মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / এয়াৰ কণ্ডিচনাৰ কোঠাত শোৱাৰ কুপ্ৰভাৱ
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

এয়াৰ কণ্ডিচনাৰ কোঠাত শোৱাৰ কুপ্ৰভাৱ

এয়াৰ কণ্ডিচনাৰ কোঠাত শোৱাৰ কুপ্ৰভাৱৰ বিষয়ে লিখা হৈছে

 

আপুনি গোটেই নিশা এয়াৰ কণ্ডিচন কোঠাত শোৱে নেকি?উৎকট গৰমৰ বাবে ৰাতি বহুতেই ভালদৰে শুব নোৱাৰে।কিন্তু এয়াৰ কণ্ডিচনাৰ (এ.চি.)লগাই লোৱা শোৱনী কোঠাত আৰামত টোপনি যাব পাৰি।দিনত অসহনীয় গৰমৰ পৰা ৰক্ষা পাবলৈ প্ৰত্যেকেই এ.চি.এটা লগোৱাৰ কথা ভাবে।যিকোনো ধৰণৰ এ.চি. এটা লগাই লোৱাটো এক ব্যয়সাধ্য কাম।সেয়ে বহুতে ইচ্ছা থাকিলেও এ.চি. এটা লগাব নোৱাৰে।তাৰোপৰি এ.চি.যন্ত্ৰৰ কিছুমান প্ৰতিকুল প্ৰভাৱো আছে।গোটেই নিশা এ.চি.কোঠাত সুলে শৰীৰৰ ওপৰত বেয়া প্ৰভাৱ পৰে।এ.চি.কোঠাত গোটেই নিশা শোৱাৰ অভ্যাস কৰিলে স্বাস্থ্যৰ ওপৰত কেনেধৰণৰ কুপ্ৰভাৱ পৰিব পাৰে,সেই বিষয়ে কেইটিমান কথা উল্লেখ কৰা হ’ল।

*বিষ আৰু কষ্ট:গৰমৰ দিনত প্ৰতি নিশা এ.চি. কোঠাত শুলে কোঠাৰ তাপমান ইমানেই হ্ৰাস পায় যে আপোনাৰ শৰীৰে পৰ্যাপ্ত গৰম লাভ কৰিলে নোৱাৰা হয়।শোৱনী কোঠাৰ কম তাপমানৰ বাবে বহুতো লোকৰ মুৰৰ বিষ,কঁকালৰ বিষ,মাংসপেশী সংকুচিত হৈ টানি ধৰা আদি বিসংগতি হ’ব পাৰে।

*চৰ্দি-কাহ:গোটেই নিশা ঠাণ্ডাত শোৱাৰ ফলত বহু লোকৰ প্ৰায়ে চৰ্দি লাগে আৰু পুৱালৈ কাহ,পানী লগা হোৱাৰ সম্ভাৱনাই দেখা দিয়ে।১৬ ডিগ্ৰী ছেলছিয়াচত শুলে পানী লগাটো কোনো আচৰিত হ’বলগীয়া কথা নহয়।

*ছাল শুকান হয়:এয়াৰ কণ্ডিচনাৰ বতাহত আৰ্দ্ৰতা প্ৰায় নেথাকেই।শৰীৰৰ ছালৰ পৰা এই চেঁচা শুকান বতাহে আৰ্দ্ৰতা শুহি লয়।সেয়ে এ.চি. কোঠাত শুলে ছাল শুকান হৈ পৰা দেখা যায়।

*ভাগৰ লগা:এ.চি. চলি থকাৰ সময়ত কোঠাটো ঠাণ্ডা কৰি ৰাখিবলৈ সকলো দুৱাৰ-খিৰিকী বন্ধ কৰি দিয়া হয়।ফলত কোঠাৰ ভিতৰলৈ বাহিৰৰ বতাহ প্ৰৱেশ কৰিব নোৱাৰে আৰু ভিতৰ বতাহো বাহিৰলৈ ওলাব নোৱাৰে।সেয়ে কোঠাটোত সতেজ বতাহ কম হোৱাৰ বাবে আপুনি ভাগৰুৱা অনুভৱ কৰিব পাৰে।

*উশাহ লোৱাত কষ্ট:যদি এ.চি. ৰ জালি বহু দিন ধৰি পৰিষ্কাৰ কৰা নহয়,তেন্তে এ.চি. ত বেক্টেৰিয়া আৰু বীজাণু উৎপন্ন হয়।এ.চি. যন্ত্ৰই ভিতৰলৈ ঠেলি দিয়া বতাহৰ লগতে এইবোৰ বীজাণু ওলাই শ্বাস-প্ৰশ্বাসত অসুবিধাৰ সৃষ্টি কৰিব পাৰে।

উৎস:স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.02941176471
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top