মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / ক’লেষ্টৰেলৰ সমস্যা কিদৰে কমাব
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

ক’লেষ্টৰেলৰ সমস্যা কিদৰে কমাব

ক’লেষ্টৰেলৰ সমস্যা কিদৰে কমাব তাৰ বিষয়ে লিখা হৈছে

বৰ্তমান সময়ত হাই ক’লেষ্টৰেলৰ সমস্যা প্ৰায় সকলো বয়সৰ ব্যক্তিৰ মাজত পৰিলক্ষিত হয়। মূলত: অস্বাস্থ্যকৰ জীৱন-যাপন যেনে অত্যাধিক তেলযুক্ত বা মেদযুক্ত খাদ্য গ্রহণ, অপর্যাপ্ত শৰীৰ চৰ্চা ইত্যাদি কাৰণসমূহৰ বাবেই এই সমস্যাই গা কৰি উঠে। তদুপৰি - অ’বেছিটি অর্থাৎ -মেদবহুলতা, ধূমপান, বয়সজনিত কাৰণ, বিভিন্ন বংশগত সমস্যা, মধুমেহ, উচ্চ ৰক্তচাপ, বৃক্ক আৰু যকৃতৰ সমস্যা আদিৰ বাবেও কলেষ্টৰেল হোৱাৰ সম্ভাৱনা থাকে। ক’লেষ্টৰেল হ’ল তেজত থকা একপ্রকাৰৰ ফেটি এচিড যিয়ে কোষৰ মেমব্ৰণ তৈয়াৰ হোৱাত আৰু সূৰ্যৰ পোহৰক ভিটামিন ডিলৈ পৰিণত কৰাত সহায় কৰে। কিন্তু তেজত থকা উপকাৰী এই উপাদান ই এক শাৰীৰিক সমস্যাৰূপে দেখা দিয়ে। হাই ক’লেষ্টৰেলৰ এই সমস্যাক হাইপাৰ ক’লেটেৰলেমিয়া’ বুলি অভিহিত কৰা হয়। ইয়াৰ ফলত হৃদৰোগৰো সম্ভাৱনা থাকে। কিছু অতি সাধাৰণ খাদ্য উপাদানৰ সহায়ত ক’লেষ্টৰেলৰ সমস্যা নিয়ন্ত্রণ কৰিব পাৰি। তেনে পাঁচটি উপাদানৰ বিষয়ে তলত উল্লেখ কৰা হ’ল-

ধনিয়া

 

গৱেষণাৰ দ্বাৰা এই তথ্য পোহৰলৈ আহিছে যে, ধনিয়াই LDL ৰ (বেয়া ক’লেষ্টৰেল) মাত্রা হ্রাস কৰাত সহায় কৰে। তদুপৰি ধনিয়া মধুমেহ ৰোগৰো মহৌষধ। কেঁচা ধনিয়া বিভিন্ন ব্যঞ্জনৰ সৈতে খোৱাৰ উপৰি ধনিয়া গুড়ি ভালদৰে পানীত মিহলাই পিচলৈ চেকি লৈ দিনে দুবাৰকৈ খাব পাৰে। এই পানীৰ সৈতে সামান্য পৰিমাণে চেনিও দি ল’ব পাৰে।

পিয়াঁজ

 

হাই ক’লেষ্টৰেলৰ সমস্যা দূৰ কৰাত ৰঙা পিঁয়াজ অতি উপকাৰী। হংকঙৰ চিকিৎসা বিজ্ঞানীসকলৰ অনুসৰি পিঁয়াজে বেয়া ক’লেষ্টৰেলৰ মাত্রা কমাই ভাল ক’লেষ্টৰেলৰ মাত্রা বৃদ্ধিত সহায় কৰে। তাৰ ফলত হৃদৰোগত সম্ভাৱনাও বহু পৰিমাণে কমি যায়। এচামুচ পিঁয়াজৰ ৰসৰ সৈতে সামান্য এই ক্ষেত্ৰত সুফল লাভ কৰিব পাৰিব।

আমলখি

 

আমলখিয়ে প্রাকৃতিক হাইপোলিপিডেলিকৰূপে কাম কৰে যিয়ে তেজৰ লিপিড কন্সেন্ট্ৰেচন কমোৱাত সহায় কৰে। ইন্টাৰনেচনেল জাৰ্নেল অব্‌ মেডিকেল ৰিচাৰ্ছ এণ্ড হেল্‌থ ছাইন্সৰ এক গৱেষণাৰ পৰা জানিবলৈ পোৱা গৈছে যে আমলখিয়ে এণ্টি-হাইপাৰ লিপিডেমিক, এন্টি-আথেৰোজেনিক আৰু হাইপোলিপিডেমিকৰূপেও কাম কৰে। আমলখিৰ গুৰি এগিলাচ কুহুমীয়া পানীত মিহলাই দৈনিক এবাৰকৈ খাব পাৰে।

গোল নেমুৰ ৰস

 

প্রতিদিনে তিনিকাপকৈ গোল নেমুৰ ৰস (পানী মিহলাই) খালে ক’লেষ্টৰেলৰ মাত্ৰা নিয়ন্ত্ৰণলৈ আহে আৰু লগতে শৰীৰত ভিটামিন চি অভাৱো পূৰণ হয়। আমেৰিকা জার্নেল অব্‌ ক্লিনিক নিউট্ৰিচনৰ এক গৱেষণা অনুসৰি এনেদৰে বিশুদ্ধ গোল নেমুৰ ৰস প্ৰতিদিনে খালে ভাল ক’লেষ্টৰেলৰ মাত্রা বৃদ্ধি পায় আৰু বেয়া ক’লেষ্টৰেলৰ মাত্ৰা হ্রাস পায়।

এপেল ছাইডাৰ ভিনেগাৰ

 

এপেল ছাইডাৰ ভিনেগাৰে ক’লেষ্টৰেল আৰু ট্রাইগ্লিছাৰাইডৰ মাত্রা হ্রাস কৰাত সহায় কৰে।ই উচ্চ ৰক্তচাপৰ সমস্যাতো ঔষধিৰূপে কাম কৰে।

উৎস: সাদিন।

3.06896551724
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top