মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ওজন হ্ৰাস কৰিবলৈ চুপাৰ ফুড :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ওজন হ্ৰাস কৰিবলৈ চুপাৰ ফুড :

ওজন হ্ৰাসৰ বিষয়ে লিখা হৈছে ।

 

সম্প্ৰতি শকত হোৱা বা ওজন বঢ়া আমাৰ সকলোৰে মাজত এক সমস্যা হৈ পৰিছে। সেয়ে কেনেকৈ ক্ষীণাব পাৰি সেয়াও আমাৰ বাবে এক সমস্যা, কাৰণ অধিকসংখ্যক বিপাঙত পৰে, কি খাম? কি খালে আমাৰ ওজন কমিব বা আমাৰ ওজন নাবাঢ়ে। কিন্তু স্বাস্থ্য বিজ্ঞানত এই সম্পৰ্কে অনেক পৰীক্ষা-নিৰীক্ষা চলাই অহা হৈছে, ফলত এনে কিছুমান খাদ্য আমাৰ বাবে বাছি দিয়া হৈছে, যি আমাৰ শৰীৰৰ বাবে উপকাৰী হোৱাৰ উপৰিও ওজন কমোৱাত সহায় কৰে। হয়, ইয়াকে চুপাৰ ফুড বোলা হয়।

১) মাহজাতীয় খাদ্য প্ৰ’টিন আৰু আঁহেৰে সমৃদ্ধ। আধাকাপ মাহজাতীয় খাদ্যই আমাৰ শৰীৰত কাৰ্ব’হাইড্ৰেটৰ যোগান ধৰাৰ উপৰিও মেটাবলিজিম বঢ়োৱাত সহায় কৰে। ফলত চৰ্বি নোহোৱা হয়।

২) গাখীৰ বা গাখীৰৰ পৰা উৎপাদন হোৱা খাদ্যসামগ্ৰীসমুহ কম চৰ্বিযুক্ত হোৱাৰ উপৰিও কেলিছিয়ামেৰে ভৰপুৰ। গাখীৰত থকা কেলছিয়ামে কেৱল চৰ্বি কমোৱাত সহায় কৰে এনে নহয়, পুনৰ চৰ্বি হোৱাত বাধা প্ৰদান কৰে।

৩) গ্ৰীণ টি-ত EGCG নামৰ এক তত্ত্ব পোৱা যায়, যি আমাৰ শৰীৰৰ বাবে অতি লাগতিয়াল। EGCG   য়ে মেটাবলিজিম বঢ়োৱাৰ কৰাৰ উপৰিও কেল’ৰি বাৰ্ণ কৰে।

৪)ওজন কমোৱাৰ ক্ষেত্ৰত আৰু মধুমেহ ৰোগীসকলক শৰ্কৰাৰ পৰিমাণ সঠিক স্তৰত ৰখাত সহায় কৰে। চাহ-কফি আদিত ডালচেনি দি খাব পাৰি।

৫) আপেল হ’ল ভিটামিন ‘চি’ ৰে স মৃদ্ধ। আঁহযুক্ত হোৱাৰ বাবে হজম শক্তি সঠিক ৰুপত ৰখাৰ উপৰিও চৰ্বি নোহোৱা কৰাত সহায় কৰে।

৬) টেঙা ফল আমাৰ বাবে সদায় বিভিন্ন ধৰণে উপকাৰী। কমলা, নেমু, মৌচম্বী আদিয়ে চৰ্বি কমোৱাত আন খাদ্যতকৈ ত্ৰিশ শতাংশ অধিকৰুপে কাম কৰে। টেঙা ফল দিনৰ যিকোনো সময়ত খাব পাৰি যদিও ৰস হিচাপে ৰাতিপুৱাৰ সময়ছোৱাত আটাইতকৈ লাভদায়ক।

৭) কল পটাছিয়ামেৰে সমৃদ্ধ। দিনটোত আধা কল লহালে ওজন কমোৱাত সহায়ক হয় যদিও কেতিয়াও বেছি পকা কল খাব নালাগে।

৮) ব্লুবেৰি, ষ্ট্ৰ’বেৰি আদি এণ্টি অক্সিডেণ্টেৰে ভৰপুৰ। শৰ্কৰাৰ পৰিমাণ সঠিক ঠাইত ৰাখি চৰ্বি কমোৱাত সহায় কৰে।

৯) জলকীয়া খালে ভোক কমায় আৰু মেটাবলিজিম তীব্ৰ কৰে।

১০) বিলাহীত ভিটামিন ‘এ’, কে, আৰু ‘চি’ সকলো পোৱা যায়। প্ৰায় ৯০ শতাংশ পানী থকাৰ বাবে সোনকালে পেট ভৰায়। যিকোনো খাদ্যৰ লগতে বিলাহী খাব পৰা যায়। ইয়াত ফেট বাৰ্ণিং তত্ত্ব পোৱা যায়।

১১) পাচলিৰ ভিতৰত বন্ধাকবিত যথেষ্ট পৰিমাণে খাদ্যপ্ৰাণ আৰু আঁহ পোৱা যায়, যি চৰ্বি আৰু কলেষ্ট্ৰ’ৰেল ফ্ৰি। তাৰোপৰি শৰীৰত শৰ্কৰা আৰু কাৰ্ব’হাইড্ৰেট অধিক হোৱাত বাধা প্ৰদান কৰে।

উৎস : নন্দিনী

2.73684210526
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top