মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আয়ুৰ্বেদত অধাৰণীয় বেগ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আয়ুৰ্বেদত অধাৰণীয় বেগ :

আয়ুৰ্বেদত অধাৰণীয় বেগৰ বিষয়ে লিখা হৈছে ।

সাধাৰণ অৰ্থত অধাৰণীয় বেগ ধাৰণ মানে হল আমাৰ শৰীৰৰ যিবিলাক স্বাভাৱিক বেগ আহে(যেনে মল, মূত্ৰ আদি), তেনেবোৰ বেগ ধাৰণ কৰা বা জোৰকৈ ৰখাই থোৱা।

আয়ুৰ্বেদ শাস্ত্ৰত মানুহৰ ৰোগ উৎপত্তিৰ বিভিন্ন কাৰণ সমূহৰ ভিতৰত অধাৰণীয় বেগ ধাৰণ কৰাতো এটা মুখ্য কাৰণ বুলি উল্লেখ কৰা হৈছে।

সৰ্বমুঠ 13(তেৰ)তা অধাৰণীয় বেগৰ কথা ইয়াত কোৱা হৈছে যিকেইটা যিকোনো মূল্যৰ বিনিময়ত হলেও ধাৰণ কৰিব নালাগে।

যদিহে নিয়মিত ভাৱে এনে বেগ ধাৰণ কৰা হয় তেন্তে ইয়াৰ ফলত বিভিন্ন ধৰণৰ স্বাস্থ্য সম্পৰ্কীয় সমস্যাৰ সৃষ্টি হয়।

বৰ্তমান সময়ত আমাৰ অমনোযোগিতাৰ বাবে এইটো কাৰণত, এনে ধৰণৰ সমস্যাৰ প্ৰকোপ বাঢ়িবলৈ ধৰিছে।

সেয়েহে এইবিষয়ে কিছু আভাস দিবলৈ আৰু ইয়াৰ পৰা হব পৰা সমস্যা সমূহৰ বিষয়ে থুলমূলকৈ জনাবলৈ প্ৰয়াস কৰা হৈছে।

মল, মূত্ৰ ত্যাগৰ বেগ, ভোক লগা আদিবোৰ হল আমাৰ শৰীৰৰ এক স্বাভাবিক আৰু প্ৰাকৃতিক ভাৱে হোৱা পৰিঘটনা।

যেতিয়াই শৰীৰে ইয়াৰ সংকেত দিয়ে তেতিয়াই অলপ সময়ো আওকাণ নকৰি আমি এনে সংকেত গ্ৰহণ কৰা উচিত।

কিয়নো শৰীৰৰ আভ্যন্তৰীণ বাতাবৰণ সঠিক ভাৱে ৰাখিবলৈ আৰু অদৰকাৰী পদাৰ্থ সমূহ বাহিৰ কৰিবলৈ এনে বেগ সমূহৰ সৃষ্টি হয়। গতিকে নিয়মিত ভাৱে বা বহু দিন ধৰি ইয়াক বাধা দিলে বিৰূপ প্ৰভাৱ পৰাটো স্বাভাৱিক।

আয়ুৰ্বেদত স্বাভাৱিক ভাৱে শৰীৰত উৎপন্ন হোৱা বেগ দুইধৰণৰ বুলি গণ্য কৰা হৈছে। ইয়াৰে কিছুমান বেগ ধাৰণ কৰিবলৈহে উপদেশ দিয়া হৈছে আৰু এইবোৰক ধাৰণীয় বেগ হিচাপে উল্লেখ কৰা হৈছে।

যেনে-কাম, ক্ৰোধ, লোভ আদি। একেদৰে যিবোৰ বেগ ধাৰণ(ৰোধ) কৰিব নালাগে, সেইবোৰক অধাৰণীয় বেগ বুলি কোৱা হৈছে।

বেগ সমূহ হল -

  • মূত্ৰ বেগ ৰোধ,
  • মল বেগ ৰোধ,
  • শুক্ৰ বেগ ৰোধ,
  • অপান বায়ু(অধোবায়ু, flatus) বেগ ৰোধ,
  • চৰ্দি(বমি) বেগ ৰোধ,
  • ক্ষৱথু(হাঁচি)বেগ ৰোধ,
  • উদগাৰ(উগাৰ)বেগ ৰোধ,
  • জৃম্ভা(হামি) বেগ ৰোধ,
  • ক্ষুধা বেগ ৰোধ,
  • তৃষ্ণা(পিয়াহ)বেগ ৰোধ,
  • বাষ্প(চকুলো বা কান্দোন) বেগ ৰোধ,
  • নিদ্ৰা বেগ ৰোধ আৰু
  • শ্ৰম শ্বাস(ভাগৰ লাগিলে খৰকৈ অহা উশাহ নিশাহ) বেগ ৰোধ।

অধাৰণীয় বেগ ধাৰণৰ ফলত হব পৰা সমস্যা সমূহ:

মূত্ৰ বেগ ধাৰণ -

  • শৰীৰত বিশেষকৈ মূত্ৰাশয়(urinary bladder) আৰু যৌনাঙ্গত বিষ অনুভৱ কৰা;
  • ঘনে ঘনে কমকৈ প্ৰস্বাৱ হোৱা,
  • প্ৰস্বাৱ কৰোতে জ্বলাপোৰা আৰু বিষ অনুভৱ কৰা;
  • মূৰৰ বিষ,
  • কৌষ্ঠ কাঠিন্য,
  • পেটত গেছ হৈ পেট ফুলি উঠা আদি।

বহুদিন এনেদৰে থাকিলে মূত্ৰাশয় আৰু মূত্ৰনলী সম্পর্কীয় ৰোগ দেখা দিয়ে।

মল বেগ ধাৰণ -

  • তলপেটৰ বিষ হোৱা,
  • মূৰৰ বিষ,
  • পিছলৈশৌচ খোলা নোহোৱা,
  • অধো বায়ু(flatus) নিৰ্গত নোহোৱা,
  • ভৰিৰ কলাফুল(calf muscle)ৰ মাংসপেশী টান মাৰি ধৰা বা কোচ খাই ধৰা,
  • পেট ফুলি উঠা,
  • মুখেৰে বেয়া গোন্ধ ওলোৱা আদি।

শুক্ৰ বেগ ধাৰণ -

  • যৌনাঙ্গ বিশেষকৈ লিংগ আৰু অণ্ডকোষত বিষ অনুভৱ কৰা আৰু ফুলি উঠা,
  • জ্বৰ,
  • বুকুৰ বিষ বিশেষকৈ হৃৎপিণ্ডৰ অংশত ভাল নলগা অনুভৱ কৰা,
  • গাৰ বিষ,
  • প্ৰস্বাৱ কৰোতে অশান্তি পোৱা বা থিক মতে নোহোৱা,
  • অণ্ডাশয় ফুলি উঠা আদি।

বহুদিন এনেদৰে থাকিলে নপুংসকতা হব পাৰে।

অপান বায়ু(অধো বায়ু, flatus)বেগ ধাৰণ -

  • পেটত গেছ হৈ ফুলি উঠা,
  • ভাগৰ লগা আৰু নিজকে শক্তিহীন অনুভৱ কৰা,
  • পিছলৈ শৌচ আৰু অধোবায়ুৰ অৱৰোধ হোৱা,
  • প্ৰস্বাৱ কৰোতে সম্পূৰ্ণকৈ নোহোৱা বা ৰৈ যোৱা,
  • পেট বিষোৱা,
  • দৃষ্টিশক্তি কমি যোৱা,
  • পাচক অগ্নি নাশ হোৱা আৰু ভোক কমি যোৱা,
  • হৃদৰোগ আদি।

চৰ্দি(বমি)বেগ ধাৰণ:

ছালৰ বিভিন্ন ৰোগ যেনে-

  • খজুৱতি হৈ ছাল ৰঙা পৰা বা গুটি গুটি ওলাই জ্বলা পোৰা কৰা,
  • চকলা চকল কৈ খজুৱাই উখহি উঠা,
  • ভোক নলগা,
  • মুখত কলা দাগ পৰা,
  • বমিৰ ভাব হোৱা,
  • জ্বৰ আদি।

ক্ষৱথু(হাঁচি)বেগ ধাৰণ:

  • মূৰৰ বিষ,
  • মন্যাস্তম্ভ(ডিঙিৰ পিছফালে বিষোৱা আৰু জঠৰ হৈ লৰচৰ কৰিব নোৱাৰা হোৱা),
  • অৰ্দিত(মুখৰ এটা ফালৰ স্পৰ্শ জ্ঞান নোহোৱা হোৱা, facial paralysis),
  • অৰ্ধাৱভেদক(মূৰৰ এটা ফালৰ বিষ অনুভৱ কৰা),
  • ইন্দ্ৰিয় জ্ঞান দুৰ্বল হোৱা আদি।

উদগাৰ(উগাৰ) বেগ ধাৰণ:

  • হিকটি(hiccup) অহা,
  • শ্বাস ৰোগ(উশাহ নিশাহ লোৱাত কষ্ট পোৱা),
  • অৰুচি, কম্প(হাত, ভৰি আদি কপি থকা),
  • হৃৎপিণ্ড আৰু বুকু অংশত গধুৰ অনুভৱ কৰা আদি।

জৃম্ভা(হামি) বেগ ধাৰণ -

  • চকু, ডিঙি, নাক আৰু কাণৰ বিভিন্ন বেমাৰ,
  • মাংসপেশী টানি ধৰা বা কোচ খাই ধৰা,
  • শৰীৰৰ কিছুমান অংশ অৱশ হৈ পৰা,
  • শৰীৰটো কঁপি থকা আদি।

ক্ষুধা(ভোক) বেগ ধাৰণ:

  • শৰীৰ ক্ষিণাই যোৱা,
  • দুৰ্বল হোৱা,
  • শৰীৰৰ স্বাভাৱিক ৰঙ সলনি হৈ পৰা,
  • সৰ্ব শৰীৰত বিষ অনুভৱ কৰা,
  • অৰুচি,
  • মূৰ ঘূৰোৱা আদি।

তৃষ্ণা(পিয়াহ) বেগ ধাৰণ:

  • ডিঙি আৰু মুখ শুকাই যোৱা,
  • কাণেৰে নুশুনা হোৱা,
  • অত্যাধিক ভাগৰ লগা,
  • অৱসাদ,
  • বুকুৰ ভিতৰত অস্বস্তি অনুভৱ কৰা আদি।

বাষ্প(চকুপানী বা কান্দোন) বেগ ধাৰণ -

  • প্ৰতিশায় ৰোগ(নাক বন্ধ হৈ থকা আৰু নাকেৰে পানী ওলাই থকা),
  • মূৰৰ বিষ,
  • চকুৰ অসুখ,
  • হৃদৰোগ,
  • অৰুচি,
  • মূৰ ঘূৰণী আদি।

নিদ্ৰা(টোপনি) বেগ ধাৰণ -

  • মানসিক অস্থিৰতা,
  • খুব বেছি হামি অহা,
  • টোপনিৰ ভাৱ আহি মূৰ ঘূৰাই থকা,
  • কৌষ্ঠ কাঠিন্য,
  • সৰ্ব শৰীৰৰ বিষ,
  • মূৰৰ বিষ আৰু মূৰ গধুৰ অনুভৱ কৰা,
  • চকুত অসুবিধা পোৱা বিশেষকৈ চকু গধুৰ লগা আদি।

শ্ৰম শ্বাস(পৰিশ্ৰম কৰাৰ পিছত ঘনকৈ অহা উশাহ নিশাহ)বেগ ধাৰণ:

  • গুল্ম ৰোগ(টেমুনা জাতীয়ৰোগ, বিশেষকৈ পেটৰ অংশত),
  • হৃদৰোগ,
  • বেহুচ হোৱা,
  • বহুদিন ধাৰণ কৰিলে শ্বাস নলী বা হাওঁফাওঁ সংক্ৰান্তীয় ৰোগ হোৱা আদি।

আচাৰ্য বাগভতৰ মতে উপৰোক্ত 13 বিধ বেগৰ উপৰিও কাহৰ বেগ ধাৰণ কৰাটোও অনুচিত।

এইবেগ ধাৰণ কৰিলে-

  • উশাহ নিশাহ লোৱাত কষ্ট পোৱা,
  • অৰুচি,
  • হৃদৰোগ,
  • শৰীৰ শুকাই যোৱা,
  • হিকটি(hiccup) আদি উৎপন্ন হয়।

উপৰোক্ত আলোচনা খিনিৰ পৰা এটা কথা স্পষ্ট হয় যে আমাৰ শৰীৰৰ স্বাভাৱিক ভাবে অহা বেগ সমূহক অৱজ্ঞা কৰি এটা সুস্থ সবল জীৱন কল্পনা কৰাটো অসম্ভৱ।

স্বাভাৱিকতে আজিৰ ব্যস্ততাপূৰ্ণ আৰু প্ৰতিযোগিতাৰ জীৱন শৈলীত আমি প্ৰায়ে এই বেগ সমূহৰ গুৰুত্ব আওকাণ কৰি আহিছোঁ।

বহু সময়ত মানুহৰ মাজত থাকিলে; সৌজন্যতা ৰক্ষা কৰিবলৈ, আনে বেয়া ভাবিব আদি কথাবোৰৰ বাবে হাঁচি, হামি, অধোবায়ু, কাহ আদি প্ৰায়ে ধাৰণ কৰা হয়।

একেদৰে বিভিন্ন কৰ্ম ব্যস্ততাৰ বাবে বা কেতিয়াবা নিজৰ পছন্দৰ বস্তুবোৰ উপভোগ কৰাত বাধা আহিব বুলি(যেনে নিজৰ খুব ভাললগা টিভি চিৰিয়েল, চিনেমা, গেম আদি), ভ্ৰমণ কৰোতে ইত্যাদি কাৰণত মল, মূত্ৰৰ বেগ ধাৰণ কৰাটো খুব সাধাৰণ কথা বুলি গণ্য কৰা হয়।

মনৰ ভিতৰত সোমাই থকা ক্ষোভ, দুঃচিন্তা, আৱেগ আদি শৰীৰৰ বাবে ক্ষতিকাৰী আৰু ইয়াৰ পৰা মুক্তি পাবলৈ প্ৰকৃতিয়ে দিয়া সুন্দৰ উপহাৰ হল কান্দোন। ইয়ে মানুহক শাৰীৰিক আৰু মানসিক ভাৱে সবল কৰাত যথেষ্ট সহায় কৰে।

লাজ শংকাৰ বাবে সেয়েহে ওলাই অহা কান্দোন বা চকুপানী কেতিয়াও ধৰি ৰাখিব নালাগে। আয়ুৰ্বেদত শৰীৰ ৰক্ষাৰ তিনিটা স্তম্ভ(pillar)ৰ ভিতৰত নিদ্ৰা অন্যতম বুলি গণ্য কৰা হৈছে।

সেয়েহে টোপনি ক্ষতি কৰি বহু ৰাতিলৈ জাগি থকাৰ অভ্যাস পৰিত্যাগ কৰি সঠিক পৰিমানে টোপনি যোৱা উচিত। হঠাৎ কেতিয়াবা এদিন দুদিনৰ বাবে এনেদৰে বেগ ধাৰণ কৰিবলগীয়া হলে বিশেষ অসুবিধা নহয়।

কিন্তু প্ৰায়ে এনে কৰিলে ই শৰীৰৰ বাবে ক্ষতিকাৰক আৰু বিভিন্ন ৰোগৰ কাৰণ হৈ পৰে। মন কৰিবলগীয়া কথা যে উপৰোক্ত বেগ ধাৰণৰ বাবে বৰ্ণনা কৰা ৰোগ সমূহৰ ভিতৰত বহুবাৰ হৃদৰোগ বা হৃদয় সম্পৰ্কীয় সমস্যাৰ কথা উল্লেখিত হৈছে।

আয়ুৰ্বেদত অতি স্পষ্ট ভাৱে আৰু গুৰুত্ব সহকাৰে এনে অধাৰণীয় বেগ সমূহ ধাৰণ নকৰিবলৈ উপদেশ দিয়া হৈছে।

এক কথাত এই বেগসমূহ অহাটো আমাৰ প্ৰতি শৰীৰৰ অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ সাংকেতিক আহ্বান আৰু আমি যিমান সোনকালে পাৰো ইয়াৰ প্ৰতি সঁহাৰি জনোৱা উচিত।

লেখক: ডাঃ মৃণাল বৈশ্য(নিয়মীয়া বাৰ্তা)

1.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top