মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / এনাস্থেছিয়া(সংজ্ঞাহৰণ):
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এনাস্থেছিয়া(সংজ্ঞাহৰণ):

এনাস্থেছিয়া(সংজ্ঞাহৰণ)ৰ বিষয়ে লিখা হৈছে ।

এনাস্থেছিয়া অৰ্থাৎ সংজ্ঞাহৰণ প্ৰথা ব্যৱহাৰ হোৱাৰ আগলৈ জটিল অস্ত্ৰোপচাৰ কৰাটো আছিল অতি কঠিন কাম। সৰু-সুৰা কটা-ছিঙাৰ বাহিৰে ডাঙৰ অস্ত্ৰোপচাৰ কৰাটো সম্ভৱপৰ নাছিল। ৰোগীজনক অস্ত্ৰোপচাৰ কৰাবলৈ সংজ্ঞাহীন কৰাটোহে আছিল ডাঙৰ সমস্যা।

সকলো চিকিৎসকে ৰোগীয়ে অকণো কষ্ট নোপোৱাকৈ চিকিৎসা প্ৰদান কৰিবলৈ বিচাৰে। সেয়েহে এনাস্থেছিয়া নথকা দিনত অস্ত্ৰোপচাৰ কৰিবলগা ৰোগীজনক আসুৰিক উপায়েৰে আফিংবা ভাং খুৱাই বা মদ্যপান কৰাই বা সন্মোহন কৰি(Mesmerism) ৰোগীজনক চেতনাহীন কৰি লোৱা হৈছিল। ইয়াৰ পিছতহে আৰম্ভ হয় অস্ত্ৰোপচাৰ। এনে প্ৰক্ৰিয়াত কেতিয়াবা ৰোগীৰ মৃত্যুও হৈছিল।

এই জটিল প্ৰক্ৰিয়াৰ পৰা হাত সাৰিবৰ বাবে বিজ্ঞানীসকলে নানা উপায় বিচাৰি আছিল যদিও সফল হ’ব পৰা নাছিল। ১৮ শতিকাৰ প্ৰথমাৰ্ধত বিজ্ঞানীসকলে এনাস্থেছিয়াৰ কাৰ্যকাৰিতাৰ বিষয়ে জানিব পাৰে আৰু প্ৰথমবাৰৰ বাবে আমেৰিকা আৰু ইউৰোপত ইয়াৰ ব্যৱহাৰ হয়।

সাধাৰণতে সজ্ঞান(Conscious) বুলিলে আমি আমাৰ চাৰিওফালে থকা বস্তুসমূহৰ অস্তিত্বৰ অনুভূতি বা সচেতনতাক বুজো। সংজ্ঞাহৰণৰ সময়ত আমাৰ মগজুৰ ‘কৰটেক্স’ৰ(Cortex) পৰা ‘মেডুলা’(Medulla) অংশৰ কামকাজ নিষ্ক্ৰিয় হৈ থাকে। কিন্তু সঠিক পদ্ধতি আৰু সঠিক মাত্ৰাৰ ঔষধৰ প্ৰয়োগৰ দ্বাৰা হেৰোৱা সংজ্ঞা আকৌ সঠিক পদ্ধতিৰে ঘূৰাই আনিব পাৰি।

১৯৩০ চনত মেয়াৰ আৰু ওভাৰটনে ‘লিপিড হাইপোথেচিচ(Lipid Hypothesis) নাম দি এনাস্থেছিয়া হোৱাৰ কাৰণসমূহৰ গৱেষণা কৰিছিল। কিন্তু ১৯৮৪ চনত ফ্ৰেংক আৰু লেইবে নানান গৱেষণা কৰি মন্তব্য কৰিলে যে সংজ্ঞাহৰণ কৰা ঔষধবোৰে ‘লিপিড ফ্ৰী এনজাইম’(Lipid Free Enzyme) বোৰ নাইকিয়া কৰে আৰু শেষত ৰোগী সংজ্ঞাহীন হৈ পৰে। প্ৰোটিনৰ কামকাজৰ বাধাই ইয়াৰ মূল কাৰণ। বিভিন্ন ৰাসায়নিক পদাৰ্থৰ মিশ্ৰণক কোৱা হয় ‘এনাস্থেটিকছ’(Anaesthetics)।

চিকিৎসা বিজ্ঞানৰ ছাত্ৰ হৈ থাকোতেই ‘উইলিয়াম থমাছ গ্ৰীণ মৰ্টনে’ ১৯৪৬ চনৰ ১৬ অক্টোবৰ তাৰিখে আমেৰিকাৰ ব’ষ্টন চহৰৰ মাছাচুছেট হস্পিতালত ৰাজহুৱা ভাৱে ইথাৰ প্ৰয়োগ কৰি কোনো বিষ নোহোৱাকৈ অস্ত্ৰোপচাৰ কৰোৱাই সকলোকে চমক খুৱালে। শল্য চিকিৎসক জেচি বাৰেনে, গিলবাৰ্ট এবোট নামৰ ৰোগীজনৰ ডিঙিৰ টেমুনা এটা অনায়াসে কোনো বিষ নোহোৱাকৈ অস্ত্ৰোপচাৰ কৰিব পাৰিলে। মৰ্টনৰ এই মহান প্ৰচেষ্টাৰ ফলত ‘ইথাৰ’ৰ জনপ্ৰিয়তা বৃদ্ধি পাবলৈ ধৰিলে আৰু মৰ্টনৰ নাম যাউতিযুগীয়া হৈ ৰ’ল। সেয়েহে বিশ্বত ১৬ অক্টোবৰৰ দিনটো ‘বিশ্ব এনাস্থেছিয়া দিৱস’(World Anasesthesia Day) হিচাপে পালন কৰি অহা হৈছে। ১৮৩৯ চনত ছেমুৱেল গুথৰি নামৰ আমেৰিকাৰ ৰাসায়নবিদ এজনে ‘ক্ল’ৰোফৰ্ম’ আৱিষ্কাৰ কৰিছিল যদিও কেইবাবছৰ পিছতহে এনাস্থেছিয়া হিচাপে এই বিধ দ্ৰব্য ব্যৱহাৰ কৰা হৈছিল। ই লিভাৰ আৰু হাৰ্টত বিষক্ৰিয়া ঘটায় বাবে বৰ্তমান ‘ক্ল’ৰোফৰ্ম’ৰ ব্যৱহাৰ বন্ধ কৰা হৈছে।

ঊনৈশ শতিকাৰ শেষৰ ফালে ছিগমণ্ড ফ্ৰয়েডে(১৮৫৬-১৯৩৯) ‘ক’কেইন’(Cocaine) এনাস্থেটিক উপাদান বুলি উল্লেখ কৰিছিল যদিও কাৰ্ল কোলাৰ নামৰ অষ্ট্ৰেলিয়াৰ চিকিৎসক এজনে অস্ত্ৰোপচাৰৰ সময়ত ‘ক’কেইন’ ব্যৱহাৰ কৰিছিল। জে.এল. কৰনিং(১৮৫৫-১৯৪৪) নামৰ চিকিৎসক এজনে ‘স্পাইনেল এনাস্থেছিয়া’ (Spinal Anaesthesia) হিচাবে ‘ক’কেইন ব্যৱহাৰ কৰিছিল। পিছত ‘নোভোকেইন’ আৰু ‘প্ৰোকেইন’(Novocaine and Procaine) আৱিষ্কাৰ হৈছিল। নানান পাৰ্শ্বক্ৰিয়াৰ বাবে নোভোকেইন আৰু প্ৰোকেইনৰ সলনি বৰ্তমান স্পাইনেল এনাস্থেছিয়া হিচাবে-

  • লিগানোকেইন’(Lignocaine),
  • বুপিভেকেইন(Bupivacaine),
  • মেপিভেকেইন(Mepivacaine) ব্যৱহাৰ কৰা হয়।

সাধাৰণতে জেনেৰেল, লোকে আৰু ট্ৰপিকেল- এই তিনিধৰণৰ এনাস্থেছিয়া ব্যৱহাৰ কৰা হয়।

  • জেনেৰেল এনাস্থেছিয়া হৈছে ৰোগেজনক সম্পূৰ্ণ অচেতন কৰি তোলা প্ৰক্ৰিয়া।
  • লোকেল এনাস্থেছিয়া হৈছে দেহৰ নিৰ্দিষ্ট কোনো ঠাই চেতনাহীন কৰি তোলা।
  • ট্ৰপিকেল এনাস্থেছিয়া হৈছে যিখিনি ঠাইত অস্ত্ৰোপচাৰ কৰা হ’ব সেই ঠাইৰ চাৰিওফালে চেতনাহীন কৰি তোলা।

জেনেৰেল এনাস্থেছিয়াত বিভিন্ন ঔষধ-ইনজেকচন আৰু লগতে উশাহত বিভিন্ন গেছ প্ৰয়োগ কৰি ৰোগী চেতনাহীন কৰি তোলা হয়।

পূৰ্বে কিছুমান গেছ ব্যৱহাৰ কৰাটো সমস্যাৰ কাৰণ আছিল। তাৰ ভিতৰত ‘ইথাৰ’, ‘ক্ল’ৰোফৰ্ম’ আৰু ‘চাইক্লোপ্ৰপেন’ অন্যতম। কিছুমান পাৰ্শ্বক্ৰিয়া থকাৰ বাবে বৰ্তমান সময়ত-

  • হেলোথেন’(Halothane),
  • ’আইছোফ্লুৰেন’(Isoflurane),
  • ‘এনফ্লুৰেন’(Enflurane),

‘ছেভোফ্লুৰেন’(Savoflurane) গেছ ব্যৱহাৰ কৰা হয়।

শ্বাসনলীত বিশেষ ধৰণৰ ৰবৰ বা প্লাষ্টিকৰ পাইপ সুমুৱাই দিয়া হয়। এই প্ৰণালীৰ নাম ‘Endotracheal Intubation’। এই ব্যৱস্থাত অক্সিজেন, নাইট্ৰাছ অক্সাইড আৰু আন আন গেছ চলাচল কৰে যদিও কাৰ্বন-ডাই-অক্সাইড গেছ Sodalime Granules এ শুহি লয়। এনস্থেছিয়া হিচাবে অনেক ঔষধ ব্যৱহাৰ কৰা হয়। তাৰ ভিতৰত-

  • বিষনাষক ঔষধ,
  • Propofol,
  • Thiopentone-sodium,
  • বমিনাশক,
  • মাংসপেশী ঢিলা কৰা ঔষধ,
  • মাংসপেশী শক্তিশালী কৰা ঔষধ আদিয়ে প্ৰধান।

কিন্তু এই ঔষধবোৰ ব্যৱহাৰ কৰাৰ সময়ত সাৱধান হোৱা উচিত। এনাস্থেছিয়া প্ৰয়োগ কৰাৰ সময়ত-

  • হৃদযন্ত্ৰ,
  • তেজ পৰিবাহী নলী,
  • বৃক্ক,
  • যকৃৎ,
  • শ্বাস প্ৰক্ৰিয়াত প্ৰভাৱ পৰিব পাৰে।

সকলো অস্ত্ৰোপচাৰৰ ক্ষেত্ৰত সংজ্ঞাহৰণকাৰীজন(Anaesthesiologist) হৈছে মূল বিশেষজ্ঞ চিকিৎসক। অস্ত্ৰোপচাৰ কৰাৰ আগতে কি পদ্ধতিৰে এনাস্থেছিয়া দিয়া হ’ব, সেয়াও তেখেতে নিৰ্ধাৰণ কৰিব।

  • ৰোগীৰ বয়স,
  • শৰীৰ তত্ত্ব,
  • স্বাস্থ্য পৰীক্ষা,
  • তেজ পৰীক্ষা,
  • অস্ত্ৰোপচাৰৰ প্ৰকাৰ আদিৰ ওপৰত নিৰ্ভৰ কৰি এনাস্থেছিয়া দিয়া হয়।
  • ৰোগীৰ অৱস্থা,
  • ব্লাডপ্ৰেছাৰ,
  • ই. চি. জি. (ECG),
  • অক্সিজেন আৰু অন্যান্য গেছবোৰৰ পাৰ্শ্বক্ৰিয়া,
  • ঔষধৰ সঠিক প্ৰয়োগ আদি পৰীক্ষা কৰি মাজে সময়ে শল্যচিকিৎসকজনক দিহা-পৰামৰ্শ দি থকা হয়।

এনাস্থেছিঅ’লজিষ্টজনৰ বিভিন্ন ঔষধ, ইয়াৰ গুণাগুণ, পাৰ্শ্বক্ৰিয়া আদিৰ বিষয়ে জ্ঞান থকা উচিত। অস্ত্ৰোপচাৰ শেষ হোৱাৰ পিছতে ‘ইনটেনছিভ কেয়াৰ ইউনিট’(ICU), কিবা সমস্যাৰ সৃষ্টি হ’লে কৃত্ৰিম উশাহ-নিশাহৰ ব্যৱস্থা আৰু প্ৰয়োজন হ’লে ৰক্তদানৰ ব্যৱস্থাও এনাস্থেছিঅ’লজিষ্টজনে নিৰ্ধাৰণ কৰিব।

লেখক: ডাঃ ধ্ৰুৱজ্যোতি দাস(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

2.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top