মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / উপৱাস কেতিয়া আৰু কেনেকৈ কৰিব?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উপৱাস কেতিয়া আৰু কেনেকৈ কৰিব?

উপৱাস কেতিয়া আৰু কেনেকৈ কৰিব? সেই বিষয়ে লিখা হৈছে ।

 

সংসাৰত সকলো ধৰ্মতে উপৱাসৰ মহত্ব আছে। উপৱাস হল শৰীৰ শুদ্ধিৰ এক ক্ৰিয়া। শৰীৰ শুদ্ধি হলেহে মনৰ শুদ্ধি হয়।

যেতিয়া আমাৰ শৰীৰত আমি কিবা অতিৰিক্ত হৈ থকা যেন অনুভৱ কৰো,অৰ্থাৎ খাদ্য খাওতে আমাৰ কেতিয়াবা এনেকুৱা লাগিছে যে আজি অলপ প্ৰয়োজনতকৈ বেছি খোৱা হল। আমি লগে লগে অনুভৱ কৰো, শৰীৰে আমাক তৎক্ষণাৎ ইয়াৰ সংকেত দিয়ে। যিকোনো পৰিস্থিতেই হওক, যেনে- খাদ্যখিনি খুৱ সুস্বাদুৱেই হওক বা ফূৰ্তিতেই হওক ইত্যাদি ইত্যাদি। এনেকুৱা যিকোনো পৰিস্থিতিতেই যেতিয়া কিবা অতিৰিক্ত হয়, আপুনি উপৱাসৰ বিষয়ে নিশ্চয় ভাৱক।।

উপৱাস ৰখাৰ নিয়ম -

সপ্তাহত এক দিনহে উপৱাস ৰখা উচিত। উপৱাসৰ দিনটোত মাজে মাজে অলপ অলপকৈ পানী খোৱাটো জৰুৰী। পানী নোখোৱাকৈ উপৱাস ৰখাটো ভাল নহয়। কাৰণ, আপুনি উপৱাসত থাকিলেও আপোনাৰ পেটত এচিড উৎপন্ন প্ৰক্ৰিয়া চলিয়েই থাকিব। এই এচিড হৈছে হাইড্ৰক্লৰিক এচিড আৰু এই এচিডে খাদ্য হজম হোৱাত সহায় কৰে। গতিকে, বহুত সময় খাদ্য নোখোৱাকৈ থাকিলে এই এচিডে দেহৰ অন্তৰ্ভাগত ক্ষতি কৰাৰ সম্ভাৱনা থাকে। সেইবাবে পানী খাই থাকিলে এই এচিড পানীৰ লগত মিহলি হৈ মুত্ৰৰে বাহিৰ হৈ যায়।
নিৰামিষাহাৰীতকৈ আমিষাহাৰীসকলৰ বাবে উপৱাস ৰখাটো বেছি দৰকাৰী। গধুৰ শাৰীৰিক পৰিশ্ৰম কৰাসকলে উপৱাস ৰখা উচিত নহয়। একেলেথাৰিয়ে ২/৩ দিন উপৱাস ৰাখিব লগা হলে মুগৰ দাইলৰ পানী, ডাবনাৰিকলৰ পানী ইত্যাদি খাব পাৰে। একেৰাহে উপৱাস ৰখাতকৈ এদিন বাদে এদিনকৈ উপৱাস ৰখা ভাল।।

লেখক :-হেমন্ত গোস্বামী

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

4.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top