মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ঔষধি গুণযুক্ত পাচলি পটল
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ঔষধি গুণযুক্ত পাচলি পটল

ঔষধি গুণযুক্ত পাচলি পটলৰ বিষয়ে লিখা হৈছে ।

 

পটল লতাজাতীয় উদ্ভিদত হোৱা এবিধ ফল । ইয়াক পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। পটল উদ্ভিদৰ বৈজ্ঞানিক নাম হ’ল- Trichosanthes dioica । ই – Cucurbitaceae ৰ বংশৰ। ইংৰাজীত ইয়াক Pointed gourd বোলা হয়। ভাৰতত ইয়াক পাৰৱাল (Parwal) বা সেউজীয়া আলু (green potato) নামেৰেও জনা যায়। উত্তৰ-পুব ভাৰতৰ ৰাজ্যবোৰত বিশেষকৈ ইয়াক প্ৰচুৰ পৰিমাণে খেতি কৰা হয়। ইয়াক চুপ, চুৰুহা (Stew), তৰকাৰি, মিঠাই আদি ব্যঞ্জন প্ৰস্তুতকৰণত এক উপাদান হিচাপে ব্যৱহাৰ কৰা হয়।

পটল ভিটামিন আৰু খনিজ দ্ৰব্যবোৰৰ এটা ভাল উৎস। ই কাৰ্বহাইড্ৰেট, ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ৰ এটা প্ৰধান উট্‌স। ইয়াত আৱশ্যকীয় পুষ্টিকৰ দ্ৰব্য থাকে। প্ৰতি ১০০ গ্ৰাম খোৱাৰ উপযোগী পটলত খনিজ দ্ৰব্য আৰু ইহঁতৰ পৰিমাণ হ’ল এনেধৰণৰ- মেগনেচিয়াম (৯.০ মিলিগ্ৰাম), ছডিয়াম (২.৬ মিলিগ্ৰাম), পটাছিয়াম (৮৩.০ মিলিগ্ৰাম), কপাৰ (১.১ মিলিগ্ৰাম), ছালফাৰ (১৭ মিলিগ্ৰাম)।

পটলত বহু ঔষধি গুণ আছে। এই পাচলিটো পুষ্টিকৰ খাদ্যবোৰৰ ভিতৰত এটা অন্যতম বুলি ধৰা হয়। যিহেতু ইয়াত ভিটামিন ‘এ’, ভিটামিন ‘চি’, ভিটামিন ‘বি-১’ আৰু ভিটামিন ‘বি-২ থাকে। ইয়াত অতি কম পৰিমাণৰ কেলৰি থাকে- যিটোৱে কলেষ্টেৰলৰ স্তৰ নিয়মীয়া কৰি ৰখাত সহায় কৰে। আয়ুৰ্বেদিক চিকিৎসাত পটলক গেছট্ৰিকৰ সমস্যা আৰোগ্য কৰাত আৰু কামোদ্দীপক (aphrodisiac) হিচাপে ব্যৱহাৰ কৰা হয়।

তেজ বিশুদ্ধকৰণত পটল -

পটল তেজ বিশুদ্ধ কৰাৰ বাবে উপকাৰী। আয়ুৰ্বেদ শাস্ত্ৰৰ মতে পটলে কফ নিয়মীয়া কৰাত ভাল কাম কৰে। ই আমাৰ তেজ আৰু দেহৰ কলাবিলাক পৰিষ্কাৰ কৰি ছালৰ যত্নও ল’ব পাৰে। প্ৰতিজন মানুহৰ বাবে তেজ পৰিষ্কাৰ কৰি ৰখাটো অতি আৱশ্যক, কাৰণ পৰিষ্কাৰ তেজে প্ৰতিজন মানুহকে বেমাৰ হোৱাৰ পৰা ৰক্ষা কৰি ৰাখিব পাৰে। পটলে আনকি আমাৰ দেহত থকা অপকাৰী বস্তুবোৰকো তেজৰ পৰা আঁতৰাই পঠাব পাৰে।

ফ্লুৰ সমস্যা লাঘৱ কৰাত পটল -

বতৰ পৰিৱৰ্তনৰ ফলত হোৱা পানীলগা আৰু ফ্লু হৈছে সাধাৰণতে হোৱা এক স্বাস্থ্যৰ সমস্যা। আয়ুৰ্বেদৰ মতে , পটল দেহৰ ৰোগ-প্ৰতিৰোধী ক্ষমতা বৃদ্ধি কৰিব পাৰে। সেই কাৰণে ফ্লু, ডিঙিৰ সমস্যা আৰু দেহৰ উচ্চ উষ্ণতা কম কৰাত পটলক ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি। গতিকে নিয়মীয়াকৈ পতল খাই থাকিলে ই পানীলগা আৰু ফ্লুৰ সমস্যা কম কৰি ৰাখিব পাৰে।

হজমী শক্তি বৃদ্ধি কৰাত পটল -

সেউজীয়াবৰণৰ পটলত যথেষ্ট পৰিমাণৰ আঁহযুক্ত খাদ্য দ্ৰব্য থাকে, যিবোৰে হজম ভাল হোৱাত সহায় কৰে। ই পৌষ্টিক (gastrointestinal) আৰু লিভাৰ জড়িত কিছুমান সমস্যা সমাধান কৰাত সহায় কৰিব পাৰে। আমাৰ হজমী শক্তি যদি ভাল হয়, তেতিয়া হ’লে আমাৰ দেহৰ পৰিপাক প্ৰণালীটো পৰিষ্কাৰ হৈ থাকে, যিটোৱে আমাক স্বাস্থ্যৱান কৰি ৰাখিব পাৰে। গতিকে আমাৰ অন্য খাদ্যৰ লগতে পটলো নিয়মীয়াকৈ খাই থাকিলে আমাৰ হজমী শক্তি উন্নত হৈ থাকিব।

বয়সৰ চাপ ধৰা বাধা দিয়াত পটল -

বয়স হোৱাৰ লগে লগে মুখত কোঁচ খোৱা আৰু সৰু সৰু ৰেখা দিয়া দিয়াটো এটা সাধাৰণ প্ৰাকৃতিক ঘটনা। পটলত ভাল পৰিমাণৰ এণ্টিঅক্সিডেণ্ট দ্ৰব্য ভিটামিন ‘এ’ আৰু ভিটামিন ‘চি’ থাকে, যি মুক্তমুলকবোৰৰ লগত যুঁজ দিব পাৰে আৰু মুক্তমুলকবোৰে লগত যুঁজ দিব পাৰে আৰু মুক্তমুলকবোৰে সৃষ্টি কৰা বয়সৰ এই চিনবোৰ ওলোৱাত বাধা দিব পাৰে। এতিয়া প্ৰায় প্ৰতিজন পুৰুষ আৰু মহিলাই এই বয়সৰ চিন পৰাত চিন্তিত আৰু ইয়াক বাধা দিবলৈ বিভিন্ন উপায় ব্যৱহাৰ কৰা দেখা গৈছে। এইটো আমাৰ খাদ্য ভেজালকৰণ আৰু বায়ু প্ৰদুষণৰ ফলতো হৈছে। পটলে সোনকালে বয়সৰ চিন পৰা এই সমস্যাবোৰত বাধা দিব পাৰে। গতিকে দৈনিক খাদ্যৰ লগতে পটল খাই থাকি বয়সৰ চিন পৰা সমস্যা বাধা দিব পাৰি।

কোষ্ঠকাঠিন্য আৰোগ্যত পটল -

কোষ্ঠকাঠিন্য পুৰুষ-মহিলা সকলোৰে বাবে এটা কষ্টকৰ স্বাস্থ্যৰ সমস্যা, যিটো সাধাৰণতে কম পানী আৰু বহু বেছি পৰিমাণৰ খনিজ দ্ৰব্য (যেনে আইৰন) খোৱাৰ বাবে হয়। পটলৰ ভিতৰত থকা গুটিবোৰে পাইখানা খোলোচা কৰাত সহায় কৰে আৰু সেই কাৰণে ইয়াক কোষ্ঠকাঠিন্যৰ সমস্যা কম কৰাৰ কাৰণে অনুমোদন কৰা হয়। গতিকে নিয়মীয়াকৈ পটল খাওক আৰু কোষ্ঠকাঠিন্যৰ সমস্যা কমাই ৰাখক।

তেজৰ শৰ্কৰা আৰু কলেষ্টেৰলৰ নিয়ন্ত্ৰণত পটল -

পটলৰ বিভিন্ন ব্যঞ্জন প্ৰস্তুত কৰোঁতে ইয়াৰ গুটিবোৰ পেলায় দিব নালাগে, কাৰণ এইবিলাকে তেজৰ শৰ্কৰা স্তৰ কম কৰাৰ লগতে দেহৰ কলেষ্টেৰলৰ পৰিমাণো কম কৰে। গতিকে অন্য ব্যঞ্জনৰ লগতে পটল সদায় খাই থাকিলে এই দুয়োবিধ দ্ৰব্যৰ স্তৰ প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণত ৰখাত সহায় কৰিব পাৰে।

ওজন কমোৱাত পটল -

আজিকালি আমি সকলোৱে ওজন কমোৱাৰ বাবে অনেক পদ্ধতি অৱলম্বন কৰোঁ, যাতে আমাৰ দেহাটো মজবুট, স্বাস্থ্যৱান আৰু ধুনীয়া হৈ থাকে। ইয়াৰ কাৰণে দৈনন্দিন ব্যায়মৰ লগতে সু-খাদ্য খোৱাৰ প্ৰতি সমানে সাৱধানতা লোৱাৰ আৱশ্যক। পটল বা পটল জাতীয় কম কেলৰিযুক্ত পাচলি খালে ওজন কম কৰাত সহায় কৰিব পাৰে। পটলে অলপ খালেই পেট পুৰ হোৱা যেন কৰি ৰাখিব পাৰে। গতিকে ই বেছি খোৱাৰ প্ৰৱণতা কমাই ৰাখিব পাৰে।

আয়ুৰ্বেদিক চিকিৎসাত পটল, এই উদ্ভিদৰ পাত আৰু শিপা ব্যৱহাৰ কৰা হয়। কিছুমান ৰোগ আৰোগ্যৰ বিধান এনেধৰণৰ-

১) মুৰ কামোৰণি: পটলৰ শিপা খুন্দি এটা পেষ্ট তৈয়াৰ কৰি কপালত সানি থৈ দিব লাগে আৰু শুকাবলৈ দিব লাগে।

২) আঘাত পোৱা: পটলৰ শিপা পানীত সিজাই লৈ সেই পানীখিনিৰে আঘাত পোৱা অংশ ভালকৈ ধুই দিব লাগে।

৩) তপা হোৱাত: পটলৰ পাত খুন্দি পেষ্ট তৈয়াৰ কৰি তপা হোৱা অংশত প্ৰলেপ দি থব লাগে আৰু শুকালে ধুই পেলাব লাগে।

৪)লিভাৰৰ অসুখ: পটলৰ পাতৰ ৰস উলিয়াই ইয়াৰ ২ চামুচ দিনে এবাৰকৈ খাব লাগে।

৫) তেজ বিশুদ্ধকৰণ: পটলৰ ৰস উলিয়াই ইয়াৰ ২০ মিলিলিটাৰকৈ সপ্তাহত ৩ বাৰ খাব লাগে।

 

৬) কাহ: পটলৰ শিপা পানীত সিজাই লৈ সেই পানী ৫ মিলিলিটাৰকৈ দিনে ২ বাৰ খালে কাহ আৰোগ্য হয়।

৭) ছালৰ অসুখ: ১ চামুচ পটল পাতৰ ৰস, অলপ মৌজোল কুহুমীয়া গৰম পানীৰ লগত মিহলাই খাব লাগে।

 

লেখক: ড° ৰবীন্দ্ৰ নাথ বৰুৱা (দৈনিক জনমভুমি)

 

 

3.24
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top