মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / এটি হতাশামুক্ত জীৱনৰ বাবে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এটি হতাশামুক্ত জীৱনৰ বাবে :

এটি হতাশামুক্ত জীৱনৰ বিষয়ে লিখা হৈছে ।

 

১) হতাশাগ্ৰস্ত হোৱাসকলে জানি থোৱা ভাল হ’ব যে আমাৰ ঘৰত থকা গছ-গছনিবোৰেও এনে সমস্যা দুৰ কৰাত সহায় কৰে। ই আপোনাৰ বাতাৱৰণৰ পৰা ৰাসায়নিক তথা বিষাক্ত পদাৰ্থ আঁতৰ কৰি ত্বকক সজীৱ কৰি ৰখাৰ লগতে হাঁওফাওঁ অধিক কৰ্মক্ষম কৰি তোলে।

২) হতাশামুক্ত জীৱন যদি জীয়াব পাৰিছে, তেন্তে শাৰীৰিক, মানসিক দুই ধৰণৰ ব্যায়াম কৰক। কিন্তু ব্যায়াম কৰাৰ এটা নিৰ্দিষ্ট সময় থকা উচিত। সাধাৰণতে সন্ধিয়া ছয়বজাৰ সময়খিনি ব্যায়ামৰ কাৰণে উপযুক্ত, কিয়নো এই সময়ত শাৰীৰিক তাপমান স্বাভাৱিক হৈ থাকে। সেয়েহে এই সময়খিনিত কৰা ব্যায়ামৰ ফলত শৰীৰৰ বিশেষ লাভ হয়।

৩) উদ্বিগ্নতা দুৰ কৰাৰ আটাইতকৈ ভাল উপায় হৈছে সুনিদ্ৰা। টোপনি যাৰ ঠিকমতে হয়, তেওঁলোকক আপেক্ষিকভাৱে অন্যতকৈ কম হতাশাগ্ৰস্ত হোৱা দেখা যায়। গতিকে দিনে সাত-আঠাঘণ্টা শোৱা উচিত যাতে শৰীৰটো সুস্থ আৰু সতেজ অনুভৱ কৰে।

৪) যদি ভাব হয় যে আপুনি হতাশাত ভুগিছে, তেন্তে গৰমপানীৰে স্নান কৰক। এনে কৰিলে আপোনাৰ মন-শৰীৰ ক্ৰিয়াশীল হ’ব আৰু হতাশাও দুৰ হয়।

৫) কোৱা হয় যে সুখাদ্যই সু-স্বাস্থ্যৰ আধাৰ। সুখাদ্যৰ প্ৰয়োজন কেৱল শৰীৰৰ বাবেই নহয়, বৰঞ্জ মনসিক চাপ কমোৱাৰ বাবেও আৱশ্যক। আৰম্ভণিৰে পৰাই সেউজীয়া শাক-পাচলি, সতেজ ফলমুল, ভাল খাদ্য যদি খাব পাৰে, তেতিয়াহ’লে আপুনি এটি স্বাস্থ্যৱান শৰীৰৰ লগতে সুস্থ মস্তিষ্কৰো অধিকাৰী হ’ব পাৰিব। এই কাৰণতে খোৱা-বোৱাৰ ক্ষেত্ৰত সচেতন হ’ব। সদায় সময়মতে জলপান কৰাৰ উপৰি দুপৰীয়া আৰু নিশাৰ আহাৰ কৰাৰ সঠিক সময় বান্ধি লওক।

৬) তেল, মছলাহীন তথা ভজা-পোৰা খাদ্য খোৱাৰ পৰা বিৰত থাকিব আৰু সতেজ শাক-পাচলি সৰহকৈ খাব, যিয়ে আপোনাক ভিতৰৰ পৰা সুস্থ কৰি তুলিব।

৭) কেতিয়াও কোনো এটি বিষয়ক লৈ গম্ভীৰভাৱে চিন্তা নকৰিব। কেতিয়াবা কোনো এটি বিষয়ক লৈ ইমান গহীন হৈ পৰা যায় যে নিজৰ অজ্ঞাতে হতাশাত ভুগিবলগীয়া পৰিস্থিতি আহি পৰে। সেয়েহে ধীৰ-স্থিৰ, সহজ-সৰল হ’বলৈ যত্ন কৰি সমস্যাটোৰ সমাধানৰ প্ৰয়াস কৰক।

৮) কেতিয়াবা আকৌ এনে হয়, দুখ-হতাশাই দেহৰ আভ্যন্তৰীণ ভাগ জ্বলাই পুৰি মাৰে। তেতিয়া আপুনি কোনো মনোবিশেষজ্ঞৰ সৈতে বিষয়টোৰ সম্পৰ্কে মুকলিকৈ আলোচনা কৰক। দেখিব, অতি সহজে আপুনি সুফল পাব।

৯) হতাশামুক্ত হৈ থাকিবলৈ যদি বিচাৰে, তেনেহ’লে ভোক লগা মাত্ৰকে আহাৰ খোৱাৰ অভ্যাস কৰক। পানী সৰহকৈ খাব।

১০) সময় অনুসাৰে আপুনি নিজৰ সম্পুৰ্ণ শৰীৰটোৰ মালিচ কৰিবলৈ লওক।

১১) যদি আপুনি নিচাকাৰক কোনো দ্ৰব্য সেৱন কৰে, তেন্তে তেনে বস্তু সেৱনৰ অভ্যাস এৰি পেলাওক অথবা লাহে লাহে কমাই আনক, কিয়নো ই আপোনাক শাৰীৰিক-মানসিকভাৱে ৰুগীয়া কৰিহে তুলিব।

১২) যদি দৈনন্দিন কাম-কাজখিনি কৰি উঠাৰ পিছত আপোনাৰ হাতত সময় থাকে, তেতিয়া আপুনি কিছুসময় ধ্যানমগ্ন হওক। আপুনি ধীৰে ধীৰে উশাহ টানি লওক। পুনৰ ধীৰে ধীৰে উশাহ এৰি দিয়ক। এনেদৰে কিছুসময়ৰ পিছত দেখিব-শৰীৰ-মনৰ দুখ-ভাগৰ আঁতৰি যাব।

১৩)হতাশা তথা টেনচনমুক্ত হ’বলৈ মানুহে বিভিন্ন ৰকমৰ মনোৰঞ্জনৰ দিহা কৰে। টিভি, চিনেমা, খেলা-ধুলা, সংগীত, নৃত্য ইত্যাদি এনে কিছুমান উপায়, যিটো আজিকালি সকলোৱে কৰি আহিছে। আপুনিও এনে উপায় অৱলম্বন কৰিব পাৰে।

১৪) যদি অতিমাত্ৰাত খং উঠে, তেন্তে আপুনি অন্য বিষয়ত মন কেন্দ্ৰিত কৰাৰ চেষ্টা কৰক।

১৫) যিকোনো কামত নিজকে ব্যস্ত ৰাখক যাতে অদৰকাৰী কথাবোৰ মনলৈ নাহে।

১৬) ব্যায়ামক বোজা গান নকৰি প্ৰতিদিনে নিয়মীয়াকৈ ইয়াৰ অভ্যাস কৰিবলৈ লওক।

লেখিকা: ৰীণা দেৱী (নন্দিনী)

3.16666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top