অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

আয়ুৰ্বেদিক চিকিৎসাত পিতৃ-মাতৃ হ'ল সন্তানহীনা

আয়ুৰ্বেদিক চিকিৎসাত পিতৃ-মাতৃ হ'ল সন্তানহীনা


ধৰ্ম, অৰ্থ,কাম আৰু মোক্ষ এই চাৰিটা মানুহৰ জীৱনৰ গতিপথ। পুত্ৰ প্ৰাপ্তিৰ দ্বাৰা মোক্ষ সাধন হয়। সেয়েহে কোৱা হয় "পূত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্য্যা"। পুত্ৰ প্ৰাপ্তিৰ জৰিয়তে নিজ বংশ ৰক্ষাৰ কাৰণে বিয়া পতা হয়। কিন্তু বিয়াৰ পিছত সন্তানৰ মুখ নেদেখিলে মনলৈ হতাশা আহে। ইয়াৰ ব্যতিক্ৰম নহল অনিল বৰাদেৱৰ ( নাম আৰু উপাধি সলনি কৰা হৈছে) পৰিয়ালটো। ২০১২ চনৰ মে মাহতে বিয়া পাতি সুখী পৰিয়ালৰ সপোন দেখা পৰিয়ালৰ মাজলৈ আহিল হতাশা। গুৱাহাটীৰ উন্নত চিকিৎসালয়ৰ চিকিৎসকে বহু চেষ্টা কৰিও বিফল হোৱাত ঘোষণা কৰিলে , আপোনালোকে কেতিয়াও পিতৃ-মাতৃ হব নোৱাৰিব । ২০১৫ চনৰ জুলাই মাহত দুয়ো মোৰ ওচৰলৈ আহিল । পৰীক্ষা নিৰীক্ষাৰ অন্তত আৰম্ভ কৰিলোঁ চিকিৎসা আৰু বৰানীক খাবলৈ দিলো তলত দিয়া ঔষধ।
(1) Chandraprabha vati - দূটাকৈ দিনে তিনিবাৰ
(2) Kanchanar gugulu- দুটাকৈ দিনে তিনিবাৰ
(3) Nityananda ras- এটাকৈ দিনে তিনিবাৰ
(4) Gynocure syrup- তিনিচামুচকৈ দিনে তিনিবাৰ
লগতে খাবলৈ কলো দিনে ৫০ গ্ৰাম গাজীমগু। গাজীমগুত যথেষ্ট পৰিমাণে ভিটামিন-ই থাকে বাবে গৰ্ভৱতী হোৱাত সহায় কৰে।

লেখক :- ডা:মনোজ কুমাৰ শইকীয়া

উৎস :- স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

শেহতীয়া উন্নীতকৰণ: : 5/16/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate