অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ চকুযুৰিৰ যতন

আমাৰ চকুযুৰিৰ যতনৰ বিষয়ে লিখা হৈছে ।

 

চকুযুৰি হৈছে আমাৰ শৰীৰৰ এটি অতি গুৰুত্বপূৰ্ণ আৰু আৱশ্যকীয় অংগ। চকুৰ দ্বাৰাই আমি এই মনোমোহা পৃথিৱী খন উপভোগ কৰিব পাৰো।চকু হালক মনৰ দাপোন বুলিও কোৱা হয়। আমাৰ মনটো বা মগজুৱে যি চিন্তা ভাৱনা কৰে তাৰেই প্ৰতিচ্ছবি চকুত প্ৰতিফলিত হয়। চকুৰে যিকোনো এটা বস্তু বা দৃশ্য দেখাৰ পিছত তাৰ সংকেত মাগজুলৈ যায় আৰু সেইমতেই মগজুৱে ভাল বেয়া বিচাৰ কৰে।বহুক্ষেত্ৰত চকুযুৰি চাইয়ে মানুহৰ আচৰণৰ বিষয়ে ধাৰণা কৰিব পাৰি। চকুযুৰি বাহ্যিক সৈন্দৰ্যৰো কাৰণেও অতি গুৰুত্বপূৰ্ণ।

কিন্তু অতি পৰিতাপৰ কথা যে বেছিভাগ সময়তে আমি চকুযুৰিৰ যত্ন নলও বা অৱহেলা কৰোঁ। সেইকাৰণে কোৱা হয় যে Eye is the most vital but most neglected organ of the body. আমি লিভাৰ, কিডনী আদিৰ বিষয়ে যিমান সচেতন, চকুৰ বিষয়ে সিমান নহয়।
আধুনিক জীৱন শৈলীৰ কাৰণে প্ৰাপ্তবয়স্ক সকলৰ লগতে শিশু সকলকো বিভিন্ন ধৰণৰ চকুৰ ৰোগত আক্ৰান্ত হোৱা দেখা যায়। অপৰিষ্কাৰ পৰিবেশ, অত্যাধিক TV, mobile phone, laptop আদিৰ ব্যৱহাৰ, ভিটামিন A, C, E আদিৰ অভাৱ, মধুমেহ, উচ্চ ৰক্তচাপ আদি ৰোগৰ প্ৰভাৱ আদিৰ ফলত চকুৰ দৃষ্টি শক্তি হানিকে আদি কৰি বিভিন্ন ধৰণৰ চকুৰ বেমাৰ হোৱা দেখা যায়। অত্যাধিক ধূম্ৰপান, সুৰাপান আদিও চকুৰ দৃষ্টি শক্তিৰ কাৰণে অতি অপকাৰী। গতিকে আমি সকলোৱে চকুহালৰ যতন লোৱাৰ উপৰিও দৃষ্টি শক্তি বজাই ৰাখিবলৈ যত্ন পৰ হোৱা উচিত।
তলত উল্লেখ কৰা বিভিন্ন উপায় সমূহ ব্যৱহাৰ কৰি চকুৰ বহুতো বেমাৰৰ পৰা হাত সাৰি থাকিব পাৰি, লগতে কিছু পৰিমাণে দৃষ্টি শক্তি বজাই ৰাখিব পাৰি-

১) চকুহাল সদায় ঠাণ্ডা কৰি ৰাখিব লাগে। ইয়াৰ কাৰণে পৰিস্কাৰ কাপোৰত বৰফৰ টুকুৰা বান্ধি লৈ চকুত প্ৰয়োগ কৰিব পাৰে।তিয়হ গোল গোলকৈ কাটি লগালেও চকু শীতল হৈ থাকে।

২) এক চামুচ ত্ৰিফলা পাউদাৰ আৰু এক চামুচ যষ্টিমধু পাউদাৰ এক লিতাৰ ঠাণ্ডা পৰিষ্কাৰ পানীত এক ৰাতিৰ কাৰণে তিয়াই থওক। ৰাতিপুৱা পানী খিনি ভালদৰে চেকি লৈ চকু ধুলে দৃষ্টি শক্তি বৃদ্ধি পায়। তাৰোপৰি চকু ৰঙা পৰা, চকুত পানীৰ পৰিমাণ কমি যোৱা, বিভিন্ন ধৰণৰ বীজাণুৰ সংক্ৰমণ আদিতো ই ভাল কাম কৰে।

৩) সেউজীয়া ধনীয়া পাত ভালদৰে পৰিষ্কাৰ কৰি তাৰ ৰস উলিয়াই দৈনিক এক টোপাল কে চকুত দিলে দৃষ্টি শক্তি বৃদ্ধি পায়।

৪) সুমথিৰা টেঙাৰ ৰসৰ লগত সৈনধৱ নিমখ মিহলাই খালে দৃষ্টি শক্তি ঘূৰি আহে।

৫) দৈনিক আমলখি খাব লাগে। ইয়াত থকা ভিটামিন C য়ে চকুৰ বিভিন্ন ৰোগ প্ৰতিৰোধত সহায় কৰে।

৫) এক কাপ গাজৰৰ ৰসৰ লগত এক চতুৰ্থংশ পালেংৰ ৰস মিহলাই খালে দৃষ্টি শক্তি বৃদ্ধি হয়।

৬) ৰাতিপুৱা সদায় গাখীৰৰ লগত কেচা বাদাম খোৱাটো নেত্রৰ কাৰণে অতি উপকাৰী।

৭) বগা পিয়াঁজৰ ৰস এক টোপাল কে চকুত লগালে চকুৰ চানি পৰা ৰোগ সহজে নহয়।

৮) ৰদত বাহিৰত ওলালে সদায় গগলচ বা sun glass পৰিধান কৰিব লাগে। ই সূৰ্য্যৰ পৰা নিৰ্গত হোৱা অতিবেঙুনীয়া(UV ray) ৰশ্মি চকুৰ প্ৰবেশত বাধা প্ৰদান কৰি চকুক স্বাস্থৱন কৰি ৰাখে।

ইয়াৰ উপৰিও চকু সুস্থকৈ ৰাখিবলৈ বিভিন্ন ধৰণৰ চকুৰ ব্যায়াম কৰিব লাগে।

লেখক: ডাঃ অলকেশ মজুমদাৰ।

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: ৯৪৩৫০১৭৯৬৮

 

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top