অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এগজাম ৱেট :

এগজাম ৱেটৰ বিষয়ে লিখা হৈছে ।

 

পৰীক্ষাৰ কিছুদিন পুৰ্বৰে পৰা সাধাৰণতে ল’ৰা-ছোৱালীৰ শাৰীৰিক কচৰৎ কমি আহে। সেইছোৱা সময়ত স্কুললৈ যোৱা বন্ধ হোৱাৰ লগতে খেল-ধেমালিৰ পৰাও তেওঁলোক আঁতৰত থাকে। সেই বাবে তেওঁলোকক প্ৰয়োজন হোৱা কেলৰি পৰিমাণ হ্ৰাস পায়। কিন্তু তাৰ পুৰ্বে খোৱাৰ সমান খাদ্য বা তাতকৈ বেছি খাদ্য তেওঁলোকে দৈনিক খায়। ইয়াৰ ফলত বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত দেখা যায় সেই সময়ছোৱাত ১০ কে জি পৰ্যন্ত ওজন বৃদ্ধি পায়। ইয়াকে পুষ্টি বিশেষজ্ঞসকলে ‘এগজাম ৱেট’ বুলি কয়। এনেদৰে ওজন বৃদ্ধিৰ ফলত শৰীৰত আন কিছুমান সমস্যা, যেনে-হৰম’নৰ ভাৰসাম্যহীনতা, পি চি অ’ এছ (পলিচাইট্ৰিক অভাৰিয়াম ছিনড্ৰম) শালমইনা, উফি, চুলি সৰা আদিয়ে দেখা দিব পাৰে। খাবলগীয়া খাদ্যৰ বিষয়ে নজনাটোৱেই ইয়াৰ মুল কাৰণ। এইছোৱা সময়ত ল’ৰা-ছোৱালীয়ে খোৱা খাদ্যৰ বিষয়ে কেইটামান কথা জনা অতি জৰুৰী। অন্যথা তেওঁলোক ‘এক্সাম ৱেট’ৰ চিকাৰ হোৱাৰ সম্ভাৱনা থাকে।

ল’ৰা-ছোৱালীৰ ডায়েট আৰু শাৰীৰিক কচৰতৰ বিষয়ে মনত ৰাখিবলগীয়া কথাবোৰ হ'ল -

*পৰীক্ষাৰ সময়ত চাপৰ পৰা ৰক্ষা পাবৰ কাৰণে ল’ৰা-ছোৱালীয়ে কাৰ্বহাইড্ৰেটযুক্ত জাংক ফুড আৰু শৰ্কৰাযুক্ত পানীয়ৰ আশ্ৰয় লয়। পিতৃ-মাতৃয়েও সন্তানৰ সন্তুষ্টিৰ বাবে পিজ্জা, বাৰ্গাৰ, মিঠাই, কেক, কুকিজ আদি সন্তানে যি বিচাৰে তাকেই যোগান ধৰে। তেওঁলোকে পাহৰি যায় যে এইবোৰ খাদ্য কেতিয়াবাহে খাব লাগে, দৈনিক খাদ্য তালিকাত থকা অনুচিত।

*মনোযোগ বৃদ্ধি কৰিব পৰা, স্বাস্থ্যকৰ নখাদ্য অৰ্থাৎ আঁহযুক্ত , নিম্ন কেলৰিসম্পন্ন খাদ্য খুৱাব লাগে। শাক-পাচলি, ফল-মুল খাদ্য তালিকাত ৰখা জৰুৰী।

*ড্ৰাই ফ্ৰুটছ, গাখীৰ, দৈ, বাদাম আদি ল’ৰা-ছোৱালীয়ে সাধাৰণতে খাই ভাল পায়। বাৰ্গাৰ, মিঠাইৰ পৰিবৰ্তে এনে খাদ্য খুৱাব পাৰে।

*পৰীক্ষাৰ চাপৰ পৰা ল’ৰা-ছোৱালীক মুক্ত কৰিবৰ বাবে ভিটামিন, মিনাৰেল, এণ্টি, অক্সিডেণ্টযুক্ত খাদ্য খুওৱা উচিত। ইয়াৰ ফলত চৰ্বিও নিয়ন্ত্ৰণ হয়।

*পৰীক্ষাৰ সময়ত শৰীৰত প্ৰয়োজন হোৱা জিংক, চেলেনিয়াম, মেগনেচিয়াম আৰু ভিটামিন এ, ই আৰু চিৰ পৰিমাণ বৃদ্ধি পায়। এনেবোৰ উপাদানযুক্ত খাদ্য তেওঁলোকক বেছিকৈ খুৱাব লাগে। প্ৰয়োজন হ’লে মাল্টিভিটামিন টেবলটো দিব পাৰে।

*দৰকাৰ হ’লে তেজ পৰীক্ষা, ভিটামিন, ভিটামিন বি ১২ ৰ মাত্ৰা, মেগনেছিয়ামৰ মাত্ৰা পৰীক্ষা কৰি চাব লাগে।

*মগজুৰ বাবে উপযুক্ত আহাৰত গুৰুত্ব দিয়া উচিত। উদাহৰণস্বৰুপে ওমেগা ৩ ফেটি এচিড পোৱা যায় মাছ, আখৰুট আদিত। স্মৃতিশক্তি বৃদ্ধিৰ বাবে লেচিথিন জৰুৰী। কণীৰ হালধীয়া অংশ, চয়াবিন, উৰহী আদিত ই উপলব্ধ।

*বেয়া কলেষ্টেৰলৰ পৰা দুৰত থাকিব লাগে।

*ভাত, ৰুটীৰ পৰিমাণ পৰীক্ষা বুলিয়েই বঢ়াই দিয়া অনুচিত। আচলতে ভাতৰ কাঁহীৰ আধাখিনি শাক-পাচলি আৰু বাকী আধা দাইল, দৈ, বাৰ্লি, ওটছ আদিৰে পুৰ্ণ হ’ব লাগে। অৱশ্যে সাধাৰণতে ভাত বা ৰুটী খোৱা আমাৰ ল’ৰা-ছোৱালীৰ ক্ষেত্ৰত এই অভ্যাস এদিনতে গঢ় লৈ উঠা সম্ভৱ নহয়।

*মাজে মাজে থিয় হৈ পঢ়িব লাগে। শাৰীৰিক কচৰৎ হিচাপে খোজ কঢ়া ভাল। ইয়াৰ ফলত মগজুৰ চাপ আঁতৰ হয়।

পৰীক্ষাৰ পুৰ্বে অথবা পৰীক্ষাৰ সময়ত এনেদৰে সঠিক খাদ্য গ্ৰহণ আৰু সামান্য শাৰীৰিক কচৰতেৰে ‘এগজাম ৱেট’ৰ পৰা দুৰত থাকিব পাৰি। অন্যথা বিশেষকৈ ছোৱালীৰ ক্ষেত্ৰত দেখিবলৈ পোৱা এই ওজন বৃদ্ধিয়ে পিচত সমস্যাৰ সৃষ্টি কৰে।

উৎস: দেওবৰীয়া সম্ভাৰ

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top