মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / এই ঋতুত সৌন্দৰ্য অটুট ৰাখিবলৈ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এই ঋতুত সৌন্দৰ্য অটুট ৰাখিবলৈ :

ঋতুত সৌন্দৰ্য অটুট ৰখাৰ বিষয়ে লিখা হৈছে ।

 

দাগ গুচাবলৈ -

এটা সৰু আলু পৰিষ্কাৰকৈ ধুই মিহিকৈ ৰুকি ল’ব। হাতেৰে চেপি ৰসখিনি উলিয়াই ইয়াৰ সৈতে ১/৪ ভাগ নেমুৰ ৰস, গ্লিচাৰিণ এক চাহচামুচ, নাৰিকল তেল এক চাহচামুহ মিহলাই লোচনৰ দৰে বিশ-ত্ৰিশ মিনিট ৰাখি ধুই পেলাব।

সংবেদনশীল ছালৰ বাবে বা শুকান ছালৰ বাবে দহ মিনিট সময় ৰাখিব। এই পেকৰ ব্যৱহাৰে মুখত থকা ক’লা দাগ দূৰ কৰিব। সপ্তাহত তিনিবাৰ সানিব।

*হালধি, চন্দন আৰু গাখীৰেৰে এটা পেক তৈয়াৰ কৰি মুখত সানক। চন্দন হ’ল ঠাণ্ডা আৰু হালধি বীজাণুনাশক হোৱাৰ উপৰিও গাখীৰত থকা লেক্টিক এচিডৰ গুণে ত্বক পৰিষ্কাৰ কৰে।

*আকৌ মৌ এচামুচ, নেমুৰ ৰস দুচামুচ একেলগে মিহলাই গোলাকাৰ আকৃতিত দুই মিনিটমান সানি কিছু সময়ৰ পিছত ধুই পৰিষ্কাৰ কৰিব। মুখমণ্ডল উজ্জ্বল হ’ব। কেতিয়াবা মুখমণ্ডল ভালকৈ পৰিষ্কাৰ কৰিবলৈ এটা মিশ্ৰণ তৈয়াৰ কৰি ল’ব পাৰে।

বেকিং ছ’ডা আধাচামুচ আৰু নাৰিকল তেল এচামুচ এচামুচ মিহলাই সানক, নোমকূপ খুলি পৰিষ্কাৰ হ’ব। কুহুমীয়া পানীৰে মুখখন ধুব। এক পেক সপ্তাহত এবাৰহে মাথোন কৰিব পাৰে।

*বেচন আৰু দৈৰ পেক বহু পুৰণি দিনৰে পৰাই চলি আহিছে। বেচনৰ দ্বাৰা ছালৰ মৃতকোষসমূহ আঁতৰ হয় আৰু দৈৰ দ্বাৰা ৰ’দে পোৰা(টেনিং) দূৰ হয়।

*প্ৰাকৃতিক স্ক্ৰাবৰ বাবে তিনি চামুচ চুজি গাখীৰৰ সৈতে মিহলাব। লাহে লাহে ঘূৰণীয়া আকৃতিত সানিব। সুন্দৰ স্ক্ৰাবৰ কাম কৰিব। পৰিষ্কাৰ পানীৰে ধুব।

*কেতিয়াবা বিলাহীৰ ৰস আৰু চেনিও মুখত কোমল হাতেৰে গোলাকাৰ আকৃতিত সানিব পাৰে। মুখখন উজ্জ্বল হ’ব। ঠিক সেইদৰে আমলখিৰ পাউডাৰ আৰু দৈ মিহলাই মিশ্ৰণ কৰি সানি কিছু সময়ৰ পিছত ধুব। টেনিং দূৰ হোৱাৰ লগতে উজ্জ্বল হ’ব।

উৎস: নন্দিনী

3.03448275862
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top