অসমীয়া   বাংলা   बोड़ो   डोगरी   ગુજરાતી   ಕನ್ನಡ   كأشُر   कोंकणी   संथाली   মনিপুরি   नेपाली   ଓରିୟା   ਪੰਜਾਬੀ   संस्कृत   தமிழ்  తెలుగు   ردو

কʼলʼৰেক্টেল কেন্সাৰ প্ৰতিৰোধৰ উপায় :

কʼলʼৰেক্টেল কেন্সাৰ প্ৰতিৰোধৰ উপায় :

সাম্প্ৰতিক কালত অন্যান্য জীৱনচৰ্যা(Lifestyle) জনিত ৰোগৰ লেখীয়াকৈ কেন্সাৰৰ প্ৰাদুৰ্ভাৱো বিশ্বৰ প্ৰায় সকলো প্ৰান্ততে অভাৱনীয়ভাৱে বৃদ্ধি পাবলৈ ধৰিছে।

  • বিলাসী তথা প্ৰকৃতি-বিৰুদ্ধ জীৱন-যাত্ৰা,
  • শাৰীৰিক পৰিশ্ৰমহীনতা,
  • স্বাস্থ্যৰ পৰিপন্থী খাদ্যাভ্যাস,
  • ব্যাপক প্ৰদূষণ,
  • অত্যধিক মানসিক চাপ তথা উদ্বিগ্নতা আদিয়েই হ’ল জীৱন-চৰ্যাজনিত ৰোগবোৰৰ প্ৰাদুৰ্ভাৱ দ্ৰুত গতিত বৃদ্ধি পাবলৈ ধৰাৰ মূল কাৰণ।

কেন্সাৰে এতিয়া বিশ্বজুৰি বিভীষিকাৰ সৃষ্টি কৰিছে বুলি ক’লেও অত্যুক্তি কৰা নহয়।

সাম্প্ৰতিক কালত যিকেইবিধ কেন্সাৰৰ প্ৰাদুৰ্ভাৱ অধিক মাত্ৰাত বৃদ্ধি পাইছে, তাৰ ভিতৰত ক’ল’ৰেক্টেল কেন্সাৰ(Colorectal Cancer) অন্যতম।

সাধাৰণতে বৃহদান্ত্ৰ(Large Intestine)ৰ কেন্সাৰকে ক’ল’ন(Colon) কেন্সাৰ বোলা হয়।

আনহাতে,

ৰেক্টেল কেন্সাৰ হ’ল মলদ্বাৰৰ কেন্সাৰ। বৃহদান্ত্ৰ বা মলাশয়ৰ কোষবোৰ অস্বাভাৱিকভাৱে বৃদ্ধি পালে, সেইবোৰেই কেন্সাৰৰ ৰূপ লয়।

অধিকমাত্ৰাত-

  • চৰ্বি থকা খাদ্য,
  • মাংস,
  • ফাষ্ট ফুড,
  • জাংক ফুড আদি খাদ্য বেছিকৈ খাই থাকিলে ক’ল’ৰেক্টেল কেন্সাৰত আক্ৰান্ত হোৱাৰ আশংকাই দেখা দিয়ে।
  • বিলাসী তথা অলস জীৱন-যাপন,
  • ধূমপান,
  • মদ্যপান আদিৰ ফলতো আন বহুতো ৰোগৰ লগতে ক’ল’ৰেক্টেল কেন্সাৰ হোৱাৰ আশংকা বৃদ্ধি পায়।

যিকোনো বয়সৰ লোকৰে ক’ল’ৰেক্টেল কেন্সাৰ হ’ব পাৰে যদিও ৫০ বছৰ বয়স অতিক্ৰম কৰ লোকসকলৰ মাজত এইবিধ কেন্সাৰৰ প্ৰাদুৰ্ভাৱ বেছি হোৱা দেখা যায়।

তাৎপৰ্যপূৰ্ণভৱে, বেছিভাগ ৰোগীৰ ক্ষেত্ৰতে কেন্সাৰ চিনাক্ত হোৱাৰ ভালেকেইবছৰ আগৰে পৰা ক’ল’নত পলিপ(Polyp) হৈ থাকে, পিছলৈ এই পলিপেই কেন্সাৰৰ ৰূপ পৰিগ্ৰহ কৰে।

আন এটা গুৰুত্বপূৰ্ণ কথা হ’ল, যিসকল লোকৰ তেজৰ সম্পৰ্ক থকা কোনো আত্মীয় ইতিমধ্যে ক’ল’ন কেন্সাৰত আক্ৰান্ত হৈছে।

সেইসকলৰ ক্ষেত্ৰত এইবিধ মাৰাত্মক ৰোগত আক্ৰান্ত হোৱাৰ আশংকা থাকে।

শাক-পাচলি, ফল-মূল প্ৰভৃতি আঁহযুক্ত খাদ্য পৰ্যাপ্ত মাত্ৰাত নাখালেও সমস্যা হ’ব পাৰে। কাৰ্ব’নেটেড পানীয় খোৱাটো ক্ষতিকাৰক।

শৰীৰত মেদ জমা হ’লে তথা শৰীৰৰ ওজন মাত্ৰাধিক হ’লেও ক’ল’ৰেক্টেল কেন্সাৰ হোৱাৰ আশংকা আহি পৰে। অন্ত্ৰৰ প্ৰদাহত ভুগি থকাটোও এই ৰোগত আক্ৰান্ত হোৱাৰ আন এটা কাৰণ।

প্ৰাথমিক পৰ্যায়ত ক’ল’ৰেক্টেল কেন্সাৰ চিনাক্ত কৰাটো অত্যন্ত কঠিন। কাৰণ প্ৰথম অৱস্থাত এইবিধ ৰোগৰ বিশেষ কোনো লক্ষণ দেখা নাযায়, লক্ষণবোৰ লাহে লাহে হে পৰিসফূট হ’বলৈ ধৰে।

ক’ল’ন বা মলাশয়ৰ কোন অংশত কেন্সাৰ হৈছে- তাৰ ভিত্তিত লক্ষণবোৰৰ কিছু তাৰতম্য হোৱা দেখা যায়।

ক’ল’ৰেক্টেল কেন্সাৰ সঠিকভাৱে চিনাক্ত কৰাৰ বাবে কেতবোৰ নিৰ্দিষ্ট পৰীক্ষা কৰা হয়। অৱশ্যে ৰোগবিধৰ চিনাক্তকৰণৰ বাবে ৰোগী এজনৰ কি কি পৰীক্ষা কৰাৰ প্ৰয়োজন, সেয়া চিকিৎসকে নিৰ্ণয় কৰে।

ক’ল’ৰেক্টেল কেন্সাৰ চিনাক্তকৰণৰ বাবে চিকিৎসকে সচৰাচৰ কৰিবলৈ দিয়া পৰীক্ষাবোৰ হ’ল-

  • তেজৰ যাৱতীয় পৰীক্ষা,
  • ক’ল’নোস্কোপী,
  • চি.টি.স্কেন,
  • এম.আৰ.আই।

ক’ল’ৰেক্টেল কেন্সাৰ চিনাক্তকৰণৰ পিছত ৰোগটো কি পৰ্যায়ত আছে- সেই জানি লৈ, তাৰ ভিত্তিত চিকিৎসকে চিকিৎসাৰ দিহা কৰে। অস্ত্ৰোপচাৰ কৰি পৰা অৱস্থাত চিনাক্ত হ’লে, অস্ত্ৰোপচাৰেই কৰা হয়।

টেমুনা(Tumaur) যদি কিছু বেছি দূৰলৈ বিয়পি পৰে, তেন্তে ‘প্ৰি-অপাৰেটিভ ৰেডিঅ’ থেৰাপি’ৰ জৰিয়তে টিউমাৰৰ আকাৰ সৰু কৰাৰ পিছত অস্ত্ৰোপচাৰ কৰা হয়।

ক’ল’ৰেক্টেল কেন্সাৰৰ চিকিৎসাৰ ক্ষেত্ৰত ‘টোটেল মেছোৰেক্টেল এক্সিছন’(Total Mesarectal Excision) বা টিএমই অস্ত্ৰোপচাৰক আদৰ্শ অস্ত্ৰোপচাৰ হিচাপে গণ্য কৰা হয়।

  • টেমুনা একেবাৰে তলৰ ফালে থাকিলে,
  • মলদ্বাৰ(Rectum) ৰাখি অস্ত্ৰোপচাৰ কৰা সম্ভৱ নহয়,
  • এনেক্ষেত্ৰত ক’ল’ষ্টোমী(Colostomy) কৰাৰ প্ৰয়োজন হয়,

যাতে অস্ত্ৰোপচাৰ কৰোঁতে মলদ্বাৰ বাদ দিয়াৰ পিছতো ৰোগীয়ে মলত্যাগ কৰি থাকিব পাৰে।

টেমুনা মাজৰ ফালে বা ওপৰৰ ফালে থাকিলে, মলদ্বাৰ বাদ নিদিয়াকৈও অস্ত্ৰোপচাৰ কৰিব পৰা যায়, এইক্ষেত্ৰত এটা বিশেষধৰণৰ ‘ষ্টেপনাৰ’ ব্যৱহাৰ কৰা হয়, যাতে কোনো ধৰণৰ অংগহানি নহয়।

অস্ত্ৰোপচাৰৰ পিছত যদি দেখা যায় যে কেন্সাৰ গ্ৰন্থি(Gland) লৈকেও বিয়পি গৈছে, তেন্তে ‘কেমোথেৰাপি’ প্ৰয়োগ কৰা হয়- ইয়াক ‘পোষ্ট অপাৰেটিভ কেমোথেৰাপি’ বোলে।

ক’ল’ৰেক্টেল কেন্সাৰ প্ৰতিৰোধৰ উপায়:

স্বাস্থ্যকৰ খাদ্য, বিশেষকৈ আঁহজাতীয় খাদ্য, যেনে-

১)শাক-পাচলি,

২)ফল-মূল আদি নিয়মিতভাৱে পৰ্যাপ্ত মাত্ৰাত খাব লাগে।

অধিক চৰ্বিযুক্ত খাদ্য, ৰেড মীট, ফাষ্টফুড প্ৰভৃতি স্বাস্থ্যৰ পৰিপন্থী খাদ্য খোৱাৰ পৰা যিমান দূৰ সম্ভৱ বিৰত থকা উচিত।

নিয়মিত ব্যায়াম কৰিলে অন্যান্য ৰোগৰ লগতে ক’ল’ৰেক্টল কেন্সাৰ হোৱাৰ আশংকাও যথেষ্ট হ্ৰাস পায়।

সেয়েহে প্ৰতি সপ্তাহত অন্ততঃ পাঁচ দিন কমপক্ষেও আধা ঘন্টাকৈ খোজকঢ়া বা অন্য ব্যায়াম কৰা উচিত।

শৰীৰৰ ওজন শৰীৰৰ উচ্চতা অনুযায়ী স্বাভৱিক মাত্ৰাত ৰখাটো নিতান্তই প্ৰয়োজন। পেটত চৰ্বি জমা হ’বলৈ দিব নালাগে।

ধূমপান আৰু মদ্যপান কৰাৰ ফলত আন বহু ধৰণৰ ৰোগৰ লগতে ক’ল’ৰেক্টেল কেন্সাৰ হোৱাৰ আশংকায়ো দেখা দিয়ে।

সেয়েহে এই নিচাজাতীয় দ্ৰব্যবোৰ সেৱন কৰাৰ পৰা বিৰত থকা উচিত।

নিয়মিতভাৱে যাৱতীত স্বাস্থ্য পৰীক্ষা কৰাই থকা উচিত।

কোনো সন্দেহজনক লক্ষণে দেখা দিলে তৎক্ষণাত চিকিৎসকৰ ওচৰ চপা উচিত।

লেখক: অমল ভাগৱতী(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

শেহতীয়া উন্নীতকৰণ: : 5/23/2020



© C–DAC.All content appearing on the vikaspedia portal is through collaborative effort of vikaspedia and its partners.We encourage you to use and share the content in a respectful and fair manner. Please leave all source links intact and adhere to applicable copyright and intellectual property guidelines and laws.
English to Hindi Transliterate