অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাগজৰ ঠোঙাৰ বিষ :

কাগজৰ ঠোঙাৰ বিষৰ বিষয়ে লিখা হৈছে ।

 

আমাৰ ঘৰৰ প্ৰায় পদূলিমূৰৰ পৰাই দৈনিক আৰু পাচলি, মাছৰ বজাৰ বহে। ঘৰৰ পৰা এক কিলোমিটাৰমান আগত এখন ডাঙৰ বজাৰ বহে। ঘৰুৱা বজাৰৰ বাবে এই বজাৰলৈ সপ্তাহত এদিন-দুদিন প্ৰায়ে যাওঁ। এই বজাৰলৈ অহা গ্ৰাহকৰ খুব কমসংখ্যকৰহে হাতত এটা মোনা বা বেগ থাকে। বেছিভাগেই খালী হাতেৰে বজাৰলৈ আহে আৰু প্লাষ্টিকৰ ঠোঙাত বিধে বিধে মেট মৰা পাচলি, মাছ-মাংস ভৰাই বজাৰ কৰি ঘৰলৈ ৰাওনা হয়। এইসকলৰ বেছিসংখ্যকেই প্লাষ্টিকৰ পৰা স্বাস্থ্যৰ হ’ব পৰা সম্ভাৱনীয় ক্ষতিসমূহৰ বিষয়ে জ্ঞাত। অথচ তেওঁলোকে এই কেৰিবেগবোৰ ত্যাগ কৰাৰ কথা বোধকৰো নাভাবে।

প্লাষ্টিকৰ মোনাবোৰে আমাৰ চৌপাশৰ পৰিবেশ কিদৰে বিনষ্ট কৰিছে সেই বিষয়ে আমি স্বচক্ষুৰে দেখিছো। মানুহৰ চিন্তা, মানসিক জগত আৰু কৰ্মক্ষমতা পৰিৱেশৰ ওপৰত বহুখিনি নিৰ্ভৰশীল । সুস্থ পৰিৱেশে সুচিন্তা, সুকৰ্ম আৰু সুস্বাস্থ্য বৰ্তাই ৰখাত সহায় কৰে। অন্যহাতে পৰিৱেশ বিনষ্ট হ’লে কেৱল আমাৰ স্বাস্থ্যৰে ব্যাঘাত নজন্মে। তাৰ প্ৰভাৱ চিন্তাশক্তি আৰু কৰ্মৰ ওপৰতো পৰে।

প্লাষ্টিকৰ পৰা হোৱা প্ৰদুষণৰ প্ৰতি মানুহে জনাৰ লগে লগে কাগজৰ ঠোঙাৰ ওপৰত নিৰ্ভৰশীল হোৱা দেখা গৈছে। প্লাষ্টিকৰ সলনি বিনাদ্বিধাই হাত আগবঢ়াইছে কাগজৰ প্ৰতি। কিন্তু এনে কৰোতে চকচকীয়া বগা কাগজৰ ঠোঙাৰ কাষ চপা নাই। তেওঁলোকে হাতত তুলি লৈছে পুৰণি খবৰ কাগজৰ ঠোঙা। কেঁচা চানা, জালমূৰি, পথৰ দাঁতিৰ বিভিন্ন ভজা-পোৰা বস্তু প্ৰায়ে এনে কাগজেৰে মেৰিয়াই খাবলৈ লোৱা দেখা গৈছে। কিন্তু ফুড ছেফটী এণ্ড ষ্টেণ্ডাৰ্ড অথৰিটী অৱ ইণ্ডিয়াৰ তথ্য অনুসৰি খবৰ কাগজেৰে মেৰিয়াই যিকোনো খাদ্য খোৱা অনুচিত। কিয়নো, ই স্বাস্থ্যসন্মত নহয়। এই আৰোপ উঠাৰ পিছতে ভাৰতৰ স্বাস্থ্য মন্ত্ৰালয়ে সমূহ বিক্ৰেতাই যাতে গ্ৰাহকক এনেধৰণৰ কাগজত মেৰিয়াই খাদ্য খাবলৈ নিদিয়ে তাৰ এটা সতৰ্কবাণী দিছিল। সাধাৰণতে পথৰ দাঁতিৰ বা ঘুৰা –পকা কৰি বিক্ৰী কৰা বিক্ৰেতাসকলে এনেধৰণৰ খবৰ কাগজ বেছিকৈ ব্যৱহাৰ কৰা দেখা যায়। বহুতে আকৌ খবৰ কাগজৰ লগতে পুৰণা কিতাপ-আলোচনীৰ কাগজো ব্যৱহাৰ কৰা দেখা যায়। এইবোৰো সমানেই মাৰাত্মক। কিয়নো কিতাপৰ কাগজ সামান্য উন্নত হ’লেও এইবোৰত ব্যৱহৃত আঠা আৰু কিতাপ-পত্ৰ পোকে নাখাবলৈ কিছুমান ‘প্ৰিজাৰভেটিভ’ ৰাসায়নিক দ্ৰব্য ব্যৱহাৰ কৰা হয়। এই সকলোবোৰ মানুহৰ শৰীৰৰ বাবে অত্যন্ত ক্ষতিকাৰক। এই সকলোবোৰ বিভিন্ন ধৰণৰ কেন্সাৰৰ কাৰক। ভাৰতীয় স্বাস্থ্য আৰু খাদ্য সুৰক্ষা সংস্থাই এই দ্ৰব্যবোৰৰ সজাগতা আনোতে কেৱল গ্ৰাহকক সচেতন কৰিলেই নহ’ব বুলি মত পোষণ কৰিছে। তেওঁলোকৰ মতে গ্ৰাহকৰ লগতে নিম্নস্তৰৰ ব্যৱসায়ী ব্যক্তিসকলক সজাগ কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কিয়নো, এইসকল ব্যক্তিৰ সাধাৰণ জ্ঞানৰ মান অতি নিম্ন। তেওঁলোকৰ স্বাস্থ্য সম্পৰ্কীয় সজাগতাও কম। তেওঁলোকে এনেধৰণৰ জ্ঞান আওকাণ কৰে। সেয়ে এইসকল ব্যক্তিক সজাগ কৰিবৰ বাবে নিষেধাজ্ঞ জাৰি কৰাটোও জৰুৰী বুলি কয়। এই বিষয়ত ২০১৬ চনৰ ডিচেম্বৰত কেন্দ্ৰীয় খাদ্য সুৰক্ষা কৰ্তৃপক্ষই খবৰ কাকতত খাদ্য গ্ৰহণত বাধা আৰোপ কৰিছিল।

প্ৰকৃততে এই খবৰ কাগজতনো শৰীৰৰ হানিকাৰক কি দ্ৰব্য আছে? সাধাৰণতে খবৰ কাগজত ব্যৱহৃত কাগজ ‘ৰিচাইকেল’ কৰি ব্যৱহৃত হয়। যি প্ৰক্ৰিয়াত ৰাসায়নিক উপাদান যথেষ্ট ব্যৱহাৰ কৰা হয়। আনহাতে খবৰ কাগজত ব্যৱহৃত চিঁয়াহীও মানুহৰ স্বাস্থ্যৰ পক্ষে হানিকাৰক। এই চিঁয়াহীৰ ৰং, ৰঞ্জক পদাৰ্থ যিদৰে ক্ষতিকাৰক, তেনেদৰে চিঁয়াহীত থকা নানা ধৰণৰ বেঞ্জিডিন, বেঞ্জোফেনন্স, এনিলিন, এন-নেপথালেমিন , টু নেপাথাইলেমিন, খনিজ তেল, গ্লাছৰ দৰে গধুৰ ধাতু ব্যৱহৃত হয়। এই সকলোবোৰ উপাদানেই কেন্সাৰৰ কাৰক। অৱশ্যে এই ধৰণৰ অভিযোগ ওলোৱাৰ পিছতে বিভিন্ন মহলে দাবী কৰিলে যে চিঁয়াহী তৈয়াৰ কৰা প্ৰধান উপাদান হ’ল ছয়াবিনৰ তেল। কিন্তু এই চিঁয়াহী দ্ৰুততাৰে শুকাবৰ বাবে চিঁয়াহীৰ লগত মিহলোৱা হয় ফটো ইনিচিয়েটৰ থকা ৰাসায়নিক দ্ৰব্য।

কেন্দ্ৰীয় স্বাস্থ্য সুৰক্ষা সংস্থাই এই সতৰ্কবাণী দিছে যে খবৰ কাগজ বা তেনে পৰ্যায়ৰ কাগজ ব্যৱহৃত খাদ্যই বদহজমৰ সৃষ্টি কৰিব পাৰে । শৰীৰৰ বিভিন্ন অংগত হোৱা ৰাসায়নিক বিষক্ৰিয়াও ইতিমধ্যে প্ৰমাণিত হৈছে। মানুহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা হ্ৰাস পায়। অন্যহাতে দেখা যায় যে এনে ধৰণৰ কাগজ ব্যৱহৃত খাদ্য খোৱাৰ প্ৰৱণতা বয়স্কসকলতকৈ শিশু আৰু কিশোৰৰ সংখ্যা বেছি। কেন্সাৰ চিকিৎসকলকৰ মতে চিঁয়াহী জাতীয় উপাদানবোৰত ৰাসায়নিক দ্ৰব্য হোৱাটো স্বাভাৱিক। কিন্তু সকলো মানুহেই স্বাস্থ্য সচেতন হোৱা প্ৰয়োজন। অন্যথা এইধৰণৰ উপাদানবোৰে মূত্ৰথলী, হৃৎপিণ্ডৰ ক্ষতি কৰাৰ লগতে ছালৰো বিভিন্ন ধৰণৰ ৰোগ হ’ব পাৰে। এগৰাকী বিশিষ্ট মূত্ৰৰোগ বিশেষজ্ঞই এই কথা সদৰী কৰিছে যে চিঁয়াহীৰ থকা বিভিন্ন ‘কাৰ্চিনোজেনিক’ যৌগ শৰীৰৰ পৰা মূত্ৰ ছেকি বাহিৰ কৰি দিয়াত কিডনীয়ে সহায় কৰে। কিন্তু যদিহে দীঘলীয়াকৈ এইধৰণৰ যৌগ মূত্ৰথলীৰ সংস্পৰ্শত থাকে, তেতিয়া মূত্ৰথলী কেন্সাৰ ৰোগত আক্ৰান্ত হোৱাৰ বহু সম্ভাৱনা আছে। তেওঁ এনেধৰণৰ বিষয়ৰ ওপৰত মানুহৰ স্বাস্থ্য সজাগতা আহিবৰ কাৰণেই মূত্ৰথলী কেন্সাৰ ৰোগীৰ ৰোগৰ বুৰঞ্জী গ্ৰহণ কৰাটো জৰুৰী বুলি কাৰণেই মূত্ৰথলী কেন্সাৰ ৰোগীৰ ৰোগৰ বুৰঞ্জী গ্ৰহণ কৰাটো জৰুৰী বুলি কাৰণ দৰ্শাইছে।

এটা কথা ঠিক যে ভাৰতীয়সকলৰ স্বাস্থ্য সচেতনাৰ বিষয়টো এতিয়াও ৰহস্যৰ আৱৰ্তত। তেওঁলোকে বিভিন্ন কাম-কাজ কৰে অভ্যাসৰ বশৱৰ্তী হৈ। সকলো কথা জানিও একো নজনাৰ ভাও দি অথবা সকলো জ্ঞান আওকাণ কৰি তেওঁলোকে কাম-কাজ সম্পন্ন কৰে। প্লাষ্টিকৰ পৰা হ’ব পৰা সম্ভাব্য সকলো বিপদৰ কথা জানিও যিদৰে প্লাষ্টিকৰ মোনাৰ কবলৰ পৰা ওলাই আহিব পৰা নাই, ঠিক সেইদৰে কাগজেৰে মেৰিওৱা খাদ্য গ্ৰহণৰ পৰা প্ৰাণৰ সংশয়ৰ বিষয়ে জ্ঞাত হ’লেও এই অভ্যাস কিমান এৰিব পাৰিব সেই বিষয়ে সমাজবিজ্ঞানীসকলে সন্দেহ প্ৰকাশ কৰিছে। বৰঞ্চ হয়তো তেওঁলোকে কৈ উঠিব যে কাগজ আৰু প্লাষ্টিকৰ খাদ্য গ্ৰহণ নকৰিলেই কেন্সাৰ সমূলঞ্চে নিৰ্মূল হোৱাৰ নিশ্চয়তা কোনে দিব?

লেখিকা: গীতিমালিকা নেওগ (জি এনআৰচি স্বাস্থ্য)

3.1
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top