মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কোল্ড ড্ৰিঙ্কৰ হানিকাৰক গুণ -
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কোল্ড ড্ৰিঙ্কৰ হানিকাৰক গুণ -

কোল্ড ড্ৰিঙ্কৰ হানিকাৰক গুণৰ বিষয়ে লিখা হৈছে ।

 

গৰমত আপুনী কোল্ড ড্ৰিঙ্ক, ফ্ৰিজৰ পানী বা কুৱা / দমকলৰ ঠান্ডা পানী খায় নেকি ? কিবা কাম কৰি, কৰবাৰ পৰা গৰমত আহি বা ব্যায়াম কৰি উঠি নাইবা ভাত খাওতে বাৰে বাৰে ঠান্ডা পানী খায় নেকি?
অন্যহাতে দোকানত পোৱা নানা তৰহৰ ৰঙীন সোৱাদযুক্ত বৰফ বা পানীয় নিজে বা ল'ৰা ছোৱালীকো খুৱায় নেকি?
যদি হয় বুলি কয় তেনেহলে আপুনি কিছুমান ৰোগক নিজৰ দেহলৈ আমন্ত্ৰন কৰা হৈছে । দেখিব সোনকালেই কেইটামান ৰোগে কব নোৱাৰাকৈ আপোনাৰ দেহত স্থায়ীভাৱে খোপনি পুতিছে ।
ঠান্ডা পানীৰে গা ধোৱা, হাতমুখ ধোৱা যিমান উপকাৰী পেয় জল হিচাবে ঠান্ডাপানী বা অতি ঠান্ডা পানীয়ে দেহযন্ত্ৰৰ ক্ৰিয়াত যথেস্থ বাধাস্বৰুপ হয় ।
আহক ঠান্ডা পানীয়ে আমাৰ দেহত কেনে ক্ৰিয়া কৰে -
আমাৰ গোটেই দেহত ৬০ৰ পৰা ৭২ ভাগ পানী আছে । শৰীৰৰ পৰা প্ৰশ্ৰাৱ ঘাম আদি নানা প্ৰক্ৰিয়াৰে পানী ওলাই যোৱাৰ ফলত পানীৰ পৰিমান কমি যায় আৰু আমাৰ পিয়াহ লাগে । এই সন্তুলন বজাই ৰাখি দেহ সুস্থ ৰাখিবলৈ দিনে কমেও ৩-৪ লিটাৰ পানী খোৱাতো নিতান্তই প্ৰয়োজন। গৰমৰ দিনত সচৰাচৰ পানী বেচিকৈ খোৱা হয় । বিশেষকৈ ঠান্ডা পানী খোৱা হয় ।
শিশুৰ পৰা বৃদ্ধলৈ বহুতে আকৌ বৰফ, ফ্ৰিজৰ পানী, বটলৰ ঠান্ডা পানী খায় । গৰমৰ দিনকেইটাত দোকানী বিলাকৰো বটলৰ পানী পেপচী কোলা আদি ঠান্ডা পানীয়ৰ ৰমৰমীয়া ব্যৱসায় চলে ।
আমি বহুতে ভাৱো গৰমত এইবোৰ অতি ঠান্ডা পানী খালে দেহ অতিকৈ শীতল হব । অৱশ্যে সাময়িক ভাৱে কিছুসময়ৰ বাবে সকাহ বোধ হয় যদিও অধিক ঠান্ডা পানী্যে আমাৰ শৰীৰত আভ্যন্তৰীন ভাৱে কেনেদৰে স্থায়ী প্ৰতিক্ৰিয়া ঘটাব পাৰে আৰু কি কি ৰোগ হব পাৰে জানো আহক
ফ্ৰিজ বা অধিক ঠাণ্ডা পানী সেৱণত হব পৰা ৰোগ :----
১। আহাৰ খোৱাৰ সময়ত বা খোৱাৰ অন্তত অধিক পানী খালে পাচনক্ৰিয়াৰ বিসংগতি / হজম শক্তি কমি যোৱা / সময়মতে শৌচ নোহোৱা/স্থায়ী কৌষ্ঠকাঠিন্য ৰোগ /লিভাৰ ও পাকস্থলী দৌৰ্বল্য/ পাইলচ / পিত্তৰোগ,আলচাৰ,গেচৰ সমস্যা আদি
২। খুব গৰমত বা ভাগৰত অধিক চেচা পানী খালে হৃদয়ৰ অস্বাভিৱিক স্পন্দন, হৃদযন্ত্ৰ আৰু ৰক্তসঞ্চালনত বাধা ,(হাৰ্ট এটাক)ৰক্তচ্চাপৰ অসন্তুলন, বৃক্ক বা কিডনী দুৰ্বল ।
৩। যিকোনো সময়ত ঠান্ডা পানী অধিক খালে শ্বাস যন্ত্ৰ দুৰ্বল, সৰ্দি কাহ জ্বৰ আদি ৰোগ,কন্ঠ আৰু গলৰ সমস্যা, অৰ্থৰাইটিচ,হাড়ৰ ৰোগ,দাতৰ ৰোগ ,ঘনাই পিয়াহ লগা আদো লক্ষনে দেখা দিব পাৰে।

ফ্ৰিজৰ ৰঙীন পানীয় পেপচী কোকাকোলা  -


বৰফ চোডাপানী আদিৰ পৰা হব পৰা ৰোগ ওপৰত বৰ্নোৱা আটাইবোৰ ৰোগৰ ওপৰিও
এইবোৰ পানীয়ত থকা সীহ ,ক্ৰমিয়াম, কেডিয়াম ,ফচফেট, ফচফৰিক এচিড,কাৰ্বন ডাই অক্সাইড,কেফেইন ,অধিক মাত্ৰাত চুগাৰৰ লগতে একমাত্ৰ গ্ৰাহকক আকৰ্শনৰ বাবে ৰঙীন আৰু সুস্বাদু কৰাৰ বাবে বিভিন্য ৰসায়ন মিশ্ৰিত হয় যাক এবাৰ মুখত লাগিলে বাৰে বাৰে খোৱাৰ স্পৃহ জাগে । আচলতে এইবোৰত কোনো ফলৰ ৰস বা দেহৰ উপযোগী পৌষ্টিক উপাদান নাথাকে । বৰং ইয়াত থকা কেমিকেলবোৰে ডায়েবেটিচ ,পাথৰ, হাড় ৰ ৰোগ , মহিলাৰ স্তন কেন্চাৰ, গৰ্ভাসয়ৰ ৰোগ, অধিক শকত হোৱা, মগজুৰ বিকাৰ ,মুৰৰ বিষ সোনকালে ভাগৰলগা ,অৱস অবস লগা ,ঠান্ডা বা গৰম সহ্য কৰিব নোৱাৰা আদি নিজে কব নোৱাৰাকৈ বিভিন্ন ৰোগৰ লক্ষনে দেখা দিয়ে ।
( কিছুমান দেশত এনে পানীৰ বিক্ৰী বন্ধ (Bend)কৰা হৈছে । স্বাস্থ্যসজাগতাৰ অভাৱত ভাৰতত এনে ৰোগৰ বাহক বিদেশী পানীয়ৰ ন্যৱহাৰ বছৰে বাঢ়ি গৈ আছে । এনেকি শিশু মহিলা বৃদ্ধয়ো বৰবিহ ৰুপী এনে পানীয়ৰ নিচাত এটা আভিজাত্যৰ সামগ্ৰী হিচাবে লব ধৰিছে । পৰিক্ষা মুলক বিশ্লেশন কৰিলে দেখা যাব মদ,ধপাত,গাঞ্জা বা আন নিচাসামগ্ৰীৰ তুলনাত এনে বৰবিহৰুপী পানী্য কোনো গুণে কম নহয় - যিয়ে লাহে লাহে খুলি খুলি মানুহৰ দেহক ধংস কৰি আহিছে ।

লেখক: যতীন দাস

উৎস: স্বাস্থ্য দ্য হেলথ ছলিউশ্যনছ

 

 

2.66666666667
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top