অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আহাৰ-বিহাৰ :

আহাৰ-বিহাৰৰ বিষয়ে লিখা হৈছে ।

 

সদায় ভালদৰে হাত-মুখ ধুই আহাৰ খাব লাগে। কেঁচা শাক-পাচলি ৰন্ধাৰ আগতে ভালদৰে ধুই ল’ব লাগে। দুষিত মাছ-মাংস নাখাব আৰু মাজে –সময়ে তিতা খাব লাগে। তিতা-কেৰেলা, শোকোতা তিতা, তিতা ভেঁকুৰী , তিতা ফুল, শেৱালিৰ পাত খাব লাগে। চিৰতা, মদাৰ গছৰ বাকলি আৰু মহানিমৰ বাকলি সমপৰিমাণে প্ৰায় পাঁচ গ্ৰাম আধা গিলাচ গৰম পানীত ডুবাই ৰাখি ৰাতিপুৱা খুৱালে পেলু মৰাৰ উপৰি তেজ পৰিষ্কাৰ হয়, এলাৰ্জী আৰু খজুৱতি উপশম হয়। আনাৰস গছৰ কুমলীয়া পাতৰ ৰস এচামুচকৈ দিনে দুবাৰ তিনি দিন খালে পেলু মৰে। ছমাহৰ অন্তৰত এবাৰ সকলো শিশুক পেলুৰ ঔষধ খুওৱাটো বাঞ্চনীয়। অসম চৰকাৰে ছমাহৰ অন্তৰত বিনামুলীয়া পেলুৰ ঔষধ শিশুক খুওৱাৰ এখন আঁচনি আছে আৰু আমি সকলোৱে এই আঁচনিৰ সফল ৰুপায়ণত সহযোগ কৰা উচিত।

আয়ুৰ্বেদিক ঔষধ -

১) বিৰংগাদি লৌহ: এটাকৈ দিনে তিনিবাৰ এসপ্তাহ খালে পেলু মৰাৰ উপৰি তেজ পৰিষ্কাৰ হয়, এলাৰ্জী আৰু খজুৱতি নোহোৱা হয়।

২) কৃমি কুঠাৰ নাইবা কৃমি মুদগৰ ৰস- এটাকৈ দিনে তিনিবাৰ এসপ্তাহ খাব।

উৎস: দেওবৰীয়া সুকন্যা

2.94444444444
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top