মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / এলুমিনিয়াম আৰু মানৱ স্বাস্থ্য:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এলুমিনিয়াম আৰু মানৱ স্বাস্থ্য:

এলুমিনিয়াম আৰু মানৱ স্বাস্থ্যৰ বিষয়ে লিখা হৈছে

এলুমিনিয়াম-

 

১৯৮৮ চনৰ জুলাই মাহৰ কোনোবা এটা দিনত বিভাগীয় লৰিচালক এজনে ভুলবশতঃ ইংলেণ্ডৰ কেমেলফ’ৰ্ডৰ সমীপৰ ল’ৱাৰমূৰ পানী সংশোধন প্ৰকল্পত ২০ টন পৰিমাণৰ এলুমিনিয়াম ছালফেট ঢালি দিছিল। পানী শোধন স্থানৰপৰা সেই পানী নাগৰিকৰ ঘৰে ঘৰে যোগান ধৰা হৈছিল আৰু সেৱনৰ অনুপযোগী হৈ উঠা তেনে পানী সেৱন কৰি শ শ নাগৰিক হঠাতেই অসুস্থ হৈ পৰিছিল। সাময়িক অসুস্থতাবোৰৰ ভিতৰত প্ৰাস্ৰাৱজনিত অসুবিধা, চৰ্মজনিত সমস্যা, পাকস্থলীৰ বিষ, গাঁঠিৰ বিষ, গ্ৰহণী আদিয়েই প্ৰধান আছিল। নাগৰিকৰ অসংখ্য অভিযোগৰ অন্তত প্ৰশাসনে চূড়ান্ত অসাৱধানতাৰ অভিযোগাত পানী সংশোধন কৰ্তৃপক্ষক ১০ হেজাৰ পাউণ্ডৰ জৰিমনা বিহিছিল।

কথাটো সিমানতেই শেষ হ’ব লাগিছিল যদিও নহ’ল। এলুমিনিয়াম ছালফেট মিহলি পানী সেৱনৰ ফলত কিছুসংখ্যক লোকৰ বহু পলমকৈ মগজুৰ কাৰ্যক্ষমতা ব্যাহত হোৱাৰ নিচিনা বিসংগতি ধৰা দিবলৈ ধৰিলে। ২০০৪ চনত কেমেলফ’ৰ্ড নিৱাসী কেৰ’ল ক্ৰছৰ মাত্ৰ ৫৮ বছৰ বয়সত চেৰিব্ৰেল এমীলইউ এনজিঅ’পেথী(Cerebral amyloid angiopathy) নামৰ অতি বিৰল আলঝেইমাৰ বেমাৰবিধত বৰ কৰুণভাৱে মৃত্যু হয়। অধ্যাপক খ্ৰিছ এক্সলি নামৰ স্বনামধন্য ৰসায়ন বিজ্ঞানীগৰাকীয়ে ক্ৰছৰ মগজুৰ পৰীক্ষা কৰি উচ্চ হাৰত এলুমিনিয়াম ধাতুৰ উপস্থিতি ধৰা পেলাইছিল। পিছত অধ্যাপক এক্সলিয়ে এইবুলি মত পোষণ কৰিছিল যে তেওঁৰ উদাহৰণে ৰোগীৰ অৱস্থা অধিক বেয়াৰ ফালে নিয়া আৰু হৈ থকা বেমাৰটো দ্ৰুততৰ কৰি তোলাত যে এলুমিনিয়ামেই দায়ী, তাকেই প্ৰতিপন্ন কৰে। সন্দেহ নাই যে তেওঁৰ মগজুত পোৱা বুজন পৰিমাণৰ এলুমিনিয়ামেই তেওঁৰ অৱস্থা বেয়াৰ ফালে যোৱাত প্ৰভূত অৰিহণা যোগাইছিল।

ক্ৰুছ এটা উদাহৰণহে মাত্ৰ। সমগ্ৰ পৃথিৱীত, বিশেষকৈ তৃতীয় বিশ্বৰ দেশবোৰত এলুমিনিয়াম ধাতুৰ বহুল ব্যৱহাৰৰ ফলত কিমান লোক যে কত বেমাৰত আক্ৰান্ত হৈছে, হয়তো সঠিক পৰিসংখ্যা কাৰো হাততেই মজুত নাই।

প্ৰথম বিশ্বযুদ্ধৰ পিছৰপৰাই সমগ্ৰ পৃথিৱীত এলুমিনিয়ামৰ প্ৰচলন বিশেষকৈ ৰন্ধন কাৰ্যত ব্যৱহৃত সঁজুলিত অত্যধিকভাৱে বাঢ়িবলৈ ধৰে। বিশ্বযুদ্ধৰ শেষত যুদ্ধ জাহাজত ব্যৱহৃত অথবা ব্যৱহাৰ্য ভালেমান এলুমিনিয়ামেৰে সজোৱা যন্ত্ৰাংশ অকামিলা হৈ পৰি ৰয়। অকামিলা হৈ পৰা এলুমিনিয়ামৰ বিভিন্ন অংশবোৰ অৰ্থনৈতিকভাৱে ব্যৱহাৰ কৰিবলৈ ভালেমান কাৰখানা স্থাপন হয়- য’ত বাচন-বৰ্তনকে আদি কৰি এলুমিনিয়ামৰ ভালেমান নিত্য ব্যৱহাৰ্য আচবাব প্ৰস্তুত কৰি বজাৰত এৰি দিয়া হয়। তেনে বাচন-বৰ্তন, আচবাববোৰ খুব জনপ্ৰিয় হয় আৰু অতি কম দিনৰ ভিতৰতেই এলুমিনিয়াম সামগ্ৰীৰে বজাৰ ভৰি পৰিবলৈ ধৰে। যাৰ পয়োভৰ বজাৰত আজিও বিদ্যমান। বিশেষকৈ তৃতীয় বিশ্বৰ বজাৰবোৰত।

এলুমিনিয়ামৰ জনপ্ৰিয়তাৰ কাৰণো নথকা নহয়-

 

প্ৰথম হ’ল- ইয়াৰ অতি সস্তা মূল্য। দ্বিতীয়তে, এলুমিনিয়াম ধাতু তাপৰ ভাল পৰিবাহী- এলুমিনিয়াম অতি সোনকালে গৰম হয় আৰু তাপ সমভাৱে সৰ্বদিশত ক্ষিপ্ৰতাৰে বিস্তৃত হয়। জনপ্ৰিয়তাৰ তৃতীয় কাৰণটো হ’ল এলুমিনিয়ামক ইচ্ছানুসৰি বিভিন্ন আকাৰ-আকৃতিত ব্যৱহাৰোপযোগীকৈ গঢ় দি ল’ব পাৰি। আৰু এনে সুবিধাবোৰৰ বাবে এলুমিনিয়ামৰ ব্যৱহাৰ দিনক দিনে দৈনন্দিন জীৱনত বাঢ়িবহে লাগিছে। ৰন্ধনৰ বিভিন্ন বাচন-বৰ্তন, খাদ্য ৰন্ধা পাত্ৰ, খাদ্য মেৰাই থ’ব পৰা পাতল পাত(Foil), বিভিন্ন বৰি কেপছুলৰ আটি(Strip) আদিত এলুমিনিয়ামৰ ব্যৱহাৰৰ উপৰি দন্ত গহ্বৰ পূৰোৱা দ্ৰব্য, দন্তমাজক, লিপষ্টিক, দুৰ্গন্ধ আঁতৰোৱা স্প্ৰে’, পানী পৰিশোধন প্ৰণালী আদিতো এলুমিনিয়াম লৱণ ব্যৱহাৰ কৰা হয়।

খনিজ লৱণ হিচাপ বিভিন্ন প্ৰাকৃতিক উৎসৰপৰা এলুমিনিয়ামৰ মানৱ দেহলৈ প্ৰৱেশ ঘটে। বিভিন্ন ঔষধ, কিছুমান উদ্ভিদাংশ(যেনে- চাহ), বাচন-বৰ্তন, পৰিশোধিত পানী, কৃত্ৰিম সোৱাদযুক্ত খাদ্য আদিৰ যোগেদিও মানৱ দেহলৈ এলুমিনিয়ামৰ প্ৰৱেশ ঘটে। দৈহিক পুষ্টিৰ এলুমিনিয়ামৰ কোনো অৰিহণা নাই বাবে মানৱ দেহত প্ৰৱেশ কৰা(প্ৰতিদিন ১০-১০০ মিঃ গ্ৰাম) এলুমিনিয়ামৰ ঘাম, শৌচ আৰু প্ৰস্ৰাৱৰ জৰিয়তে বহিৰ্গমন ঘটে। মানৱ দেহ এনে প্ৰক্ৰিয়াৰ লগত অভ্যস্ত। কিন্তু যদি নিৰ্দিষ্ট সীমাতকৈ অধিক হাৰত এলুমিনিয়াম দেহলৈ প্ৰৱেশ কৰিবলৈ ধৰে, তেন্তে মগজু, বৃক্ক, যকৃৎ, প্লীহা, হাঁওফাঁও আদি অংগত ইয়াৰ পৰিমাণ ক্ৰমাৎ বাঢ়ি গৈ থাকে। আৰু এনেদৰে এটা চৰম পৰ্যায় আহেগৈ য’ত এলুমিনিয়ামে দেহত বিষক্ৰিয়া কৰি বিভিন্ন বেমাৰ বা অসন্তোষজনক আৰু কষ্টকৰ শাৰীৰিক অৱস্থাৰ সৃষ্টি কৰে। অসুস্থতাবোৰৰ ভিতৰত অতিঅম্লতা(hyperacidity), বদহজম(dyspepsia), উদৰস্থ বায়ু বিকাৰ(flatulance), চৰ্মৰোগ, যেনে- ৰঞ্জক উন্মোচন(pigmentation), বেচু(Eczema), উফি ইত্যাদি। চিৰকলীন আন্ত্ৰিক পোৰণি(chronic intestinal inflamation) হাড়জনিত অসুস্থতা, যেনে- অষ্টিঅ’প’ৰছিছ, পাহৰণি বেমাৰ, যেনে- ডিমেনচিয়া আৰু আলঝেইমাৰ, হতাশা আৰু উদ্বিগ্নতা, মুখৰ ঘা, হাঁপানি, এপেণ্ডিচাইটিছ, বৃক্ক বিকল হোৱা, চকুৰ ভিন্ন সমস্যা, গ্ৰহণী, যকৃৎজনিত অসুস্থতা, মাইগ্ৰেইন, বাত বিষ, সঘন পানী লগা, কোষ্ঠকাঠিন্য, প্ৰস্ৰাৱজনিত সমস্যা আদি উল্লেখযোগ্য।

বৰ্তমানে বজাৰ দখল কৰি থকা নিত্য ব্যৱহাৰ্য আচবাববোৰৰ ভিতৰত এলুমিনিয়ামক গুৰুত্বপূৰ্ণ স্থানত ৰাখিব পাৰি, বিশেষকৈ এলুমিনিয়ামৰ বাচন অতি সহজলভ্য আৰু সুলভ। কাজেই ধাতুবিধৰদ্বাৰা নিৰ্মিত বাচনৰ চাহিদাও সৰ্বাধিক, বিশেষকৈ আমাৰ নিচিনা দুখীয়া দেশবোৰত।

কিন্তু গুৰুতৰ কথাটো হ’ল এলুমিনিয়ামৰ বাচন(যেনে- ধৰক প্ৰেছাৰ কুকাৰ, কেৰাহী, চছপেন ইত্যাদি)ত ৰন্ধন ক্ৰিয়া সম্পাদন কৰাৰ ফলত খাদ্যবস্তুলৈ বাচনৰপৰা ধাতৱ নিৰ্গমন(leaching) ঘটে। এলুমিনিয়ামৰ পুৰণি বাচনতকৈ নতুন বাচনৰপৰা ধাতৱ নিৰ্গমনৰ হাৰ বেছি। অধিক আম্লিক(ধৰা হওক বিলাহী) আৰু অধিক ক্ষাৰকীয় (ধৰা হওক অমিতা) খাদ্যবস্তুলৈ ধাতৱ নিৰ্গমন বেছি খৰতকীয়া হয়। কথাখিনি সৰল কৰা যাওক- এগিলাচ বিশুদ্ধ পানী এলুমিনিয়ামৰ নতুন চছপেন এটাত আধা ঘন্টাৰ বাবে উতলাওক। পানীখিনি স্বচ্ছ কাচৰ গিলাচ এটাত ঢালি দি এদিন পিছত গিলাচৰ পানীৰ উপৰিভাগ মন কৰক। কেতবোৰ শুকুলা দ্ৰব্য পানীত ওপঙিছে। সেয়া হ’ল এলুমিনিয়াম হাইড্ৰ’ক্সাইড। অৰ্থাৎ ই সহজেই অনুমেয় যে ৰন্ধন প্ৰক্ৰিয়াৰ জৰিয়তে এলুমিনিয়ামৰ মানৱ দেহত অতি সহজে বুজন মাত্ৰাত প্ৰৱেশ ঘটিব পাৰে।

কেৱল ৰন্ধন কাৰ্যত ব্যৱহাৰেই নহয়, আম্লিক, ক্ষাৰকীয় আৰু চৰ্বিজাতীয় খাদ্য এলুমিনিয়াম বাচনত অধিক সময় ৰাখিলে অথবা এলুমিনিয়াম পাত(Foil)ৰে মেৰিয়াই বেছি সময় ৰাখিলেও খাদ্যলৈ ধাতৱ নিৰ্গমনৰ সম্ভাৱনা থাকে।

বহু ক্ষেত্ৰত আজিকালি ‘ননষ্টিক’ বাচনৰ প্ৰচলন হ’ব লাগিছে। এনে বাচনবোৰত এলুমিনিয়াম বা ইয়াৰ সংকৰ ধাতুৰ উপৰিপৃষ্ঠত এক ৰাসায়নিক প্ৰলেপ সনা হয়। টেফলন(Teflon) ব্ৰেণ্ডৰ অন্তৰ্গত এনে এবিধ প্ৰলেপ হিচাপে ব্যৱহৃত দ্ৰব্য হ’ল প’লীটেট্ৰাফ্লুৰ’ই থাইলিন(polytetrafluoroethylene- PTFE) চলিত শতিকাত অৱশ্যে ‘ননষ্টিক’ বাচন হিচাপে এন’ডাইজড(anodized) এলুমিনিয়াম, চেৰামিক্স(ceramics) এনামেলড কাষ্ট আইৰণ(enameled cast iron) আদিৰো ব্যৱহাৰ বাঢ়িবলৈ ধৰিছে। উক্ত বাচনবোৰৰপৰা এলুমিনিয়াম খাদ্যলৈ দ্ৰৱীভূত নহয় যদিও ব্যৱহাৰৰ অসাৱধানতাৰ ফলত বাচনপৃষ্ঠৰ প্ৰলেপ ক্ষতিগ্ৰস্ত হ’লে তেনে বাচনো সাধাৰণ এলুমিনিয়ামৰ বাচনৰ লেখীয়া হয়গৈ। সৰ্বোপৰি বাচনপৃষ্ঠত ব্যৱহৃত প্ৰলেপৰ ৰাসায়নিক দ্ৰব্যয়ো স্বাস্থ্যৰ ক্ষতি সাধন কৰে বুলি এক বাদানুবাদ চলি আছে।

তেন্তে খাদ্য প্ৰস্তুতকৰণ আৰু সাময়িক বা দীৰ্ঘম্যাদী সঞ্চয়নৰ বাবে কেনে বচননো উপযোগী তথা স্বাস্থ্যসন্মত হ’ব পাৰে?- শেহতীয়া গৱেষণালব্ধ জ্ঞান অনুসৰি লো অথবা নিষ্কলংক তীখা(stainless steel)ৰ বাচন ৰন্ধন কাৰ্যৰ বাবে আটাইতকৈ নিৰাপদ বুলি বিবেচিত হৈছে- যদিওবা প্ৰথমবিধ আপেক্ষিকভাৱে কিছু গধুৰ আৰু দ্বিতীয়বিধৰ মূল্য কিছু বেছি। আনহাতে, যিকোনো খাদ্যৰ দীৰ্ঘকালীন সঞ্চয়নৰ বাবে কাচৰ পাত্ৰ সৰ্বোত্তম আৰু অতিমাত্ৰা আম্লিক আৰু ক্ষাৰকীয় খাদ্যৰ বাদে সাধাৰণ খাদ্যৰ সাময়িক সঞ্চয়নৰ বাবে লো বা নিষ্কলংক তীখাৰ পাত্ৰ ব্যৱহাৰ কৰাটো নিৰাপদজনক।

লেখক:ড° দীপ কুমাৰ ভট্টাচাৰ্য(দৈনিক অসম)

3.08
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top