অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কফি কিমান উপকাৰী:

কফি কিমান উপকাৰী লিখা হৈছে

 

আমেৰিকাৰ মিনেছটা বিশ্ববিদ্যালয়ত চলোৱা এটা অধ্যয়নৰ প্ৰতিবেদন অনুসৰি কফিৰ গুটিত(Bean) পোৱা খনিজ পদাৰ্থ আৰু অন্যান্য ৰাসায়নিক দ্ৰব্যই আমাৰ শৰীৰৰ ৰক্ত শৰ্কৰাৰ মাত্ৰা নিয়ন্ত্ৰিত কৰি অগ্নাশয়ক ৰক্ষা কৰে।

কফি সেৱন কৰি মধুমেহৰ পৰা ৰক্ষা পাওক:

 

ডায়েবেটিছ ৰোগত আক্ৰান্ত হৈ থকা লোকে সচৰাচৰ চাহ তথা কফি সেৱনৰ পৰা দূৰত থাকিব বিচাৰে। কিন্তু দৈনিক চাৰি কাপতকৈ ধিক চাহ অথবা কফি সেৱন কৰিলে টাইপ-২ ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিব পাৰি। অষ্ট্ৰেলিয়াৰ জৰ্জ ইনষ্টিটিউটৰ সহকাৰী অধ্যাপক ৰেছেল হাখচেলেৰ মতে ডায়েবেটিছৰ ৰোগীয়ে কফি সেৱন কৰিলে ৮০ শতাংশ বিপদ কম হ’ব পাৰে। কফিত কিমান পৰিমাণৰ চেনি অথবা কিমান পৰিমাণৰ গাখীৰ মিহলাব, সেই কথাই কফিৰ গুণাগুণৰ ওপৰত কোনো প্ৰভাৱ নেপেলায়। লগে লগে প্ৰস্তুত কৰি দিনত ছয় কাপমান কফি খালে ডায়েবেটিছ ৰোগৰ ফলত বৃদ্ধি পোৱা ৰক্ত শৰ্কৰা ৬০ শতাংশ কম হ’ব পাৰে। গৱেষণা কালত কৰা ১৮টা পৰীক্ষাৰ পিছত এই তথ্য ওলাইছিল। প্ৰায় পাঁচ লাখ ৰোগীৰ ওপৰত এই গৱেষণা চলোৱা হৈছিল।

মিনেছটা বিশ্ববিদ্যালয়ৰ দ্বাৰা কফি খাই ভাল পোৱা ২৮০০০ মহিলাৰ ওপৰত প্ৰায় ২২ বছৰ ধৰি কৰা অধ্যয়নৰ অন্তত এই কথা পোহৰলৈ আহিছে যে প্ৰতিদিনে ছয় কাপকৈ কফি খোৱা মহিলাৰে কফি নোখোৱা মহিলাতকৈ মধুমেহ ৰোগ হোৱাৰ সম্ভাৱনা ২২ শতাংশ কম হয়।

বিশেষজ্ঞ চিকিৎসক এমিলী ছিনাই কয় যে কফি সেৱন কৰিলে টাইপ-২ ডায়েবেটিছৰ আশংকা ৩৩ শতাংশ কম হয়। কফিত থকা লাভদায়ক উপাদানবোৰৰ বিষয়ে অৱশ্যে এই পৰ্যন্ত বিজ্ঞানীসকলে পৰীক্ষা-নিৰীক্ষা চলাই আছে। কফিত থকা ৰসায়ন তথা খনিজ পদাৰ্থই মধুমেহ ৰোগৰ বাবে দায়ী কাৰ্বোহাইড্ৰেট মেটাবলিজিমৰ হাৰ নিয়ন্ত্ৰণ কৰে।

স্নায়ুতন্ত্ৰত প্ৰভাৱ পেলায়:

 

জাপানৰ বিজ্ঞানীয়ে এবিধ বিশেষ ধৰণৰ কফি প্ৰস্তুত কৰি উলিয়াইছে। জাপানৰ নাৰা ইনষ্টিটিউট অব ছায়েন্স এণ্ড টেকনল’জিৰ অধ্যাপক ড° হিৰোচী চৈনী আৰু তেওঁৰ সহযোগী বিশেষজ্ঞই কফিৰ পুলিত আৰএনএ ইন্টাৰফাৰেন্স পদ্ধতিৰ দ্বাৰা এবিধ জিন সন্নিবিষ্ট কৰে। ফলত এইবিধ কফি গছে সাধাৰণ কফিৰ বীজৰ দৰেই কেফেইনযুক্ত কফি গুটি উৎপাদন কৰে। পাৰ্থক্য পমাথোন এটাই যে ইয়াত নিক’টিনৰ মাত্ৰা কম পৰিমাণে থাকে। চৈনীৰ মতে এনেধৰণৰ কফি খালে শৰীৰৰ কোনোধৰণৰ অনিষ্ট নহয়। বৰঞ্চ কেফেইনে স্নায়ুতন্ত্ৰক সূচাৰুৰূপে কাম কৰাত সহায় কৰে।

স্বাস্থ্য মনোবিজ্ঞান বিভাগৰ চিকিৎসক এণ্ডট্টিথিমৰ নেতৃত্বত বিশ্বম বিশ্ববিদ্যালয়ৰ আন এদল মনোবিজ্ঞানীয়ে কৰা অধ্যয়নৰ জৰিয়তে এনে তথ্য পোৱা গৈছে যে পানীলগা হোৱাৰ লগে লগে কফি খালে পীড়িত ব্যক্তিয়ে কিছু আৰাম পোৱাৰ লগতে মনটো প্ৰফুল্লিত হৈ উঠে। তদুপৰি এই কফি সেৱনৰ ফলত মগজু ঠাণ্ডা হৈ থাকে।

কাৰ্যক্ষমতা বৃদ্ধি:

 

হেবাৰ্গৰ ডছলড’ফ বিশ্ববিদ্যালয়ত কৰা এটা গৱেষণাৰ পৰা এই কথা জানিব পৰা গৈছে যে কফিয়ে মানুহক সৃষ্টিশীল, বুদ্ধিমান আৰু শক্তিশালী কৰি ৰাখে। মানুহৰ কাম কৰাৰ শক্তি বৃদ্ধি কৰে। কফিত এলাৰ্জি বিৰোধী এবিধ পদাৰ্থ পোৱা যায়। প্ৰতিদিনে দুইৰ পৰা চাৰি কাপ কফি খালে কলন কেন্সাৰৰ বিপদৰ পৰা ২৫ শতাংশু পৰ্যন্ত হাত সাৰি থাকিব পাৰি। আনহাতে লিভাৰ চিৰোছিছ ৯০ শতাংশ, পাৰ্কিনচন্স ৰোগ ৫০ৰ পৰা ৯০ শতাংশ কম হোৱা পৰিলক্ষিত হয়। চাৰ্ড পাওল বিশ্ববিদ্যালয়ৰ বিজ্ঞানীয়ে এক অনুসন্ধানত এই কথা জানিব পাৰিছে যে কফি খোৱা পুৰুষৰ পৌৰুষত্ব অটুট থাকে। বিজ্ঞানীয়ে ৩৫০ গৰাকী দৈনিক কফি খোৱা পুৰুষৰ ওপৰত অধ্যয়ন চলাইছিল। কফি নোখোৱা লোকৰ সৈতে তেওঁলোকৰ শাৰীৰিক অৱস্থাৰ তুলনা কৰা হৈছিল। বিজ্ঞানীয়ে এই অধ্যয়নৰ জৰিয়তে এই তথ্য লাভ কৰিবলৈ সক্ষম হৈছে যে পুৰুষৰ বীৰ্যৰ সক্ৰিয়তা কফিৰ কেফেইনৰ সংস্পৰ্শলৈ অহাৰ লগে লগে বৃদ্ধি হোৱা দেখা গ’ল।

হৃদৰোগৰ পৰা ৰক্ষা কৰে কফিয়ে:

 

গৰম কফি কেৱল আপোনাৰ শৰীৰটোকে সতেজ নকৰে, বৰঞ্চ আপোনাৰ হৃদযন্ত্ৰকো স্বাস্থ্যবান কৰি ৰাখে। আমেৰিকাৰ ফাৰ্মা কোম্পানীয়ে ২.৩০ লাখতকৈ অধিক পুৰুষে তথা মহিলা কেন্সাৰ ৰোগীৰ ওপৰত চলোৱা গৱেষণাৰ পিছত এই তথ্য পোহৰলৈ আহিছে যে ২৫ৰ পৰা ৪০ বছৰ বয়সৰ যিসকল লোকে দৈনিক চাৰিকাপতকৈ অধিক কফি সেৱন কৰে, সেইসকল লোকৰ হৃদৰোগৰ আশংকা অন্য লোকতকৈ ২৫ শতাংশ কম হয়। কফিত থকা কেফেইনে এই কাম কৰে। আনহাতে যিসকলে প্ৰতিদিনে একাপৰ পৰা তিনি কাপকৈ কফি খায়, তেওঁলোকৰ হৃদৰোগৰ আশংকা সাত শতাংশ কম হয়। তদুপৰি প্ৰতিদিনে চাৰি কাপকৈ কফি খালে মুখগহ্বৰৰ কেন্সাৰ ৰোগৰ পৰা বাচি থাকিব পাৰি। অলপতে কৰা এক গৱেষণাত এই তথ্য প্ৰকাশ পাইছে। গৱেষণাৰ তথ্য অনুসৰি অধিক পৰিমাণে কফি খোৱা লোকে মুখৰ কেন্সাৰ আৰু খাদ্যনলীৰ কেন্সাৰৰ পৰা বাচি থাকিব পাৰে। গৱেষকসকলে কফিত ২০০০ত কৈয়ো অধিক ৰাসায়নিক উপাদান থকাৰ তথ্য লাভ কৰিছে। এইবিলাক উপাদানৰ অধিকাংশই হৈছে এন্টি অক্সিডেন্ট গুণসম্পন্ন। এইবিলাক দ্ৰব্যই কেন্সাৰ প্ৰতিৰোধ কৰাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।

মহিলাৰ বাবে লাভদায়ক:

 

গৰ্ভৱতী মহিলাই নিতৌ পুৱা একাপকৈ কফি সেৱন কৰিব পাৰে। আমেৰিকাৰ বিজ্ঞানীয়ে এই দাবী কৰিছে যে ইয়াৰ দ্বাৰা কোনো অপকাৰ নহয়। ২০০ মিলিগ্ৰাম কেফেইনযুক্ত(দুই কাপ) কফি খালে গৰ্ভপাত বা আগতীয়া গৰ্ভপাত হোৱাৰ আশংকা নাথাকে। আমেৰিকাৰ কলেজ অব অবষ্টেটিটিক্স এণ্ড গাইনোক’লজিষ্টৰ বিজ্ঞানীয়ে ২০০০ মহিলাৰ ওপৰত কৰা অধ্যয়নৰ পিছত এই কথা নিশ্চিত হৈছে। পূৰ্বে কফিৰ দ্বাৰা ভ্ৰণ নষ্ট হয় বুলি ধাৰণা কৰা হৈছিল আৰু নৱজাত শিশুৰ ওজন কম হয় বুলি আশংকা কৰা হৈছিল।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.10526315789
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top