মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আসন-যোগৰ বাবে অলপ সময়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আসন-যোগৰ বাবে অলপ সময়

আসন-যোগৰ বিষয়ে লিখা হৈছে

আসন কৰা অতি উত্তম। কিন্তু জানি-বুজিহে কৰিব লাগে। বেছিভাগ ক্ষেত্ৰত সম্যক জ্ঞান নথকা বাবে আসনৰ দ্বাৰা কামত নাহিব। প্ৰশ্বাস লোৱা, নিশ্বাস এৰি দিয়াৰ নিয়মটো ঠিকভাৱে জনাটো জৰুৰী। সেয়েহে এই নিয়ম ভালদৰে শিকি লোৱাটো জৰুৰী।

আসন কৰিব লাগে বুলিয়েই আসন নকৰি শান্ত মনে, দুৰ্ভাৱনা, দুশ্চিন্তা আঁতৰত ৰাখি আসন কৰা উচিত। আসনৰ সময়ত মবাইল বন্ধ কৰি ৰখা উচিত। ফোন, কলিংবেলৰ পৰা নিজকে বিচ্ছিন্ন কৰি ল’ব পাৰিলে ভাল। ঘৰত অন্যক তাৰ বাবে পৰামৰ্শ দি ৰাখিব লাগে। সম্পূৰ্ণ মুক্তভাৱে আসন কৰিলেহে ফল আশা কৰিব পাৰি।

আসন কৰা সময়ত দুৱাৰ বন্ধ কৰি খিৰিকী খোলা ৰাখিব। যাতে কোঠাটোত মুক্ত বায়ু চলাচল কৰি থাকে। কোঠাটোত সংগীত বজোৱাৰ ব্যৱস্থা কৰি ল’ব পাৰে। সংগীতে মনৰ স্থিৰতা সন্তুলন ৰখাত সহায় কৰে।

ঘৰত বিভিন্ন অসুবিধা থাকিলে যোগ বা আসন চেণ্টাৰত ভৰ্তি হৈ ল’ব, য’ত অন্ততঃ কোনো দুশ্চিন্তা নাথাকিব।

গুৰু নিৰ্বাচন কৰাৰ সময়ত সচেতন হোৱা উচিত। প্ৰথম সাক্ষাততে তেওঁ কিমান উপযুক্ত সেই কথা ধৰিব নোৱাৰি। কাৰণ এই ক্ষেত্ৰত বহুতে আনৰ উপকাৰতৈ নিজৰ ব্যৱসায়ৰ লাভৰ কথাতহে বেছি গুৰুত্ব দিয়ে।

আজিৰ ব্যস্ত কঠিন জীৱনশৈলীত আসন-যোগ আদিয়ে জীৱন-যাপন কলাক সহজ আৰু স্থিৰ কৰি তোলাত যথেষ্ট সহায়ক, সেই কথা নিয়মিত ব্যায়াম আৰু যোগ কৰা সকলে সোনকালেই বুজি উঠে।

পুৱা শুই উঠিয়েই এগৰাকী নাৰীয়ে স্বামী, ল’ৰা-ছোৱালীৰ খোৱা-বোৱা তৈয়াৰৰ কামত লাগি যাব লাগে। কাৰণ স্বামীক অফিচলৈ, ল’ৰা-ছোৱালীক খোৱাই-বোৱাই লগতে টিফিন আদি দি স্কুললৈ পঠিয়াব লাগে। গতিকে একেবাৰে পুৱা নাৰীৰ বাবে ব্যায়াম-যোগ কৰিবলৈ সময় নাথাকে। সেয়ে স্বামী অফিচলৈ, সন্তান স্কুললৈ যোৱাৰ পাছত তেওঁলোকে কিছু সময়ৰ বাবে কেইটামান ব্যায়াম-আসন কৰিব পাৰে।

(উৎসঃ অসম বাণী, সীমা চক্ৰৱৰ্তী)।

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top