মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / উফি হোৱাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

উফি হোৱাৰ কাৰণ আৰু ইয়াৰ প্ৰতিকাৰৰ উপায়

আজি উফি হোৱাৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে

 

No automatic alt text available.

 

মোৰ বহুকেইজন পাঠকৰ একান্ত অনুৰোধত আজি উফি হোৱাৰ কাৰণ আৰু ইয়াৰ চিকিৎসাৰ বিষয়ে লিখিব ওলাইছোঁ ৷ উফিৰ সমস্যা এক বিশ্বজনীন সমস্যা ৷ বিশ্বত উফি নোহোৱাকৈ থকা কোনো এখনো দেশ নাই ৷ আমেৰিকাত প্ৰতি ৫জনৰ ভিতৰত এজন লোকৰ অৰ্থাৎ ৫০নিযুত মানুহৰ মুৰত উফি আছে ৷ ইয়াৰ বিপৰীতে আমাৰ ভাৰতবৰ্ষত প্ৰতি ৫জনৰ ভিতৰত দুজনৰ আছে উফিৰ সমস্যা - অৰ্থাৎ ই হ'ল দেশখনৰ জনসংখ্যাৰ ৪০শতাংশ ৷ ইয়াৰ ফলত দেশৰ প্ৰসাধন সামগ্ৰী বিশেষকৈ শ্বেম্পু নিৰ্মাণ কৰা কোম্পানীসমূহে বছৰি কোটি কোটি টকাৰ ব্যৱসায় কৰিবলৈ সক্ষম হৈছে ৷
উফি বিপদজনক ৰোগ নহয় ৷ ই সংক্ৰামকো নহয় ৷ ১০বছৰৰ পৰা ২০বছৰ আয়ুসত মূৰত উফি আৰম্ভ হৈ প্ৰাপ্তবয়স্ক হোৱালৈকে থাকে আৰু কাচিৎ আজীৱনো থাকিব পাৰে ৷ শৰীৰৰ বাবে ক্ষতিকাৰক নহলেও উফি হ'ল পৰম অস্বস্তিদায়ক আৰু বহুক্ষেত্ৰত ভোক্তভোগী ব্যক্তিজন ইয়াৰ বাবে আনৰ আগত লজ্জানত হবলগীয়া হব পাৰে ৷ উফিয়ে চুলি সৌন্দৰ্য্য নষ্ট কৰাৰ ওপৰিও এনে লোকৰ চুলি বেচিকৈ সৰে ৷ কিছুমান নৱজাতকৰ মূৰত উফিহৈ মাহ বা বছেৰেক কাল থাকে- ইয়াক 'ক্ৰডল কেপ' বোলে ৷ উফি নাৰীৰ তুলনাত পুৰুষৰ মূৰত বেচিকৈ হয়, হয়তো হৰমোনজনিত কাৰণত ৷

No automatic alt text available.

 

উফি হোৱাৰ সম্ভাব্য কাৰকসমূহ : -


চুলি আৰু মূৰৰ পৰিচ্ছন্নতাৰ প্ৰতি অৱহেলা - চুলি আৰু মূৰত দিনৰ পিছত দিন চাবন বা শ্বেম্পু নলগোৱা ৷ লেতেৰা,জধলা হৈ থকা ৷ মূৰত ফণি ব্যৱহাৰ নকৰা ৷ ঘামি-জামি ধূলি আৰু ধোঁৱাৰ মাজত কাম কৰি যোৱা ৷
কন্টেক্ট ডাৰ্মাটাইটিচ – এমোনিয়াযুক্ত হেয়াৰ ডাই, চুলিৰ নানাবিধ প্ৰসাধন সামগ্ৰীয়ে (যেনে জেল, স্প্ৰে, আন আন কেমিকেল পদাৰ্থ) আদিয়ে কৰা পাৰ্শ্বক্ৰিয়াৰ ফলত ৷
একজিমা- বিশেষকৈ মূৰত হোৱা একজিমা ৰোগৰ ফলত ৷
চ'ৰিয়াচিচ- এই ৰোগ হলে ৰূপালী ৰঙৰ উফি মূৰৰ ওপৰিও ছালৰ আন আক্ৰান্ত অঞ্চলত (যেনে হাত-ভৰি-বক্ষ-কৰ্ণ) চ'ৰিয়াচিচৰ সৈতে দেখা যাব পাৰে ৷
চেবৰিক ডাৰ্মাটাইটিচ - আক্ৰান্ত অঞ্চল ৰঙা বৰণৰ হয় আৰু খজুৱতি থাকে ৷ উফিৰ বৰণ হয় হালধীয়া ৷ মূৰৰ পৰা লাহে লাহে শৰীৰৰ আন ঠাইলৈ ছালৰ এই ৰোগ বিয়পে ৷ শিশুৰ চেবৰিক ডাৰ্মাটাইটিচৰ ফলত ক্ৰেডল কেপ ৰোগ হয় ৷


ফাংগাছৰ সংক্ৰমন- মালাচ্চেজিয়া (Malassezia ) নামৰ শেলুৱৈ সাধাৰণতে প্ৰতিজন লোকৰ মূৰত থাকেই ৷ কিন্তু কদাচিত সি অতি সক্ৰিয়হৈ পৰিলে মূৰৰ ছালৰ ক্ষতি সাধন কৰি উফিৰ সৃষ্টি কৰে ৷ 
সানমিহলি কাৰণসমূহ - শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা (ইমিউনিটি ) কমি যোৱা অৱস্থাৰ লোকৰ বেচিকৈ উফি হয় ৷ যেনে এইচ আই ভি আক্ৰান্ত লোক, কেন্সাৰৰ কেম'থিৰাপি লোৱা ব্যক্তি ৷
হৰমোনৰ অসন্তোলন ঘটিলে, ৰাগিয়াল দ্ৰব্য বা ড্ৰাগচত আসক্ত লোক ৷ মূৰত পৰাশ্ৰয়ী জীৱ যেনে ওকনিৰ সংক্ৰমন ঘটিলে ৷
বতৰৰ প্ৰভাৱ- অতিমাত্ৰা শীতৰ দিনত গৰম বায়ুৰ দীৰ্ঘসময় সেৱনৰ ফলত ছালত কুপ্ৰভাৱ পৰিলে ৷ ঘাম, ধূলিৰ প্ৰলেপ মূৰৰ চুলিত হব পৰা বাতাবৰণত কৰ্মৰত থকা লোকৰ মূৰত উফি সহজতে হয় ৷
মূৰত অতিমাত্ৰা তেল ঘঁহা বা সমূলি তেলৰ ব্যৱহাৰ নকৰা লোকৰ মূৰত উফি হয় ৷ 
তীব্ৰ ৰ'দত বেচি সময় থকাৰ অপকাৰী প্ৰভাৱৰ ফলত উফি হয় ৷
পৰিপুষ্টিৰ অভাৱ, শাৰীৰিক-মানসিক ষ্ট্ৰেচৰ আধিক্য উফি হোৱাৰ সম্ভাব্য কাৰণৰ ভিতৰত পৰে ৷
কিছুমান স্নায়ুজনিত ৰোগীৰ বেচিকৈ উফি হোৱা চকুত পৰে ৷ যেনে পাৰকিনচনিজমৰ ৰোগী ৷

লক্ষণসমূহ আৰু চিনাক্তকৰন : -


উফিৰ চিনাক্তকৰণ তেনেই সহজ ৷ বগা, ৰূপালী বা হালধীয়া বৰণৰ উফি ভুক্তভোগীৰ মূৰৰ চুলিত বা কান্ধত পৰি থকা অনায়াসে চকুত পৰে ৷ বেচি উফি হোৱা মূৰৰ চুলিও বেচিকৈ সৰে ৷ মূৰৰ খজুৱতি হয় ৷ মূৰৰ ছালহৈ পৰে শুষ্ক ৷ মূৰৰ বিষ, গধুৰ লগা বা আন অস্বস্তি অনুভৱ হব পাৰে ৷ মূৰৰ চুলিত ওকনি আছে যদি তাৰো বিনাশ কৰিব লাগিব ৷
মূৰৰ ওপৰৰ ছালৰ পৰা মৃত কোষ নিৰ্গত হোৱাতো এক স্বাভাৱিক প্ৰক্ৰিয়া ৷ কিন্তু উফি সৃষ্টি হবৰ সময়ত সেই গতি ক্ষিপ্ৰতৰ হৈ পৰে ৷ এনে হোৱাৰ কাৰণ ছালৰ শুষ্কতা, উল্লেখ কৰি অহা চৰ্মৰোগ, চুলিত প্ৰয়োগ কৰা ৰাসায়নিকৰ কুপ্ৰভাৱ আদি হব পাৰে ৷

প্ৰতিকাৰৰ উপায়সমূহ : -


মূৰত উফি ধৰা পৰিলে পোনতে ২৷ ৩ সপ্তাহ সাধাৰণ শ্বেম্পু সঘনাই (সপ্তাহত ৪৷ ৫দিন) ব্যৱহাৰ কৰি চাব লাগে ৷ এই ব্যৱস্থাৰ দ্বাৰা উপকৃত নহলে চিকিৎসকৰ কাষ চাপিব লাগে ৷ চিকিৎসকে ব্যৱহাৰ কৰিব দিয়া শ্বেম্পু নিম্নলিখিত পদাৰ্থযুক্ত হব পাৰে : -

Image may contain: one or more people and close-up

 

• জিংক পাইৰিথিয়ন - এন্টিফাংগেল- এন্টিবেক্টেৰিয়েল গুণযুক্ত
• চেলিচাইলিক এচিড - চ'ৰিয়াচিচ ৰোগ আৰ শেলুৱৈ ৰোগৰ চিকিৎসাত উপযোগী 
• চেলনিয়াম চালফাইড- মালাচ্চেজিয়া বিনষ্টকাৰী
• ক'ল টাৰ - চ'ৰিয়াচিচ আৰ চেবৰিক ডাৰ্মাটাইটিচত বেচি উপযোগী 
• কিটো-কনাজল- এন্টিফাংগেল গুণযুক্ত

দুটি জানিবলগীয়া উপযোগী কৌশল : -


* টি-ট্ৰি অইল- ইয়াৰ কেইটোপালমান সাধাৰণ শ্বেম্পুৰ সৈতে মিহলাই মূৰ ধুলে উফিৰ বিনাশ হব ৷ টি-ট্ৰি অইলৰ বাহ্যিক প্ৰয়োগ একজিমা, চ'ৰয়াচিচ, কৰ্নকে ধৰি অনেক চৰ্মৰোগত ব্যৱহৃত হয় ৷ 
** দুটি ডিচপ্ৰিন টবলেট পানীত গুলি সাধাৰণ শ্বেম্পুৰ সৈতে মিহলাই মূৰ ধুলে চেলিাইলিক এচিডযুক্ত শ্বেম্পুৰ সমানে উপকৃত হব ৷

চিকিৎসাকাল -

এমাহ বা ততোধিক সময় ৷ মূৰ ধোৱাৰ আগতে চিকিৎসকে কোৱা শ্বেম্পু বিধ ১০ মিনিটমান সময় মূৰত সানি থব লাগে ৷ তাৰ পিছতহে খচি খচি মূৰ ধুব ৷ মজলীয়া পৰিমানৰ উফিত এদিন বাদে এদিন এইদৰে মূৰ ধুলেও হব ৷

অন্যান্য ব্যৱস্থাৱলী- শাক-পাচলি, ফলমূল আৰু সন্তুলিত আহাৰ খাব ৷ নিতৌ ব্যায়াম কৰিব ৷ ৰাগিয়াল দ্ৰব্যৰ সংগ পৰিহাৰ কৰিব ৷

এতিয়া ঘৰুৱা দিহা কেইটিমান জানি থওক : -


কমেও আধা ঘন্টা সময় নিম্নলিখিত সহজলব্ধ উপকৰণ চুলিত দুসপ্তাহ বা অধিক সময় প্ৰয়োগ কৰিলে উফিৰ পৰা পৰিত্ৰাণ পাব বুলি আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিত উল্লেখ আছে : 
• কেঁচা এলোভেৰা
• ৰাতি ভিজোৱা মেঠি পিচা
• নিমপাত পিচা
• দৈ + বেচনৰ মিশ্ৰণ
• নেমুৰ ৰস + নাৰিকল তেলৰ মিশ্ৰণ
• নেমুৰ ৰস + নহৰু পিচা
• তুলসী পাত + আমলখি পিচা

শিশুৰ ক্ৰডল কেপৰ চিকিৎসা – ই সিমান চিন্তনীয় বিষয় নহয় ৷ ক্ৰমে দিন পাৰ যোৱাৰ লগে লগে নিজে নিজে এবছৰৰ ভিতৰত আৰোগ্যৰ পথলৈ আহে ৷ ই হ'ল মাতৃৰ শৰীৰৰ পৰা নৱজাতকৰ শৰীৰলৈ অহা হৰমোনৰ আধিক্যৰ ফলত দেখা দিয়া চেবৰিক ডাৰ্মাটাইটিচ ৷ শিশুৰ মূৰত অলিভ অইলৰ মালিচ আৰু মাজে মাজে বেবী শ্বেম্পুৰে মূৰ ধোৱাৰ যতনখিনিয়েই যথেষ্ট ৷

লেখক:ডা০ ভূপেন শইকীয়া,অসমীয়াত কথা বতৰা

2.81481481481
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top