আধুনিক জীৱন যাত্ৰাত আমাৰ শৰীৰটো সকলো সময়তে বিভিন্নধৰণৰ চাপৰ মুখামুখি হৈ থাকে। ম’বাইল ফোন, টেলিভিছনকে আদি কৰি ইলেকট্ৰ্নিক সামগ্ৰীবোৰৰ পৰা হোৱা বিকিৰণ, প্ৰদূষিত বায়ু আৰু পানী, উদ্যোগসমূহৰ বৰ্জ্য বা বিষাক্ত পদাৰ্থ, কীটনাশক দ্ৰব্যৰ সঘন আৰু ব্যাপক ব্যৱহাৰৰ ফলত উৎপন্ন হোৱা বিহযুক্ত খাদ্য, চিগাৰেটকে আদি কৰি মাদক দ্ৰব্য সেৱন, ৰঞ্জক পদাৰ্থ আৰু বিভিন্ন ঔষধ আদিৰ কবলৰ পৰা আমাৰ শৰীৰক মুক্ত কৰি ৰখাটো প্ৰায় অসম্ভৱ হৈ পৰিছে।
এই প্ৰদূষিত পদাৰ্থবোৰৰ মাধ্যমেদি আমাৰ শৰীৰত প্ৰৱেশ কৰে কিছুমান মুক্তমূলক, যিবোৰে শৰীৰত কোষৰ বয়স দ্ৰুতগতিত বৃদ্ধি কৰি তোলে, ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস কৰে আৰু শৰীৰটোক ৰোগ-ব্যাধিৰ বাবে সহজ লক্ষ্য কৰি তোলে। মুক্তমূলকবোৰে শৰীৰৰ কোষৰ পৰা অক্সিজেন টানি লৈ শৰীৰ কোষত অক্সিজেনৰ অভাৱ ঘটে। এইটো শৰীৰৰ বাবে এক ক্ষতিকাৰক অৱস্থা। এই ক্ষতিৰ বিৰুদ্ধে যুঁজিবলৈ এবিধ উপাদানৰ কথা সঘনাই কোৱা হয়, যাৰ নাম এণ্টি অক্সিডেণ্ট। সাধাৰণতে সকলোবোৰ প্ৰাকৃতিক খাদ্য, বিশেষকৈ শাক-পাচলি আৰু ফল-মূলত এণ্টি-অক্সিডেন্ট থাকে যদিও প্ৰাকৃতিকভাৱে ৰঙীন খাদ্যত এণ্টি অক্সিডেণ্ট বেছিকৈ থাকে।
উদাহৰণস্বৰূপে, সেউজীয়া বা বগা আঙুৰৰ তুলনাত ক’লা আঙুৰত এণ্টি অক্সিডেণ্ট বেছিকৈ থাকে। তেনেকৈ বগা পিঁয়াজৰ তুলনাত ৰঙা আৰু হালধীয়া পিঁয়াজ এণ্টি অক্সিডেণ্টৰ ভাল উৎস। নহৰু, বন্ধাকবি, ফুলকবি, ব্ৰকলি, গাঢ় ৰঙা গাজৰ, ৰঙা আলু, ৰঙালাউ, জাতিলাউ আদিৰ পৰা আমি যথেষ্ট পৰিমাণে এণ্টি অক্সিডেণ্ট পাব পাৰো।
এণ্টি অক্সিডেণ্ট অধিক পাবলৈ যিবোৰ খাদ্য কেঁচাই খাব পাৰে সেইবোৰ কেঁচাই খোৱাৰ অভ্যাস কৰিব লাগে। সিজাই খাব লগা খাদ্যবোৰো যিমান পাৰি কম সময়ৰ বাবে সিজাব লাগে। ফল-মূলৰ ৰস উলিয়াই খোৱাতকৈ চোবাই খালে অধিক এণ্টি অক্সিডেণ্ট পোৱা যায়। অতিমাত্ৰা সিজোৱা, দীৰ্ঘদিন আগতে ছিঙি থোৱা আৰু সংৰক্ষিত খাদ্যত এণ্টি অক্সিডেণ্টৰ মাত্ৰা কমি আহে।
উৎসঃ অসমীয়া খবৰ
শেহতীয়া উন্নীতকৰণ: : 5/29/2020