১) ৰ’দত ওলালে ছাতি ব্যৱহাৰ কৰিব লাগে নাইবা মূৰত পাতল কাপোৰ নতুবা টুপী ব্যৱহাৰ কৰা উচিত।
২) নেমু মৌচুমী চৰবত খালে ভাল ফল পোৱা যায়।
৩) ছালত ছালকুঁৱৰীৰ পাতল বীজল সানিলে ছাল ঠাণ্ডা হৈ থাকে আৰু নানা বীজাণুৰ পৰা ছালক ৰক্ষা কৰে।
৪) গা ধোৱাৰ পিচত ছালত কেঁচা হালধিৰ ৰস নাইবা মহানিমৰ পাতৰ ৰস সানিলে বীজাণু আক্ৰমণৰ পৰা ছালখনক ৰক্ষা কৰিব পাৰি।
৫) গাখীৰ একাপত তিনি চামুচ মৌ মিহলাই খালে উপকাৰ পোৱা যায়।
৬) পৰিষ্কাৰ ঠাণ্ডা পানী দিনটোত কমেও ১০/১২ গিলাচ পৰ্যন্ত খাব লাগে।
৭) ডাব নাৰিকলৰ পানী উপকাৰী।
৮) মুকলি ঠাইত বা শীতল ঠাইত থাকিব লাগে।
৯) ক’ৰবাৰ পৰা আহি চিধাই ফ্ৰিজৰ বা শীতল পানী খাব নালাগে। জিৰণি হৈ শৰীৰ শীতল হ’লেহে ঠাণ্ডা পানী খোৱা উচিত।
১০) শৰীৰ শীতল হোৱাৰ পিচতহে গা ধুব লাগে। ঘাম ওলাই থকা অৱস্থাত তৎক্ষণাৎ গা ধুব নালাগে। দিনটোত দুবাৰ গা ধোৱা ভাল।
১১) ত্ৰিফলা দুচামুচ এক গিলাচ পানীত মিশ্ৰণ কৰি খাব লাগে দিনে দুবাৰকৈ।
উৎস: দেওবৰীয়া সম্ভাৰ