মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ওজন হ্ৰাস কৰিবলৈ কফী পান কৰক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ওজন হ্ৰাস কৰিবলৈ কফী পান কৰক :

ওজন হ্ৰাস কৰিবলৈ কফী পানৰ বিষয়ে লিখা হৈছে ।

 

পুৱা উঠি একাপ কফীত চুমুক নিদিলে বহুতৰেই দুৰ নহয় আলস্য ভাব। শুনি আচৰিত হ’ব যে কফীত থকা কেফেইনে শৰীৰৰ ওজন হ্ৰাসত গুৰুত্বপুৰ্ণ ভুমিকা পালন কৰে। সাধাৰণতে ওজন হ্ৰাসকাৰী পানীয়ৰ কথা ওলালে প্ৰথমে মনলৈ আহে গ্ৰৰ্ন টীৰ কথা। আমাৰ বহুতেই কফী বা কেফেইনৰ বিষয়ে অৱগত নহয়। কিন্তু ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰত গ্ৰীন টীতকৈ অধিক গুণে কাৰ্যকৰী কেফেইনসমৃদ্ধ কফী। একাপ কফীত আনুমানিক ১০০ ৰ পৰা ১৫০ মিলিগ্ৰাম কেফেইন থাকে। একাপ লাল চাহ বা ব্লেক টীত ৫০-৬০ মিলিগ্ৰাম আৰু গ্ৰীন টীত আনুমানিক ৩৫ মিলিগ্ৰাম কেফেইন থাকে। এক কাপ কফীৰ প্ৰভাৱ শৰীৰত প্ৰায় ৬ ঘণ্টা থাকে। ইয়াৰ মাজৰ তিনি ঘণ্টা সময়ক সবাতোকৈ কাৰ্যকৰী সময় বুলি ধৰা হয়। সেয়ে একে পৰিমাণৰ শক্তি ধৰি ৰাখিবলৈ তিনি ঘণ্টাৰ মুৰে মুৰে কফী খোৱাটো দৰকাৰী। পৰিশ্ৰমৰ পুৰ্বে কফী পান কৰিলে শৰীৰত বেছি পৰিমাণৰ এড্ৰিনেলিন হৰম’ন নি:সৰণ হয়। এই হৰম’নে চৰ্বিক ফেটি এচিডলৈ ৰুপান্তৰ কৰে, যি শৰীৰে শক্তি হিচাপে ব্যৱহাৰ কৰে। মানুহৰ শৰীৰে স্বাভাৱিকভাৱে গ্লাইক’জেন ব্যৱহাৰ কৰে। সেয়ে পৰিশ্ৰমৰ সময়ত যেতিয়া চৰ্বিক ফেটী এচিডলৈ ৰুপান্তৰ কৰে তেতিয়া শৰীৰে এই ফেটী এচিডকে শক্তি হিচাপে ব্যৱহাৰ কৰে। এইক্ষেত্ৰত শৰীৰে সংৰক্ষিত শক্তি খৰচ কৰে। ফলত ওজন হ্ৰাস পায়। যিসকলে দীৰ্ঘসময় ধৰি পৰিশ্ৰম তেওঁলোকৰ ক্ষেত্ৰত ওজন হ্ৰাস কৰাত কেফেইন অধিক বেছি কাৰ্যকৰী। গৱেষণাত উপলব্ধ তথ্য অনুসৰি যিসকলে কফী খাই চাইক্লিং বা মাৰাথন দৌৰে তেওঁলোকে আনসকলৰ তুলনাত ২০ শতাংশ বেছি পথ অতিক্ৰম কৰিব পাৰে।

উৎস: নিয়মীয়া বাৰ্তা

3.04347826087
তৰাসমূহৰ ওপৰত ক্লীক কৰি মান প্ৰদান কৰক।
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top