মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আল্‌ট্ৰাছ’ন’গ্ৰাফীঃ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আল্‌ট্ৰাছ’ন’গ্ৰাফীঃ

আল্‌ট্ৰাছ’ন’গ্ৰাফীৰ বিষয়ে লিখা হৈছে

বিষয়ৰ গভীৰতালৈ প্ৰৱেশ কৰাৰ পূৰ্বে সম্পূৰ্ণ এষাৰ ব্যক্তিগত কথাৰে নিবন্ধটো আৰম্ভ কৰিমহক। সেয়া আছিল বিগত শতিকাৰ শেহৰ পিনে অৰ্থাৎ আশীৰ দশকৰ আৰম্ভণিৰ কথা। চিকিৎসা বিজ্ঞানৰ এম বি বি এছ ক’ৰ্ছৰ চূড়ান্ত বৰ্ষৰ ছাত্ৰ হিচাপে কাহানিও সপোনতো ভবা নাছিলো যে এদিনাখন ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ আটাইতকৈ পুৰণি তথা ঐতিহ্যময় চিকিৎসা মহাবিদ্যালয়খনৰ এটা গুৰুত্বপূৰ্ণ বিভাগৰ মুৰব্বী অধ্যাপকৰ পদত অধিষ্ঠিত হ’ম। হেন সময়তে ফাইনেল এম বি বি এছৰ প্ৰেক্টিকেল পৰীক্ষাত মোক (শল্য চিকিৎসা বিষয়ত) পিত্তস্থলীত হোৱা পাথৰৰ (গ’লষ্ট’ন) বাবে কি কি অনুসন্ধানৰ প্ৰয়োজন বা দৰকাৰ হয় সুধিছিল। মোৰ সীমিত জ্ঞানেৰে সেই সময়ত (অৰ্থাৎ আজিৰ পৰা প্ৰায় তিনিটা দশকৰ পূৰ্বে) সতকাই ব্যৱহৃত অ’ চি জি (অ’ৰেল কোলিছিষ্টোগ্ৰাফী) পৰীক্ষাৰ উপৰি সেই সময়ত নকৈ উপলব্ধ হোৱা আলট্ৰাছ’ন’গ্ৰাফীৰ নামটোও উল্লেখ কৰিছিলো। মোৰ শ্ৰদ্ধেয় শিক্ষাগুৰু তথা পৰীক্ষকজনে ব্যংগাত্মক সুৰত মন্তব্য কৰিছিল যে ইমান এটা নতুন পৰীক্ষা পদ্ধতিৰ বিষয়ে এনে এটা পৰ্যায়ত উল্লেখ কৰাটো সমীচীন হোৱা নাই। অৰ্থাৎ আল্‌ট্ৰাছাউণ্ড (সৰ্বসাধাৰণৰ ভাষাত) নামৰ পৰীক্ষা পদ্ধতিটো মাথোঁ তিনিটা দশকৰ পূৰ্বে ইমানেই নতুন আছিল যে ইয়াৰ গ্ৰহণযোগ্যতা সম্বন্ধে প্ৰবীণ চিকিৎসকসকলৰ মাজতো সন্দেহৰ অৱকাশ আছিল।

অসম চিকিৎসা মহাবিদ্যালয়ত কৰ্মৰত হৈ থকা মোৰ বিভাগীয় সহকৰ্মী এজনে উল্লেখ কৰা এষাৰ কথাই হাঁহিৰ খোৰাক সৃষ্টি কৰিছিল যদিও কথাষাৰৰ সত্যতা মই মৰ্মে মৰ্মে উপলব্ধি কৰিছিলো। তেওঁৰ মতে আল্‌ট্ৰাউণ্ড হৈছে উল্টাছাউণ্ড অৰ্থাৎ শব্দ শক্তি কোনো অংগত খুন্দা খাই উভতি আহি সৃষ্টি কৰা প্ৰতিচ্ছবি, যিটো কম্পিউটাৰত ৰেকৰ্ড কৰা হয়।

বিজ্ঞানৰ অগ্ৰগতিৰ আনুষংগিকভাৱে মানৱ সভ্যতাও জয়যাত্ৰাৰ পথত আগুৱাই গৈছে। তাহানিখনৰ সৈতে তুলনা কৰিলে এই বিষয়ে সন্দেহৰ কোনো অৱকাশ নাখাকে। প্ৰকৃততে বহু শতাব্দীৰ স্থান আৰু অপৰিৱৰ্তিত মানৱ সমাজৰ অচলায়তন ধূলিসাৎ কৰি বিজ্ঞানৰ ন ন আৱিষ্কাৰসমূহে আনিছে বৈপ্লৱিক পৰিৱৰ্তন। অৱস্থাই আজি এনে ৰূপ পাইছেগৈ যে দৈনন্দিন জীৱনৰ প্ৰতিটো পদক্ষেপতেই আজি আমি বিজ্ঞানৰ ওপৰত নিৰ্ভৰশীল। বস্তুতঃ চিকিৎসা বিজ্ঞানৰ বিস্ময়কৰ অগ্ৰগতিয়ে সমাজৰ চেহেৰাকেই যেন সলনি কৰি দিছে। নানা তৰহৰ যন্ত্ৰপাতিৰ আৱিষ্কাৰে যেন ৰোগ চিকিৎসাৰ ক্ষেত্ৰত আনিছে যুগান্তৰ। তেনে এটি যুগান্তকাৰী যন্ত্ৰই আজি ৰোগ নিৰ্ণয়ৰ ক্ষেত্ৰত প্ৰভূত বৰঙণি আগবঢ়াইছে। যন্ত্ৰটিৰ নাম হৈছে আল্‌ট্ৰাছ’ন’গ্ৰাফী। আজি আল্‌ট্ৰাছ’ন’গ্ৰাফীৰ নাম নুশুনা মানুহ হয়তো খুব কমেইহে আছে। ব্যক্তিগতভাৱে চিকিৎসা জীৱনত মই এনে বহু ৰোগী পাইছো, যিসকলে পেটৰ কিবা অসুখ হোৱা বুলি ক’লেই আল্‌ট্ৰাছ’ন’গ্ৰাফীৰ কিবা প্ৰয়োজন আছে নেকি বুলি প্ৰশ্ন কৰে। ইয়াৰ পৰাই জনসাধাৰণৰ মাজত যন্ত্ৰটিৰ বিষয়ে থকা জ্ঞানৰ বিষয়ে আভাস পাব পাৰি।

আমাৰ দেহৰ নানা অংগ-প্ৰত্যংগসমূহ স্বাভাৱিক অৱস্থাত আছে নে নাই তাক নিৰ্ণয় কৰিবলৈ আল্‌ট্ৰাছ’ন’গ্ৰাফী ব্যৱহাৰ কৰা হয়। পেটৰ ভিতৰত থকা যকৃৎ, প্লীহা আৰু আন অংগসমূহৰ উপৰি বুকুৰ সোঁমাজৰ অংগসমূহ, চকু আৰু কোমল কলাসমূহৰ অস্বাভাৱিকতা নিৰ্ণয় কৰিবলৈ এইবিধ যন্ত্ৰ বহুলভাৱে ব্যৱহৃত হয়। আজিকালি যকৃৎ আদি অংগৰ ৰোগ সুনিশ্চিতভাৱে নিৰ্ধাৰণ কৰিবলৈ আল্‌ট্ৰাছ’ন’গ্ৰাফীৰ সহায়ত নিডল (বেজী) সুমুৱাই বায়োপ্সী পৰীক্ষাও কৰিব পাৰি। তদুপৰি গৰ্ভৱতী নাৰীৰ দেহত থকা সন্তানটোৰ বিকাশ বা কোনোধৰণৰ অস্বাভাৱিকতাৰ বিষয়ে জানিবলৈ নিয়মিতভাৱে আল্‌ট্ৰাছ’ন’গ্ৰাফী কৰা হয়।

আল্‌ট্ৰাছ’ন’গ্ৰাফী যন্ত্ৰৰ কাৰ্যপ্ৰণালীৰ মূলনীতিঃ

 

আধুনিক পদাৰ্থ বিজ্ঞানৰ মতে শব্দ হৈছে শক্তি, দৰাচলতে কোনো শক্তিৰেই বিনাশ নাই। শক্তিৰ ৰূপান্তৰহে ঘটিব পাৰে। শব্দ শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰিত কৰিব পাৰি। শক্তিৰ এই দিশটোত কাৰ্যকৰী কৰা হৈছে আল্‌ট্ৰাছাউণ্ড যন্ত্ৰত, যত শব্দক বৈদ্যুতিক শক্তিলৈ ৰূপান্তৰিত কৰি ৰোগ নিৰূপণ কৰা হয়।

মাধ্যমত শক্তি প্ৰয়োগ কৰি শব্দ উৎপন্ন কৰিব পাৰি। যেনে- ধৰাহ’ল এটা পুখুৰীত আপুনি শিলগুটি এটা দলিয়াই দিলে। শিলগুটিটো মাধ্যাকৰ্ষণৰ বাবে পুখুৰীৰ তললৈ যাব, কিন্তু পানীৰ পৃষ্ঠত শিলগুটিটোৱে শক্তি প্ৰয়োগ কৰা বাবে শিলগুটি পৰা অঞ্চলটোক কেন্দ্ৰ কৰি ঐক্যকেন্দ্ৰিক বৃত্তৰ তৰংগৰ সৃষ্টি হ’ব। এই তৰংগবোৰ পুখুৰীৰ পৃষ্ঠত সুষমভাৱে বিয়পি লাহে লাহে মাৰ যাব। ইয়াত পানী মাধ্যম আৰু শিলগুটোটো তৰংগৰ উৎস। এনেদৰে আমি চিঞৰিলে বা শক্তি প্ৰয়োগ কৰিলে বতাহৰ মাধ্যমত কম্পনৰ সৃষ্টি হয়। এই কম্পন বা তৰংগবোৰ উৎসৰ কেউকাষে বিয়পি লাহে লাহে মাৰ যাব। কেতিয়াবা তৰংগবোৰ কোনো পৃষ্ঠত খুন্দা খাই প্ৰতিফলিত হয়। প্ৰকৃততে বায়ুত শব্দৰ উৎসই কৰা ঘনীভৱন আৰু অনুভৱন প্ৰক্ৰিয়াৰ দ্বাৰা শব্দৰ সঞ্চালন হয়।

এবিধ নতুন ধৰণৰ আল্‌ট্ৰছ’ন’গ্ৰাফী যন্ত্ৰৰ নাম হৈছে- ডপ্লাৰ আল্‌ট্ৰাছ’ন’গ্ৰাফী। ইয়াৰ সহায়ত দেহৰ বিভিন্ন স্থানৰ (যেনে- কলিজা, যকৃত) তেজৰ আহ-যাহৰ গতিবেগ নিৰ্ণয় কৰি কেতবোৰ ৰোগৰ বিষয়ে আভাস পাব পাৰি। উদাহৰণস্বৰূপে লিভাৰ চিৰোছিছ ৰোগলৈ। পোৰ্টেল হাইপাৰটেনচন নামৰ এবিধ ৰোগ হ’লে তেজৰ চাপ আৰু গতিবেগ বৃদ্ধি পায়। এইবিধ যন্ত্ৰৰো (ডপ্লাৰ) কেইবা প্ৰকাৰ আছে। যেনে- (ক) কণ্টিনুৱাছ ৱেভ ডপ্লাৰ, (খ) পালছ্ড ডপ্লাপ, (গ) ডুপ্লেত্ৰু ডপ্লাৰ, (ঘ) কালাৰ ৱেভ ডপ্লাৰ।

আল্‌ট্ৰাছ’ন’গ্ৰাফীৰ পাৰ্শ্ব প্ৰতিক্ৰিয়াঃ

 

আধুনিক চিকিৎসা বিজ্ঞানত ব্যৱহাৰ হোৱা আটাইবোৰ দৰব বা যন্ত্ৰপাতিৰ বিৰূপ প্ৰতিক্ৰিয়া কম-বেছি পৰিমাণে থাকিলেও এইটো যন্ত্ৰত এনে প্ৰভাৱ অতি নগণ্য। বৰ্তমানলৈ এইবিধ যন্ত্ৰ এক্স-ৰে মেচিনতকৈও ৰোগ নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰাপদ বুলিয়েই বিবেচিত হৈছে। অৱশ্যে এই যন্ত্ৰৰ ব্যৱহাৰৰ ফলত শ্বেতৰক্ত কণিকাৰ ক্ৰম’জ’মৰ পেটত প্ৰভাৱ পেলায়। চিকিৎসা বিজ্ঞানৰ জগতত আলোড়নৰ সৃষ্টি কৰা এই আল্‌ট্ৰাছ’ন’গ্ৰাফী নামৰ যন্ত্ৰটোৰ কেতবোৰ নৱতম সংস্কৰণ ইতিমধ্যে বজাৰত ওলাইছে আৰু ক’বলৈ গ’লে ব্যাপকভাৱে ব্যৱহাৰো হৈ আছে। উদাহৰণস্বৰূপে এণ্ডোস্কোপিক আল্‌ট্ৰাছ’ন’গ্ৰাফীৰ বিষয়ে উল্লেখ কৰিব পাৰি। এণ্ডোস্কোপি নামৰ যন্ত্ৰটোৰ নাম নিশ্চয়কৈ স্বাস্থ্য সচেতন ব্যক্তিমাত্ৰেই শুনিছে। মুখেদি এই যন্ত্ৰ সুমুৱাই দি পাকস্থলী আৰু অন্ত্ৰৰ কেতবোৰ অংশ পৰীক্ষা কৰা হয়। এই যন্ত্ৰটোৰ সৈতে আল্‌ট্ৰাছ’ন’গ্ৰাফী যন্ত্ৰটি সংলগ্ন কৰিলে ৰোগ নিৰ্ধাৰণ কৰাৰ ক্ষমতা বৃদ্ধি পায়। তদুপৰি এই ধৰণৰ যন্ত্ৰৰ সহায়ত বায়োপ্সী আৰু ছাইট’লজিকেল পৰীক্ষা কৰি পেটৰ ভিতৰত কেতবোৰ অংশত কৰ্কট ৰোগ হ’লে থিৰাংকৈ নিৰ্ণয় কৰিব পাৰি।

(উৎসঃ খবৰ, ডাঃ মিহিৰ কুমাৰ গোস্বামী)।

2.8
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top