মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আমাৰ খাদ্যত পানীয়ৰ প্ৰয়োজনীয়তা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ খাদ্যত পানীয়ৰ প্ৰয়োজনীয়তা

আমাৰ খাদ্যত পানীয়ৰ প্ৰয়োজনীয়তাৰ বিষয়ে লিখা হৈছে ।

জীৱজগত, প্ৰাণীজগত সকলোৰে কাৰণে অত্যাৱশ্যকীয় উপাদান হ’ল পানী। পানীয়ে আমাৰ শৰীৰৰ ভিতৰৰ পেশীবোৰ আগুৰি থাকি শৰীৰক বাহিৰৰ আঘাতৰ পৰা ৰক্ষণাবেক্ষণ দি থাকে। লগতে পানীয়ে আমাৰ শৰীৰৰ ক্ষতিকাৰক পদাৰ্থবোৰ প্ৰস্ৰাৱ আকাৰে বাহিৰলৈ উলিয়াই অনাত সহায় কৰে।

ইয়াৰ বাহিৰেও পানীয়ে শৰীৰৰ উত্তাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। সেই কাৰণে শৰীৰ নিৰোগী আৰু স্বাস্থ্যৱান কৰি ৰাখিবলৈ হ’লে দৈনিক যথেষ্ট পৰিমাণে যিকোনো আকাৰত পানী খাব লাগে।

পানীৰ অভাৱ পূৰাবলৈ আমি বিভিন্ন ধৰণৰ পানীয় ব্যৱহাৰ কৰিব পাৰো। চাহ, কফি, ফলৰ ৰস, গাখীৰ, গাখীৰৰ পৰা তৈয়াৰী ঘোটা আদি খায়ো পানীৰ অভাৱ পূৰাব পাৰি। এইবোৰ পানীয়ই শৰীৰক পানীৰ যোগান ধৰাৰ লগতে পুষ্টিকৰ উপাদানো যোগান ধৰে।

উদাহৰণস্বৰুপে পুৱা একাপ গৰম চাহ খোৱাৰ আমাৰ শৰীৰলৈ সতেজতা আহে আৰু মনৰ জড়তা দূৰ হয়। উৎকট গৰমত এগিলাচ শীতল পানীয়ই দেহ-মনলৈ সজীৱতা আনে আৰু গাৰ ভাগৰ আঁতৰাই মন প্ৰফুল্লিত কৰে।

পানীয় আমি তিনি প্ৰকাৰে গ্ৰহন কৰিব পাৰো –

১) উদ্দীপ্তকাৰী পানীয় :- চাহ, কফি

২) সতেজকাৰী পানীয় :- ফলৰ ৰস

৩) পোষণকাৰী পানীয় :- গাখীৰ-ঘোটা

উদ্দীপ্তকাৰী পানীয় হ’ল চাহ, কফি। এইবিধ পানীয়ই আমাৰ শৰীৰৰ স্নায়ুবোৰ কাৰ্যক্ষম কৰি তোলে। ভাৰতবৰ্ষ এখন চাহ উৎপাদানকাৰী দেশ। চাহ উৎপাদনৰ ক্ষেত্ৰত অসমৰো বিশেষ বৰঙনি আছে।

চাহ জোপোহা গছ। চাহগছৰ ডালবোৰত ওলোৱা কোমল পাতবোৰ চাহ প্ৰস্তুতকৰণৰ বাবে উপযোগী। চাহ বাগিচাৰ কলঘৰবোৰত ভিন ভিন প্ৰকাৰৰ চাহ প্ৰস্তুত কৰা হয়। চাহৰ ৰং ক’লা যদিও চাহকাপ তৈয়াৰ কৰিলে ইয়াৰ ৰং জাংফাই কেৰুৰ নিচিনা ৰঙৰ হয়। ক’লা চাহৰ উপৰি সেউজীয়া চাহো ইয়াৰ গুণাগুণলৈ লক্ষ্য কৰি আজিকালি জনপ্ৰিয় হৈ পৰিছে। সেউজীয়া চাহ চীন-জাপান আদি ঠাইত অতি জনপ্ৰিয়।

দিনটোত কমেও দুকাপ সেউজীয়া চাহ খালে গা-মন সতেজ কৰি ৰাখে। ডায়েবেটিছ ৰোগীৰ কাৰণেও এই চাহ উপকাৰী। ভাল ক’লা চাহৰ মলমলীয়া গোন্ধে একাপ চাহৰ প্ৰতি ক্ষুধা জন্মান। কিন্তু সেউজীয়া চাহত গোন্ধ নাই বুলিয়েই ক’ব পাৰি।

পুষ্টিকাৰী মূল্যলৈ লক্ষ্য কৰিলে দেখা যায় চাহত পুষ্টিকৰ উপাদান বিশেষ একো নাথাকে। চাহৰ লগত মিহলোৱা অন্য অনুপান, যেনে- গাখীৰ, চেনিয়েহে চাহকাপৰ পুষ্টিকাৰী মূল্য বৃদ্ধি কৰে। চাহ উত্তেজনাকাৰী পানীয়।

চাহত ‘থেইন’ নামৰ এবিধ উপাদান থাকে। এই থেইনে আমাৰ দেহৰ সিৰা- উপসিৰা সক্ৰিয় কৰি উদ্দীপ্ত কৰি ৰাখে। তদুপৰি চাহত ‘টেননিন’ নামৰ এবিধ পদাৰ্থ থাকে, যিয়ে চাহ তিতা কৰে। সেই কাৰণেই বেছিকৈ চাহপাত দি চাহ উতলালে চাহ তিতা হয়।

আমাৰ দৈনন্দিন খাদ্য তালিকাত আটাইতকৈ প্ৰয়োজনীয় বস্তু হ’ল পুৱাৰ চাহকাপ। পুৱা এখন বা দুখন বিস্কুটৰ লগত চাহ কাপ নাখালে গাৰ জড়তাই নাভাগে। মনলৈ সতেজতা নাহে। আপুনি বেছি কঢ়া চাহ খাব নে পাতল চাহ খাব সেইটো আপোনাৰ ৰুচিৰ ওপৰত নিৰ্ভৰ কৰিব।

সাধাৰণতে একাপ চাহত এচামুচ চাহপাত দি গৰম পানীত কিছু সময় উতলালে চাহ প্ৰস্তুত হৈ যায়। চাহত চেনি বা গুড় খোৱাটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব। আজিকালি বজাৰত সৰু সৰু চাহপাতৰ টোপোলা সহজলভহ্য হৈ পৰিছে।

উতলা গৰম পানী কাপত চাহপাতৰ টোপোলাটো ডুবাই থৈ কিছু সময় ৰাখিলে চাহকাপ প্ৰস্তুত হৈয়ে যায়। তেনেই সহজ পদ্ধতি।

স্বাস্থ্যৰ প্ৰতি সচেতন -

আজিকালি স্বাস্থ্যৰ প্ৰতি সচেতন বহুতো মানুহে পুৱা গ্ৰীন টীহে (সেউজীয়া চাহ) খায়। গ্ৰীন টী বহুতো ৰোগৰ কাৰণেও উপকাৰী।

চাহৰ দৰে কফিৰো জনপ্ৰিয়তা মন কৰিবলগীয়া। চাহৰ দৰে কফিৰো পুষ্টিকাৰী মূল্য বেছি নাই। তথাপি গাখীৰ-চেনিৰ সংমিশ্ৰণত প্ৰস্তুত কৰা একাপ কফিয়ে দেহ আৰু মনলৈ সতেজতা আৰু প্ৰশান্তি আনে।

শৰীৰত কৰ্মোদ্যম বৃদ্ধি পায়। কফিত কেফেইন নামৰ এবিধ পদাৰ্থ থাকে। ই উত্তেজক পদাৰ্থ। ইয়াত ‘টেননিন’ নামৰ পদাৰ্থবিধো থাকে। কিন্তু অতি কম পৰিমাণে থাকে। সেয়েহে কফি বেছি সময় উতলালে তিতা হয়। কফিত নিয়াচিনো থাকে।

কফি এবিধ সেউজীয়া উদ্ভিদৰ গুটিৰ পৰা প্ৰস্তুত কৰা হয়। এই গুটিবোৰ ভাজিহে গোন্ধ উলিওৱা হয়। ভজা গুটিবোৰ গুড়ি কৰি খোৱাৰ উপযোগী কৰি বটলত সংৰক্ষণ কৰি ৰখা হয়। তিনিটা ৰুপত গুটিবোৰ গুড়ি কৰা হয়। খহটা গুড়ি, মধ্যমীয়া গুড়ি আৰু মিহি গুড়ি ৰুপত।

কফিৰ গুটি আনি ঘৰতেই কফিৰ গুড়ি তৈয়াৰ কৰি ল’ব পাৰি। এনেকৈ তৈয়াৰ কৰি প্ৰস্তুত কৰা কফি কাপৰ স্বাদেই বেলেগ। ইমান ব্যস্ততাৰ মাজত আমি সহজলভ্য বস্তুৱেই বিচাৰো। গ্ৰাহকৰ পচন্দ মতে বজাৰত কফি পোৱা যায়।

বৰ্তমান সময়ত কফিৰ জনপ্ৰিয়তা বহুত বাঢ়িছে। বিয়া-সবাহ, বিভিন্ন অনুষ্ঠান, ৰাজহুৱা স্থানত কফিৰ পয়োভৰ বৃদ্ধি পাইছে। কফি তৈয়াৰ কৰা মেচিনত ৰুচি অনুযায়ী সহজেই কফি তৈয়াৰ কৰিব পাৰি।

ঘৰুৱা পৰিৱেশত কফি তৈয়াৰ কৰা সহজ পদ্ধতি হ’ল উতলা গৰম পানীত আন্দাজ মতে কফিৰ গুড়ি দি ৰুচি অনুযায়ী চেনি-গাখীৰ দি উতলাই কফিৰ গোন্ধৰ তাৰতম্য আৰু তিতা হ’ব পাৰে।

কফি উদ্দীপক পানীয়। একাপ কফি খোৱাৰ আমেজেই সুকীয়া। বিশেষকৈ উদ্বিগ্নতাৰ সময়ত ভাগৰুৱা মনটোলৈ প্ৰশান্তি আনে একাপ কফিয়ে। গতিকে কফি আমাৰ দৈনদনিন খাদ্য তালিকাৰ এবিধ প্ৰয়োজনীয় পানীয়।

আমাৰ সুস্বাস্থ্যৰ বাবে আন এবিধ লাগতিয়াল পানীয় হ’ল ফলৰ ৰস। ফলৰ ৰসে আমাৰ শৰীৰত সঞ্জীৱনীৰ দৰে কাম কৰে। গৰমৰ দিনত এগিলাচ ফলৰ ৰস খালে গা-মন শীতল লাগি যায়। শৰীৰক সতেজ কৰি ৰাখে।

ফলৰ ৰসত প্ৰচুৰ গ-ভিটামিন (ভিটামিন- চি) পোৱা যায়। ফলৰ ৰস ঘৰতে তৈয়াৰ কৰি খাব পাৰিলে ভাল। ফলৰ ৰস লগে লগে উলিয়াই খালেহে ভাল। কাৰণ ৰস উলিয়াই বেছি সময় থৈ দিলে বতাহৰ সংস্পৰ্শত ভিটামিন –গৰ ক্ষতিসাধন হয়।

আজিকালি বজাৰত উপলব্ধ সংৰক্ষিত ফলৰ ৰসত সংৰক্ষণকাৰী বস্তু মিহলোৱা থাকে। এনে ৰস খোৱাতকৈ ঘৰত তৈয়াৰ কৰা ফলৰ ৰস খোৱাটো বেছি স্বাস্থ্যসন্মত।

আজিকালি বজাৰত কোকো-কোলা, স্প্ৰাইট, লিমকা, থাম্পছ-আপ আদি বিভিন্ন পানীয় পোৱা হৈছে। এইবোৰত কৃত্ৰিমভাৱে মিঠা, সুগন্ধি আৰু ৰং কৰা হয়। ইয়াত কোনো ফলৰ ৰস নাথাকে। সেই কাৰণে ইয়াত পুষ্টিকাৰী মূল্য কম। এনেবোৰ পানীয় বেছি পৰিমাণে খোৱা অনুচিত।

কিছুমান পানীয় গাখীৰৰ পৰা তৈয়াৰ কৰা হয়। গাখীৰৰ পৰা প্ৰস্তুত কৰা পানীয় এবিধ পুষ্টিকৰ পানীয় হ’ল- গাখীৰ ঘোটা। গাখীৰ ঘোটা গাখীৰ, চেনি, আম, জামু আদি ৰসাল ফলৰ মিশ্ৰণ ঘটাই প্ৰস্তুত কৰা হয়। ইয়াত-

  • প্ৰ’টিন,
  • কেলচিয়াম,
  • ভিটামিন-ক আৰু গ প্ৰচুৰ পৰিমাণে পোৱা যায়।

ফলৰ সংমিশ্ৰনত তৈয়াৰ কৰা কাৰনে ইয়াৰ পুষ্টিকাৰী মূল্য অধিক বৃদ্ধি পায়। ক্ৰীম আৰু ছ’ডাৰে তৈয়াৰ কৰা আইচক্ৰীমো এবিধ পুষ্টিকৰ পানীয়।

উল্লিখিত সকলো পানীয়ই আমাৰ সুস্বাস্থ্য গঠনত কম-বেছি পৰিমানে অৰিহণা যোগায়। চাহ, কফি আদি পানীয়ৰ পুষ্টিকাৰী মূল্য কম, তথাপি তাৰ উদ্দীপ্তকাৰী প্ৰভাৱে আমাৰ দেহ-মনলৈ সতেজতা আনে।

কাৰ্বন কৰা পানীয়, যেনে- কোকো-কোলা, স্প্ৰাইট, লিমকা আদি পানীয়তো পুষ্টিকাৰী মূল্য নাই। গতিকে এইবোৰ পানীয় কম পৰিমাণেহে খোৱা উচিত। কিন্তু গাখীৰ আৰু ফলৰ সংমিশ্ৰণ ঘটাই প্ৰস্তুত কৰা গাখীৰ ঘোটা আমাৰ স্বাস্থ্যৰ কাৰণে উপকাৰী আৰু পুষ্টিকৰ খাদ্য।

লেখিকা :- ৰেণু বৰা

উৎস :- জি এনআৰ চি স্বাস্থ্য

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top