অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক’লা চৰমৰ যতন -

ক’লা চৰমৰ যতন

 

১) চন্দন পাউদাৰৰ লগত অকণমান হালধি গুড়ি আৰু মূলাৰ ৰস মিহলাই লগালে দাগ নাইকিয়া হয় ।

২) দুচামুচ মৌজোল আৰু দুচামুচ অৰ্জুন গছৰ ছালৰ গুড়ি একেলগে মিহলাই লেপন বনাই সপ্তাহত ৩/৪ দিন লগাওক । লেপনটো ২০ মিনিটমান লগাই ৰাখি ধুই পেলাওক । চাব লাহে লাহে দাগবোৰ আঁতৰি যাবলৈ ধৰিছে ।

৩) এনেকুৱা ক’লা দাগ হ’লে এটা গোন্ধেমালতী ফুল, দুচামুচ মৌজোল, অকণমান চাউলৰ গুড়ি আৰু দুটা তেজপাতৰ এটা লেপন বনাই নিয়মিত লগাওক । দুমাহৰ ভিতৰত দাগবোৰ পাতল হৈ আহিব ।

৪) পকা অমিতাৰ লগত এলোভেৰাৰ ভিতৰৰ জেলটো মিহলাই নিয়মিত লগালে পিগমেণ্টেচন ভাল হয় ।

৫) ঘৰুৱা লেপনবোৰ লগালে আপুনি উপকৃত হয়, কিন্তু আপোনাৰ পিগমেণ্টেচনৰ দাগবোৰ যদি বহুদিনৰ পুৰণি হয়, তেন্তে আপোনাৰ বিশ্বাসী কোনো সৌন্দৰ্য বিশেষজ্ঞৰ হতুৱাই আয়ুৰ্বেদিক এণ্টি-পিগমেণ্টেচন ট্ৰিটমেণ্ট কৰোৱা উচিত ।

৬) পিগমেণ্টেচনৰ পৰা হাত সাৰিবলৈ হ’লে ঘৰৰ বাহিৰলৈ ওলাই গ’লে মুখমণ্ডলৰ লগতে শৰীৰৰ উন্মুক্ত অংশত ছানস্ক্ৰীন লোচন লগাব লাগে । ছাতি আৰু ছানগ্লাছ ব্যৱহাৰ কৰা উচিত । প্ৰতিদিনে ১০/১২ গিলাচ পানী আৰু সদায় আধা কাপ গাজৰৰ ৰস খোৱা উচিত ।

উৎস – দেওবৰীয়া সম্ভাৰ

3.14285714286
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top