মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আমাৰ স্মৃতিশক্তিৰ বিজ্ঞান :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমাৰ স্মৃতিশক্তিৰ বিজ্ঞান :

আমাৰ স্মৃতিশক্তিৰ বিজ্ঞানৰ বিষয়ে লিখা হৈছে ।

স্মৃতি শক্তি -

আমাৰ স্মৃতি শক্তিও আমি এনেদৰেই ব্যৱহাৰ কৰোঁ৷ স্মৃতি (Memory) নাথাকিলে আমাৰ জীৱন কেনে হ’ব সেই কথা কপ্লনাও কৰিব নোৱাৰি৷ আমাৰ দিনটোৰ হাজাৰ-বিজাৰ অনুভৱ, তাৰ ওপৰত নিৰ্ভৰ শ-শ সিদ্ধান্ত, আমি আয়ত্ত কৰা নানা কৌশল, আমি গঠন কৰা নানা অভ্যাস সকলো নিৰ্ভৰ কৰে আমাৰ স্মৃতিৰ ওপৰত৷

সেইবাবে বিজ্ঞানীসকলে স্মৃতিৰ সূত্ৰ এইদৰে দিয়ে স্মৃতি হ’ল পাছত ব্যৱহাৰ কৰিব পৰাকৈ তথ্য সাঁচি ৰাখিব পৰা ক্ষমতা৷ আমি এটা নাচোন শিকি নাচিবৰ বাবে, কবিতা এটা আওৰাই পাছত আবৃত্তি কৰিবৰ বাবে, আনকি এই দফাটোৰ কথাখিনি বুজিবৰ বাবেও আমাৰ স্মৃতি নামৰ শক্তিটোক ব্যৱহাৰ কৰোঁ৷ ব্যস্ত আলিবাট এটা পাৰ হ’বৰ বেলিকাও আমি আগৰ বহুতো অভিজ্ঞতাৰ স্মৃতি ব্যৱহাৰ কৰোঁ৷

স্বাস্থ্যৱান মানুহৰ ক্ষেত্ৰত, তেওঁ আৱেগিকভাৱে জড়িত হৈ পৰা এনে কথাবোৰ বা তেওঁ গুৰুত্বপূৰ্ণ বুলি বিবেচনা কৰা কথাবোৰ হ্ৰস্বকালীন স্মৃতিৰপৰা গৈ দীৰ্ঘকালীন স্মৃতিৰ বা লং-টাৰ্ম মেম’ৰিৰ জিালৈ যায়৷

কিন্তু আমাৰ মস্তিষ্কটোৱে কোনবোৰ কথা দীৰ্ঘকালীন স্মৃতিৰ ভঁৰালত ভৰাব, সেইটোৰ ও ওপৰত আমি সচেতনভাৱে বিশেষ একো কৰ্তৃত্ব খটাব নোৱাৰোঁ৷ এই কামটো আমাৰ মস্তিষ্কটোৱে প্ৰায় আপোনা-আপুনি কৰে৷

আমাৰ দৈনন্দিন জীৱনৰ নানা হ্ৰস্বকালীন স্মৃতিৰ মাজৰপৰা বাছি দীৰ্ঘকালীন স্মৃতিৰ ভৰাঁলত কেতবোৰ কথা বা ঘটনা সাঁচি ৰখাৰ প্ৰক্ৰিয়াটো এতিয়াও বিজ্ঞানীসকলে ভালদৰে বুজি পোৱা নাই৷

সাঁচি ৰখাৰ কিছুমান স্মৃতি হঠাতে ব্যৱহাৰৰ বাবে আমি কিদৰে উলিয়াই আনো সেই প্ৰক্ৰিয়াটোও বিজ্ঞানীসকলৰ বাবে এতিয়াও ৰহস্য হৈয়ে আছে৷ দেখা গৈছে যে দীৰ্ঘকালীন স্মৃতিৰ ভঁৰালত থকা স্মৃতিবোৰ যিমানে পুৰণি হয়, বেমাৰ-আজাৰ, মদ্যপান বা আঘাতে সেইবোৰ সিমানেই মচি নিব নোৱাৰা হয়৷

স্মৃতিৰ ঘৰ ক’ত?

মস্তিষ্কৰ কোন অঞ্চলত বাৰু আমাৰ স্মৃতিবোৰ জমা হৈ থাকে? মানুহৰ মস্তিষ্কৰ অস্ত্ৰোপচাৰ কৰোঁতে কানাডাৰ মণ্ট্ৰিয়েলৰ শল্য চিকিৎসক ৱাইল্ডাৰ পেনফিল্ডে এই প্ৰশ্নৰ উত্তৰ বিচাৰি পালে৷

১৯২০ অৰ দশকত এদিন পেনফিল্ডে মস্তিষ্কৰ অস্ত্ৰোপচাৰ হ’বলগীয়া মহিলা এগৰাকীৰ লগত কথা পাতি পাতি তেওঁৰ মস্তিষ্টটোৰ বিভিন্ন অংশ এডাল ইলেকট্ৰ’ডেৰে পৰীক্ষা কৰি আছিল৷ (ইলেকট্ৰ’ড হ’ল বিদ্যুৎ সুমুৱাই দিবলৈ বা উলিয়াই নিবলৈ ব্যৱহাৰ কৰা পৰিৱাহী) ইলেকট্ৰ’ড হ’ল বিদ্যুৎ সুমুৱাই দিবলৈ বা উলিয়াই নিবলৈ ব্যৱহাৰ কৰা পৰিবাহী) ইলেকট্ৰ’ডডালেৰে মৃদু বিদ্যুৎ প্ৰৱাহ পঠাই তেওঁ ৰোগিণীৰ মস্তিষ্কৰ কোনটো কোনটো অংশই ৰোগিণীৰ কথা কোৱা, গতি কৰা আদি নিয়ন্ত্ৰণ কৰে তাকে চাব খুজিছিল, যাতে অস্ত্ৰোপচাৰত ৰোগাক্ৰান্ত অংশটো কাটোঁতে সেইবোৰ লাগতিয়াল অংশ কটা নাযায়৷

ইলেকট্ৰ’ডডাল মস্তিষ্কৰ এটা অঞ্চলত লগাই বিদ্যুৎ প্ৰৱাহ পঠোৱাৰ লগে লগে মহিলাগৰাকীয়ে তেওঁৰ অতীতৰ দিনৰ দৃশ্য কিছুমান দেখিবলৈ ধৰিলে, আনকি সেইদিনৰ ওচৰ-চুবুৰীয়াৰ হাইউৰুমিও শুনিবলৈ ধৰিলে৷ ইলেকট্ৰ’ডডাল এৰুৱাই দিলে তেওঁ দৃশ্যটো নেদেখা হয়, লগাই দিলে আকৌ দেখা পায়৷

পেনফিল্ডে বুজি পালে যে তেওঁ সেয়া এটা ডাঙৰ আৱিষ্কাৰ কৰিলে৷ তেতিয়ালৈকে স্মৃতিক মনৰ অৱস্থা বুলিহে ডাক্তৰসকলে ভাবি আহিছিল৷ মস্তিষ্কত যে স্মৃতিৰ ঠাই বিচাৰি পাব সেইটো তেওঁলোকে ভবাই নাছিল৷ পেনফিল্ডে আৱিষ্কাৰ কৰিলে যে মস্তিষ্কটোৰ দুয়োফালে ওলাই থকা টেম্প’ৰেল ল’ব নামৰ অংশটোত আমাৰ স্মৃতিশক্তি থাকে৷ এই অঞ্চল দুটা আমাৰ মূৰৰ কুম দুটাৰ তলতে থাকে৷

এই পৰীক্ষা আন আন ৰোগীৰ গাত কৰিও একেই ফল পোৱা গ’ল৷

মস্তিষ্কৰ একোটা বিশেষ অঞ্চলত স্মৃতি জমা হৈ থাকে বুলি পেনফিল্ডে আৱিষ্কাৰ কৰা কথাটো অন্য চিকিৎসা বিজ্ঞানীসকলে বহু দিনলৈ মানি লোৱা নাছিল৷ কিন্তু ১৯৫০ অৰ দশকত কিছুমান মৃগী ৰোগীৰ ৰোগ নিৰাময়ৰ বাবে টেম্প’ৰেল ল’ব কাটি পেলোৱাত দেখা গ’ল যে তেওঁলোকে কেইমিনিটমান আগৰ কথাও মনত ৰাখিব নোৱাৰা হৈছে৷ মূৰৰ আঘাত, ষ্ট’ক আদিৰ পাছতো বহুতৰে এনে হোৱা দেখা গ’ল৷

চিকিৎসা বিজ্ঞানীসকলে আৰু আৱিষ্কাৰ কৰিলে যে স্মৃতি সাঁচি ৰাখিব পৰাটো আমাৰ বাবে যিমান প্ৰয়োজনীয়, পাহৰি যাব পৰাটোও আমাৰ বাবে সিমানেই প্ৰয়োজনীয়৷ পুৰণি কথা পাহৰি যোৱা বাবে আমি নতুন কথা আৰু নতুন সময়ৰ লগত খাব খাব পৰাকৈ উপযুক্ত হৈ থাকোঁ৷ তদুপৰি পাহৰণিয়ে স্মৃতিৰ ভঁৰালৰ একোটা অংশ খালী কৰি তাক নতুন স্মৃতিৰ বাবে মুকলি কৰি ৰাখি থয়৷

লেখক: ডঃ দীনেশ চন্দ্ৰ গোস্বামী

উৎস: সাহিত্য.অৰ্গ

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top