মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কাম কৰক স্বাস্থ্যৱান হওক :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কাম কৰক স্বাস্থ্যৱান হওক :

কাম কৰক স্বাস্থ্যৱান হওক, সেই বিষয়ে লিখা হৈছে ।

প্ৰায়ে সৰহসংখ্যক ব্যক্তিয়ে শাৰীৰিক ফিটনেছ অটুট ৰখাৰ নিমিত্তে এক্সাৰচাইজ, এৰবিকছ, ডায়েটিং আৰু কত যে কি নকৰে।

যদি এই সকলোবোৰ কৰিবলৈ আপোনাৰ হাতত পৰ্যাপ্ত সময়ৰ অভাৱ হয়, তথাপি চিন্তিত হোৱাৰ কাৰণ নাই।

নিজৰ দৈনিক কাৰ্যক্ৰমণিকালৈ কিছু পৰিৱৰ্তন আনিও আপুনি ফিট হৈ থাকিব পাৰে। আহক, এনে কেতবোৰ কথা জানি লওঁ।

  • পুৱাৰ আৰম্ভণি দুগিলাচ কুহুমীয়া পানীৰে কৰক। গ্ৰীণ টি খাওক।
  • প্ৰাতঃকৰ্মৰ শুভাৰম্ভ মন পৰশা সংগীতৰ মনোৰঞ্জনেৰে কৰক। কাম-বনখিনি আমনি নলগাকৈ কৰি উঠিব পাৰিব।
  • ল’ৰা-ছোৱালীৰ লগত বেডমিন্টন, ফুটবল ইত্যাদি খেলসমূহ খেলক।
  • টিভি চোৱাৰ সময়ত চকীখনত পোন হৈ বহক। মাজেফ-সময়ে হাত-ভৰি নচুৱাওক। টিভিৰ ব্ৰেকসমূহক নিজৰ ফিটনেছ ব্ৰেক বুলি ভাবক আৰু সেই সময়কণত উঠি আহি সৰুসুৰা দুই-এটা কাম কৰক।
  • লিফটৰ পৰিৱৰ্তে খটখটী ব্যৱহাৰ কৰক।
  • অৱসৰৰ মুহূৰ্তবোৰত ফুৰিবলৈ যাওক আৰু আৰাম কৰাৰ সলনি ট্ৰেকিং, জগিং, ছুইমিং আদিত ভাগ লওক।
  • যদি প্ৰাতঃভ্ৰমণ বা ব্যায়াম কৰাৰ কাৰণে ঘৰৰ পৰা অকলে ওলাই যাবলৈ বেয়া লাগে, তেন্তে প্ৰতিবেশীৰ সৈতে মিলি ফিটনেছ গ্ৰুপ এটা কৰক আৰু পাৰ্কলৈ যাওক।
  • প্ৰাতঃভ্ৰমণৰ সময়ত যদি ভোক অনুভৱ হয়, তেতিয়া ফাষ্টফুডৰ ঠাইত ফল খাওক।
  • আজৰি পৰত ঘৰতে নৃত্যৰ অভ্যাস কৰক। এনে কৰিলে উদ্বিগ্নতাও দূৰ হ’ব আৰু কেলৰিও বাৰ্ন হ’ব।
  • চিন্তা-ভাবনা বাঢ়িলে বেছিকৈ খোৱাৰ অভ্যাস থাকিলে সেই অভ্যাস এৰিব। ইয়াৰ পৰিৱৰ্তে বাগিচাৰ কাম অথবা ভাল লগা কোনো কৰ্মত মনোনিৱেশ কৰক।
  • অফিচত কম্পিউটাৰ বা ডেক্সত কাম কৰাৰ সময়ত ৰাজহাড় পোন কৰি বহিব। একেৰাহে অধিক সময় বহি নাথাকিব। মাজেমধ্যে উঠি অলপ-অচৰপ খোজকাঢ়িব।
  • ৰাতিৰ আহাৰ খোৱাৰ পিছতেই শুবলৈ নাযাব। কিছু সময়(২০০-৫০০ খোজ) খোজ কাঢ়িহে বিছনালৈ যাব।

লেখিকা: ডাঃ ৰীণা দেৱী(নিয়মীয়া বাৰ্তা)

স্তনৰ কৰ্কট ৰোগ আৰু খোজকঢ়া -

শেহতীয়াকৈ মহিলাসকলৰ বাবে এঠি সুখবৰ ওলাইছে। যদি কোনো মহিলাই এঘন্টাকৈ খোজ কাঢ়ে, তেন্তে স্তনৰ কেন্সাৰ হোৱাৰ পৰা হাত সাৰিব পাৰে। জৰ্জিয়াৰ জদ্য আমেৰিকান কেন্সাৰ ছ’চাইটীৰ গৱেষক চিকিৎসক ডাঃ এলফা পেটেলে শেহতীয়াকৈ এই কথা সদৰী কৰিছে যে তেওঁলোকে প্ৰায় ৫০ বছৰ বয়সৰ পৰা ৭৫ বছৰ বয়সৰ ৭০ হাজাৰ মহিলাৰ ওপৰত অধ্যয়ন চলাইছিল।

তেওঁলোকৰ জীৱন প্ৰণালীৰ বহু তথ্যও তেওঁলোকে সংগ্ৰহ কৰিছিল। ইয়াৰে ৪৭ শতাংশ প্ৰতিদিনে এঘন্টাকৈ খোজ কঢ়া মহিলাৰ স্তনৰ কেন্সাৰ হোৱাৰ সম্ভাৱনা ১৪ শতাংশ হ্ৰাস পায়। সেয়ে মহিলাসকলে দিনটো একেৰাহে কিছু সময় খোজ কঢ়াৰ অভ্যাস কৰক।

বহুতে এই কথাও কয় যে দিনটোত ইফাল-সিফাল কেইবা ঘন্টাও খোজ কাঢ়ে বাবে একেলেথাৰিয়ে খোজকঢ়াৰ প্ৰয়োজন নাই। প্ৰকৃততে এনে নহয়। একেলেথাৰিয়ে মুকলি ঠাইত খোজ কাঢ়াটোহে শৰীৰৰ বাবে উপকাৰী।

দন্তক্ষয় কিয় হয় -

  • চেনি আৰু চেনিৰ পৰা তৈয়াৰী খাদ্য মাত্ৰাধিক পৰিমাণে খালে দন্তক্ষয় হ’ব পাৰে। এচিডলৈ ৰূপান্তৰ হৈ চেনিয়ে দাঁতৰ ক্ষতি কৰে।
  • আগৰ দিনত মানুহবোৰৰ দন্তক্ষয় ৰোগ কম হৈছিল, কিয়নো তেওঁলোকে খুব কম পৰিমাণৰ চেনি খাইছিল। আনকি এতিয়াও কম পৰিমাণে মিঠা খোৱা মানুহৰ দন্তক্ষয় ৰোগ কম পৰিমাণে হয়।
  • দন্তক্ষয়ৰ পৰা হাত সৰাৰ আটাইতকৈ সহজ উপায়টো হ’ল প্ৰতিবাৰ আহাৰ খোৱাৰ পিছত বিশেষকৈ চেনি বা চেনিৰ পৰা উৎপাদিত বস্তু খোৱাৰ পিছত ভালকৈ দাঁত পৰিষ্কাৰ কৰা।
  • প্ৰতিবাৰে টুথব্ৰাছেৰে দাঁত পৰিষ্কাৰ কৰাটো সম্ভৱ নহ’লে পৰিষ্কাৰ পানীৰে মুখখন কুলকুল কৰি হাতৰ আঙুলিৰে দাঁত আৰু দাঁতৰ আলু দাঁতৰ আলু মালিচ কৰিব।
  • খোৱাপানীত সামান্য পৰিমাণৰ ফ্ল’ৰাইড থাকিলে দন্তক্ষয় প্ৰতিৰোধত সহায়ক হয়।

প্ৰষ্টেট গ্ৰন্থিৰ ৰোগ -

পুৰুষৰ প্ৰষ্টেট গ্ৰন্থি ৪৫ বছৰ মান বয়সৰ পৰা সামান্য হ’লেও বহুতৰে ডাঙৰ হ’বলৈ আৰম্ভ কৰে। তাৰে ভিতৰত কিছু লোকৰ ৬০ বছৰমান বয়সৰ পিছত এনেদৰে ডাঙৰ হোৱা প্ৰষ্টেট গ্ৰন্থিয়ে মূত্ৰনলীত হেঁচা মৰাৰ ফলত কিছুমান লক্ষণে দেখা দিয়ে।

এনে হ’লে প্ৰস্ৰাৱ ঘনাই কৰিব লাগে, প্ৰস্ৰাৱ শেষ হ’ল বুলি ভবাৰ পিছতো অলপ অলপ পৰি থাকিব পাৰে আৰু প্ৰস্ৰাৱ পূৰাকৈ নহ’ল যেন লাগি থাকিব পাৰে।

ৰোগ আগবঢ়াৰ লগে লগে প্ৰস্ৰাৱ সম্পূৰ্ণ হৈছে বুলি ভাবিলেও বাধা পোৱাৰ ফলত কিছু প্ৰস্ৰাৱ মূত্ৰাশয়ত থাকি যায় আৰু সাধাৰণতে এনে ৰোগীয়ে ৰাতি ঘনাই প্ৰস্ৰাৱ কৰি থাকিব লাগে।

এইদৰে অলপ অলপকৈ বাধা বাঢ়ি গৈ কিছুমান মূত্ৰাশয়ৰ ভৰ্তি হৈ টোপাল টোপালকৈ প্ৰস্ৰাৱ ওলাই থাকিব পাৰে। এনে অৱস্থাত বহুতে তলপেটৰ যন্ত্ৰণা অনুভৱ কৰে। এনেদৰে বেছিদিন চলি থাকিলে কিডনি বিকল হৈ যাব পাৰে। এনে অৱস্থাত ৰোগীৰ তলপেটৰ বিষ হ’ব পাৰে। হঠাতে প্ৰস্ৰাৱ বন্ধ হ’লে বহু সময়ত ৰবৰৰ নলী মূত্ৰ নলীয়েদি ভৰাই মূত্ৰাশয়ৰ পৰা প্ৰস্ৰাৱ বাহিৰ কৰে। কেতিয়াবা এনেদৰে নলী সুমুৱাব নোৱাৰিলে অপাৰেচন কৰি মূত্ৰাশয়লৈ ৰবৰৰ নলী সুমুৱাই প্ৰস্ৰাৱ বাহিৰ কৰা হয়। আজিকালি মানুহে সাধাৰণ এই শাৰীৰিক সমস্যাবোৰ বুজি পোৱা হৈছে বাবে এনে অসুবিধাত চিকিৎসকৰ কাষ চাপে। অৱশ্যে এনে কৰা উচিত, অন্যথা কেন্সাৰ পৰ্যন্ত হ’ব পাৰে।

উৎস: নিয়মীয়া বাৰ্তা

3.0
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top