মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / এজন চিকিৎসকৰ দৃষ্টিৰে চিকিৎসা সেৱা :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এজন চিকিৎসকৰ দৃষ্টিৰে চিকিৎসা সেৱা :

এজন চিকিৎসকৰ চিকিৎসা সেৱাৰ বিষয়ে লিখা হৈছে ।

 

সিদিনা হঠাতে ‘জি এনআৰচি স্বাস্থ্য’ৰ কাৰ্যবাহী সম্পাদক গীতিমালিকা নেওগৰ ফোন পালো।জনালে (GNRC) ‘জিএনআৰচি স্বাস্থ্য’ৰ দহ বছৰ হ’বৰ হ’ল।যোৱা দহ বছৰে আলোচনীখনে অসমৰ ৰাইজৰ বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।অগণন জনতাক স্বাস্থ্যৰ বিষয়ে সজাগ আৰু সচেতন কৰিবলৈ সক্ষম হৈছে।মই ব্যক্তিগতভাৱে এনে বহু ৰোগী পাইছো,যি এই আলোচনী পঢ়ি উপকৃত হৈছে আৰু সময়মতে নিজৰ ৰোগৰ চিকিৎসা গ্ৰহণ কৰি সুফল লাভ কৰিছে।আন বহু ৰোগীয়ে নিজৰ মনৰ সংশয় আৰু অজ্ঞানতা দুৰ কৰি নিজে আৰু আনকো উপকৃত কৰিব পাৰিছে।এই আলোচনীখনত লব্ধপ্ৰতিষ্ঠ সাহিত্যিক আৰু চিন্তাবিধ হোমেন বৰগোহাঞি ছাৰৰ অৱদান অপৰিসীম।তেখেতৰ বলিষ্ঠ আৰু চিন্তাগধুৰ লিখনিৰ বাবে এই আলোচনীখনে এক উচ্চতৰ মাত্ৰা লাভ কৰিব পাৰিছে আৰু তেখেতৰ অধ্যায়নপুষ্ট মেধা আৰু ব্যক্তিগত সুস্বাস্থ্যৰে সমৃদ্ধ সুদীৰ্ঘ নিৰোগী জীৱনৰ অভিজ্ঞতাপুষ্ট লিখনিবোৰে অসমৰ জনগণক উদ্ধুদ্ধ কৰি আহিছে।তেখেতৰ পথ-প্ৰদৰ্শক আৰু নোমল বৰা ছাৰৰ পৰিকল্পনাৰ এক সফল প্ৰয়াস ‘জিএৰআৰচি স্বাস্থ্য’।অসমৰ আলোচনীৰ আয়ুস চুটি আৰু স্বাস্থ্য দুৰ্বল-এই ধাৰণাক ভুল প্ৰমাণ কৰি ‘জিএনআৰচি স্বাস্থ্য’আলোচনীখনে অসমৰ ৰাইজক সুস্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত সবল ভুমিকা পালন কৰি আহিছে।এই আলোচনীত আমিও যথাসম্ভৱ অৰিহণা যোগাই আহিছো আৰু এই সুযোগতে অসমৰ জনগণৰ স্বাস্থ্য ৰশাৰ খাতিৰত আলোচনীখনৰ উত্তৰোত্তৰ উন্নতি কামনা কৰিলো আৰু গীতিমালিকা নেওগ আৰু তেওঁৰ দলৰ শলাগ লৈছো।আজি সেয়েহে মোৰ ব্যক্তিগত চিকিৎসক জীৱনৰ প্ৰায় চল্লিশ বছৰীয়া অভিজ্ঞতাৰ কিছু ভাবনা আগবঢ়াবলৈ প্ৰয়াস কৰিছে।চিকিৎসক এজনে প্ৰত্যেক দিনেই বিভিন্ন লোকৰ সান্নিধ্যলৈ আহে।প্ৰত্যেক দিনেই ৰোগী আৰু ৰোগীৰ আত্মীয়ৰ সংস্পৰ্শলৈ আহিব লাগে।সমাজৰ বিভিন্ন স্তৰৰ সকলো ধৰণৰ মানুহৰ শৰীৰ আৰু মনৰ বতৰা জানিবলগীয়া হয়।ধনী-দুখীয়া,পুৰুষ-মহিলা,শিশু –বৃদ্ধ সকলো মানুহৰে ৰোগ হ’ব পাৰে আৰু সকলো ভেদাভেদ পাহৰি চিকিৎসকে সেৱা আগবঢ়াবলগীয়া হয়।প্ৰকৃততে ৰোগৰ আক্ৰমণে সমাজৰ উচ্চ-নীচ,ধনী-দুখীয়া এই সকলো ভেদাভেদৰ প্ৰাচীৰ ভাঙি মানুহক মানুহ কৰি তোলে।প্ৰত্যেক মানুহৰে শাৰীৰিক ৰোগৰ লগতে এজন ৰোগীৰ মানসিক স্থিতিও এজন চিকিৎসকৰ পৰ্যবেক্ষণৰ ভিতৰতে থাকে।সুস্বাস্থ্যৰ বাবে শাৰীৰিক,মানসিক আৰু আধ্যাত্মিক-এই  তিনিও স্তৰতে পুষ্টিসাধন হ’ব লাগে।বহুতো অভিজ্ঞ ব্যক্তিয়ে সেই কৰণে কয়-‘শৰীৰটো ধুনীয়া হ’বলৈ মনটোও সুন্দৰ হ’ব লাগিব’।

এজন চিকিৎসকে ঘুৰি চালে জীৱনৰ বাটত লগ পোৱা বহু ব্যক্তি আৰু অভিজ্ঞ তাৰ প্ৰতিচ্ছবি মনলৈ আহে।ব্যক্তিগতভাৱে মোৰ চিকিৎসক জীৱনৰ প্ৰথম খোজতে সুদুৰ ইৰানৰ তেহৰান মহানগৰীৰ এখন চিকিৎসালয়ৰ এগৰাকী ফুটফুটীয়া সুন্দৰ চেহেৰাৰ সৰু ছোৱালীলৈ মনত পৰে।তাইৰ নাম আছিল ‘শ্বিৰিন’।পাৰ্চী ভাষাত ‘শ্বিৰিন’মানে মিঠা।তাইৰ অস্ত্ৰোপচাৰ সুকলমে কৰিব পাৰিলো।চিকিৎসক হিচাবে বিদেশত মোৰ নিযুক্তি নিশ্চিত হ’ল।কিন্তু তাইৰ নামটোৱে মোৰ চিকিৎসক জীৱনত প্ৰভাৱ পেলাই গ’ল।চিকিৎসা ক্ষেত্ৰত আমি যিমান পাৰি সিমান ‘মিঠা’সম্পৰ্ক ৰাখিবলৈ চেষ্টা কৰিব লাগে।প্ৰত্যেক দিনাই প্ৰত্যেক ৰোগীৰ ক্ষেত্ৰতে অবিৰাম আমাৰ এই প্ৰয়াস থাকি গ’ল।

আশাই জীৱন:চিকিৎসক হিচাবে ৰোগীৰ সেৱাত ব্ৰতী হওঁতে সদায় মনত ৰাখিবলৈ চেষ্টা কৰো-আশাই জীৱনৰ মুল চালিকা শক্তি।ৰোগৰ প্ৰভাৱত মানুহৰ শৰীৰ দুৰ্বল হয়।মনোবল কমি আহে।কিন্তু চিকিৎসকৰ মুখৰ দু-আষাৰ আশাৰ বাণীয়ে ৰোগীৰ শৰীৰ আৰু মনত ঐশ্বৰিক ইতিবাচক প্ৰভাৱ পেলোৱা দেখিছো।বোম্বেৰ টাটা হাস্পতাললৈ এক আত্মীয়ক লৈ যাওঁতে এবাৰ তাৰ বেৰত ওলমি থকা দেখিছিলো এক আশাৰ বাণী ‘Never ever give up’এই বাণী ডাক্তৰ আৰু ৰোগী দুয়োৰে বাবে।গাঁৱত আইতাই মোক কৈছিল-‘ডাক্তৰ হৈছো ভাল কথা।মনত ৰাখিবা-নুবুৰে মানে বাবা,নমৰে মানে চাবা’।সেয়েহে ৰোগীৰ ৰোগ যিমানেই কঠিন হওক চিকিৎসক হিচাবে কেতিয়াও চেষ্টা এৰিব নালাগে,কাৰণ মনত পৰে এষাৰ কথা-‘Miracles do happen in this world.So try again & again’.এই কথাষাৰে আমাৰ ভাগৰ আঁতৰাই দিয়ে,মনলৈ নতুন উদ্যম আনে।

চিকিৎসক জীৱনৰ A.B.C : চিকিৎসক হিচাবে জীৱন আৰম্ভ কৰাৰ প্ৰথম কেইমাহমান সদায় কঠিন হয়।নিজৰ যোগ্যতা সম্পৰ্কে সম্পুৰ্ণ আত্মবিশ্বাস আহিবলৈ সময় লাগে।চিকিৎসক বুলি সকলোৰে মাজত পৰিচয় নাথাকে।অৰ্থাৎ চিকিৎসক বুলি সমাজত নাম নাথাকে।অৰ্থাৎ চিকিৎসক বুলি সমাজত নাম নাথাকে।তেতিয়া এজন শিক্ষাগুৰুৱে কৈছিল-‘মাথোঁ কাম কৰি যোৱা।সুনাম,স্বীকৃতি আৰু সন্মান লাহে লাহে আহি থাকিব।ইয়াৰ বাবে লাগিব চিকিৎসা জীৱনৰ A.B.C  ।এই A.B.C  কি বুলি সোধাত হাঁহি এটা মাৰি যি উত্তৰ দিছিল সি মনত থাকি গ’ল।‘A’মানে Availability  অৰ্থাৎ ৰোগীৰ বাবে ডাক্তৰজন Available হ’ব লাগিব।ৰোগীয়ে বিচাৰিলেই ডাক্তৰজনক পাব লাগিব।দ্বিতীয়তে আহে ‘B’।‘B’ মানে Behaviour অৰ্থাৎ ব্যৱহাৰ।ডাক্তৰৰ ব্যৱহাৰ ভাল হ’বই লাগিব।শিকি,বুজি,চেষ্টা কৰি ব্যৱহাৰ ভাল কৰিবই লাগিব।ৰোগী,লগতে আত্মীয়ৰ সংগত সুব্যৱহাৰ কৰিলেহে চিকিৎসকৰ সুনাম হয়।ব্যৱহাৰ ভাল নহ’লে চিকিৎসায়ো গুণ নিদিয়ে।তৃতীয়তে,চিকিৎসকৰ ‘C’মানে Competence ।অৰ্থাৎ চিকিৎসা বৃত্তিত পাৰদৰ্শিতা অত্যন্ত প্ৰয়োজনীয়।মেডিকেল কলেজত পঢ়ি-শুনি অহাৰ পিছতো ওৰে জীৱন চিকিৎসা বিজ্ঞানৰ ন ন চিন্তা ধাৰণা,পাৰদৰ্শিতা বৃদ্ধিৰ কৌশল,নতুন তথ্য আৰু আৱিষ্কাৰৰ বিষয়ে অধ্যয়ন আৰু প্ৰশিক্ষণ লৈ থকা অতিকে বাঞ্চনীয়।চিকিৎসা শাস্ত্ৰ বোৱঁতী নদীৰ দৰে।নতুন নতুন ধ্যান-ধাৰণা আৰু আৱিষ্কাৰ নিতৌ হ’ব লাগিছে।আধুনিক তথ্য-প্ৰযুক্তি বিজ্ঞানৰ অভুতপুৰ্ব বিকাশৰ বাবে অতি খৰতকীয়াভাৱে জ্ঞানৰ পৃথিৱীখনৰ বিস্তাৰ হৈছে।সেয়েহে চিকিৎসকে নিজৰ পাৰদৰ্শিতা বৃদ্ধি কৰিবলৈ সদা সচেতন হৈ থকা অতি প্ৰয়োজন।

জ্বৰ মানে বেমাৰ নহয়:জ্বৰত ভোগাৰ অভিজ্ঞতা সকলোৰে আছে।কিন্তু জ্বৰ কোনো ৰোগ নহয়।ই মাথোন ৰোগৰ লক্ষণহে।ৰোগীৰ বাবে ‘জ্বৰ এক ৰোগ,ভাল হ’ব লাগে’।ৰোগীৰ জ্বৰ উঠাৰ লগে লগে চিকিৎসকৰ মনলৈ কিন্তু বহু কথাই আহি পৰে।বহু ধৰণৰ ৰোগৰ বাবে জ্বৰ উঠিব পাৰে।ভাইৰাছৰ আক্ৰমণত জ্বৰ উঠে।বেক্টেৰিয়াৰ আক্ৰমণতো জ্বৰ উঠে।বেক্টেৰিয়া ধ্বংস কৰিবলৈ এণ্টিবায়’টিক আছে।কিন্তু এণ্টিবায়’টিক ভাইৰাছ ধ্বংস কৰিব নোৱাৰে।তেনেদৰে ৰিউমেটিক ৰোগত জ্বৰ হয়,টিবি বা যক্ষ্মা ৰোগতো জ্বৰ হয়।মগজুৰ প্ৰদাহ বা মেনিনজাইটিছ,এনকেফেলাইটিছ,নিউম’নিয়া ,বসন্ত ৰোগ,পেটৰ অন্ত্ৰৰ প্ৰদাহ,ডেংগু আদি এশ- এবুৰি ৰোগত জ্বৰ হ’ব পাৰে।আকৌ গৰম বা ৰ’দত থাকিলেও জ্বৰ হ’ব পাৰে।এই সকলো ৰোগৰে কাৰণ আৰু চিকিৎসা পদ্ধতি পৃথক।সেয়েহে ৰোগীৰ বা ৰোগীৰ আত্মীয়ৰ বাবে অভিজ্ঞতা,পাৰদৰ্শিতা,বিভিন্ন পৰীক্ষাৰ সহায় আদিৰ প্ৰয়োজন হয়।কাৰণ ৰোগ নিৰ্ণয় (Diagnosis) নহ’লে চিকিৎসা বিফল হ’ব পাৰে।

কাহ কোনো ৰোগ নহয়:তেনেদৰে কাহ কোনো ৰোগ নহয়,বৰঞ্চ ই ৰোগৰ এক লক্ষণহে।বিভিন্ন ৰোগৰ প্ৰভাৱত কাহ হ’ব পাৰে।কাহি থকা ৰোগী এজন অহাৰ লগে লগে চিকিৎসকে বহু কথা লক্ষ্য কৰিবলগীয়া হয়।যেনে-কাহ নতুন নে পুৰণি,শুকান নে কফযুক্ত,দিনত হয় নে ৰাতিহে হয়।সাধাৰণতে তীব্ৰ কাহৰ লগত ৰক্ত আহে নেকি ইত্যাদি।নাকৰ ছাইনাছইটিৰ পৰা,ডিঙিত ফেৰিঞ্জাইটিছ,বুকুৰ ব্ৰংকাইটিছ,এজমা বা হাপানী ৰোগ,বুকুৰ কৰ্কট ৰোগ আদি বিভিন্ন কাৰণত হ’ব পাৰে।ধুমপান কৰা অভ্যাসৰ বাবেও কাহ হয়।আচৰিত হ’লেও সত্য যে কেইবাবিধো সাধাৰণ ব্লাড প্ৰেছাৰৰ বড়িৰ পৰাও কাহ হৈ থাকিব পাৰে।গতিকে কাহ হৈ থকা ৰোগীৰ পৰীক্ষা আৰু চিকিৎসাও চিকিৎসকৰ বাবে জটিল হ’ব পাৰে।

পেটৰ বিষ ৰোগ নহয়:পেটৰ বিষৰ অভিজ্ঞতাও প্ৰায় সকলোৰে আছে।কিন্তু পেটৰ বিষ ৰোগ নহয়।ৰোগৰ লক্ষণহে।বিভিন্ন ৰোগত পেট বিষাব পাৰে।অন্ত্ৰৰ ভাইৰেল ৰোগ,খাদ্যৰ বিষক্ৰিয়া,গলব্লাডাৰৰ ৰোগ,এপেণ্ডিছাইটিছ,প্ৰস্ৰাৱনলীৰ ৰোগ,যকৃতৰ ৰোগ,ঋতুস্ৰাৱৰ সমস্যা,জৰায়ুৰ ফাইব্ৰাইড ৰোগ,জিয়াৰডিয়া ৰোগ আদি বিভিন্ন ৰোগৰ বাবে পেটৰ বিষ হ’ব পাৰে।এই সকলো ৰোগৰ ৰোগ নিৰ্ণয়(Diagnosis) আৰু বিধান বিভিন্ন প্ৰকাৰৰ হয়।সেয়েহে প্ৰকৃত ৰোগ নিৰ্ণয় কৰিবলৈ আল্ট্ৰাছনোগ্ৰাফী,এণ্ডোস্ক’পী (ENDOSCOPY) ,এক্স –ৰে (X-RAY), (C.T. SCAN)চিটি স্কেন,ৰক্ত পৰীক্ষা,শৌচ-প্ৰস্ৰাৱ পৰীক্ষা আদি বিভিন্ন পৰীক্ষাৰ সহায় ল’ব লাগে।সেয়েহে ‘ডাক্তৰে অযথা বহু পৰীক্ষা-নিৰীক্ষা কৰিবলৈ দিয়ে’বুলি কোৱা কথাটো অমুলক,কাৰণ ৰোগ নিৰ্ণয় নকৰাকৈ কৰা চিকিৎসা বিফল আৰু কেতিয়াবা ক্ষতিকাৰকো হ’ব পাৰে।

মুৰৰ বিষ সাধাৰণ ৰোগ নহয়:বহুতৰে মুৰৰ বিষ থাকে।কিন্তু ডাক্তৰৰ ওচৰলৈ মুৰৰ বিষ লৈ আহিলে চিকিৎসকে বহু কথা বিবেচনা কৰিবলগীয়া হয়।মুৰৰ বিষৰ বহু কাৰণ থাকিব পাৰে।যেনে ইনফ্লুৱেঞ্জা (INFLUENZA),ছাইনাছাইটিছ,চকুৰ অসুখ,মানসিক উদ্বিগ্নতা (MENTAL TENSION),মাইগ্ৰেইন বা সুৰ্যকপালী (MIGRAINE)ইত্যাদি।এই সকলোবোৰ ৰোগ নিৰ্ণয় (DIAGNOSIS) কৰি চিকিৎসা কৰিলেহে সুফল পাব পাৰি।আনহাতে এনে ৰোগৰ ছদ্মবেশত মগজুৰ টিউমাৰৰ বাবেও মুৰৰ বিষ হ’ব পাৰে।এই টিউমাৰ ধৰা পৰিবৰ বাবে (C.T. Scan) চিটি স্কেন,এম আৰ আই(MRI) আদি আধুনিক সৰঞ্জামৰ প্ৰয়োজন।কোনো চিকিৎসক এই বিষয়ে অনুসন্ধিৎসু নহ’লে এনে ৰোগ ধৰা নপৰে আৰু ৰোগ আগবাঢ়ি যাব পাৰে।এই সৰঞ্জামবোৰ ব্যয়বহুল হ’ব পাৰে,কিন্তু ইয়াৰ ব্যৱহাৰ সময়ৰ আহবান।ইয়াৰ খৰচ বহন কৰিবলৈ চৰকাৰ আৰু স্বেচ্ছাসেৱী অনুষ্ঠানৰ গুৰুদায়িত্ব আছে।ডাক্তৰে জধে-মধে পৰীক্ষা কৰিবলৈ দিয়ে বুলি সমালোচনা কৰাটো ইয়াৰ সমাধান নহয়,বৰঞ্চ ৰোগীৰ বাবে ক্ষতিকাৰকহে।

ৰোগী আৰু ডাক্তৰৰ সংঘাত:সাধাৰণতে ৰোগী আৰু চিকিৎসকৰ সম্পৰ্ক মধুৰ আৰু ই বিশ্বাসৰ ওপৰত প্ৰতিষ্ঠিত।কিন্তু ৰোগৰ প্ৰভাৱত ৰোগীৰ মানসিক অৱস্থা শান্ত হৈ নাথাকে।দু:চিন্তা,মানসিক উত্তেজনা,ভয়,বিষ-কোপৰ প্ৰভাৱ আদিৰ ফলত ৰোগীয়ে অস্বাভাৱিক আচৰণ কৰিব পাৰে।ৰোগীৰ আত্মীয়ৰো আচৰণ স্বাভাৱিক নহ’ব পাৰে।চিকিৎসকে এয়া বুজি পায় আৰু সেইদৰে সমবেদনা আৰু সহানুভুতিৰে ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰে।কিন্তু সকলো মানুহ একে নহয়।কেতিয়াবা অবিশ্বাস আৰু আনৰ প্ৰৰোচনাত এই সংঘাত হয়।

মুলতে দুই কাৰণত এই সংঘাত হোৱা পৰিলক্ষিত হয়-১.ৰোগীৰ মৃত্যু আৰু 2.ৰোগৰ বাবে হোৱা ব্যয়।মৃত্যু এক চিৰন্তন সত্য।সকলোৰে মৃত্যু হয়।ধনী-দুখীয়া,শিশু বৃদ্ধ,ৰোগী-নিৰোগী,ডাক্তৰ –নাৰ্ছ সকলোৰে মৃত্যু অৱধাৰিত।তাতে আকস্মিক মৃত্যু আৰু প্ৰিয়জনৰ মৃত্যু অতি বেদনাদায়ক।বহুতে এই সত্য মানি ল’ব নোখোজে। ডাক্তৰে মৃত্যুৰ সৈতে যুঁজিব পাৰে,কিন্তু জিকিবই বুলি নিশ্চয়তা দিব নোৱাৰে।তাতে দেখাত এক ৰোগ থাকিলেও ৰোগীৰ শৰীৰত বিভিন্ন ৰোগ লুকাই থাকিব পাৰে।আনহাতে চিকিৎসালয়ৰ কেজুৱেল্টীত বা ইমাৰ্জেন্সী ৰুমত সকলো ৰোগ নিৰ্ণয় কৰা সম্ভৱ নহয়।সেয়েহে প্ৰাথমিক চিকিৎসা দিয়া সত্ত্বেও ৰোগীৰ মৃত্যু হ’ল কেতিয়াবা ৰোগীৰ আত্মীয় উত্তেজিত হৈ পৰে।এইক্ষেত্ৰত বাস্তৱ পৰিস্থিতিৰ বিষয়ে অৱগত হ’লে এনে সংঘাত নহয়।তাতে এটা কথা বুজিলে সুবিধা হয় যে ডাক্তৰে কোনো ৰোগীৰ মৃত্যু কামনা নকৰে।ৰোগীৰ মৃত্যু ৰোগীৰ আত্মীয়ৰ বাবে যিমান বেদনাদায়ক,ডাক্তৰৰ বাবেও সিমানেই ।মনত ৰাখিব লাগে-ডাক্তৰৰো ৰোগ হয়,ডাক্তৰৰো মৃত্যু হয় আৰু ডাক্তৰৰ আত্মীয়ৰো ৰোগ-মৃত্যু হয়।এনেক্ষেত্ৰত মিডিয়াই অবিবেচকভাৱে সকলো ক্ষেত্ৰতে ‘ঘাতকৰ ৰুপত ডাক্তৰ’, ‘ডকাইতৰ ৰুপত ডাক্তৰ’আদি বিভুষণ ব্যৱহাৰ কৰাটো অতি হানিকাৰক আৰু অবিবেচক কাৰ্য বুলিব পাৰি।

বহুক্ষেত্ৰত ৰোগীৰ চিকিৎসাৰ ব্যয়বহুলতাৰ বাবে ডাক্তৰ আৰু ৰোগীৰ আত্মীয়ৰ মাজত সংঘাত হোৱা দেখা যায়।প্ৰকৃততে ৰোগ নিৰ্ণয় নকৰাকৈ চিকিৎসা দিয়াটো ভুল আৰু ক্ষতিকাৰক হ’ব পাৰে।আনহাতে ৰোগী এজনক চকুৰে চাই আৰু হাতেৰে পিটিকি ৰোগ নিৰ্ণয় কৰা একপ্ৰকাৰ অসম্ভৱ কাম।অৰ্থাৎ ৰোগ নিৰ্ণয় কৰিবলৈ লেবৰেটৰী বা ইমেজিং (X-Ray,C.T. M.R.I.) আদিৰ সহায় লাগিবই।যেনে-জ্বৰ হৈ থকা ৰোগীৰ ৰোগ মেলেৰিয়া নে টাইফয়ড তাক নজনাকৈ চিকিৎসা কেনেকৈ দিব?কাহ-কফৰ ৰোগীৰ নিউম’নিয়া নে টিবি কেনেকৈ জানিব?মুৰৰ বিষৰ বাবে ছাইনাছাইটিছ নে মগজুৰ টিউমাৰ কেনেকৈ জানিব?পেটৰ অসুখ গলব্লাডাৰ ষ্টোন নে কিডনী ষ্টোন কেনেকৈ জানিব?গাঁৱৰ প্ৰাথমিক চিকিৎসা কেন্দ্ৰত চিকিৎসকে প্ৰাথমিক চিকিৎসা দিব পাৰে,কিন্তু চিকিৎসালয়ত ৰোগ নিৰ্ণয় নকৰাকৈ কেনেকৈ চিকিৎসা দিব?এইখিনিতে আমি দেখা পোৱা এক পৰিস্থিতিৰ বিষয়ে জনাব খুজিছো।আজি সচৰাচৰ দেখা পোৱা সৰহসংখ্যক ৰোগীৰ আৰ্থিক অৱস্থাৰ বাবে সকলো পৰীক্ষা-নিৰীক্ষা কৰিবলৈ অপাৰগ।আনহাতে মুষ্টিমেয় ৰোগীৰ খৰচ চৰকাৰ,কোম্পানী বা ইন্সিউৰেন্সে (INSURANCE)বহন কৰে।প্ৰথম বিধৰ ৰোগীয়ে ৰোগ নিৰ্ণয় কৰিবলৈ দিয়া পৰীক্ষাবোৰ যিমান পাৰি কমাবলৈ অনুৰোধ কৰে একমাত্ৰ ব্যয় বহন কৰিব নোৱাৰাৰ বাবে।কিন্তু আনসকলে (মুষ্টিমেয় নিজে ব্যয় কৰিব নলগা ৰোগীয়ে)ৰোগ নিৰ্ণয়ৰ বাবে যিমান প্ৰয়োজন সকলো পৰীক্ষা কৰিবলৈ অনুৰোধ কৰে-তেওঁলোকে গুৰুত্ব দিয়ে প্ৰকৃত ৰোগ নিৰ্ণয় (DIAGNOSIS)আৰু প্ৰকৃত সু-চিকিৎসা(PROPER TREATMENT) ওপৰত।এই দুই মনোবৃত্তিৰ বিষয়ে অধ্যয়ন কৰি দেখা গৈছে যে আমাৰ সমাজত ৰোগৰ প্ৰতি ব্যৱহাৰিক(PRACTICAL) ধাৰণা নাই।মানুহ মাত্ৰেই ৰোগ হ’বই আৰু ৰোগ হ’লে খৰচ হ’বই।এই কথা বহু মানুহে ব্যক্তিগত জীৱনত মানি ল’বলৈ টান পায়।ফলত সৰহস্ংখ্যক লোকেই ব্যক্তিগত কাৰণ আৰু সামাজিক সুৰক্ষাৰ অভাৱত একপ্ৰকাৰ বেপৰোৱা জীৱন কটায়।‘ৰোগ হ’লে দেখা যাব’বুলি বেছিসংখ্যক লোক ৰোগৰ বাবে আৰ্থিকভাৱে সাজু হৈ নাথাকে।অৰ্থাৎ ৰোগৰ বাবে সাজু হৈ নথকাৰ ফলত বহু পৰিয়ালৰ অপুৰণীয় ক্ষতি হয় আৰু আৰ্থিক দীনতাৰ সন্মুখীন হ’ব লগা হয়।ইয়াৰ দুই প্ৰতিকাৰ-সামাজিক সুৰক্ষা আৰু ব্যক্তিগত বীমা।চৰকাৰ আৰু আন ব্যক্তিগত প্ৰতিষ্ঠানসমুহে ৰাইজ আৰু কৰ্মচাৰীৰ বাবে ৰোগৰ খৰচ বহন কৰা ব্যৱস্থা সবল কৰি তুলিব লাগে।ব্যক্তিগতভাৱেও আন সকলো লোকে ব্যক্তিগত বীমা আঁচনি ক্ৰয় কৰি নিজকে সাজু কৰি ৰাখিব লাগে।তেতিয়া ৰোগীৰ চিকিৎসা উন্নত হ’ব আৰু ডাক্তৰ –ৰোগীৰ সংঘাত বহুখিনি কমি যাব।পশ্চিমীয়া দেশত এনে বীমা আঁচনিৰ বিস্তাৰ হোৱা বাবে চিকিৎসাৰ মান উচ্চ।কিন্তু আমাৰ দেশত ৰোগ নিৰ্ণয় আৰু ৰোগৰ চিকিৎসাৰ ক্ষেত্ৰত পদে পদে আপোচ আৰু এৰা-ধৰা কৰিবলগীয়া পৰিস্থিতিৰ বাবে অৰ্থনৈতিক কাৰণেই দায়ী।

শেষত চিকিৎসক হিচাবে পুনৰ মনত পেলাব বিচাৰিছো সেই মহান বাণী-Never Ever Give Up.So try again and again in health care ।আশাই জীৱন আৰু প্ৰচেষ্টাৰ ফল মিঠা।বিশ্বাস কৰিব লাগে যে ‘Miracles do happen in this World’. ।চিকিৎসক জীৱনত কিছুমান কথা মনত ৰৈ যায়।তাৰে কেইটামান কথা মনত পেলাব খুজিছো।মহান গ্ৰীক দাৰ্শনিক হিপোক্ৰেটিছে,কৈছিল-‘The Physician treats but Nature heals’.তেওঁৰ এক বাণী প্ৰত্যেক চিকিৎসকৰ মুল মন্ত্ৰ ‘Try to help but at least do not harm’ সকলোৰে বাবে সত্য এষাৰ কথা-‘The greatest wealth is health.You can’t enjoy wealth if you’re not in good health’.

লেখক: ডা: বিশ্বনাথশৰ্মা(জিএনআৰচিস্বাস্থ্য)

2.86206896552
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top