মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আমি বাওঁকাতিহৈ শুব লাগে কিয় ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আমি বাওঁকাতিহৈ শুব লাগে কিয় ?

আমি বাওঁকাতিহৈ শুব লাগে কিয় ?, সেই বিষয়ে লিখা হৈছে ।



আমি আহাৰ খোৱাৰ পিছত কমেও এঘন্টা বাওঁকাতিহৈ শুব লাগে।
(১) বাওঁকাতিহৈ শুলে পাকস্থলীত থকা জুলীয়া খাদ্যৰ লগত হাইড্ৰোক্লৰিক এচিড আৰু পেপচিন ভালকৈ মিহলি হয় । তাৰোপৰি পাকস্থলীৰ পৰা নি:সৰণ হোৱা হাইড্ৰক্লৰিক এচিড খাদ্যনলীত প্ৰবেশ কৰিব নোৱাৰে। গতিকে আমি খোৱা খাদ্য সহজেই হজম হয় বাবে বদহজম, টেঙাপানী, বুকু জ্বলা-পোৰা হব নোৱাৰে
(২) আমাৰ হৃদপিণ্ড বাওঁফালে থাকে বাবে হৃদপিণ্ডই স্বাভাৱিক ভাৱে কষ্ট নোপোৱাকৈ ভালদৰে তেজ পাম্প কৰিব পাৰে। সেয়েহে শৰীৰৰ ৰক্ত সঞ্চালন ভালদৰে হয় ।
(৩) লচিকা প্ৰণালী বা লিম্ফেটিক চিষ্টেমৰ কাৰ্যক্ষমতা অধিক সক্ৰিয় হৈ শৰীৰৰ বৰ্জিত পদাৰ্থ বাহিৰ কৰিব পাৰে।
(৪) আমাৰ পাকস্থলী আৰু অগ্ণাশয় বাওঁফালে থাকে বাবে কষ্ট নোপোৱাকৈ পাচক ৰস নিসৰণ হয় । সেয়েহে হজম ভালদৰে হয় । সোফালে শুলে খাদ্যৰে পৰিপূৰ্ণ পাকস্থলীয়ে অগ্ণাশয়ৰ ওপৰত চাপ দিয়ে। ফলস্বৰূপে অগ্ণাশয়ৰ পৰা ইনচুলিন আৰু পেঙৃক্ৰিয়েটিন নামৰ ৰস সথিক ভাৱে নিসৰণ হব নোৱাৰে বাবে ভালদৰে হজম আৰু বিপাক নহয়। ভাত খাই সোকাতিকৈ শুলে অগ্ণাশয়ৰ ওপৰত চাপ পৰাৰ বাবে পেঙৃক্ৰিয়েটাইটিচ হোৱাৰ সম্ভাৱনা থাকে।
(৫) প্লীহা বাওঁফালে থাকে। বাওঁকাতিহৈ শুলে শৰীৰৰ বৰ্জিত পদাৰ্থ সহজে প্লীহালৈ পৰিবহন হয় আৰু প্লীহাই লগে লগে এই বৰ্জিত পদাৰ্থ বাহিৰ কৰিব পাৰে।
(৬) গৰ্ভৱতীয়ে বাওঁকাতিহৈ শুলে গৰ্ভস্থ সন্তানৰ স্থিতি স্বাভাৱিক হয় বাবে নৰ্মেল ডেলিভাৰী হোৱাত সহায়ক হয়।
(৭) শৰীৰৰ স্বাভাৱিক ক্ৰিয়াৰ বাবে টোপনি ভাল হয় আৰু পৰোক্ষ ভাৱে উচ্চ ৰক্তচাপ, হৃদৰোগ আৰু মানসিক ৰোগ হোৱাৰ সম্ভাৱনা কম ।

লেখক: ডা:মনোজ কুমাৰ শইকীয়া
ফোন নং: 9435209704

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top