মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / এপাৰি সুন্দৰ দাঁতৰ বাবে :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এপাৰি সুন্দৰ দাঁতৰ বাবে :

এপাৰি সুন্দৰ দাঁতৰ বিষয়ে লিখা হৈছে ।

আধুনিক যুগত দন্ত চিকিৎসাই যথেষ্ট প্ৰসাৰ আৰু প্ৰচাৰ লাভ কৰিছে। ই বৰ্তমান সময়ত চিকিৎসা বিজ্ঞানৰ অতি অপৰিহাৰ্য অংগত পৰিণত হৈছে। লগত অনন্য বিশেষজ্ঞতা(Specialization) হিচাপে পৰিগণিত হৈছে। বিশ্বমানৰ যন্ত্ৰপাতি আৰু বিশ্বমানৰ পদ্ধতিৰ প্ৰয়োগৰে দন্ত চিকিৎসকসকলেও ৰোগীসকলক যথেষ্ট উন্নতমানৰ চিকিৎসা আগবঢ়াবলৈ সক্ষম হৈছে। লগতে দন্ত চিকিৎসা সাম্প্ৰতিক সময়ত এক অন্যান্য পেছালৈও পৰিণত হৈছে।

দাতঁ হৈছে আমাৰ শৰীৰৰ এক অবিচ্ছেদ্য অংগ। দাঁত আমাৰ মুখগহ্বৰত অৱস্থিত এক অংগ, যাৰ জৰিয়তে আমি খাদ্য ভালকৈ চোবাই খোৱাৰ লগতে দাঁতৰ উপস্থিতি আমাৰ বাহ্যিক সৌন্দৰ্যৰ বাবেও যথেষ্ট প্ৰয়োজনীয়। দাঁতৰ জৰিয়তে আমি খাদ্য ভালকৈ চোবাই খোৱাৰ লগতে ই আমি কথা স্পষ্টভাৱে কোৱাৰ বাবেও যথেষ্ট দৰকাৰী। দাঁত অবিহনে বা দাঁতৰ বিভিন্ন ৰোগ আৰু উপসৰ্গই দেখা দিলে আমি খাদ্য খোৱা আৰু কথা-বাৰ্তা পতাৰ ক্ষেত্ৰতো যথেষ্ট অসুবিধাৰ সন্মুখীন হ’বলগীয়া হয়। ইয়াৰ ফলত শৰীৰত আন বহুতো বাহ্যিক উপসৰ্গই দেখা দিয়ে আৰু ই শৰীৰক দুৰ্বল আৰু ৰুগীয়া কৰি তোলে আৰু দেহৰ সৌন্দৰ্যও বহু পৰিমাণে লাঘৱ কৰে। গতিকে শৰীৰৰ আন অংগৰ লগতে দাঁতৰ যত্ন লোৱাটোও অতি দৰকাৰী।

দাঁতৰ বাবে প্ৰয়োজনীয় যতনসমূহ হৈছে মূলত -

*পুৱা আৰু ৰাতি অতি কমেও দুবাৰ ভালকৈ ব্ৰাছ কৰাটো নিতান্তই প্ৰয়োজনীয়, যাতে দাঁত আৰু মুখগহ্বৰত কোনো বেক্টেৰিয়াই ক্ৰিয়া কৰিব নোৱাৰে।

*শৰীৰৰ বাবে ক্ষতিকাৰক যেনে- চকলেট, ঠাণ্ডা পানীয়, চিপছ, বিস্কুট আদিৰ পৰা যিমান পাৰি বিৰত থাকিব লাগে বা খালেও মুখখন তথা দাঁতবোৰ ভালদৰে পৰিষ্কাৰ কৰাটো অতি দৰকাৰী।

*দাঁতৰ সঠিক যতনৰ বাবে ফ্ল’ৰাইডযুক্ত টুথপেষ্টহে ব্যৱহাৰ কৰিব লাগে।

*প্ৰতি তিনি মাহৰ মূৰে মূৰে টুথব্ৰাছ সলাব লাগে।

*আঁহযুক্ত খাদ্য যেনে- আপেল, মধুৰিআম, কুঁহিয়াৰ আদি দাঁত আৰু মুখগহ্বৰৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ইয়াৰ লগতে বিভিন্ন সেউজীয়া শাক-পাচলিও অতি উপকাৰী।

বছৰত এবাৰ হ’লেও দন্ত চিকিৎসকৰ ওচৰলৈ গৈ দাঁতৰ পৰীক্ষণ কৰাটো নিত্যান্তই প্ৰয়োজনীয়।

দাঁত আৰু মুখগহ্বৰৰ বিভিন্ন ৰোগৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈয়ে প্ৰতি বছৰৰ ২০ মাৰ্চত বিশ্ব মুখৰ স্বাস্থ্য সজাগতা দিৱস(World Oral Health Day) হিচাপে পালন কৰা হয়।

লেখক: ডাঃ নিলোৎপল বৰা(সাদিন)

3.23076923077
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top