অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এলাহ দূৰ কৰো আহক

এলাহ দূৰ কৰিবলৈ আপুনি কি কি কৰিব লাগে

ক্ৰিং ক্ৰিং ক্ৰিংকৈ বাজি উঠা এলাৰ্ম ক্লকটোৰ কৰ্কশ শব্দই পুৱাৰ চিকুণ টোপনি ভাঙিলে টিঙিচকৈ খং উঠে আমাৰ। আগদিনা নিশা আমি কিন্তু নিজেই পুৱা পাঁচ বজাত সাৰ পাবলৈ এলাৰ্ম দি থৈ দিওঁ। ঘড়ীটোৱে নিজৰ কাম সঠিক সময়ত সঠিক ৰূপেই কৰে। এলাৰ্ম বাজি উঠাৰ লগে লগে হয় আমি কাণত সোপা মাৰি নিটাল মাৰো, নহয় এলাৰ্ম ক্লকৰ সংকেত ধ্বনি বন্ধ কৰি বাগৰ সলাই পুনৰ শুই পৰো। পিচৰবাৰ সাৰ পাওঁতে দেখো আঠ বাজো বাজো। তাৰ পিছত শুই উঠিয়েই আমাৰ লৰা-ঢপৰাৰ অন্ত নাই। এয়া কিয় হয় জানেনে? ইয়াৰ আঁৰত থাকে এলাহ। এই এলাহেই আমাৰ দৈনন্দিন জীৱনত কমখন লটি-ঘটি কৰেনে? মানুহৰ কোনো এটা কাম সফল কৰি তোলাৰ ক্ষেত্ৰত এলাহে সদায় হেঙাৰৰূপে থিয় দিয়ে। এলাহ মানৱ জীৱনৰ পৰম শত্ৰু। ‘আজি কৰিম, কাইলৈ কৰিম’। ঠিক আছে পিচত দেখা যাব’, ‘এতিয়া নগ’লেও, নাভাবিলেও বা নকৰিলেও চলিব’ ইত্যাদি ধৰণৰ মানসিকতাই যেতিয়া গা কৰি উঠে, তেতিয়াই এলাহেও মূৰ দাঙি উঠিবলৈ সুযোগ পায়। এলাহ এক ধৰণৰ অৱসাদ। এলাহ উদ্ভৱ হয় আৰামপ্ৰিয়তাৰ পৰা। বিছনাখনত শুই থাকিলে শুই থাকিম যেনেই লাগে, বহিলে বহি থাকিম যেনেই লাগে অথবা অযথা টিভি চেনেলবোৰক অদল-বদল কৰি চাই সময় কটাই আমি ভাল পাওঁ। এলেহুৱা স্বভাৱটোৰ কাৰণেই আমি মন গ’লেও উঠি আহি কামত ব্যস্ত হ’ব নোৱাৰো। এলাহে আমাক দমন কৰি আমাৰ যথেষ্ট ক্ষতি কৰে।  কিমান যে গুৰুত্বপূৰ্ণ কাম আমাৰ এলাহৰ বাবেই হৈ নুঠে। ই আমাক কৰ্মবিমুখ কৰি তোলে। ই আমাৰ মনৰ উৎসাহ নোহোৱা কৰি তোলে। মনত উৎসাহ নাথাকিলে কোনো কামতে আগুৱাই যাব নোৱাৰি। আলস্য বা এলাগ আচৰণ এবাৰ মনৰ ভিতৰত সোমাই গ’লে গোটেই জীৱনজুৰি আমাক পীড়িত কৰে। আহকচোন এলাহক জয় কৰাৰ চেষ্টা চলাওঁ।

১) পুৱাই শুই উঠি জগিং, যোগাভ্যাস বা প্ৰাত্যভ্ৰমণ কৰিলে আলস্য ভাৱ আঁতৰে।

২) এতিয়াৰ কাম এতিয়াই কৰিম বুলি মনটো ডাঠ কৰি ল’ব লাগে।

৩) এইখিনি সময়ত মই কামটো শেষ কৰিমেই বুলি কাম হাতত ল’ব লাগে। নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত কামবোৰ শেষ কৰাৰ দক্ষতা অৰ্জন কৰিলে কামবোৰ দ্ৰুত গতিত হৈ উঠে।

৪) এবাৰ কিবা এটা কাম কৰাৰ সিদ্ধান্ত ল’লে সেইটো নকৰা পৰ্য্যন্ত অচল-অটল হৈ থাকিব পাৰিব লাগিব।

৫) সুকোমল বিছনাখনে আমাক যিমান হাত বাউলি দি মাতিলেও সেই আহ্বানক উপেক্ষা কৰিব পাৰিব লাগিব।

৬) যি ব্যক্তি সদায় প্ৰসন্ন চিত্তৰে থাকে, তেনে ব্যক্তিক কেতিয়াও এলাহে আগুৰি নধৰে। সেয়েহে মনক সদায় প্ৰসন্নচিত্তে ৰাখক। কৰি ভালপোৱা কামত নিজক ব্যস্ত ৰাখক।

মানুহে এলাহ জয় কৰি কৰ্মত সফলতা লভিব পৰা এক সুন্দৰ উদাহৰণ হ’ল অসমৰ বিখ্যাত তথা ঐতিহ্যময় ‘ধোদৰ আলি’ নিৰ্মাণৰ আঁৰৰ কাহিনী। আহোম স্বৰ্গদেউ গদাধৰ সিংহই ১৬৮৭ খ্ৰীষ্টাব্দত উজনি অসমৰ গোলাঘাট জিলাৰ কমাৰগাঁৱৰ পৰা ডিব্ৰুগড় জিলাৰ জয়পুৰলৈকে এটা পথ নিৰ্মাণ কৰাৰ পৰিকল্পনা হাতত লয়। এই পথ নিৰ্মাণ কৰা কামত তেওঁ নিয়োজিত কৰে সমাজত এলেহুৱা বা ধোদ বুলি পৰিচিত লোকসকলক। স্বৰ্গদেউৰ নিৰ্দেশ পাই এই ধোদসকলে ২১২ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটো অতি কম দিনৰ ভিতৰতে নিৰ্মাণ কৰি তোলে। ধোদসকলৰ দ্বাৰা নিৰ্মিত কাৰণে আলিটোৰ নাম ৰখা হয় ‘ধোদৰ আলি’।

গতিকে মন কৰিলেই আমি এলাহক জয় কৰিব পাৰো। এইক্ষেত্ৰত জাপানৰ দৰে দেশৰ লোকসকলৰ কৰ্মোদ্যমো আমাৰ বাবে হ’ব পাৰে অনুপ্ৰেৰণাস্বৰূপ।

লেখিকা: কস্তুৰী বৰঠাকুৰ।

2.98734177215
ধীৰাজ চন্দ্ৰ এণ্টনী Nov 30, 2019 12:39 PM

ভাল লাগিল পঢ়ি

ধীৰাজ চন্দ্ৰ এণ্টনী Nov 30, 2019 12:39 PM

ভাল লাগিল পঢ়ি

ন্ৰিপেন্দ্ৰ নৰযন শৰ্মা Nov 20, 2015 12:20 PM

পঢ়ি ভাল লাগিল

আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top