মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কম্পিউটাৰ ভিজন চিনড্ৰম (Computer vision syndrome):
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কম্পিউটাৰ ভিজন চিনড্ৰম (Computer vision syndrome):

কম্পিউটাৰ ভিজন চিনড্ৰম (Computer vision syndrome)ৰ বিষয়ে লিখা হৈছে ।

 

সাম্প্ৰতিক সময়ত কম্পিউটাৰ আৰু এন্দ্ৰইড মোবাইল ফোনৰ ব্যৱহাৰ অতি দ্ৰুতগতিত বৃদ্ধি পাইছে। আধুনিক পৃথিবীত প্ৰায় সকলো মানুহেই কম্পিউটাৰৰ লগত জড়িত হব লগা হয়। কিছুমান মানুহে চাকৰি বা ব্যৱসায় সংক্ৰান্তীয় কামত দিনটোৰ ১০ ৰ পৰা ১২ ঘণ্টালৈ কম্পিউটাৰ ব্যৱহাৰ কৰিব লগা হয়। ইয়াৰ ভিতৰত বেংকৰ কৰ্মচাৰী, বিভিন্ন কল চেণ্টাৰত কাম কৰা লোক, চিকিৎসালয় বা হোটেলৰ কৰ্মচাৰী ইত্যাদি উল্লেখযোগ্য। তাৰোপৰি বিভিন্ন লোকে বিনোদনৰ আহিলা হিচাপেও কম্পিউটাৰ বা এন্দ্ৰইড ফোন ব্যৱহাৰ কৰে।

দীৰ্ঘ সময়ৰ বাবে কম্পিউটাৰ বা এন্দ্ৰইড ফোন ব্যৱহাৰৰ ফলত ইয়াৰ পৰা নিৰ্গত ৰশ্মিয়ে চকুত বিভিন্ন ধৰণৰ বিসংগতিৰ জন্ম দিয়ে। ইয়াৰ ফলত দেখা দিয়া উপসৰ্গ সমূহক কম্পিউটাৰ ভিজন চিনড্ৰম (computer vision syndrome) বুলি কোৱা হয়। শেহতীয়া ভাবে এইবিধ ৰোগৰ প্ৰাদুৰ্ভাৱ অতি বেছিকৈ বৃদ্ধি পোৱা দেখা গৈছে।

এই ৰোগত দেখা মুখ্য লক্ষণ সমূহ তলত উল্লেখ কৰা ধৰণৰ----

মূৰৰ বিষ,

চকুৰ পানীৰ পৰিমাণ কমি যোৱা (Dryness),

চকু ৰঙা পৰা  redness),

চকুহাল ভাগৰুৱা আৰু গধুৰ গধুৰ অনুভৱ কৰা (Tiredness and heaviness),

চকু খোচখোচাই থকা (Foreign body sensation)

চকুৰ দৃষ্টি শক্তি ব্যাহত হোৱা ইত্যাদি।

উপৰোক্ত লক্ষণ সমূহ মূলতঃ চকুৰ পানীৰ পৰিমাণ কমি যোৱাৰ ফলত দেখা পোৱা যায়। বহুত সময় একেৰাহে কম্পিউটাৰ ব্যৱহাৰ কৰিলে কম্পিউটাৰ মণিটৰৰ পৰা নিৰ্গত হোৱা পোহৰৰ ৰশ্মিয়ে চকুত থকা পানী সমূহ সোনকালে বাষ্পীকৰণ কৰে। তাৰোপৰি কম্পিউটাৰ ব্যৱহাৰৰ সময়ত আমি চকুৰ টিপ (Blinking) মাৰিবলৈ পাহৰি যাওঁ। চকুৰ পতাৰ গতি কমি যোৱাৰ ফলত চকুৰ পানী সমূহ চকুত সমভাবে বিয়পি পৰাত বাধাগ্ৰস্ত হয়। সাধাৰণতে মানুহে প্ৰতি মিনিটত ১৪ ৰ পৰা ১৮ বাৰলৈ চকুৰ blink কৰে কিন্তু কম্পিউটাৰ ব্যৱহাৰৰ সময়ত ই ৮ ৰ পৰা ১০ লৈ হ্ৰাস পায়।ফলত চকুৰ আৰ্দ্ৰতা হ্ৰাস পায় আৰু চকু শুকান হৈ পৰে।

কম্পিউটাৰ ভিজন চিনড্ৰমৰ পৰা ৰক্ষা পাবলৈ আমি কম্পিউটাৰ বা মোবাইল ফোন ব্যৱহাৰৰ পৰা আঁতৰি থাকিব লাগিব, যিটো আজিৰ সময়ত কোনোপধ্যেই সম্ভৱপৰ নহয়।

তলত উল্লেখ কৰা উপায় সমূহ ব্যৱহাৰ কৰি এই ৰোগৰ পৰা আঁতৰি থাকিব পাৰি------

১)পৰ্য্যাপ্ত পোহৰৰ ব্যৱস্থা-- কম্পিউটাৰ ব্যৱহাৰ কৰা কোঠালীটোৰ পোহৰ পৰ্য্যাপ্ত পৰিমাণৰ হব লাগে। বহুত বেছি উজ্জ্বল পোহৰত কম্পিউটাৰ ব্যৱহাৰ কৰিব নালাগে।পৰাপক্ষত কম্পিউটাৰ টো খিৰিকী বা দৰ্জাৰ পৰা অলপ নিলগত ৰাখি ব্যৱহাৰ কৰিব লাগে।

২)কম্পিউটাৰ মণিতৰৰ ওপৰত ৰশ্মি প্ৰতিৰোধী পৰ্দা (anti glare screen) লগাব লাগে। সম্ভৱ হলে কম্পিউটাৰ ব্যৱহাৰ কৰা কোঠালিটোৰ বেৰত ডাঠ ৰংৰ প্ৰলেপ লগাব লাগে।

৩)কম্পিউটাৰ বা মোবাইল ফোন ব্যৱহাৰ কৰা সময়ত anti reflective coating (ARC) যুক্ত চছমা ব্যৱহাৰ কৰিব লাগে।

৪)সাধাৰণতে কম্পিউটাৰ সমূহত কেথড ৰে টিউব যুক্ত মণিতৰ থাকে, ইয়াৰ ঠাইত LCD বা LED যুক্ত মণিতৰ ব্যৱহাৰ কৰিলে সুফল পোৱা যায়। সম্ভৱ হলে অলপ ডাঙৰ আকাৰৰ মণিতৰ ব্যৱহাৰ কৰিব লাগে। মণিতৰৰ আকাৰ১৯ ইঞ্চিত কৈ ডাঙৰ হলে ভাল।

৫)বছৰত কমেও দুবাৰ চকু বিশেষজ্ঞৰ দ্বাৰা চকু পৰীক্ষা কৰাব লাগে।

৬) কম্পিউটাৰ ব্যৱহাৰৰ সময়ত কম্পিউটাৰ টোৰ উজ্জলতা(brightness) কমাই লব লাগে আৰু contrast অলপ বঢ়াই লব লাগে। সাধাৰণতে কম্পিউটাৰত background ৰাখিব নালাগে যাতে আখৰ বোৰ স্পষ্টকৈ বোধগম্য হয়।

৭) কম্পিউটাৰ ব্যৱহাৰৰ সময়ত নিৰ্দিষ্ট সময়ৰ ব্যৱধানত চকুহালক জিৰণি দিব লাগে। প্ৰত্যেক ৩০ মিনিটৰ মূৰে মূৰে প্ৰায় ৩০ চেকেণ্ডৰ কাৰণে চকুহাল জপাই ৰাখিব লাগে। তাৰোপৰি প্ৰত্যেক ২০ মিনিটৰ মূৰে মূৰে প্ৰায় ২০ ফুট দূৰত্বৰ যিকোনো বস্তু এটা ২০ চেকেণ্ড সময়ৰ কাৰণে চাব লাগে। কম্পিউটাৰ বা মোবাইল ফোন ব্যৱহাৰৰ সময়ত মিনিটত কমেও ১৫-২০ বাৰ চকুৰ টিপ মাৰাটো জৰুৰী।

ইয়াৰ উপৰিও কিছুমান আয়ুৰ্বেদিক ঔষধ আৰু পদ্ধতি ব্যৱহাৰ কৰিলে কম্পিউটাৰ ভিজন চিনড্ৰম ৰোগত আক্রান্ত ৰোগীয়ে ভাল ফল লাভ কৰে।

তলত কিছুমান ঔষধৰ নাম উল্লেখ কৰা হল----

১) সপ্তামৃত লৌহ

২) মহা সুদৰ্শণ চূৰ্ণ

৩) মহা ত্ৰিফলা ঘৃত

৪) অস্বগন্ধা চূৰ্ণ

৫) আমলখি চূৰ্ণ

৬) ত্ৰিফলা চূৰ্ণ আৰু যষ্টিমধু চূৰ্ণ কষায়ৰ দ্বাৰা নেত্র প্ৰক্ষালন

৭) ত্ৰিফলা ঘৃতৰ দ্বাৰা নেত্র তৰ্পন।

লেখক: ডাঃ অলকেশ মজুমদাৰনেত্র বিশেষজ্ঞ(আয়ুৰ্বেদিক)

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

ফোন নং: ৯৪৩৫০১৭৯৬৮

 

2.88888888889
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top