মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কোনবোৰ খাদ্য বিষকোপৰ বাবে দায়ী?
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কোনবোৰ খাদ্য বিষকোপৰ বাবে দায়ী?

কোনবোৰ খাদ্য বিষকোপৰ বাবে দায়ী?

চিকিৎসকসকলৰ মতে জ্বলন পোৰণ অথবা বিষ কোপবোৰৰ অস্তিত্ব হেনো সাগৰৰ বৃহৎ বৰফৰ পাহাৰবোৰৰ নিচিনা। আমি যেনেকৈ সাগৰত থকা বৰফৰ পাহাৰবোৰৰ সামানা মূৰ বা শিখৰটোহে দেখো অথচ পানীৰ তলত বুৰ গৈ থকা বৃহৎ অংশটোৰ একো উমানেই নাপাওঁ, ঠিক সেইদৰে শৰীৰত দেখা দিয়া বিষ-কোপ,  জ্বলন-পোৰণবোৰ হেনো শৰীৰটোৰ গভীৰ স্থানলৈকে শিপাই থাকে। কিহৰ কাৰণে আমাৰ শৰীৰটোত এই বিষ-কোপবোৰৰ সৃষ্টি হৈছে তাৰ সঠিক উৎসবোৰ নিৰ্ণয় কৰাটো হেনো বেছ কঠিন কাম। সেয়েহে বিষ-কোপ উদ্রেককাৰী কিছুমান আহাৰ আমাৰ খাদ্য তালিকাৰ পৰা বাদ দিলে আমি সেই অসুবিধাবোৰৰ পৰা আঁতৰত থাকিব পাৰিম। সেই আহাৰবোৰৰ সাম্ভাৱ্য তালিকা এখন তলত দিয়া হৈছে-

গ্লুটেন

গ্লুটেন নামৰ প্ৰ'টিনবিধ ঘেঁহু বা ৰাই (মাহ) জাতীয় শস্যত থাকে। এই প্রটিনবিধ দেখাত ক্ষতিকাৰক নহ'লেও ঘেঁহু খেতিবোৰ কেনে ধৰণে পথাৰত কৰা হৈছে, সেই ঘটনাটোৰ ওপৰতহে ইয়াৰ ক্ষতিকাৰক গুণটোৱে নিৰ্ভৰ কৰে। পাওৰুটি বা ব্রেডত এক আঠা জাতীয় পদার্থ থাকে। সেকা পাওৰটীত গ্লুটন থাকে৷ ঘেঁহুৰ বেছিভাগ প্রজাতিকেই শৰীৰটোৱে হজম কৰিব নোৱাৰে। সমগ্র পুষ্টিকৰ উপাদান আঁতৰাই পেলোৱাৰ পিচত যিখিনি অৱশিষ্ট থাকে, সি আমাৰ শৰীৰটোৰ বাবে ক্ষতিকাৰক, বহুতো লোকে গ্লুটেনকে ষ্টাৰ্চ (শ্বেতসাৰ) বুলি ধৰি লয়। ভাত হ’ল এবিধ গ্লুটেনহীন খাদ্য, পিচে ইয়াত ষ্টার্চ থাকে। আলু আৰু দাইলতো ষ্টাৰ্চ থাকে। ষ্টাৰ্চ থকা খাদ্যবোৰ সীমিত পৰিমাণতহে শৰীৰটোৰ বাবে ভাল বা উপকাৰী।

দুগ্ধজাত খাদ্য

গৰুৰ গাখীৰৰ পৰা উৎপাদিত ছানা বহুতো লোকৰ অস্ত্রই হজম কৰিব নোৱাৰে। আধুনিক যুগত বেছিভাগ ঘৰচীয়া প্রাণীক হৰম’ন আৰু এন্টিবায়’টিক প্রয়োগ কৰি আকাৰত ডাঙৰ কৰা হয়। এই ঔষধবোৰে আমাৰ দেহত বিষ-কোপৰ সৃষ্টি কৰিব পাৰে। বহুতো লোকে আকৌ গৰুৰ গাখীৰ খালেই নানা অসুবিধাৰ সন্মুখীন হয়। সেয়েহে দুগ্দ্ধজাত খাদ্যৰ সলনি আমি কাঠবাদাম, চয়াবীনৰ গাখীৰ, দৈ আৰু পনীৰ খালে আমাৰ বিয-কোপবোৰ কমি থাকিব।

প্রচ্ছেড (প্রক্রিয়াজাত) চয়বীন

প্রচ্ছেড চয়াবীন আপোনাৰ শৰীৰৰ বাবে অপকাৰী নহ’লেও এইবোৰত থকা উচ্চ মাত্রাৰ প্রটিনবোৰ নিৰামিষহাৰীসকলৰ বাবে কিন্তু প্ৰটিনৰ উৎস। পিচে বেছিভাগ চয়াবীনেই হৈছে প্ৰচ্ছেড খাদ্য। কিছুমান দেশ যেনে আমেৰিকাত চয়াবীনজাতীয় খাদ্যবোৰৰ জীনগতভাৱে পৰিবর্তন সাধন কৰা হয়। বহুত শস্যৰ খেতিত গ্লাইফোচেট সমৃদ্ধ সাৰ ব্যৱহাৰ কৰা হয়, যি কেন্সাৰ ৰোগৰ সৃষ্টি কৰে। তদুপৰি চয়াবীনত ফাইটিক এচিড থাকে, যাৰ অৱস্থিতিত শৰীৰত জিংক, কেলচিয়াম, মেগনেচিয়াম আৰু লৌহ পদার্থ (আয়ৰন) শোষণ কৰা কার্য, কঠিন হৈ পৰে। চয়াবীনত থকা ফাইটোইষ্ট্রোজেন দ্রব্যবিধে শৰীৰৰ হৰম'নৰ কাৰ্যপ্রণালীত যথেষ্ট প্রভাৱ পেলায়।

মিহি আৰু প্ৰচ্ছেড চেনি

এই মিঠা জাতীয় খাদ্যবিধে শৰীৰত থকা পুষ্টিকৰ উপাদানবোৰ ছিন্ন-ভিন্ন কৰি বয়স বৃদ্ধিৰ প্রক্রিয়াটোক খৰতকীয়া কৰি পেলায়। তদুপৰি এই খাদ্য খোৱাৰ ফলত মানুহৰ বহুমূত্র ৰোগ আৰু ওজন বৃদ্ধিপায়। আনকি এই খাদ্যৰ সৈতে কেন্সাৰৰো সম্পর্ক আছে। কেৱল সাধাৰণ চেনিয়েই নহয়, বীট, চেনি, মল্ট চিৰাপ, তালৰ পৰা উৎপাদিত চিৰাপ, মাকৈৰ চিৰাপ বা ৰসবোৰ শৰীৰৰ বাৰে ক্ষতিকাৰক। এই কৃত্রিমভাবে উৎপাদিত মিঠা খাদ্যবিধৰ তুলনাত মৌ, নাৰিকল, খেজুৰ আদি ফল শৰীৰৰ বাবে বহুত বেছি উপকাৰী।

মনোচডিয়াম গ্লুটামেন্ট

এই দ্রব্যবিধ প্ৰচ্ছেড বা প্রক্রিয়াজাত খাদ্যবোৰ নিমখীয়া আৰু সুগন্ধিযুক্ত কৰিবৰ কাৰণে ব্যৱহাৰ কৰা হয়।ই স্বায়ুতন্ত্রত খেলিমেলিৰ সৃষ্টি কৰে। খাদ্যবোৰৰ পেকেটত মনোচডিয়াম গ্লুটামেন্ট (MSG) বুলি স্পষ্টভাৱে লিখা নাথাকিলেও, ইয়াক বেলেগ নাম দি লুকুৱাই ৰখা হয়; যেনে- অটোলাইচণ্ড্ৰ ইষ্ট এক্সট্রাক্ট হাইড্রলাইজড প্রটিন আৰু প্রাকৃতিক জুতি (ফ্লেভাৰ) আদি। আমি সততে ব্যৱহাৰ কৰা খাদ্য- ইনষ্টেন্ট নুডল্‌ছ নামৰ খাদ্যবিধতো মনোচডিয়াম গ্লুটামেন্ট থাকে।

অস্বাস্থ্যকৰ চৰ্বি

পেকেটজাত খাদ্য যেনে ট্ৰান্স ফেট প্ৰচ্ছেড খাদ্য, মাংসৰ টুকুৰা, কিছুমান চকলেট আৰু বহুত ধৰণৰ তেলত যেনে-মাকৈৰ তেল, আঙুৰ গুটিৰ তেল, চয়াবীনৰ তেল আৰু সূৰ্যমুখী ফুলৰ তেলত “ওমেগা-৬” নামৰ অপকাৰী চৰি থাকে।

উৎস: সাদিন।

 

2.96296296296
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top