মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আমাৰ চকুৰ ওপৰত ৰ’দৰ প্ৰভাৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ চকুৰ ওপৰত ৰ’দৰ প্ৰভাৱ

আমাৰ চকুৰ ওপৰত ৰ’দৰ প্ৰভাৱ

শুনা গৈছিল যে বিখ্যাত জ্যোতিৰ্বিজ্ঞানী গেলিলিঅ’ৱে টেলিস্ক’পেৰে সূৰ্যক প্ৰত্যক্ষভাৱে চাই থকাৰ বাবে তেওঁ চকুৰে নেদেখা হৈ এটা সময়ত অন্ধ হৈ গৈছিল। তেওঁ দৃষ্টিহীন হৈ যোৱাৰ কাৰণ বিশ্লেষণ কৰিবলৈ গৈ বিভিন্ন বিশেষজ্ঞ ব্যক্তিয়ে বিভিন্ন কাৰণ দৰ্শাইছিল। গেলিলিঅ’ৰ জীয়াৰীয়ে লিখা মতে ৭২ বছৰ বয়সত গেলিলিঅ’ চকুৰ কেটেৰেক্ট বা ছানিপৰা ৰোগ আৰু গ্লুক’মা ৰোগৰ বাবে অন্ধ হৈ গৈছিল। ৰোমান ছাৰ্জন গিয়’ভানি ট্ৰুলিঅ’ৰ মতে বহুদিন ধৰি হৈ থকা ‘ৰিউমেটইড আথ্ৰাইটিছ’ ৰোগৰ এটা জটিলতা হিচাপে চকুত ‘আইৰিড’ ছাইক্লাইটিছ’ ৰোগ হৈ চকুৰ কেটেৰেক্ট আৰু গ্লুক’মা ৰোগৰ বাবেহে গেলিলিঅ’ লাহে লাহে দৃষ্টিহীন হৈছিল। ইটালিৰ ফ্লোৰেন্স নগৰৰ ‘ছায়েন্স মিউজিয়াম’ত স্ংৰক্ষিত গেলিলিঅ’ৰ 14x টেলিস্ক’প পৰীক্ষা কৰি পোৱা গৈছে যে এই টেলিস্ক’পেৰে সূৰ্যৰ পোহৰ খালী চকুৰে দেখাতকৈ মাত্ৰ ৪/১০ অংশহে চকুৰ ভিতৰলৈ সোমায় আৰু 21x টেলিস্ক’পেৰে মাত্ৰ ৬ শতাংশ পোহৰহে খালী চকুৰে চোৱাতকৈ চকুত সোমায়। এনেদৰে সীমিত পোহৰৰ ৰশ্মিয়ে চকুৰ ৰেটিনাত কম উজ্জ্বলৰ এটা শেঁতা প্ৰতিবিম্বৰ সৃষ্টি কৰে বাবে চকুৰ ভিতৰত একো ব্যাঘাট জন্মাব নোৱাৰে।তদুপৰি টেলিস্ক’পত ব্যৱহৃত আইনাখনেও হ্ৰস্ব তৰ্ংগ দৈৰ্ঘ্যৰ পোহৰ ৰশ্মি প্ৰতিসৰিত হোৱাত বাধা আৰোপ কৰে। ১৬১২  খৃ:ত গেলিলিঅ’ৱে সহকাৰী মাৰ্ক ৱেলছাৰলৈ লিখা এখন চিঠিত উল্লেখ কৰা হৈছে যে তেওঁ সূৰ্য উদয় আৰু সূৰ্য অস্ত যোৱাৰ সময়তহে বেছিকৈ পৰীক্ষা-নিৰীক্ষা চলাইছিল; দুপৰৰ সূৰ্যটো চোৱা নাছিল। সেই বাবে চকুৰ হানিকাৰক পোহৰৰ ৰশ্মি চকুত কমকৈ সোমাইছিল।

বিতৰ্কৰ মাজতো এতা সন্দেহ নিশ্চয় মনলৈ আহে যে সুদীৰ্ঘ সময় ধৰি সূৰ্যৰ ৰশ্মিয়ে চকুত নিশ্চয় কিবা ক্ৰিয়া-প্ৰতিক্ৰিয়া কৰি দৃষ্টিশক্তি কমাই আনিছিল। কাৰণ পৰীক্ষা-নিৰীক্ষা কৰি দেখা গৈছে যে সূৰ্যৰ পোহৰত থকা অনিষ্টকাৰী দৃশ্যমান আৰু অদৃশ্যমান ৰশ্মিয়ে চকুৰ ভিতৰৰ কিছুমান গুৰুত্বপূৰ্ণ অংশত ব্যাঘাট ঘটাই দৃষ্টিশক্তি হানি কৰিব পাৰে।

সূৰ্যৰ পোহৰ কি কি আৰু কেনেকুৱা পোহৰৰ ৰশ্মিৰে গঠিত বাৰু?

পৃথিৱীৰ উপৰিভাগৰ সকলো জীৱৰে জীয়াই থকাৰ মূল উৎস হ’ল সূৰ্য। উদ্ভিদ জগতে ‘ফট’ ছিনথেছিছ’ বা সালোকস্ংশ্লেষণৰদ্বাৰা নিজৰ খাদ্য তৈয়াৰ কৰিবলৈ সূৰ্যৰ পোহৰ নিতান্ত্যি জৰুৰী। প্ৰাণী জগতৰো মানুহকে ধৰি সকলো প্ৰাণী প্ৰত্যক্ষ বা পৰোক্ষভাৱে সূৰ্যৰ পোহৰ আৰু তাৰ ওপৰত নিৰ্ভৰশীল। সূৰ্যৰ বিকিৰত পোহৰ ৰশ্মি কিছুমান বিদ্যুত চুম্বকীয় ৰঙৰ বিকিৰণৰ সমষ্টিহে মাথোঁ। সূৰ্যৰ পোহৰত সাতৰঙী পোহৰ ৰশ্মিৰ উপৰিও এক্স-ৰে বা ৰঞ্জন ৰশ্মি, আল্ট্ৰাভায়’লেট-ৰে’ বা অতিবেঙুনীয়া ৰশ্মি দৃশ্যমান পোহৰ , ইনফা-ৰেড-ৰে’ আনকি অনাতাঁৰ তৰ্ংগ থাকে। যদিও সূৰ্যই ‘নিউক্লিয়েৰ ফিউজন’ৰ বাবে গামা ৰশ্মি উতপন্ন কৰে, তথাপি অতিমাত্ৰা শক্তিসম্পন্ন এই ফ’টনবোৰ সূৰ্যৰ উপৰিভাগত কম শক্তিৰ ফ’টনলৈ ৰুপান্তৰ হয় বাবে ই বিকিৰণ নহয় বা পৃথিৱী ঢুকি নাপায়। প্ৰধানকৈ অতিবেঙুনীয়া ৰশ্মি বা আল্ট্ৰাভায়’লেট ৰেই চকুৰ অনিষ্ট সাধন কৰে। সূৰ্যৰ পোহৰত থকা দৃশ্যমান বেঙুনীয়া ৰঙতকৈ ইয়াৰ বিদ্যুত চুম্বকীয় তৰ্ংগ উচ্চ কম্পনাংক বিশিষ্ট বাবে এই অদৃশ্যমান ৰশ্মিক অতিবেঙুনীয়া ৰশ্মি বুলি কোৱা হয়। এই অতিবেঙুনীয়া ৰশ্মিৰ তৰ্ংগ দৈৰ্ঘ্য দৃশ্যমান পোহৰ তৰ্ংগ দৈৰ্ঘতকৈ চুটি, কিন্তু এক্স-ৰে’ বা ৰঞ্জন ৰশ্মিৰ তৰ্ংগ দৈৰ্ঘতকৈ দীঘল। এই ৰশ্মি তিনিধৰণৰ-UVA,UVB আৰু UVC

UV-A-Ray (আল্ট্ৰাভায়’লেট-এ ৰশ্মি):ইয়াৰ তৰ্ংগ দৈৰ্ঘ্য ১০০-২৪০ এন এম।

এই ৰশ্মিয়ে অ’জন স্তৰৰ ‘ফট’ কেমিকেল’ প্ৰক্ৰিয়াৰ সৃষ্টি কৰে।

UV-C-Ray(আল্ট্ৰাভায়’লেট-ছি ৰশ্মি): ইয়াৰ তৰ্ংগ দৈৰ্ঘ্য ৩১৫-৪০০ এন এম।

বিভিন্ন ধৰণৰ ছালৰ ৰোগৰ বাবে, যেনে- ছ’ৰিয়াছিছ, টেনিং বেড আৰু PUVA থেৰাপিৰ বাবে এই ৰশ্মি ব্যৱহৃত হয়।

UV-A আৰু UV-B ৰশ্মিয়ে আমাৰ চকু আৰু দৃষ্টি শক্তিৰ ব্যাঘাট ঘটাব পাৰে। সূৰ্যৰ পোহৰৰ উপৰিও কিছুমান কৃত্ৰিম পোহৰ উতসৰ পৰাও অতিবেঙুনীয়া ৰশ্মি নিৰ্গত হ’ব পাৰে, যেনে- ৱেল্‌ডিং মেছিন, টেনিং বেড আৰু লেজাৰ, ফ্লুৰছেণ্ট লেম্প, টিভি, কম্পিউটাৰ মনিটৰ ইত্যাদি।

সূৰ্যৰ পোহৰত থকা দৃশ্যমান পোহৰ ৰশ্মিৰ তৰ্ংগ দৈৰ্ঘ্য ৩৮০-৭৮০ এন এম। খালী চকুৰে এইবোৰ ৰশ্মি দেখা পোৱা যায়।

ইনফ্ৰাৰেড ৰশ্মিৰ তৰ্ংগ দৈৰ্ঘ্য: ৭০০-১০৬ এন এম।

এই ৰশ্মিও তিনি ধৰণৰ আৰু ইয়াৰ তৰ্ংগ দৈৰ্ঘবোৰ হ’ল-

A(৭০০-১৪০০ এণ এম)

B (১৪০০-৩০০০ এণ এম)

C (৩০০০-১ এণ এম)

বায়ুমণ্ডলৰ অ’জ’ন স্তৰৰ লগত সূৰ্যৰ পোহৰৰ সম্বন্ধ কি?

পৃথিৱীৰ উপৰিভাগৰ বায়ুমণ্ডলৰ ষ্টেট’ফিয়েৰ স্তৰত যেতিয়া অক্সিজেনৰ অণুৱে অতিবেঙুনীয়া ৰশ্মিৰ ফ’টন শুহি লয় তেতিয়া ইয়াৰ ‘ফট’ডিছ’ছিয়েশ্যন’ৰদ্বাৰা অক্সিজেন আয়নলৈ ৰুপান্তৰ হয়। এই অক্সিজেন আয়নে অক্সিজেন অণুৰ লগ লাগি এবিধ অস্থিৰ অ’জ’ন গেছ তৈয়াৰ কৰে। ইয়াক ট্ৰাই অক্সিজেন বুলিও কোৱা হয়। বায়ুমণ্ডলৰ ওপৰৰ স্তৰত অ’জ’ন তৰপটোৰ বাবে অতিবেঙুনীয়া ৰশ্মিয়ে পৃথিৱীৰ উপৰিভাগ ঢুকি নাপায়, কিন্তু বায়ুমণ্ডলৰ তলভাগত থকা ট্ৰ’প’স্ফিয়েৰ অ’জ’ন গেছে বায়ু প্ৰদূষণহে কৰে। বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰ তৰপতে অ’জ’ন গেছে বায়ু প্ৰদূষণহে কৰে। বায়ুমণ্ডলৰ ষ্ট্ৰেট’স্ফিয়েৰ তৰপতে অ’জ’ন গেছ বেছিকৈ থাকে যাক অ’জ’ন স্তৰ বুলি কোৱা হয়। পৃথিৱীৰ উপৰিভাগৰ প্ৰায়১০ কিল’মিটাৰৰ পৰা ৫০ কিল’মিটাৰৰ ভিতৰত এই তৰপ থাকে। এই অ’জ’ন তৰপে সূৰ্যৰ পৰা নিৰ্গত অতিবেঙুনীয়া ৰশ্মি শুহি লয় বাবে পৃথিৱীৰ উপৰিভাগত থকা প্ৰাণী জগতে ইয়াৰ অনিষ্টকাৰী প্ৰতিক্ৰিয়ৰ পৰা হাত সাৰি থাকে। বায়ুমণ্ডলত থকা এই অ’জ’ন তৰপটোৰ আয়তন ১৯৭০ চনৰ পৰা প্ৰতি দহ বছৰত চাৰি শতাংশকৈ কমি আহি আছে বুলি অনুমান কৰি অহা হৈছে। এই অ’জ’ন স্তৰটোৰ আয়তন কমি অহাৰ মূলতে হ’ল ক্ল’ৰ’ফ্লুৰ’ কাৰ্বন। বিভিন্ন কাৰখানাত ক্লৰ’ফ্লুৰ’ কাৰ্বন নিৰ্গত হয়। এই অ’জ’ন তৰপ কমি অহাৰ ফলত UV-B ৰশ্মিৰ অনিষ্টকাৰী প্ৰতিক্ৰিয়া জীৱজগতত দেখা গৈছে। বিশেষকৈ  এণ্টাৰ্কটিকা অঞ্চলত এই প্ৰতিফলন দেখা গৈছে, যাক অ’জ’ন হোল বুলি কোৱা হয়।

অতিবেঙুনীয়া ৰশ্মিয়ে চকুৰ কেনেকুৱা ক্ষতিসাধন কৰিব পাৰে?

চকুৰ বিভিন্ন অংশই, বিভিন্ন তৰ্ংগ দৈৰ্ঘ্যৰ অতিবেঙুনীয়া ৰশ্মি শুহি লোৱাৰ ফলত বিভিন্ন ধৰণৰ ক্ষতি হ’ব পাৰে। এই প্ৰতিক্ৰিয়াবোৰক দুভাগত ভগাব পাৰি। হ্ৰস্বম্যাদী আৰু দীৰ্ঘ্যম্যাদী প্ৰতিক্ৰিয়া।

হ্ৰস্বম্যাদি প্ৰতিক্ৰিয়া

যদি দীৰ্ঘ সময়ৰ বাবেও চকুযুৰিত অধিক অতিবেঙুনীয়া ৰশ্মি পৰে, তেতিয়া চকুৰ সন্মুখভাগৰ যি অংশ বাহিৰলৈ মুকলি হৈ থাকে তাত বিভিন্ন প্ৰতিক্ৰিয়া হ’ব পাৰে। বিশেষকৈ UV-C ৰশ্মিৰ ক্ৰিয়াৰ বাবে আৰু কম পৰিমাণে UV-B ৰশ্মিৰ ক্ৰিয়াৰ বাবে চকুৰ সন্মুখতে থকা কৰ্নিয়াত ফট’কেৰাটাইটিছ হ’ব পাৰে। ইয়াক চকুৰ ‘ছানবাৰ্ন’ বুলিও কোৱা হয়। লক্ষণবোৰ হ’ল- চকু ৰঙা পৰা, বিষোৱা, জ্বলা-পোৰা কৰা, ভিতৰত কিবা বাহ্যিক পদাৰ্থ সোমাই থকা যেন ভাব হোৱা, পোহৰৰ ফালে চাবলৈ অসুবিধা হোৱা, চকুপানী ওলোৱা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে। এই সমস্যাবোৰ ৩০ মিনিটৰ পৰা বাৰঘণ্টাৰ ভিতৰ্ত দেখা দিব পাৰে। কিন্তু গুৰুত্বপূৰ্ণ কথা হ’ল যে চকুত হোৱা এই প্ৰতিক্ৰিয়াবোৰ সদয় অস্থায়ী আৰু বেছি বেছি সময় নাথাকে। যদি অত্যধিক ৰশ্মি বহু বেছি সময় ধৰি পৰি থাকে তেতিয়া কৰ্নিয়াৰ কোষবোৰ নষ্ট হ’বলৈ আৰম্ভ কৰে আৰু তেতিয়া কৰ্নিয়াত স্থায়ীভাৱে প্ৰতিক্ৰিয়া ৰৈ যাব পাৰে। ২৯০ এন এম তৰ্ংগ দৈৰ্ঘ্যৰ ওপৰৰ UV ৰশ্মি কৰ্নিয়াই শুহি ল’ব নোৱাৰে।

UV-A ৰশ্মি আৰু কিছু পৰিমাণে UV-B ৰশ্মিয়ে কৰ্নিয়াৰ মাজেদি প্ৰতিসৰিত হৈ চকুৰ ভিতৰত সোমই যায় অৰু চকুৰ ভিতৰত থকা লেন্স খনে ইয়াক শুহি লয়। ফলত লেন্সখনৰ নিউক্লিয়েৰ প্ৰ’টিন অংশত ব্যাঘাট ঘটি কেটেৰেক্ট বা চকুৰ ছনি পৰা ৰোগ আৰম্ভ হ’বলৈ ধৰে।

দীৰ্ঘ তৰ্ংগ দৈৰ্ঘ্যৰ UV ৰশ্মিবোৰ চকুৰ লেন্স পাৰ হৈ একেবাৰে ভিতৰত থকা ৰেটিনাত প্ৰতিক্ৰিয়া কৰিবলৈ ধৰে আৰু ইয়াৰ ক্ষতি কৰিব পাৰে। ৰেটনাৰ আটাইতকৈ স্ংবেদনশীল অংশ মেকুলাৰ ফট’ৰিছেপ্টৰ কোষবোৰ ফুলি উঠিব পাৰে। ইয়াৰ লক্ষণ হ’ল দৃষ্টিক্ষেত্ৰৰ কিছু অংশ বিশেষকৈ ঠিক মাজভাগতে ক’লা ঘুৰণীয়া ছাঁৰ দৰে দেখা পোৱা আৰু দৃষ্টি কমি যোৱা। কিন্তু সৰহভাগ ক্ষেত্ৰতে এই লক্ষণবোৰ লাহে লাহে নিজে নিজে নোহোৱা হৈ যায়।

দীৰ্ঘ্যম্যাদী প্ৰতিক্ৰিয়া

দীৰ্ঘদীন ধৰি সূৰ্যৰ অতিবেঙুনীয়া ৰশ্মি চকুত পৰি থাকিলে চকুৰ বিভিন্ন ৰোগ হ’ব পাৰে। পৰীক্ষা কৰি দেখা গৈছে যে দীৰ্ঘদীন ধৰি অলপ অলপ সময়ৰ বাবেও এই ৰশ্মি যদেই চকুত পোনে পোনে পৰে তেতিয়াহ’লে চকুৰ লাহে লাহে হোৱা কিছুমান ৰোগ হ’ব পাৰে। চকুৰ টেৰিজিয়াম, চকুৰ পতাৰ ছালত হোৱা কৰ্কট ৰোগ, পিংগুইকলা আদি ৰোগ হ’ব পাৰে। টেৰিজিয়াম হ’ল চকুৰ বাহিৰৰ পৰা সহজে চিনাক্ত কৰিব পৰা ৰোগ, এই ৰোগত চকুৰ কোণটোৰ পৰা ক’লা মণিটোলৈকে কনজাংটাইভাৰে সৈতে তাৰ তলৰ পেশী আৰু সিৰাবোৰ বাঢ়ি গৈ থাকে। বেছিকৈ বাঢ়ি গৈ থাকিলে ই দৃষ্টিৰেখাত বাধাৰ সৃষ্টি কৰে বাবে দৃষ্টিশক্তি কমি যাব পাৰে। পিংগুইকলা হ’ল কনজাংটাইভাত হোৱা কিছুমান হালধীজ্যা ৰঙৰ উখহা দানাৰ দৰে ৰোগ। এই দুয়োবিধ ৰোগতে চকুৰ খচখচনি, ৰঙাপৰা, পানী ওলোৱা, জ্বলাপোৰা কৰা আদি লক্ষণ হয়। টেৰিজিয়াম ৰোগৰ অষ্ট্ৰোপচাৰ কৰি আৰোগ্য লাভ কৰিব পাৰি যদিও ৰোগীয়ে যদি বাৰে বাৰে প্ৰখৰ ৰ’দত খালী চকুৰে কাম কৰে বা ৱেল্‌ডিং মেছিনত কাম কৰা অভ্যাস বাদ নিদিয়ে তেতিয়াহ’লে অস্ত্ৰোপচাৰৰ পাছতো এই ৰোগ আকৌ হ’ব পাৰে।

চকুৰ ছানিপৰা ৰোগ বা কেটেৰেক্ট ৰোগ আগেয়ে উল্লেখ কৰাৰ দৰে ৰ’দত কাম কৰা ব্যক্তিৰ বেছিকৈ হয়, কাৰণ চকুৰ ভিতৰত থকা লেন্সৰ প্ৰ”টিন অংশ গোট মাৰি যায় বাবে লাহে লাহে দৃষ্টি শক্তি কমি আহিবলৈ ধৰে। অষ্ট্ৰোপচাৰ কৰি এই ৰোগ দূৰ কৰিব পাৰি।

চকুৰ ‘মেকুলাৰ ডিজেনেৰেশ্যন’ হ’ল দৃষ্টিশক্তি হানি হোৱাৰ এটা প্ৰধান ৰোগ। ইয়াক ‘মেকুলাৰ বাৰ্ন’ বুলিও কোৱা হয়। চকুৰ ৰেটিনাৰ মেকুলা অংশৰ কোষবোৰ ধ্বংস হোৱাৰ ফলত দৃষ্টিশক্তি স্থায়ীভাৱে কমি যাব পাৰে, যদিহে বৰে বাৰে চকুযুৰি অতিবেঙুনীয়া ৰশ্মিৰ কবলত পৰে। এই কোষ ধ্বংস কাৰ্য সাধাৰণতে সূৰ্যৰ তাপৰ বাবে নহয়ি পোহৰ ৰশ্মিৰ লগত কোষৰ ৰাসায়নিক প্ৰক্ৰিয়াৰ ফল।

চকুত সূৰ্যগ্ৰহণৰ প্ৰভাৱ

খালী চকুৰে সূৰ্য গ্ৰহণ চালেও বেছিভাগ ক্ষেত্ৰতে ‘ছ’লাৰ মেকুলাৰ ৰেটিনাইটিছ’ হৈ মেকুলাৰ ক্ষতিসাধন কৰিব পাৰে। যিমানে বেছিসময় সূৰ্যগ্ৰ্হণ চোৱা যায় সিমানে এই ক্ষতিও বেছিকৈ হোৱা দেখা যায়। পৰীক্ষা কৰি পোৱা গৈছে যে অলপ সময়ৰ বাবে চালে মেকুলাৰ ইদিমা বা মেকুলা ফুলি উঠে। এই প্ৰতিক্ৰিয়া অস্থায়ী কিন্তু ২ মিনিটতকৈ বেছি সময় চালে ‘মেকুলাৰ বাৰ্ন’ হৈ মেকুলাৰ স্থায়ী ক্ষতি সাধন কৰিব পাৰে। সেয়েহে সূৰ্যগ্ৰহণ চাবলৈ বিশেষভাৱে তৈয়াৰী ছানগ্লাছ ব্যৱহাৰ কৰা হয়, যাতে নিৰ্গত হোৱা অনিষ্টকাৰী পোহৰৰ ৰশ্মি চকুত নপৰে।

প্ৰখৰ ৰ’দৰ প্ৰভাৱৰপৰা চকুৰ প্ৰতিৰক্ষা কেনেকৈ কৰিব পাৰি?

প্ৰখৰ ৰ’দৰ পৰা গাৰ ছালক সুৰক্ষা দিবলৈ আমি ‘ছানস্ক্ৰিন’ লগাওঁ কিন্তু আমাৰ অতিকৈ আলসুৱা চকুযুৰিক কেনেকৈ সুৰক্ষা দিম? প্ৰখৰ ৰ’দৰ প্ৰভাৱৰ পৰা চকুযুৰিক প্ৰতিৰক্ষাৰ বাবে ছানগ্লাছ ব্যৱহাৰ কৰা হয়। কুৰি শতিকাৰ আৰম্ভণিতে এনেকুৱা ৰঙীন চছমাবোৰক সস্তীয়া শব্দৰে Sun Cheater বুলি কোৱা হৈছিল। বহিৰৰ মুকলি পৰিৱেশত সূৰ্যৰ উজ্জ্বল পোহৰৰ বাবে চকুৱে আৰাম নাপায়, চকু ভালদৰে মেলি থাকিবলৈও অসুবিধা হয়। সেইবাবে স্বাস্থ্য সচেতকসকলে সূৰ্যৰ অতিবেঙুনীয় ৰশ্মিৰপৰা চকুত হ’ব পৰা বিভিন্ন ৰোগ প্ৰতিৰোধ কৰাৰ বাবে ছানগ্লাছ পিন্ধিবলৈ দিয়ে।

প্ৰাগঐতিহাসীক যুগতো ইনুইটসকলে বৰফত হাতীদাঁতৰ চেপেটা চছমা পিন্ধিছিল। সেই চছমাবোৰত চকুৰ সন্মোখত পথালিকৈ দীঘলীয়া সৰু ফুটা আছিল। বৰফ পৰা ঠাইবোৰত সূৰ্যৰ ৰশ্মি বৰফৰ ওপৰৰ পৰা প্ৰতিফলিত হৈ চকুত পৰে বাবে সেই ঠাইত প্ৰতিৰোধ ব্যস্বস্থা লোৱাটো অত্যন্ত জৰুৰী।

কোৱা শুনা যায় ৰোমান সম্ৰাট নেৰোৱে মল্লযুদ্ধ চাবলৈ ইমাৰেল্‌ড ব্যৱহাৰ কৰিছিল, যি আইনাৰ দৰে কাম কৰিছিল।

১২ শতিকাত চীনাসকলে ধোঁৱা বৰণীয়া কোৱাৰ্জ লেন্সৰ গ্লাছ ব্যৱহাৰ কৰিছিল, যাতে অতিৰিক্ত পোহৰৰ ৰশ্মিয়ে চকুক বিৰক্ত নকৰে বা অসুবিধাৰ সৃষ্টি নকৰে। এই অতিৰিক্ত পোহৰ ৰশ্মিয়ে চকুক কৰা অসুবিধাকে গ্লেয়াৰ বুলি কোৱা হয়। পুৰণিকালত চীনদেশৰ বিচাৰকৰ কক্ষত বিচাৰকসকলে বিচাৰৰ সময়ত নিজ মুখমণ্ডলৰ আবেগিক ভাব-ভ্ংগী লুকুৱাবলৈকে সাক্ষীসকলক জেৰা কৰাৰ সময়ত ছানগ্লাছ বা ডাঠ ৰঙৰ চছমা পিন্ধিছিল বুলি শুনা যায়।

প্ৰায় ১৭৫২ চনত জেমছ এইস্কফে পৰীক্ষামূলক ভাৱে চছমাত পাতল নীলা আৰু সেউজীয়া ৰঙৰ আইনাৰে চকুৰ পাৱাৰৰ সমস্যা শুধৰাবলৈ চেষ্টা কৰিছিল। তেওঁ কিন্তু সেই সময়ত প্ৰখৰ ৰ’দৰ প্ৰতিৰক্ষাৰ কথা ভবা নাছিল।

উনৈছ শতিকাৰ শেষৰ ফালে আৰু কুৰি শতিকাৰ আৰম্ভণিতে ছিফিলিছ ৰোগীসকলৰ পোহৰ সহ্য কৰিব নোৱাৰা চকুৰ অৱস্থাৰ বাবে হালধীয়া ৰঙৰ আৰু জাংফাই ৰঙৰ চছমা পিন্ধিবলৈ দিয়া হৈছিল।

আধুনিক যুগত ১৯০০ চনমানৰ পৰা ছানগ্লাছে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ ধৰিলে। বিশেষকৈ চলচ্চিত্ৰ জগতৰ নায়ক-নায়িকাবোৰে তেওঁলোকৰ শ্বুটিঙৰ সময়ত লাইটৰ পোহৰৰ বাবে হোৱা ৰঙা চকু ঢাকিবলৈ আৰু ৰাজহুৱা ঠাইত নিজৰ চিনাকী ঢাকিবলৈ ছানগ্লাছ পিন্ধা দেখা গৈছিল। ছিনেমাৰ নায়ক-নায়িকাই বিভিন্ন ফেশ্বন হিচাপেও ছানগ্লাছ পিন্ধা দেখা যায়।

১৯২৯ চনমানৰ পৰা আমেৰিকাত অতিবেঙুনীয়া ৰশ্মি প্ৰতিৰোঁধক ছানগ্লাছৰ ব্যৱহাৰ হ’বলৈ ধৰে। ফ’ষ্টাৰে আটলাণ্টিক নগৰীত সাগৰৰ পাৰত ছানগ্লাছৰ এখন বৃহত বজাৰ দখল কৰিবলৈ সক্ষম হয়।

১৯৩৬ চনত এডুইন, এইছলেণ্ড আদিয়ে পৰীক্ষামূলকভাৱে ‘পোলাৰইজড’ ফিল্টাৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু তেতিয়াৰ পৰা ‘পোলাৰইজড’ ফিল্টাৰ ব্যৱহাৰ কৰিবলৈ ধৰিলে আৰু তেতিয়াৰ পৰা পোলাৰইজড ছানগ্লাছ ব্যৱহাৰ হ’বলৈ আৰম্ভ হয়।

কেনেকুৱা ধৰণৰ ছানগ্লাছ ব্যৱহাৰ কৰা উচিত?

ছানগ্লাছে চকুত অলাগতিয়াল পোহৰ ৰশ্মি বিচ্ছুৰিত হোৱাত বাধা দিয়ে আৰু সূৰ্যৰ দৃশ্যমান আৰু অদৃশ্যমান অনিষ্টকাৰী পোহৰ ৰশ্মি চকুত পৰাত বাধা দিয়ে। বিশেষকৈ UV-A আৰু UV-B ৰশ্মি শতাংশই প্ৰতিৰোধ কৰিব পৰা ছানগ্লাছ ব্যৱহাৰত গুৰুত্ব দিয়া হয়। তৰ্ংগ দৈৰ্ঘ্য ৪০০ এন এম লৈকে বাধা দিব পৰা ছানগ্লাছত UV 400 nm বুলি চিহ্নিত থাকে। এই ছানগ্লাছবোৰ সূৰ্যগ্ৰহণ চাব পৰাকৈ কিন্তু উপযুক্ত নহয়।

নতুনকৈ HEV(High Energy Visibli Light)অৰ্থাত উচ্চ শক্তিৰ দৃশ্যমান পোহৰৰ ৰশ্মিও চকুৰ ৰেটনাৰ মেকুলা অংশৰ কোষবোৰ ধ্বংসৰ কাৰণ বুলি ভবা হৈছে। জাংফাই ৰঙৰ  নীলা ৰ্ং প্ৰতিৰোধী এই ক্ষেত্ৰত বিশেষ ভূমিকা লয়। সেয়েহে ছানগ্লাছবোৰ ৯৫ শতাংশই নীলা ৰঙৰ প্ৰতিৰোধী হোৱা দৰকাৰ। শিশুসকলৰ চকুৱেও এই HEV পোহৰ ৰশ্মি বেছিকৈ প্ৰতিসৰিত কৰে।

কেনেকুৱা ধৰণৰ ছানগ্লাছ বাছনি কৰিব?

চানগ্লাছ সদায় চকু চিকিতসকৰ পৰামৰ্শ মতেহে ব্যৱহাৰ কৰিব লাগে। দেখাত আকৰ্ষণীয় হ’লেও বজাৰৰ পৰা কিনা যিকোনো ছানগ্লাছ চকুৰ বাবে উপযোগী নহব’ও পাৰে।

পোলাৰাইজড লেন্স

গ্লেয়াৰ হৈছে পোহৰৰ উৎসৰ বাহিৰেও অতিৰিক্ত পোহৰ ৰশ্মিয়ে চকুত সৃষ্টি কৰা বিভিন্ন অসুবিধা যাৰ বাবে চকু জিলমিল লাগি দৃশ্যবস্তু মনোযোগেৰে চাব নোৱাৰা হয়। পোলাৰাইজড লেন্সে এই গ্লেয়াৰ কমাত সহায় কৰে। বিশেষকৈ গাড়ী চলোৱা, কম্পিউটাৰ ব্যৱহাৰ কৰা, পনীত নাও চলোৱা, মাছ মৰা সময়ত এই গ্লেয়াৰে দৃষ্টিত অসুবিধাৰ সৃষ্টি কৰে বাবে পোলাৰাইজড’ লেন্স ব্যসহাৰ কৰা হয়।

মিৰৰ লেন্স

এই লেন্সে বহুত বেছি গ্লেয়াৰ থাকিলেও চকুৰ বিতৰত কম পৰিমাণৰ পোহৰ সোমোৱাত সহায় কৰে আৰু চকুৱে আৰাম পয়। এই লেন্স সন্মুখৰ পৰা অস্বচ্ছ বা অৰ্ধস্বচ্ছ হ’ব পাৰে। সেয়েহে বাহিৰৰ পৰা চকুযুৰি অন্য ব্যক্তিৰ দৃষ্টিগোচৰ সামান্যভাৱে হ’ব পাৰে।

ফট’ক্ৰমিক লেন্স

ঘৰৰ ভিতৰৰ পৰা ৰ’দত বাহিৰলৈ ওলাই গ’লে এই চছমাৰ লেন্সখন লাহে লাহে ডাঠ ৰঙৰ হয় বাবে পোহৰ ৰশ্মিৰ পৰা চকুযুৰিয়ে আৰাম পাই থাকে। ৰ’দৰ তীব্ৰতা কমাৰ লগে লগে লেন্স পাতল ৰঙৰ হ’বলৈ ধৰে। সাধাৰণতে ‘ফট’গ্ৰে’ আৰু ‘ফট’ব্ৰাউন’ দুই ধৰণৰ সেন্স পোৱা যায়। ফট’গ্ৰেৰ প্ৰচলন বেছি।

গ্ৰেডিয়েণ্ট লেন্স

এই লেন্সৰ ওপৰফালে ডাঠ ৰঙৰ হয় বাবে দূৰলৈ চাওঁতে চকুৱে ৰ’দত আৰাম পায়। কিন্তু লেন্সখনৰ তলৰ অংশ পাতল ৰঙৰ হয় বাবে ওচৰৰ বস্তু চোৱাতো অসুবিধা নহয়। গাড়ী চলোৱাৰ সময়তো এই লেন্স পিন্ধিলে আৰাম পোৱা যায়।

এয়াৰ লক ছানগ্লাছ

আজিকালি ডাঙৰ মজবুত ফ্ৰেমৰ ছানগ্লাছৰ সলনি পাতল ৰিমলেছ লেন্স ব্যৱহাৰ কৰা হয়, কাৰণ ইয়াত বায়ুৰ চাপেহে চছমাযোৰ খাপ খোৱাত সহায় কৰে।

এথলেটিক লেন্স

সাধাৰণতে সহজে নভগা পলিকাৰ্বনেট লেন্স ‘ফেছছিল্‌ড’ৰ সৈতে ব্যৱহাৰ কৰা হয়। স্প’ৰ্ট ছানগ্লাছ বিভিন্ন ধৰণৰ খেল, যেনে- স্কাইং, ফিছিং, ক’টিং, গ’লিফং, বাইকিং আদিত ব্যৱহাৰ কৰা হয়।

কেনেকুৱা ৰঙৰ ছানগ্লাছ ব্যৱহাৰ কৰা উচিত?

সাধাৰণতে উজ্জ্বল পোহৰৰ বাবে ডাঠৰঙৰ কম পোহৰৰ বাবে হালধীয়া বা সুমথিৰা ৰঙৰ আৰু আন্ধাৰৰ বাবে ৰ্ংবিহীন স্বচ্ছ লেন্স ব্যৱহৃত হয়। এই ৰঙীন লেন্সবোৰে যাতে নিন্মতম ৰঙৰ বিকৃতকৰণহে কৰে তালৈ গুৰুত্ব দিয়া দৰকাৰ। এজন গাড়ীচালকৰ বাবে গ্ৰে’ বা মটীয়া ৰঙৰ আৰু সেউজীয়া ৰংহে ব্যৱহাৰ কৰা দৰকাৰ। কিয়নো এইবোৰ নিউট্ৰেল ৰ্ং ববে বস্তুৰ আচল ৰ্ং নিৰ্ণয় কৰে। ব্ৰাউন বা মুগা ৰঙে কিছু পৰিমাণে ৰ্ং বিকৃত কৰে যদিও বিভিন্ন ৰঙৰ পাৰ্থক্য উলিওঅৱাত সহায় কৰে। সুমথিৰা আৰু হালধীয়া ৰঙে দৃশ্য বস্তুৰ ৰঙৰ উজ্জ্বলতা, আকৃতি, দূৰত্ব আদি ঠেকে ৰাখে। এই লেন্স পাইলট, নাৱৰীয়া, মাছুৱৈ, চিকাৰী আদিয়ে ব্যৱহাৰ কৰে। নীলা আৰু বেঙুনীয়া ৰ্ং সাধাৰণতে মুখমণ্ডকৰ সৌন্দৰ্য বৰ্ধনৰ বাবে ব্যৱহাৰ কৰা হয়। ক’লা ৰণগ্ৰ ছানগ্লাছে পোহৰ ৰশ্মি বেছিকৈ শুহিও লয় আৰু প্ৰতিফলিত কৰে। এই চছমাই ৰ’দৰ উজ্বলতাক বাধা দিয়াত সহায় কৰে।

প্ৰখৰ ৰ’দৰ পৰা চকু প্ৰতিৰক্ষাৰ উপায়

প্ৰথমতে উপযুক্ত ছানগ্লাছ ব্যৱহাৰ কৰিব লাগে।

দ্বিতীয়তে ৰ’দত ছাতি ব্যৱহাৰ কৰিব লাগে।

তৃতীয়তে মূৰত টুপীৰ ব্যৱহাৰ কৰা উচিত। টুপীটো Wide Brimmed Hat হ’লে বেছি উপকাৰী।

ভাল ছানগ্লাছৰ গুণাগুণ

ৰ’দৰ কুপ্ৰভাৱৰ পৰা চকুযুৰি মুক্ত কৰি ৰাখিবলৈ হ’লে ছানগ্লাছযোৰ প্ৰায় ৯৯-১০০ শতাংশ UV-A UV-B ৰশ্মি প্ৰতিৰোধক হ’ব লাগিব।

দৃশ্যবস্তুৰ কোনো ৰ্ং, আকাৰ বা দূৰত্বৰ বিকৃতকৰণ হ’ব নালাগিব।

গ্ৰে’ বা মটীয়া ৰঙৰ লেন্স সচৰাচৰ ছানগ্লাছৰ বাবে উত্তম।

কণ্টেক্ট লেন্স পিন্ধিলেও অতিৰিক্ত হিচাপে ছানগ্লাছ ব্যৱহাৰ কৰিব পাৰে।

বৰফ পৰা ঠাইত ফুৰিবলৈ গ’লেও ৰ’দত ছানগ্লাছ পিন্ধা দৰকাৰ।

ডা০ বিজুলী গোস্বামী, প্ৰান্তিক।

2.92307692308
Anonymous Jan 07, 2016 04:29 PM

আমাৰ চকুৰ ওপৰত ৰ’দৰ প্ৰভাৱ নামৰ লিখাটোৰ পৰা বহুত লাভাৱম্বিত হʼলো। সূৰ্যৰ পোহৰ কি কি আৰু কেনেকুৱা পোহৰৰ ৰশ্মিৰে গঠিত, অতিবেঙুনীয়া ৰশ্মিয়ে চকুৰ কেনেকুৱা ক্ষতিসাধন কৰিব পাৰে, তাৰ পৰা প্ৰতিৰক্ষা পোৱাৰ উপায়, কেনেকুৱা ধৰণৰ ছানগ্লাছ ব্যৱহাৰ কৰা উচিত আদি কেইবাটাও কথা শিকিবলৈ পায় উপকৃত হʼলো।

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top