বিৰুপ প্ৰভাৱ পেলায়। আধুনিক চিকিৎসা ব্যৱস্থাত এণ্টিবায়’টিকৰ ব্যৱহাৰ বাঢ়ি যোৱাৰ লগে লগে সেইবাবে প্ৰোবায়’টিকৰ দুৰুত্বও বাঢ়ি গৈছে।

মানুহৰ খাদ্য নলীত অসংখ্য বেক্টেৰিয়া বাস কৰে যিবোৰে হজম তথা পৰিপাক প্ৰক্ৰিয়াত সহায় কৰে। খাদ্যনলীৰ ক’ল’ন অংশত থকা উপকাৰী অণুজীৱ বোৰৰ সমতুলতা ব্যাঘাত হ’লে স্বেতসাৰ জাতীয় খাদ্যৰ পৰিপাকৰ লগতে হ্ৰস্ব-শৃংখল ফেটি এচিডৰ অৱশোষণৰ হাৰ হ্ৰাস কৰাৰ ফলত পনীয়া শৌচ হয়। লেক্‌টোবেছিলাছ নামৰ বেক্টেৰিয়াৰ কিছুমান প্ৰজাতিয়ে খাদ্যনলীত পিত্তৰসৰ বিভাজন ঘটোৱাৰ ফলত কলেষ্টৰেল অৱশোষণৰ হাৰ কমে, যাৰ বাবে তেজত ক’লেষ্ট্ৰৰেলৰ পৰিমাণ নিয়ন্ত্ৰিত হয় বুলি প্ৰাৰম্ভিক পৰীক্ষা নিৰীক্ষাত গম পোৱা গৈছে। এ চি ই ৰোধক (ACE Inhibitor) সদৃশ পেপ্‌টাইড সৃষ্টিৰ দ্বাৰা ৰক্তচাপ নিয়ন্ত্ৰণতো কিছুমান বেক্টেৰিয়াই কিছু পৰিমাণে অৰিহণা যোগায়। শৰীৰৰ বাবে লাগতিয়াল, বিশেষকৈ ৰক্ত সংশ্লেষণ, ৰক্তক্ষৰণ ৰোধৰ বাবে প্ৰয়োজনীয় কিছুমান ভিটামিন যেনে ভিটামিন কে, ফলিক এচিড আৰু ভিটামিন বি-১২ সংশ্লেষণ কৰাৰ বাবে খাদ্য নলীৰ বিশেষ কেতবোৰ বেক্টেৰিয়া আৱশ্যকীয়। সময়ৰ পূৰ্বে জন্মা অপনৈত শিশুবোৰৰ মৃত্যুৰ এটি অন্যতম কাৰণ নেক্ৰোটাইজিং এণ্টেৰোকোলাইটিছ নামৰ মাৰাত্মক ব্যাধিবিধিৰ সম্ভাৱনা কিছুমান প্ৰোবায়’টিক অণুজীৱই কমাব পাৰে বুলি তথ্য পোৱা গৈছে। প্ৰোবায়’টিকে খাদ্যনলীৰ পৰা অনিষ্টকাৰী বেক্টেৰিয়া আঁতৰাই গেষ্ট্ৰ’-এণ্টেৰাইটিছ ৰোগৰ পৰা সুৰক্ষা দিয়ে। ২০১৩ চনৰ এক শেহতীয়া অধ্যয়ন অনুসৰি গৰ্ভাৱস্থাক গৰ্ভৱতী মাতৃয়ে প্ৰোবায়’টিক অণুজীৱ যুক্ত আহাৰ গ্ৰহণ কৰিলে কেচুঁৱাৰ ‘এলাৰ্জী’ জড়িত সমস্যাৰ লাঘৱ হয়। কিছুমান অণুজীৱই ইমিউনোগ্ল’বুলিন উৎপাদনকাৰী প্লাজমা কোষৰ সংখ্যা বঢ়োৱাৰ লগতে বিশেষ ধৰণৰ বগা ৰক্ত কণিকাৰ সক্ৰিয়তা বঢ়াই পৰোক্ষভাৱে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা উন্নত কৰি তোলে। অইন কিছুমান অণুজীৱই হাইড্ৰ’জেন পেৰ’ক্সাইড উৎপন্ন কৰি মহিলা সকলৰ বেক্টেৰিয়েল ৱেজাইনোছিছ জাতীয় প্ৰজনন তন্ত্ৰৰ অসুখ প্ৰতিৰোধ কৰাত সহায় কৰে।

দৈ, লাচ্চি, আচাৰ আদি খাদ্যত আমাৰ উপকাৰী প্ৰোবায়’টিক শ্ৰেণীৰ উপকাৰী অণুজীৱ প্ৰচুৰ পৰিমাণে থাকে। নিয়মীয়াকৈ উপযুক্ত পৰিমাণত এনেবোৰ আহাৰ গ্ৰহণ কৰিলে বিভিন্ন স্বাস্থ্য জনিত সমস্যাৰ পৰা আঁতৰি থকা সম্ভৱ হয়। গৰম কৰিলে বা উতলালে এনেবোৰ খাদ্যত থকা প্ৰোবায়’টিক অণুজীৱ সমূহৰ মৃত্যু ঘটিব পাৰে বা ঘটে। তদুপৰি খালী পেটত পাকস্থলীৰ উচ্চ মাত্ৰাৰ এচিডৰ পৰিবেশেও এনেবোৰ অণুজীৱৰ মৃত্যু ঘটিব পাৰে। সেয়ে গৰম কৰি বা একেবাৰে খালী পেটত প্ৰোবায়’টিক অণুজীৱ সমৃদ্ধ খাদ্য খালেও আশা কৰা ধৰণে লাভাম্বিত নোহোৱাৰ আশংকা থাকে।

কিছুমান অণুজীৱৰ উপকাৰী গুণটোৰ কথা অৰ্থাৎ প্ৰোবায়’টিকৰ ধাৰণাটো পোনপ্ৰথমে ব্যাখ্যা কৰিছিল এলী মেট্‌চনিকফ্‌ নামে ন’বেল বঁটা বিজয়ী বিজ্ঞানী এগৰাকীয়ে। বিংশ শতিকাৰ আৰম্ভণি সময়ছোৱাত মেট্‌চনিকফে মন কৰিছিল যে বুলগেৰিয়া, ৰাছিয়া আদি দেশৰ গ্ৰামাঞ্চল বিশেষৰ আবাসী সকলৰ গড় আয়ুস তুলনা মূলক ভাৱে অইনতকৈ বেছি। এই গাঁওবাসী সকলে মুখ্যতঃ গাখীৰজাত খাদ্য গ্ৰহণ কৰিছিল আৰু প্ৰচুৰ পৰিমাণে দৈ তথা দৈৰে তৈয়াৰী আহাৰ খাইছিল। এই কথাটিয়ে তেওঁৰ মনত উৎসুকতাৰ ভাব আনে আৰু পৰৱৰ্তী গৱেষণাৰ ফলত প্ৰোবায়’টিকৰ ধাৰণাটিৰ জন্ম হ’ল।

প্ৰোবায়’টিক অণুজীৱ সমূহ বিভিন্ন কোম্পানীয়ে ইতিমধ্যে বজাৰত টেবলট, কেপচুল, পাউডাৰ তথা পনীয়া পেয় দ্ৰব্য ৰুপত বজাৰত উইয়াই দিছে। উপলব্ধ এনেবোৰ প্ৰোবায়’টিকৰ প্ৰায় আটাইবোৰেই পশ্চিমীয়া মূলৰ। ভাৰত বা প্ৰাচ্যৰ অন্য দেশৰ স্থানীয় নাগৰিকৰ শৰীৰৰ পৃথক জেনেটিক পৰিবেশত এনে বিদেশী মূলৰ অণুজীৱৰ সফলতা সম্পৰ্কে কিছু সংখ্যক গৱেষকে সন্দেহ প্ৰকাশ কৰিছে। কাৰ্ণালস্থিত ‘জাতীয় দুগ্ধ গৱেষণা কেন্দ্ৰ, (National Diary Research Institude : NDRI)ৰ বিজ্ঞানী সকলে ভৰতৰ স্থানীয় প্ৰোবায়’টিক অণুজীৱ সম্পৰ্কে গৱেষণা চলাই আছে।

লেখক: ডাঃ ৰমেন কুমাৰ কাকতি, দৈনিক অসম।

শেহতীয়া উন্নীতকৰণ: : 4/27/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate