মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / আয়ুৰ্বেদৰ দৃষ্টিত পোছাক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

আয়ুৰ্বেদৰ দৃষ্টিত পোছাক :

আয়ুৰ্বেদৰ দৃষ্টিত পোছাকৰ বিষয়ে লিখা হৈছে ।

আমি অকল দেহ ঢাকিবৰ বাবেই কাপোৰৰ ব্যৱহাৰ নকৰো, কাপোৰ আমাৰ দেহৰ একমাত্ৰ বাহ্যিক ৰক্ষাকবচ স্বৰূপ।

জাৰ-জহ, ৰ’দ-বৰষুণ আদিৰপৰা প্ৰথমে কাপোৰেই আমাক সুৰক্ষা প্ৰদান কৰে। আমি পৰিধান কৰা কাপোৰ বা পোছাক-পৰিচ্ছদৰ মাজেৰেই আমাৰ ব্যক্তিত্ব তথা মানসিকতাৰ প্ৰতিফলন ঘটে।

সাজ-পোছাক অকল সভ্য জীৱন-যাত্ৰাৰ পৰিচায়কে নহয়, ই বিভিন্ন ঋতুজ ৰোগ প্ৰতিৰোধী গুণেৰেও গুণান্বিত। আয়ুৰ্বেদ শাস্ত্ৰ মতে, আমি সচৰাচৰ পৰিধান কৰা কাপোৰৰো ৰোগনাশক ঔষধি গুণ আছে। অৱশ্যে আজিকালিৰ কৃত্ৰিম সূতাৰ বা ছিন্থেটিক কাপোৰ স্বাস্থ্যসন্মত নহয়।

বিভিন্ন ঋতু অনুসৰি যথোপযোগী সাজ-পোছাক পিন্ধি আমি বিভিন্ন ঋতুজ ৰোগ-ব্যাধিৰপৰা অনায়াসে হাত সাৰি থাকিব পাৰো। আমি-

  • সূতী,
  • ঊণী,
  • পাট-মুগা,
  • ৰেছমী আদি বিভিন্ন প্ৰকাৰৰ আৰু বিভিন্ন ৰঙৰ সাজ-পোছাক পৰিধান কৰিলেও পোছাকবোৰৰ বিভিন্ন ঋতু উপযোগী ৰং আৰু গুণ আদিৰ প্ৰতি গুৰুত্বসহকাৰে মনোযোগ দিয়া উচিত, যিয়ে আমাৰ দেহত ৰক্ষাকবচৰ কাম কৰি আমাক সম্পূৰ্ণ সুৰক্ষা প্ৰদান কৰিব পাৰে।

আয়ুৰ্বেদ শাস্ত্ৰত আমি কেনেধৰণৰ আৰু কেনেকুৱা ৰঙৰ কাপোৰ ঋতু অনুসৰি পিন্ধিব লাগে, তাৰ সুন্দৰ নিৰ্দেশ দিয়া আছে।

আয়ুৰ্বেদ মতে, আমি শীত ঋতুত ঊণী, ৰেছমী আৰু ৰঙা ৰঙৰ কাপোৰ পিন্ধিব লাগে। ইয়াৰ দ্বাৰা বাত-কফ আদিৰ প্ৰভাৱত হ’ব পৰা বিভিন্ন ৰোগৰ প্ৰশমন ঘটে।

গ্ৰীষ্ম ঋতুত গেৰুৱা ৰঙৰ বস্ত্ৰ পৰিধান কৰাটো দেহৰ বাবে উপকাৰী। ই শৰীৰ শীতল কৰি বুদ্ধিৰ বিকাশ ঘটায়।

ই পিত্ত ৰোগ প্ৰশমকো। গেৰুৱা ৰঙৰ কাপোৰ গ্ৰীষ্ম কালত দেহ-মন প্ৰশান্ত কৰি তুলি বুদ্ধিৰ বিকাশ সাধন কৰে।

বৰ্ষা ঋতুত বগা সূতী কাপোৰ পিন্ধিব লাগে। বগা বস্ত্ৰক আয়ুৰ্বেদ শাস্ত্ৰত কল্যাণকাৰক বুলি কোৱা হৈছে।

এই বগা কাপোৰ নাতিশীতোষ্ণ প্ৰকৃতিৰ- শীতলো নহয় আৰু গৰম নহয়। সেয়ে বৰ্ষা ঋতুত বগা সাজৰ পৰিধান অতি উত্তম বুলি কোৱা হৈছে।

সাজ-পোছাকে আমাৰ মানসিক স্বাস্থ্যৰ ওপৰতো যথেষ্ট প্ৰভাৱ বিস্তাৰ কৰে। চাফ-চিকুণ কাপোৰে মানুহৰ মন-প্ৰাণ প্ৰফুল্লিত কৰি ৰখাৰ উপৰি নানা ধৰণৰ চৰ্ম ৰোগৰপৰাও হাত সৰাই ৰাখে।

লেতেৰা মলিয়ন কাপোৰে মানুহৰ মৰ্যাদা হানি কৰাৰ উপৰি নানা ধৰণৰ ৰোগৰো সৃষ্টি কৰাব পাৰে।

সেয়ে চাপ-চিকুণ, ঋতু উপযোগী বা ঋতু অনুকূল কাপোৰ পিন্ধি নিজৰ ব্যক্তিত্ব বিকশাই তোলাৰ চেষ্টা কৰাটো নিতান্তই বাঞ্ছনীয়।

লেখক: ভুবনেশ্বৰ ডেকা(দৈনিক অসম)

স্তন কৰ্কট আৰু কেম’থেৰাপী

সকলো ধৰণৰ স্তন কৰ্কট ৰোগত কেম’থেৰাপী লোৱাৰ প্ৰয়োজন নাই। কেম’থেৰাপী নোলোৱাকৈও এনে ৰোগী বহু দিনলৈ সুস্থ হৈ থাকিব পাৰে।

অলপতে চিকাগোত অনুষ্ঠিত ‘আমেৰিকান ছ’চাইটী অব ক্লিনিকেল অংক’ল’জী’ৰ বাৰ্ষিক সন্মিলনত পঠিত গৱেষণা-পত্ৰৰ জৰিয়তে এই কথা পোহৰলৈ আহিছে। উক্ত গৱেষণা-পত্ৰৰ মতে সাধাৰণ স্তন কৰ্কট ৰোগত আক্ৰান্ত মহিলাৰ বাবে অস্ত্ৰোপচাৰৰ পিছত আৰু কেম’থেৰাপী দিয়াৰ প্ৰয়োজন নহয়। অৱশ্যে আক্ৰান্ত ৰোগীগৰাকীয়ে কেম’থেৰাপী ল’ব লাগিব নে নালাগে, সেয়া ঠাৱৰ কৰিবলৈ অংক’টাইপ ডি এক্স নামৰ ২১ জিন পৰীক্ষাত অৱতীৰ্ণ হ’ব লাগিব।

যদি এই অনুবংশিক পৰীক্ষাত মহিলা বিশেষৰ নম্বৰ ১০ৰ তলত থাকে, তেন্তে কেম’ লোৱাৰ কোনো প্ৰয়োজন নাই।

আনহাতে, যদি নম্বৰ ২৫ৰ ওপৰত থাকে, তেন্তে কেম’থেৰাপী অৱশ্যেই ল’ব লাগিব বুলি উক্ত গৱেষণা-পত্ৰৰ জৰিয়তে গৱেষকে উল্লেখ কৰে।

গৱেষণা-পত্ৰত লগতে এই কথাও উল্লেখ কৰা হৈছে যে প্ৰয়োজন নহ’লে কেম’থেৰাপী দিয়াৰপৰা বিৰত থাকি ৰোগীক কেম’ৰ ভয়াৱহ কু-প্ৰভাৱৰপৰা ৰক্ষা কৰিব পৰা যায়।

মহিলা আৰু ধূমপান

আজিকালি পুৰুষৰ দৰে মহিলায়ো ধূমপান কৰা পৰিলক্ষিত হয়। এনেকি বহুতো সন্তানসম্ভৱা মহিলায়ো ধূমপান কৰা দেখা যায়।

এনে মহিলাই যিয়ে মাতৃ হোৱাৰ ক্ষণ গণি আছে, তেনে মহিলাই সন্তানৰ ভৱিষ্যতৰ ফালে দৃষ্টি ৰাখি এনে কু-অভ্যাস পৰিত্যাগ কৰা উচিত।

অন্যথা এনে মহিলাই জন্ম দিয়া শিশু আগলৈ গৈ শ্ৰমিকজনিত নানা সমস্যাৰ চিকাৰ হ’ব পাৰে।

৩ বছৰ অনূৰ্দ্ধৰ ৫০ হেজাৰ শিশুক সামৰি চলোৱা এক অধ্যয়নৰ আলমত জাপানৰ কিঅ’টো ইউনিভাৰ্ছিটীৰ গৱেষক ডাঃ কোজী কাৱাকামীয়ে এই কথা জানিব পাৰে।

গৱেষকগৰাকীৰ মতে, গৰ্ভাৱস্থাত ধূমপান কৰা মহিলাৰ সন্তানৰ শ্ৰৱণ সম্বন্ধীয় সমস্যাৰ সৃষ্টি হোৱাৰ আশংকা ৬৮ শতাংশ বেছি হয়।

অৱশ্যে গৰ্ভাৱস্থাৰ সময়ত কিম্বা প্ৰসৱোত্তৰ কালত ধূমপান বাদ দিয়া মহিলাৰ সন্তানৰ এনে সমস্য়াই দেখা দিয়াৰ সম্ভাৱনা যথেষ্টখিনি হ্ৰাস পায় বুলিও অধ্যয়নৰ কালত গৱেষক ডাঃ কোজী কাৱাকামীয়ে জানিব পাৰে।

উৎস: দৈনিক অসম(চন্দন কুমাৰ কলিতা)

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top