মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কাজি নেমুৰ কিছুমান ঔষধি গুণ :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাজি নেমুৰ কিছুমান ঔষধি গুণ :

কাজি নেমুৰ কিছুমান ঔষধি গুণৰ বিষয়ে লিখা হৈছে ।

 

*কাজি নেমুৰ লগত মিঠা আমৰ ছাল পিহি নাভিৰ চাৰিওফালে লেপ দিলে পেটৰ বিষ কমে।

*কৰ্কট ৰোগ প্ৰতিৰোধ কৰাৰ শক্তিও কাজি নেমুত আছে বুলি পৰীক্ষা-নিৰীক্ষাত প্ৰমাণ হৈছে।

*কাজি নেমুৰ ৰসত পানী মিহলাই পুৱা খালী পেটত খালে শৌচ খোলোচা হয়। একেদৰে ৰাতি শুবৰ সময়ত খালেও একে ফল পোৱা যায়।

*কৃমি হ’লে কাজি নেমুৰ গুটি পাঁচ-ছটা বাকলি এৰুৱাই পিহি গৰম পানীৰে খালে কৃমি নাশ হয়।

*কাজি নেমুৰ ৰস চেনিৰে সৈতে মিহলাই দিনে দুই-তিনিবাৰ খালে অন্ত্ৰশূল ৰোগত আৰাম পোৱা যায়।

*হাপানী ৰোগত কাজি নেমুৰ ৰসৰ লগত সমপৰিমাণৰ আদাৰ ৰস মিহলাই দুই-তিনিবাৰ খালে ৰোগ নিৰাময় হয়।

*কাজি নেমুৰ ৰস আৰু মিঠাতেল সমানে মিহলাই তিনি-চাৰিবাৰকৈ মূৰত দিলে উন্মাদ ৰোগত উপকাৰ পোৱা যায়।

*ৰক্ত দূষিত হ’লে কাজি নেমুৰ ৰস গৰম পানীৰে খালে ভাল ফল পোৱা যায়।

*কাজি নেমুৰ ৰসৰ লগত চেনি মিহলাই দিনে চাৰি-পাঁচবাৰমান খালে কাণ কলা ৰোগ নিৰাময় হয়। মূৰৰ বিষত কাজি নেমু দুফাল কৰি মূৰত ঘঁহিলে মূৰৰ বিষ ভাল হয়।

উৎস: নিয়মীয়া বাৰ্তা

3.22222222222
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top