মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / এলাৰ্জিৰ ফলপ্ৰসু ঘৰুৱা বিধান :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এলাৰ্জিৰ ফলপ্ৰসু ঘৰুৱা বিধান :

এলাৰ্জিৰ ফলপ্ৰসু ঘৰুৱা বিধানৰ বিষয়ে লিখা হৈছে ।

 

জীৱনত এলাৰ্জিত নুভুগা ব্যক্তি হয়টো আপুনি বিচাৰি নাপাব।শৰীৰে যেতিয়া কোনো দ্ৰব্য, ঔষধি বা পৰিবেশৰ সৈতে সামঞ্জস্য গঢ়ি লব নোৱাৰে তেতিয়া যি ধৰণৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে তাকেই এলাৰ্জি বোলে।

*নাকৰ এলাৰ্জি হলে খুব হাঁচি আহিব,

*নাকেৰে পানী ওলাব,

*চকু ৰঙা হব।ছালৰ এলাৰ্জি হলে ছালত ৰঙা ৰঙা চকল চকল ফুলি উঠিব,

*খুব খজুৱাব আৰু কেতিয়াবা ঘাঁ ও হৈ যাব পাৰে।

হাওঁফাওঁৰ এলাৰ্জিত আকৌ সামান্য কাঁহৰ পৰা এজমা ৰোগও হব পাৰে।

এলাৰ্জিৰ কাৰণ যিয়েই নহওঁক কিন্তু এটা কথা স্পষ্ট যে আমাৰ শৰীৰৰ ভিতৰত ৰোগ প্ৰতিৰোধ ক্ষমতাৰ অলাগতিয়াল উত্তেজনা হয় যাক চিকিৎসা বিজ্ঞানৰ ভাষাত হাইপাৰ ছেনচিটিভ ৰিয়েকচন বুলি কোৱা হয়।এই ৰিয়েকচন নাশ কৰিবলৈ এন্টি এলাৰ্জিক অৰ্থাৎ এন্টি হিষ্টামিনিক ঔষধ সেৱন কৰি সাময়িক ভাৱে দবাই ৰাখিব পাৰি যদিও সম্পূৰ্ণ ৰূপে আৰোগ্য লাভ নহয়।মই আজি ইয়াত এটি ঔষধ প্ৰস্তুত কৰিবলৈ আপোনালোকক শিকাই দিম।যি সকলে উপৰি উক্ত বেমাৰত ভুগি থাকে নিশ্চয় সেৱন কৰি ফলাফল জনাব।

লাগতিয়াল দ্ৰব্য -

১) সতেজ কেঁচা হালধি-২৫০ গ্ৰাম

২)সতেজ কেঁচা আদা-২৫০ গ্ৰাম

৩)ইলাচী, লং - ১০ গ্ৰামকৈ প্ৰত্যেক বিধ

৪)শুকান তুলসীৰ পাতৰ গুৰি - ৫০ গ্ৰাম

৫) দুই চামুচ গৰুৰ ঘি

৬) গুৰ - ৫০০ গ্ৰাম

প্ৰস্তুত কৰাৰ পদ্ধতি -

পোনতে আদা আৰু হালধীৰ বাকলি গুছাই থেতেলাই লৈ তাৰ ৰস খিনি এটা পাত্ৰত উলিয়াই থওক। শিঠা বা যাৱৰ অংশ বেলেগকৈ ৰাখক। এতিয়া এটা কেৰাহীত ঘি খিনি গৰম কৰি আদা হালধীৰ ৰস উলিওৱাৰ পিছৰ অৱশিষ্ট খিনি অলপ সময় ভাজি আন এটি পাত্ৰত উলিয়াই থওক। এতিয়া উক্ত কেৰাহীত গুৰ খিনি পগাই লওঁক। গুৰ খিনি গলি গলে তাত পোনতে আদা হালধীৰ ৰস খিনি ঢালি পগাই থাকক আৰু অলপ পিছত ঘিত ভজা দ্ৰব্য খিনি মিহলাই কম জুইত কিছু সময় উতলাই থাকক।পাছ মিনিট মান পিছত তুলসীৰ গুৰি, লংৰ গুৰি, ইলাচীৰ গুৰি মিহলাই দুই মিনিট পিছত নমাই থওক। ঠাণ্ডা হলে এটি কাচৰ পাত্ৰত ভালদৰে বন্ধ কৰি থব। এই ঔষধবিধ এমাহলৈ ঠিকে থাকিব।

*খোৱাৰ মাত্ৰা-১০ মিলিগ্ৰামকৈ ৰাতিপুৱা খালি পেটত খাই আধা গিলাচ কুহুমীয়া গৰম পানী খাব আৰু আধা ঘণ্টালৈ একো নাখাব।

কিমান দিনলৈ খাব -

চৰ্দি কাহঁত ৭ দিন মান, এজমা ৰোগী তিনিৰ পৰা ছয় মাহলৈ আৰু ছালৰ এলাৰ্জিত এমাহ মান তথা প্ৰয়োজন অনুসৰি বেছি দিনলৈ ও খাব পাৰে। ডায়েবেটিজ ৰোগত ভূগা সকলে খাব নোৱাৰিব।

বি:দ্ৰ:

ঔষধবিধ খাই কেনে পালে আমাৰ গোটত শ্বেয়াৰ কৰিব নাপাহৰিব।

ডাঃ অনুপ বৈশ্য

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: 8638211711

 

2.5
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top