অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

এটি সুন্দৰ জীৱনৰ বাবে ৮৫ টা টিপছ

এটি সুন্দৰ জীৱনৰ বাবে ৮৫ টা টিপছ

 

জীৱন অন্যান্য , জীৱনটো সুন্দৰ । পিছে সঠিকভাৱে অতিবাহিত কৰিব নাজানিলে অনেক সমস্যাৰে ভৰি পৰে । কথাতে কয় বোলে  ‘Health is wealth’ সঁচাকৈয়ে আমাৰ স্বাস্থ্য যদি ঠিক নাথাকে, আমি জীৱনটো সঠিক ৰুপত  যাপন কৰিব নোৱাৰো । আমি কোনো কামতে আগবাঢ়িব নোৱাৰো । সেয়ে কিছু সাৱধানতা অৱলম্বন কৰা খুবেই প্ৰয়োজন । সাম্প্ৰতিক জীৱনশৈলীত অতি কম বয়সতে আমাক অনেক ৰোগে আক্ৰমণ কৰা দেখা পোৱা গৈছে । কিন্তু কিছু সতৰ্কতাৰ যোগেদি এনে ৰোগসমূহক প্ৰতিৰোধ কৰিব পাৰি ।

তিনিটা কথা আমি মনত ৰখা উচিত ।

প্ৰথম- আমাৰ চিন্তাসমূহ সকৰাত্মক হোৱা উচিত । দ্বিতীয়তে- শাৰীৰিকভাৱে সক্ৰিয় হৈ থকা, তাৰ বাবে ব্যায়াম কৰিবলৈ জিমলৈ নগ’লেও ঘৰুৱা কাম-কাজৰ দ্বাৰা শৰীৰটো সক্ৰিয় কৰি ৰখা প্ৰয়োজন ।

তৃতীয়তে – ৰাগিয়াল সামগ্ৰী যেনে- সুৰা, ধূমপান, কেফেইনযুক্ত খাদ্য সমূলি ত্যাগ কৰিবলৈ চেষ্টা কৰিব লাগে ।

কেনে হোৱা উচিত খাদ্যাভাস -

১) ৰাতিপুৱাৰ আহাৰ ফাইবাৰযুক্ত হোৱা উচিত । আৰু পেট ভৰাই ভালকৈ খোৱা উচিত ।

২) জীৱনশৈলী অনুসৰি আমি খাদ্য খোৱা উচিত ।

৩) ৰাতিৰ আহাৰ সোনকালে গ্ৰহণ কৰি টোপনি যোৱাৰ আগতে যদি ভোক লাগে, গাখীৰ এগিলাচেই যথেষ্ট ।

*কলেষ্ট্ৰ’ৰেল প্ৰতিৰোধৰ বাবে-

৪) সপ্তাহটোত তিনিদিনমান কমেও আধাঘণ্টা সময় ব্যায়াম কৰিব লাগে ।

৫) ফাইবাৰযুক্ত আহাৰ খোৱাৰ ওপৰত গুৰুত্ব দিয়ক ।

৬) ছাগলী মাংসৰ পৰিৱৰ্তে মাছ বা মুৰ্গী মাংসহে খাওক ।

৭) তেলত ডুবাই ভজাৰ সলনি যিকোনো খাদ্য সামগ্ৰী গ্ৰিল বা বেক কৰি বা উহাই খোৱাৰ অভ্যাস কৰক ।

৮) বজাৰত উপলব্ধ অন্যান্য তেলৰ পৰিৱৰ্তে ব্যৱহাৰ কৰিব পাৰে- বাদাম তেল (Groundhut Oil) , সৰিয়হ তেল (Mustard Oil) , নাৰিকল তেল (Coconut Oil) ।ৰিফাইন কৰা তেল পৰিহাৰ কৰক ।

৯) ঠিক সেইদৰে চাহৰ ক্ষেত্ৰত গাখীৰ চাহৰ পৰিৱৰ্তে ৰঙা চাহ অধিক খাবলৈ যত্ন কৰক ।

মজবুত হাড়ৰ বাবে -

১০) প্ৰতিদিনে অলপ সময়ৰ বাবে হ’লেও ব্যায়ামৰ প্ৰয়োজন ।

১১) ভিটামিন ‘ডি’ যুক্ত খাদ্য (কণীৰ কুহুম আৰু তেল থকা মাছ) আৰু কেলছিয়ামযুক্ত আহাৰ গ্ৰহণ কৰক ।

১২) কাৰ্ব’নেটেড পানীয়, অধিক নিমখ আদি বৰ্জনীয় ।

১৩) অধিক ওজন বৰ্জনীয়, সেয়ে ওজন কমোৱা ব্যায়াম যেনে- চিৰি বগোৱা, খোজকঢ়া আদিৰ অভ্যাস কৰিব লাগে ।

১৪) কম চৰ্বিযুক্ত গাখীৰ গ্ৰহণ কৰাৰ প্ৰয়োজন ।

স্তন কেন্সাৰ প্ৰতিৰোধৰ বাবে -

১৫) প্ৰতিমাহতেই স্তন পৰীক্ষা কৰা অতি প্ৰয়োজন ।

১৬) স্তনত লাম্প হৈছে নেকি ?

১৭) নিপ্পল ডিছাৰ্জ বা ফুলি উঠা বা বিষ হোৱা এনে যিকোনো লক্ষণ দেখিলেই তৎক্ষণাত ডাক্তৰৰ পৰামৰ্শ লওক ।

১৮) চল্লিশ বছৰৰ উৰ্দ্ধৰ মহিলাসকলে প্ৰতি দুবছৰৰ অন্তৰে অন্তৰে মেমগ্ৰাম পৰীক্ষা কৰাওক ।

হৃদৰোগ নহ’বলৈ -

১৯) ওজন বৃদ্ধিৰ ক্ষেত্ৰত সতৰ্কতা অৱলম্বনৰ প্ৰয়োজন ।

২০) একেলেথাৰিয়ে কৰি থকা চিন্তা এৰাই চলিবলৈ যত্ন কৰক ।

২১) আহাৰত অধিক তেল ব্যৱহাৰ কৰাৰ পৰা সমূলি আঁতৰত থাকক ।

২২) ৰাতিপুৱাৰ আহাৰত ফাইবাৰযুক্ত আহাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰক ।

২৩) নিমখ খোৱাৰ ক্ষেত্ৰত সাৱধান হওক । প্ৰতিদিনে ছয় গ্ৰামতকৈ অধিক নিমখ বৰ্জনীয় ।

মধুমেহ ৰোগ নহ’বলৈ -

২৫) পৰিয়ালত মধুমেহ ৰোগ কাৰোবাৰ হ’লে তেওঁলোকে আগৰ পৰাই সাৱধানে থকা উচিত ।

২৬) আৰামদায়ক জীৱন বৰ্জন কৰি এক সক্ৰিয় কৰ্মক্ষম জীৱন অতিবাহিত কৰিবলৈ যত্নপৰ হোৱা উচিত ।

২৭) কম চৰ্বিযুক্ত আহাৰ গ্ৰহণ কৰিব লাগে ।

২৮) প্ৰতিদিনে খোজকঢ়াৰ অভ্যাস কৰিব লাগে ।

২৯) মিঠা আৰু কাৰ্ব’হাইড্ৰেটযুক্ত আহাৰ অধিক খোৱা অনুচিত ।

৩০) ওখ অনুপাতে ওজন হোৱা উচিত । (এই সংক্ৰান্তত ডাক্তৰৰ পৰা সম্পূৰ্ণ বুজি ল’ব )

৩১) মাজে মাজে ব্লাড চুগাৰ লেভেল পৰীক্ষা কৰাব লাগে ।

ডিপ্ৰেচন নহ’বলৈ -

৩২) সদায় মনৰ ভাৱধাৰা সকৰাত্মক পৰ্যায়ত ৰাখিব লাগে । ইয়াৰ বাবে সুন্দৰ পৰিৱেশ গঢ়ি তুলিবলৈ যত্ন কৰক ।

৩৩) ঔষধ সেৱনৰ ক্ষেত্ৰত ডাক্তৰৰ পৰামৰ্শ লওক ।

৩৪) শাৰীৰিক পৰিশ্ৰমৰ দ্বাৰা সক্ৰিয় হৈ থাকিবলৈ যত্ন কৰক ।

প্ৰতিৰোধ ক্ষমতা বঢ়াওক -

৩৫) দিনে পাঁচটামান আমণ্ড (বাদাম) খাওক ।

৩৬) অৰ্গেনিক প্ৰমাণ পত্ৰ থকা আহাৰ গ্ৰহণ কৰিবলৈ  যত্ন কৰিব লাগে ।

৩৭) ৰাতিপুৱা খালীপেটত আমলখি আৰু নেমুৰ ৰস মিহলাই খাব ।

৩৮) এটা মধুৰিআমেও আমাৰ শৰীৰত যথেষ্ট ভিটামিন ‘চি’ৰ যোগান ধৰে ।

৩৯) ৰাতিপুৱা অধিক ঘিউ, মাখন দিয়া পৰঠা, ব্ৰেড আদিৰ সলনি অ’টচ বা বাৰ্লি অধিক লাভদায়ক ।

৪০) নিতৌ বডি মাছাজ ল’বলৈ যত্ন কৰক ।

মেন’পজৰ বেলিকা -

৪১) চয়াবিনৰ পৰা উৎপাদন কৰা গাখীৰ খাব পাৰে ।

৪২) ব্যায়ামৰ প্ৰয়োজন ।

৪৩) পটাছিয়ামেৰে সমৃদ্ধ কল খেতি উপকাৰী ।

৪৪) মাল্টি ভিটামিন অৰ্থাৎ A,B6,B12, C আৰু D সমৃদ্ধ টেবলেট ডাক্তৰৰ পৰামৰ্শ লৈ খাব পাৰে ।

সুন্দৰ টোপনিৰ বাবে -

৪৫) বিছ্নালৈ যোৱাৰ আগতে কুহুমীয়া গৰম পানীৰে স্নান কৰক ।

৪৬) কুহুমীয়া গাখীৰ এগিলাচ খাবও পাৰে ।

৪৭) ৰাতিৰ আহাৰ কমাই খাওক ।

৪৮) বহুলোকে ৰাতিৰ আহাৰ খোৱাৰ পিছত চাহ-কফি আদি খায়, এনে কাৰণত টোপনি নাহে ।

চকুৰ গুৰি ক’লা পৰিলে -

৪৯) প্ৰথমেই হিম’গ্লবিন পৰীক্ষা কৰাওক ।

৫০)ফ্ৰ’জেন (Frozen) টি-বেগ চকুৰ গুৰিত দহ মিনিটৰ বাবে ৰাখক ।

৫১) ফ্ৰিজত থোৱা ঠাণ্ডা তিয়ঁহ ৰুকি বা থেঁতালি চকুৰ গুৰিত দিয়ক ।

৫২) এক চাহচামুচ দৈ আৰু মৌ সম পৰিমাণত মিহলাই চকুৰ গুড়িত সানি পোন্ধৰ মিনিট সময় ৰাখক, পিছত ধুব ।

৫৩) বাহিৰলৈ ওলাই যোৱাৰ পৰত ছানগ্লাচ পিন্ধিব ।

ৰিংকল বা বলিৰেখা দূৰ কৰিবলৈ -

৫৪) ফেচ চিৰামৰ ব্যৱহাৰে বলিৰেখা দূৰ কৰাত সহায় কৰে ।

৫৫) পকা অমিতা ফেনেকি লগাব পাৰে ।

৫৬) এণ্টি অক্সিডেণ্ট চাপ্লিমেণ্ট ল’লে কেৱল ডাক্তৰৰ পৰামৰ্শ অনুসৰিহে ল’ব ।

৫৭) প্ৰতিদিনে কেইটামান শুকান ফল (    Dry fruits) খোৱা প্ৰয়োজন ।

৫৮) এণ্টি এজিং প্ৰডাক্ট অৰ্থাৎ ভিটামিন A,C আৰু E  সমৃদ্ধ ক্ৰীম ব্যৱহাৰ কৰিব লাগে । কেৱল মুখতেই নহয়, হাত , ডিঙি আদিতো সানিব পাৰে ।

চুলিৰ স্বাস্থ্যৰ বাবে -

৫৯) শ্বেম্পু কৰাৰ আগতে মেথীগুটি পিহি চুলিৰ গুৰিত দহমিনিটমান সময় লাগে ।

৬০) জবাফুল আৰু নৰসিংহৰ পাত একেলগে তেলত উতলাই ঠাণ্ডা কৰি থ’ব । এই তেল চুলিৰ গুৰিত লগালে চুলি মজবুত হোৱাৰ উপৰিও ভাল কণ্ডিচনাৰ কাম কৰে ।

৬১) একোছা কিচকিচীয়া ক’লা চুলি পাবলৈ হ’লে চুলি ধোৱাৰ পিছত হেয়াৰ ড্ৰায়াৰ ব্যৱহাৰ নকৰিব ।

৬২) চুলিৰ গুৰিবোৰত ভালকৈ ৰক্ত সঞ্চালনৰ বাবে সপ্তাহত এবাৰ কুহুমীয়া নাৰিকল তেল মালিচ কৰিব ।

৬৩) নেমুৰ ৰস আৰু আমণ্ড অইল সম পৰিমাণত মিহলাই চুলিৰ গুৰিত মালিচ কৰিলে উফি আঁতৰ হোৱাৰ উপৰিও কোমল হয় ।

সুন্দৰ ছালৰ অধিকাৰী হ’বলৈ -

৬৪)অধিক গৰম পানীৰ ব্যৱহাৰ কৰিলে ছালত থকা নমনীয়তা নোহোৱা হয় ।

৬৫) অধিক শুকান ছালৰ অধিকাৰীসকলে স্নান কৰাৰ পৰত চাবোনৰ সলনি ফেচৱাছ ব্যৱহাৰ কৰিব পাৰে ।

৬৬) সংবেদনশীল ছালত এলক’হলযুক্ত ক্ৰীম ব্যৱহাৰ নকৰিব ।

৬৭) সদায় কামৰ পৰা ঘৰলৈ অহাৰ পিছত প্ৰথমেই মুখমণ্ডল পৰিষ্কাৰ কৰিব ।

৬৮) নোমকূপসমূহ বা Open pores সমূহ সংকুচিত কৰিবলৈ মূলতানী মাটিৰ পেক লগাব পাৰে । ফলত ছালৰ স্থিতিস্থাপকতাও অটুট থাকিব ।

৬৯) ছালৰ উজ্জ্বলতাৰ বাবে ফলমূল তথা শাক-পাচলি অধিক প্ৰয়োজনীয় ।

৭০) মুখৰ ছাল শুকান হ’লে স্ক্ৰাব নকৰিব । অতি প্ৰয়োজনত আমণ্ড ক্ৰাবৰ সৈতে গাখীৰ মিহলাই ক্ৰাব কৰিব পাৰে ।

অন্যান্য -

৭১) এণ্টি অক্সিডেণ্টযুক্ত খাদ্য খাবলৈ যত্ন কৰক ।

৭২) এবাৰত এসোপা খাদ্য নাখাই দিনটোত অলপ অলপকৈ খাদ্যগ্ৰহণহে অধিক লাভজনক ।

৭৩) খোজ কঢ়া আৰু পানী খোৱাৰ অভ্যাস গঢ়ি তোলে ।

৭৪) পৰাপক্ষত ঘৰত তৈয়াৰী খাদ্য খোৱাৰ অভ্যাস কৰক ।

৭৫) দিনটোৰ বাবে বজাৰ কৰিবলৈ যোৱাৰ আগতে ঘৰতেই পেট ভৰাই খাই ওলাব ।

৭৬) শকতৰ পৰা ক্ষীণাবলৈ খাদ্যাভ্যাস পৰিৱৰ্তন কৰোতে হঠাৎ একেবাৰে কমাবলৈ চেষ্টা নকৰিব ।

৭৭) যিকোনো চৰ্বিজাতীয় আহাৰ গ্ৰহণৰ পিছত এক বা দুই কিলোমিটাৰমান খোজকাঢ়ক ।

৭৮) খোজকঢ়াৰ আগতে পানী খাওক আৰু খোজকঢ়াৰ পিছত অলপ ৰৈ খাওক যাতে ডিহাইড্ৰেচন নহয় । বিশেষকৈ জহকালি ।

৭৯) ফলমূল আৰু শাক-পাচলিৰ যোগেদি অধিক ফাইবাৰ গ্ৰহণ কৰিবলৈ চেষ্টা কৰিব লাগে ।

৮০) ৰাতিপুৱাৰ আহাৰ নোখোৱাকৈ নাথাকিব ।

৮১) পৰ্যাপ্ত পৰিমাণৰ পানী গ্ৰহণ আমাৰ সমস্ত শৰীৰৰ বাবে প্ৰয়োজনীয় ।

৮২) দুখৰ সময়তো এটি সুন্দৰ হাঁহিয়ে জীৱনত যথেষ্ট সকাহ যোগায় ।

৮৩) এনে  অভ্যাস গঢ়ি তোলক, যিয়ে আপোনাৰ জীৱনটোত সমস্যাৰ সৃষ্টি নকৰে ।

৮৪) সম্প্ৰতি আমাৰ জীৱনবোৰ অতি ব্যস্ত হৈ পৰিছে, সেয়ে প্ৰতি  ৰবিবাৰে ঘৰৰ সকলো সদস্য একেলগ হৈ আহাৰ গ্ৰহণ কৰাৰ ব্যৱস্থা ৰাখক যাতে ভাৱৰ আদান-প্ৰদানত সুবিধা হয় । ইজনে সিজনৰ সমস্যা তথা মনৰ কথা ভালদৰে বুজিব পাৰে ।

৮৫) সকলোৰে সৈতে সুন্দৰ ব্যৱহাৰৰ যোগেদি নিজকে জনপ্ৰিয় কৰি তোলক ।

লেখিকা:- শ্ৰুতি জৈন

উৎস :- নন্দিনী

শেহতীয়া উন্নীতকৰণ: : 3/11/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate