মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ওঁঠৰ ওপৰত গজা নোম আঁতৰোৱাৰ সহজ উপায়:
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ওঁঠৰ ওপৰত গজা নোম আঁতৰোৱাৰ সহজ উপায়:

ওঁঠৰ ওপৰত গজা নোম আঁতৰোৱাৰ সহজ উপায় লিখা হৈছে

 

নিজকে ধুনীয়াকৈ সজাই পৰাই ৰাখিবলৈ মহিলা তথা যুৱতীসকলে কি যে নকৰে তেওঁলোকে নিজৰ মুখমণ্ডল সুন্দৰ আৰু আকৰ্ষণীয় কৰি ৰখাৰ উদ্দেশ্য প্ৰায়েই বিউটি পাৰ্লাৰলৈ গৈ নিজকে আকৰ্ষণীয় ৰূপত সজাই-পৰাই তুলিব বিচাৰে। মুখমণ্ডলত সৌন্দৰ্য বৃদ্ধিৰ ক্ষেত্ৰত মুখৰ ছাল, চকু, ওঁঠ আৰু নাকৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে। কিন্তু কেতিয়াবা বহুতো যুৱতীৰ মুখমণ্ডলৰ বিভিন্ন ঠাইত অপ্ৰয়োজনীয়ভাৱে কিছুমান নোম গজি মুখমণ্ডলৰ সৌন্দৰ্য হ্ৰাস কৰে। এনেধৰণৰ অবাঞ্চিত নোম বা চুলি উঠাবৰ বাবে সঘনাই বিউটি পাৰ্লাৰলৈ গৈ টকা-পইচা ব্যয় কৰিব লগা হয়। এনে ব্যৱস্থাৰ পৰিৱৰ্তে ঘৰুৱাভাৱে ওঁঠৰ ওপৰত গজি উঠা, অদৰকাৰী নোম আঁতৰোৱাৰ দুটিমান সহজ দিহা দিবলৈ বিচাৰিছো। নিত্যান্তই কম খৰচী ঘৰুৱা ব্যৱহাৰ্য দ্ৰব্যৰে এই সমস্যাৰ সমাধান কৰিব পাৰে।

অদৰকাৰী নোম আঁতৰোৱাৰ উপায়:

 

  • ইয়াৰ বাবে নেমু আৰু চেনিৰ মিশ্ৰণ এটা প্ৰস্তুত কৰি লওক। সপ্তাহত এটা দিনত কিছু সময় উলিয়াই ওঁঠৰ ওপৰৰ অপ্ৰয়োজনীয় নোম পৰিষ্কাৰ কৰাৰ বাবে যত্ন লওক। এই মিশ্ৰণটো প্ৰস্তুত কৰিবলৈ হ’লে এটা কাপত প্ৰায় ত্ৰিছ গ্ৰাম(ছয় চামুচ) আৰু এটা নেমুৰ ৰস উলিয়াই মিহলাই ল’ব। ইয়াৰ পিছত তাৰ সমান পৰিমাণত পানী লৈ ভালদৰে গুলি ল’ব। এই মিশ্ৰণটো আপোনাৰ ওঁঠৰ ওপৰত থকা নোমৰ ওপৰত সানি দিয়ক। কিছু সময় এইদৰে থকাৰ পিছত মিশ্ৰণটো সম্পূৰ্ণৰূপে শুকাই যাবলৈ দিয়ক। শুকাই যোৱাৰ পিছত নোম থকা অংশত প্ৰথমতে নখেৰে আৰু পিছত আঙুলিৰে লাহে লাহে কিছু সময় মোহাৰি থাকক। এনেদৰে থাকোতে দেখিব, নোমবোৰ লাহে লাহে ছিগি গৈ ঠাইডোখৰ পৰিষ্কাৰ আৰু মিহি হৈ উঠিছে।
  • ওঁঠৰ ওপৰৰ নোম আপুনি বেচনেৰেও আঁতৰাব পাৰে। ইয়াৰ বাবে আপুনি বেচনৰ সৈতে নেমুৰ ৰস মিহলাই এটা মিশ্ৰণ প্ৰস্তুত কৰি ল’ব লাগিব। ইয়াৰ পিছত প্ৰায় ১৫ মিনিট সময় ওঁঠৰ ওপৰত থকা নোমৰ ওপৰত মিশ্ৰণটো লগাই ৰাখক। পিছত নোম থকা মিশ্ৰণটো লগাই ৰাখক পিছত নোম থকা অংশটোৰ ওপৰত ভালদৰে হাতেৰে ঘঁহি দিয়ক। এইদৰেও আপুনি ওঁঠৰ ওপৰত নোম আঁতৰাব পাৰে।
  • কেঁচা হালধিৰ ৰসেৰেও আপুনি ওঁঠৰ ওপৰৰ নোম আঁতৰাব পাৰে। ইয়াৰ বাবে এটা কাপত কেঁচা হালধি বটি চেপি ৰস উলিয়াই ল’ব। ইয়াৰ পিছত তাৰ লগত অলপমান পানী মিহলাব। পানী মিহলাওঁতে মনত ৰাখিব, যাতে মিশ্ৰণটো অত্যধিক পাতল অথবা ডাঠ নহয়। ইয়াৰ পিছত মিশ্ৰণটো আপোনাৰ মুখমণ্ডলত নোম থকা অংশত আধা ঘন্টাৰ বাবে লগাই ৰাখক। হালধিৰ ৰসখিনি সম্পূৰ্ণৰূপে শুকাই টান হৈ পৰাৰ পিছত অলপ পানী ভালদৰে ঘঁহি ঘঁহি ধুই পেলাব। এইদৰে কেইদিনমান কৰাৰ পিছত আপোনাৰ মুখৰ উজ্জ্বলতা বৃদ্ধি পাব, লগতে অদৰকাৰী নোম আঁতৰি যাব।
  • শুকান হালধিৰ গুড়ি আৰু গাখীৰৰ মিশ্ৰণ প্ৰস্তুত কৰি আপুনি অবাঞ্চিত নোম আঁতৰাই মুখৰু সৌন্দৰ্য বঢ়াই তুলিব পাৰে। ইয়াৰোপৰি প্ৰথমতে আপুনি শুকান হালধিৰ গুড়ি এচামুচ আধাকাপ গাখীৰৰ সৈতে মিহলাই মিশ্ৰণ এটা কৰি ল’ব। এই মিশ্ৰণ আপোনাৰ ওঁঠৰ ওপৰত নোম থকা অংশত কিছুসময়ৰ বাবে লগাই ৰাখক। পিছত আঙুলিৰে ঘঁহি ঘঁহি এই প্ৰলেপটো ধুই পেলাওক। দেখিব আপোনাৰ ওঁঠৰ ওপৰত থকা নোমৰ সমস্যা নাইকিয়া হৈছে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

 

 

 

3.16666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top