মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ইমান ভাগৰ অনুভৱ হয় কিয় ?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ইমান ভাগৰ অনুভৱ হয় কিয় ?

ইমান ভাগৰ অনুভৱ হয় কিয় ?

আজিকালি প্ৰায় সকলোৰে মুখে মুখে এষাৰ কথা শুনা যায় যে খুব ভাগৰ লাগিছে অথবা যথেষ্ট ভাগৰি পৰিছো ।

ইয়াৰ কাৰণ কেৱল যান্ত্ৰিকাভৰা জীৱন নে পৰিৱৰ্তবনীয় জীৱনশৈলী নে ইয়াৰ আঁৰত হেনো কিছু কাৰণত আছে, যিবোৰক আমি উপেক্ষা কৰি আহিছো । আহক জানো, কিয় বাৰু ইমান ভাগৰ লাগে ।

নিদ্ৰাহীনতা -

সাধাৰনতে দেখিবলৈ পোৱা যায় যে অধিসংখ্যক ব্যক্তিয়ে ভাগৰুৱা হৈ পৰাৰ মূল কাৰণ হৈছে নিদ্ৰাহীনতা অথবা টোপনিৰ অভাৱ ।

গোটেই দিনটো সতেজ তথা শক্তিবান হৈ থাকিবলৈ নিশাৰ গভীৰ টোপনিৰ অতি আৱশ্যক ।

বয়স অনুসাৰে প্ৰত্যেকৰে টোপনিৰ প্ৰয়োজন পৃথক হয় । উদাহৰণ স্বৰুপে, নৱজাত শিশুক প্ৰতিদিনে ১৬ ঘণ্টাৰ টোপনিৰ প্ৰয়োজন ।

কিশোৰ-কিশোৰীসকলক ৯ ঘণ্টা, জ্যেষ্ঠসকলক ৭-৮ ঘণ্টা আৰু বৃদ্ধসকলক ৫ ঘণ্টাৰ টোপনি প্ৰয়োজন ।

অসময়ত খোৱাৰ অভ্যাস -

প্ৰায়ে ভাগৰ অনুভৱ কৰি অহাৰ অন্য কে কাৰণ হৈছে অসময়ত খোৱা-বোৱা কৰা । বেছিভাগ মানুহেই যেতিয়া সময় পায়, তেতিয়া আহাৰ গ্ৰহণ কৰে । প্ৰকৃতপক্ষে খাদ্য খোৱাৰ এটা নিৰ্দিষ্ট সময় থকা উচিত ।

দিনটোৰ শুভাৰম্ভ পুষ্টিদায়ক ব্ৰেকফাষ্টেৰে কৰাৰ প্ৰয়োজন । এই ক্ষেত্ৰত অৱহেলা নকৰিব আৰু প্ৰ’টিন আৰু কাৰ্বহাইড্ৰেটযুক্ত ব্ৰেকফাষ্ট অৱশ্যেই কৰিব ।

এনে কৰিলে আপোনাৰ শাৰীৰিক শক্তি সক্ৰিয় হ’ব লগতে অকাৰণত ভাগৰ অনুভৱ কৰা আৰু মূল বিষোৱাৰ সমস্যা নাথাকিব ।

অত্যধিক কেফিনৰ সেৱন -

প্ৰতিদিনে দুই তিনি কাপ চাহ বা কফি সেৱন কৰা ভাল কতা । কিন্তু পাঁচ-সাত কাপ চাহ কফি সেৱন কৰাটো হানিকাৰক হ’ব পাৰে ।

কেফিনৰ অত্যধিক মাত্ৰাই নিদ্ৰাহীনতা, খিংখিঙীয়া ভাব, মূৰৰ বিষ, দু:শ্চিন্তা বঢ়ায় লগতে শৰীৰ ভাগৰুৱা কৰি তোলে ।

সেয়েহে চাহ-কফিৰ সেৱন সীমিত মাত্ৰাত কৰা ভাল ।

শৰীৰত পৰ্যাপ্ত পানীৰ অভাৱ -

আপুনি ভাগৰুৱা অনুভৱ কৰাৰ আন এটি কাৰণ শৰীৰত পৰ্যাপ্ত পৰিমাণৰ পানীৰ অভাৱো হ’ব পাৰে ।

আমাৰ শৰীৰত অন্তৰ্ভাগক ঠিক মতে কাম কৰাৰ বাবে উচিত মাত্ৰা পানীৰ আৱশ্যক হয় । যিসকলে শাৰীৰিক শ্ৰম বেছিকৈ কৰে, সেইসকলে ভৰপূৰ মাত্ৰাত পানী পিব লাগে । নিয়মিতভাৱে নেমু, নাৰিকলৰ পানী, ফলৰ ৰস ইত্যাদি কোৱাৰ প্ৰয়োজন ।

সামান্য কথাতে হতাশ হোৱা -

প্ৰতিযোগিতাৰ এই যুগত সকলোকে পিছ পেলাই থৈ আগবাঢ়ি যোৱাৰ প্ৰৱণতা বাঢ়ি আহিছে । এই ধৰণৰ প্ৰৱণতাৰ পৰিমাণ স্বৰুপে আজিকালি বহুসংখ্যক বুক্তি একপ্ৰকাৰ মানসিক চাপৰ সন্মুখীন হৈছে । অতি গুৰুত্বপূৰ্ণ বিষয়সমূহৰ কথা বাদেই ।

দৈনদনিন জীৱনৰ সৰু সুৰা কিছুমান সমস্যাক লৈয়ে আজিৰ ব্যক্তি হতাশ হয়, যাৰ পোনপটীয়া প্ৰভাৱ আমাৰ শৰীৰত স্পষ্ট হৈ পৰে ।

প্ৰত্যেকটো সমস্যাৰ সমাধান সম্ভৱ । সেই গতিকে হঅতশাত ভুগি দিন কটোৱাৰ পৰিৱৰ্তে সমাধানৰ অৰ্থে নিজৰ সময় তথা শক্তিখিনি প্ৰয়োগ কৰক ।

তেতিয়া সমস্যাৰ উদ্ভৱেই নহ’ব । মনত ৰাখিব, বেছিভাগ ৰোগৰ আৰম্ভণি এইটো কাৰণতে হয় । হতাশ এক ধৰণৰ ৰোগ । সেয়ে মনটোক চিন্তামুক্ত কৰি ৰাখিব ।

খাদ্যৰ বিষক্ৰিয়া -

প্ৰায়ে আমাৰ এইটো জ্ঞাত নহয় যে কোনবোধ বস্তু শৰীৰৰ বাবে অনুকূল আৰু কোনবোধ প্ৰতিকূল ।

কিছুমান খোৱাবস্তু আমাৰ শৰীৰৰ বাবে মুঠেই উপযোগী নহয়, যি কাৰণত খাদ্যৰ বিষক্ৰিয়া হয় । অনবৰতে ভাগৰ অনুভৱ এই কাৰণতো হ’ব পাৰে ।

খাদ্যৰ বিষক্ৰিয়া হ’লে ছালৰ উজ্জ্বলতা হ্ৰাস, পেট কামোৰণি, পেটৰ বিষ আৰু ভাগৰুৱা হোৱাটো স্বাভাৱিক ।

ইয়াৰ পৰা নিজক বচাবলৈ চিকিৎসকৰ ওচৰলৈ যাওক আৰু তেওঁক নিজৰ খাদ্যৰ তালিকাখনৰ বিষয়ে সবিশেষ জনাওক ।

আয়ৰনৰ অভাৱ -

অকাৰণত ভাগৰ লাগি থকাটো শৰীৰত আয়ৰনৰ অভাৱৰ কাৰণ । আচলতে আয়ৰনৰ অভাৱৰ ফলত ব্যক্তি এনিমিয়া অৰ্থাৎ ৰক্তহীনতা ৰোগৰ চিকাৰ হয় ।

পুৰুষৰ তুলনাত মহিলাসকলৰ মাজত এনে সমস্যা বেছি, যি কাৰণত ঋতুস্ৰাৱৰ সময়ত ৰক্তস্ৰাৱৰ পৰিমাণ বাঢ়ি যায় ।

দৈনিক আহাৰৰ তালিকাখনত আয়ৰনযুক্ত খাদ্য যেনে-

  • পালেং শাক,
  • বিন,
  • ব্ৰকলি,
  • বীট,
  • বাদাম,
  • আখৰোট আদি অন্তৰ্ভুক্ত কৰক ।

থাইৰয়ড -

জন্মগতভাৱে আমাৰ শৰীৰৰ ডিঙি অংশত তহইৰয়ড গ্ৰন্থি থাকে । হাইপাৰ থাইৰয়ডে শৰীৰ ভাগৰুৱা আৰু দুৰ্বল কৰি তোলে ।

অন্যহাতেদি হাইপো থাইৰয়ডৰ সমস্যা হ’লে মাংসপেশীৰ বিষ, ধ্যানকেন্দ্ৰিত কৰিব নোৱাৰা, সকলো সময়তে ঠাণ্ডা লগা, কফ আদি এনেবোৰ লক্ষণে দেখা দিছে, তেন্তে তৎক্ষণাৎ তেজ পৰীক্ষা কৰাওক ।

প্ৰস্ৰাৱৰ সংক্ৰমণ -

সাধাৰণতে বিষ, জ্বলা-পোৰা কৰা আদি এনে সংক্ৰমণৰ মূল লক্ষণ । কিন্তু বহু সংখ্যক মহিলাৰ এনে লক্ষণসমূহ দৃষ্টিগোচৰ নহয়, কেৱল ভাগৰুৱা অনুভৱ হয় ।

এনেস্থলত চিকিৎসকৰ পৰামৰ্শ লোৱা দৰকাৰ । তেওঁ আপোনাক এণ্টিবায়’টিক দিব পাৰে , যাৰ দ্বাৰা এই সমস্যা নিৰাময় কৰিব পাৰিব ।

হতাশা

হতাশাই আপোনাক মানসিকভাৱেই নহয়, বৰঞ্চ শাৰীৰিকভাৱেও প্ৰভাৱিত কৰে । ভাগৰ, মূৰৰ বিষ, ভোক নলগা ইত্যাদি ইয়াৰ শাৰীৰিক লক্ষণ । এইটো নহয় যে সকলোৰে মাজত একে ধৰণৰ লক্ষন দেখা দিয়ে ।

শক্তিহীন হোৱা, খোৱা-বোৱাৰ প্ৰতি অৰুচি, টোপনি নহা, মনোযোগ নথকা, নিৰাশা, উদ্বিগ্নতা তথা ঋণাত্মক চিন্তাও ইয়াৰ আঁৰৰ কাৰণ ।

এই ধৰণৰ লক্ষণ বহু দিন, সপ্তাহ, মাহ, বছৰ পৰ্যন্ত দৃষ্টিগোচৰ হয় । যদি আপোনাৰ এনে অনুভৱ হয়, তেন্তে সোনকালে চিকিৎসকৰ সুপৰামৰ্শ বিচাৰক ।

মধুমেহ

প্ৰাপ্ত তথ্য অনুসৰি প্ৰতি বছৰে প্ৰায় দহ লাখৰো অধিক ব্যক্তি মধুমেহৰ চিকাৰ হয় । কিন্তু আৰম্ভণিতে তেওঁলোকে এই কথা গমেই নাপায় ।

ভাগৰুৱা অনুভৱ কৰাটো মধুমেহৰ আৰম্ভণিল লক্ষনো হ’ব পাৰে । বাৰে বাৰে পিয়াহ লগা, প্ৰস্ৰাৱ কৰা, অধিক ভোক লগা, ভাগৰ, ওজন কমি যোৱা, খিংখিঙীয়া হৈ পৰা আদি ইয়াৰ লক্ষণ । নিয়মীয়াকৈ এটা সময়ৰ অন্তৰে অন্তৰে তেজ পৰীক্ষা কৰি এই ৰোগ সম্বন্ধে জানিব পাৰি ।

হৃদৰোগ

খটখটীৰে উঠোতে নামোতে আৰু প্ৰতিটো দিনৰ সৰু সুৰা কাম কৰোতে যদি আপোনাৰ ভাগৰ অনুভৱ হয়, তেনে বুজিব যে হৃৎপিণ্ড সুস্থ নহয় ।

সেয়েহে এই ধৰণৰ সাধাৰণ লক্ষণক কেতিয়াও অৱহেলা নকৰিব । নহ’লে এই ভাগৰুৱা ভাবে আপোনাৰ জীৱনলৈ জটিল সমস্যা কঢ়িয়াই আনিব পাৰে ।

ভাগৰুৱা ভাব দূৰ কৰক এনেদৰে -

১) নিজৰ খোৱা-বোৱাৰ প্ৰতি গুৰুত্ব দিয়ক । সদায় সঠিক সময়ত উচিত মাত্ৰাত আহাৰ গ্ৰহণ কৰক । অত্যধিক খাদ্য গ্ৰহণৰ পৰা বিৰত থাকক ।

২) ব্যক্তিগত চিকিৎসকজনৰ পৰা পৰামৰ্শ লওক যে আপুনি কেনে খাদ্য খোৱা উচিত আৰু কি অনুচিত । এইটো নহয় যে আপোনাৰ ভাল লগা বস্তবিধ শৰীৰৰ বাবে অনুকূল হ’ব ।

৩) ধ্যান, প্ৰাণায়াম তথা পাতলীয়া ব্যায়ামক দৈনিক কাৰ্যসূচীত অন্তৰ্ভুক্ত কৰক ।

৪) অকাৰনত চিন্তা-ভাবনা কৰি নাথাকিব । সাধাৰন সমস্যাসমূহক বঢ়াই নল’ব ।

৫) বয়স অনুসাৰে প্ৰয়োজনীয় সকলোবোৰ পৰীক্ষা কৰাই থাকিব যাতে কোনো ধৰণৰ সমস্যাৰ সৃষ্টি নহয় । এনে হ’লে আৰম্ভণিতেই ৰোগৰ সম্ভেদ পোৱা যাব ।

৬) পৰিয়ালৰ সদস্যসকলৰ সৈতে পৰ্যাপ্ত সময় অতিবাহিত কৰক ।

৭) সদায় স্ফূৰ্তি- আনন্দৰ মাজেৰে সময়বোৰ কটাওক আৰু আনকো সুখী কৰি তোলাৰ চেষ্টা কৰক ।

লেখিকা :- ডা: ৰীণা দেৱী

উৎস :- জি এনআৰচি স্বাস্থ্য

3.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top