মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আহাৰ খোৱাৰ পিছত এই কামবিলাক নকৰিব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আহাৰ খোৱাৰ পিছত এই কামবিলাক নকৰিব :

আহাৰ খোৱাৰ বিষয়ে লিখা হৈছে ।

 

আহাৰ খোৱাৰ পিছতে চাহ নেখাব -

নিশাৰ আহাৰ খোৱাৰ পিছত চাহ একাপ খোৱাৰ অভ্যাস বহু লোকৰে আছে। বিশেষকৈ ঠাণ্ডাৰ দিনৰ ৰাতিৰ সাঁজ আহাৰৰ পিছত বহুতে একাপ খাবলৈ মন কৰে আৰু বহুতে একাপ চাহ খায়ো।

কিন্তু চিকিৎসকসকলৰ মতে ৰাতি ভাত-পানী খাই উঠাৰ পিছত চাহ খোৱাটো স্বাস্থ্যৰ কাৰণে ভাল নহয়। কাৰণ চাহ পাতৰ অম্লীয় গুণ আছে আৰু আহাৰৰ লগত থকা প্ৰোটিনৰ সৈতে এই আম্লীয় দ্ৰব্য মিহলি হয়। তেতিয়া খাদ্যৰ পৰা পাব পৰা প্ৰোটিন শৰীৰ তন্ত্ৰই গ্ৰহণ কৰিব নোৱাৰা হয়।

অহাৰ খোৱাৰ ক্ষন্তেক পিছতে চাহ খালে খাদ্যখিনি আমাৰ পাচন তন্ত্ৰই হজম কৰাত যথেষ্ট কষ্ট কৰিব লগা হয়। সেই কাৰণে আহাৰ খোৱাৰ ক্ষন্তেক পিছতে চাহ খোৱাটো বাদ দিব পাৰিলে ভাল।

এনেদৰে ৰাতি আহাৰ গ্ৰহণৰ পিছত চাহ খালে ই অভ্যাসত পৰিনত হয়গৈ আৰু পিছলৈ এই অভ্যাসৰ ফলত স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে।

ঠাণ্ডা পানীও পৰাপক্ষত নেখাব -

আহাৰ খোৱাৰ পিছত বেছি পৰিমাণে পানী খোৱাটো আমাৰ স্বাস্থ্যৰ কাৰণে বেয়া। কাৰণ আহাৰ খোৱাৰ পিছত আমাৰ শৰীৰৰ তাপমান আটাইতকৈ বেছি হয়গৈ আৰু সেইখিনি সময়ত আমাৰ পাচন তন্ত্ৰই আমি খোৱা খাদ্যবোৰ হজম কৰাত ব্যস্ত হৈ থাকে।

সেইকাৰণে সেইখিনি সময়ত আমাৰ বেছিকৈ পিয়াহ লাগে। আপুনি কুহুমীয়া গৰম পানী, আহাৰ খোৱাৰ মাজতে বা আহাৰ খোৱাৰ পিছতেগ অলপ পৰিমাণে খাব পাৰে। কিন্তু পিয়াহ লাগিছে বুলিয়েই আপুনি ঠাণ্ডা পানী একেবাৰে নেখাব।

ধূমপান নকৰিব -

যিসকল লোকৰ ধপাত, ধপাতজাত সামগ্ৰী খোৱাৰ অভ্যাস কৰিছে, তেওঁলোকে আহাৰ খোৱাৰ ক্ষন্তেক পিছতে অলপমান ধপাত বা এটা চিগাৰেট খোৱা ইচ্ছা কৰে। কিন্তু ধপাত বা ধপাতজাত সামগ্ৰী সেৱন কৰাটো এনেয়ে স্বাস্থ্যৰ পক্ষে হানিকাৰক।

আহাৰ খোৱাৰ পিছত ধপাতজাতীয় সামগ্ৰী সেৱন কৰাটো স্বাস্থ্যৰ পক্ষে দহগুণ বেছি অপকাৰী। সেয়ে ধপাত বা ধপাতজাত সামগ্ৰী সেৱন পাৰ্যমানে ত্যাগ কৰাটো শৰীৰৰ কাৰন উপকাৰী।

কম মাত্ৰাত এলাহ কৰক -

সাধাৰণতে হাতত বেছি কাম থাকিলে বা বন্ধৰ দিনত কৰিবলগা কাম নেথাকিলে, দিনৰ সাঁজ ভাত-পানী খাই উঠাৰ পিছত এলাহে জুমুৰি দি ধৰে আৰু বিছনাখনত এবাগৰ নেমাৰিলে বন্ধৰ দিনত জিৰণি লোৱা যেন অনুভৱ নকৰে।

সেয়ে অধিকাংশ লোকেই বন্ধৰ দিনা দুপৰীয়া অকণমান শুৱে। কিনলতু বন্ধৰ দিন বুলি ৰাতি ভাত-পানী খাই উঠি, দিনৰ সেই এলাহৰ গইনা লৈ সোনকালে শুবলৈ যোৱাটো কোনোপধ্যে মানি ল’ব পৰা নেযায়।

সাধাৰন কামৰ দিনতে হওক বা বন্ধৰ দিনতে হওক, ৰাতি আহাৰ খাই উঠি অতি কমেও দুঘন্টা সময়ৰ পিছতহে শুবলৈ যাব লাগে।

কিন্তু দিনত যদি বিশেষ কাম নেথাক, তেনেহ’লে দুপৰীয়া খাই উঠি এঘুমতি মৰাটো স্বাস্থ্যৰ বাবে ভাল বুলি ধৰা হয়।

অৱশ্যে খাই উঠি বেছি সময় শোৱাটোৱে আপোনাৰ বাবে গেষত্ৰিকৰ সমস্যা মাতি আনিব পাৰে।

খোৱাৰ পিছত গা নুধুব -

দুপৰীয়া বা ৰাতি আহাৰ খোৱাৰ পিছত আপোনাৰ শৰীৰৰ তাপমান পূৰ্বতকৈ বাঢ়ে বুলি আগতেই উল্লেখ কৰিছো। এই তাপমান হঠাতে নমাই অনাটো কোনো কাৰণতে ভাল নহয়।

সেয়ে খোৱাৰ পিছতে ঠাণ্ডা পানী খোৱা বা ঠাণ্ডা পানীৰে গা-ধোৱা, কোনোটোৱে আপোনাৰ কাৰণে উপকাৰী নহয়।

বিশেষভাৱে ৰাতিৰ সাঁজ আহাৰ খোৱাৰ পিছত গৰমৰ দিনত গাটোত বেছি গৰম লাগিছে বুলি গা ধুই দিয়াটো শৰীৰৰ বাবে উপকাৰীতো নহয়েই, বৰং ই আপোনাৰ অপকাৰহে কৰিব পাৰে।

সেয়ে ৰাতিৰ আহাৰ খোৱাৰ পিছতে, পৰাপক্ষত গা ধুবলৈ নেযাব।

লেখক: ডিম্পল ডেকা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.88235294118
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top