অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এচিডিটী উপশমকাৰী খাদ্য :

এচিডিটী বা অম্লপিত্তৰ সমস্যাই বহুতকে আমনি দিয়ে। সাম্প্ৰতিক কালত স্বাস্থ্যৰ পৰিপন্থী খাদ্যভ্যাস তথা জীৱনশৈলীৰ পৰিপ্ৰেক্ষিতত এই সমস্যাটোৰ প্ৰকোপ যথেষ্ট বৃদ্ধি পাইছে। পিছে কিছু সাৱধানতা অৱলম্বন কৰি চলাৰ জৰিয়তে আমি এচিডিটীৰ সমস্যাৰ পৰা বহুলাংশে হাত সাৰি থাকিব পাৰোঁ।

নিৰ্দিষ্ট সময়ৰ পৰিৱৰ্তে যেতিয়াই-তেতিয়াই খাদ্য গ্ৰহণ কৰা, অস্বাস্থ্যসন্মত খাদ্য গ্ৰহণ, জধে-মধে অতিমাত্ৰা ঔষধ সেৱন, দীৰ্ঘদিন ধৰি মদ আৰু কেফেইনযুক্ত পানী অধিক মাত্ৰাত খাই থকা আদি কাৰণতে গেষ্ট্ৰৈছোফোগিয়েল(Gastoesophageal) সমস্যাৰূপে পৰিগণিত এচিডিটীৰ সমস্যা উদ্ভৱ হয়।

এচিডিটীৰ প্ৰধান লক্ষণ হ’ল বুকু জ্বলা-পোৰা কৰা- যাক বুজাবলৈ ‘হাৰ্টবাৰ্ণ’ শব্দটো ব্যৱহাৰ কৰা হয়। এসপ্তাহতে দুবাৰতকৈ বেছিবাৰ হাৰ্টবাৰ্ণত ভুগিবলগীয়া হ’লে, এচিড ৰিফ্লেক্স ডিজিজ(Acid Reflux Disease) বা গেষ্ট্ৰোইছোফে গিয়েল ৰিফ্লাক্স ডিজিজ(Gastroesophageal Reflux Disease GERD) ত ভোগা বুলি গণ্য কৰা হয়।

এচিডিটী উপশমত সহায়কাৰী খাদ্য -

  • সেউজীয়া পাচলি, বিশেষকৈ বীন, তিঁয়হ, শতমূল(Asparagus) আদি খোৱা উচিত। টেঙা ফলৰ বাহিৰে অন্যান্য ফল খোৱাও ভাল।
  • আদাত প্ৰদাহ উপশমকাৰী প্ৰাকৃতিক উপাদান থাকে। খাদ্য ৰান্ধোতে সৰু সৰু টুকুৰা কৰি অথবা চকলা-চকল কৰি আদা দিব পাৰি নাইবা আদা দিয়া চাহ খাব পাৰি।
  • পুৱাৰ আহাৰ হিচাপে অ’টমিল(Oatmeal) খোৱাটো এচিডিটী প্ৰতিৰোধৰ ক্ষেত্ৰত অতি সুফলদায়ক। এইবিধ খাদ্যত অধিক মাত্ৰাত আঁহ থকা বাবে খোৱাৰ পিছত পেট ভৰি পৰে তথা এছিডিটী প্ৰতিৰোধ হয়।
  • চৰ্বিবিহীন মাংস আৰু কণীৰ বগা অংশ খাব পৰা যায়। এইধৰণৰ খাদ্যৰ পৰা শৰীৰে পৰ্যাপ্ত মাত্ৰাও প্ৰ’টিন লাভ কৰে আৰু সাধাৰণতে সুস্বাদুও হয়।
  • গুটি জাতীয় ফল(Nuts)-এ আমাৰ শৰীৰৰ বাবে প্ৰয়োজনীয় চৰ্বি অত্যন্ত স্বাস্থ্যসন্মত ৰূপত প্ৰদান কৰিব পাৰে। আমাৰ শৰীৰক স্বাস্থ্যৰ অনুকূল চৰ্বি যোগান ধৰিব পৰা আন কেতবোৰ উপাদান হ’ল- সূৰ্যমুখী ফুলৰ তেল, জলফাইৰ তেল, এভোকেডো(Avocado) আদি।

উল্লিখিত খাদ্যবোৰৰ উপৰি প্ৰাকৃতিক ৰূপৰ এলোভেৰা(Organic Aleo vera) গ্ৰহণ কৰিব পৰা যায়, ই এচিডিটী প্ৰতিৰোধ কৰাৰ উপৰি খাদ্য হজম হোৱাত সহায় কৰে।

ৰাতি শুবলৈ যোৱাৰ তিনি/চাৰি ঘন্টা আগতেই খাদ্য গ্ৰহণ কৰিব লাগে আৰু কেতিয়াও অতিভোজন কৰিব নালাগে।

ধূমপানেও এচিডিটীৰ সমস্যা উদ্ভৱ হোৱাত সহায় কৰে, সেয়েহে ধূমপান কৰাৰ পৰা বিৰত থকাটোও অত্যন্ত জৰুৰী।

খাদ্য স্বাস্থ্যসন্মত পদ্ধতিৰে ৰান্ধিব লাগে, ভজা-পোৰাতকৈ সিজোৱা খাদ্য খোৱাত অধিক গুৰুত্ব দিব লাগে।

স্বাস্থ্য বিশেষজ্ঞ ব্ৰজনাথ শৰ্মাই তেওঁৰ ‘শৰীৰটো ভালে ৰাখক’ নামৰ গ্ৰন্থখনত এচিডিটীৰ পৰা আৰোগ্য লাভৰ দুটা উপায় উল্লেখ কৰিছে। উক্ত উপায় দুটা এইখিনিতে উল্লেখ কৰিলো-

১)এচিডিটী হোৱাৰ লক্ষণ থাকিলে খোৱাৰ পিছত দুপৰীয়া আৰু ৰাতি এটা লং চোবাই লৈ চুহি চুহি খোৱা কৰক, অম্লপিত্ত নিৰাময় হ’ব।

২)ক’লা শিলিখা চূৰ্ণ ২ গ্ৰাম আৰু ২ গ্ৰাম গুৰ মিহলাই অলপ পানীৰে, ৰাতি খোৱাৰ আধা ঘন্টা পিছত একেৰাহে তিনি দিনমান খালে অম্লপিত্ত বা এচিডিটী নহয়।

এচিডিটীৰ সমস্যা বৃদ্ধি কৰা খাদ্য -

  • বিলাহীৰ ছচ তথা বিলাহীৰ পৰা প্ৰ্স্তুত কৰা অন্যান্য সংসাধিত খাদ্য।
  • অধিক মাত্ৰাত চৰ্বি থকা খাদ্য, যেনে- ফাষ্ট ফুড, তেলেতীয়া, ভজা, মচলাযুক্ত খাদ্য আদি।
  • টেঙা ফলৰ ৰস।
  • ছ’ডা, কেফেইন আৰু এল’কহল।

লেখক: অমল ভাগৱতী(দৈনিক অসম)

শেহতীয়া উন্নীতকৰণ: : 3/6/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate