আভিধানিক অৰ্থত “ফল” শব্দই গছৰ গুটিৰ সুচায়।পিছে ব্যৱহাৰিক অৰ্থত গুটিৰ লগতে গুটিক আৱৰি ৰখা মঙহাল অংশ,যিখিনি সহজভক্ষ সেইখিনিকো সামৰি পোবা সামূহিক দ্ৰ্ৱ্যখিনিকে ফল শব্দৰ অন্তৰ্ভক্ত কৰা হয়।ফলসমুহক কেচাঁ বা পকা অৱস্থাত খোৱা হয়।সাধাৰনতে যিবিলাক ফলক কেচাঁৰ সলনি পকা অৱস্থাত খোবা হয়।সাধাৰনতে যিবিলাক ফলক কেচাঁৰ সলনি পকা অৱস্থাত খালেহে মিঠা স্বাদ পোবা যায় তেনে ফলক আমি পকাই খোৱাত গুৰুত্ব দিওঁ যেনে কল,কমলা,আম,অমিতা,অনাৰস,কঠাঁল,জামু,লেটেকু,পনিয়ল,তৰমূজ ইত্যাদি।ইয়াৰ বিপৰীতে যিবিলাক ফল পকিলেও মিঠা স্বাদ পোৱা নাযায় তেনে ফলক কেচাঁ অৱস্থাতে খোৱাৰ উপায় কৰা হয় যেনে নেমু,শিলিখা, ভোমোৰা,অমৰা,তিয়হঁ,জলফাই ইত্যাদি।ফলবিলাক পকাৰ সময়ত ভিতৰভাগৰ ৰাসায়নিক স্ংযুক্তিৰ পৰিবৰ্তন ঘটি সুমিষ্ট হোৱাৰ উপৰি বৰ্হিভাগৰ বাকলিতো ৰঙৰ পৰিৱৰ্তন ঘটি মোহনীয় হোৱাৰ লগতে স্বদে-গোন্ধে আৰ্কষনীয় হৈ পৰাৰ হেতুকে পকা অৱস্থাৰ ফলৰ প্ৰ্তি সকলোৰে আগ্ৰহ বাঢ়ে।ফলত ফল একোবিধ পকালৈ বাট নাচাই কৃত্ৰিমভাৱে পকোৱা বা তেনে অৱস্থাপ্ৰাপ্ত ফল আমি বজাৰৰপৰা কিনি আনি খোৱাত মনোনিৱেশ কৰা হয়।ফল পকোৱাৰ কৃত্ৰিম উপায়বোৰ মখ্যত:এনে—উত্তাপ বৃদ্ধি ঘটাই বায়ুমণ্ডলৰ স্বাভাবিক অৱস্থাৰ স্ংস্পৰ্শলৈ নহাকৈ বস্তা,খেৰ বা কাপোৰ মেৰিয়াই ধৰি ৰাখি কঠাঁলত শাল মাৰি নতুবা ফলসমূহ ওপৰত ৰাসায়নিক দ্ৰব্য প্ৰয়োগ কৰি ইত্যাদি।ইবিলাকৰ ভিতৰত কাৰ্বাইড হৈছে কৃত্ৰিম উপায়েৰে ফল পকোবাৰ সহজ আৰু খৰতকীয়া ৱ্যবস্থা।স্মৰ্তব্য যে ভালেমান বছৰ পূৰ্বৰপৰাই এই ব্যৱস্থাৰ ফল পকাই অহা হৈছে যদিও সম্প্ৰ্তি প্ৰচাৰলৈ আহিছে যে এই ব্যৱস্থা স্বাস্থ্যসন্মত নহয় আৰু ইয়াৰ ফলত দুৰাৰোগ্য ব্যাধিৰ কবলত পৰাৰো সম্ভাবনা থাকে।আৰু এনে অভিযোগ পোৱাৰ পিছৰপৰাই কাৰ্বাইড ব্যৱস্থাটো প্ৰ্তি জনসাধাৰন সন্দিহান হোৱাই নহয় বহু সময়ত ৰাজহুৱা বিষেদগাৰ উত্থাপন হোবাৰ বতৰাও আমি সঘনাই পাই থকা হৈছো।সেয়েহে এই বিষয়ত কিছু বিজ্ঞানসন্মত আলোচনাত প্ৰাস্ংগিকতা অনুভৱ কৰি ,কাৰ্বাইড যৌগ আৰু মানৱ দেহত ইয়াৰ ক্ৰিয়া-কাণ্ডৰ বিষয়ে স্ংক্ষেপে আলোচনা কৰিবলৈ লোৱা হৈছে।
কাৰ্বাইড লৈ আমাৰ মাজত সময়ে সময়ে চিঞৰ-বাখৰ আদি হৈ আহিলেও কিন্ত প্ৰ্কৃততে ইনো কি সেই সন্দৰ্ভত কিন্ত আমাৰ বেছিভাগেই জ্ঞান শূন্য বুলি কলেও হয়তো বঢ়াই কোৱা নহব।সহজ ভাষাত কাৰ্বাইড হৈছে কেলচিয়ামযুক্ত কাৰ্বনৰ এক যৌগ।ইয়াৰ সম্পূৰ্ন নামটো হৈছে—CaC2।এইবিধ দ্ৰব্যক প্ৰ্কৃতিত মুক্তাৱস্থাত পোবা নাযায়।ইলেক্ট্ৰিক আৰ্ক ফাৰ্নেছত ৰখা শুকান চূন(CaOআৰু এঙাৰ(C)ৰ মিশ্ৰিনত প্ৰ্চুৰ তাপ(2000 ছে)প্ৰয়োগ কৰিলে উভয় উপাদনৰ মাজত ৰাসায়নিক বিষক্ৰিয়া স্ংঘটিত হৈ কেলচিয়াম কাৰ্বাইড সৃষ্টি হয়।এই প্ৰ্ক্ৰিয়াত স্ংঘটিত ৰাসায়নিক বিক্ৰিয়াটো এনে---
CaO+3c>CaC2+CO(চূন+কাৰ্বন+কেলচিয়াম কাৰ্বাইড+কাৰ্বনমনক্সাইড)এই কাৰ্বাইড সাধাৰনতে বৰনহীন অৱস্থাত পাব লাগে যদিও বহু সময়ত থাকি যোৱা অশুদ্ধি যেনে আৰ্ছেনিক আৰু ফছফৰাছৰ উপস্থিতিৰ বাবে ধোৱাবৰনীয় বা কলা হৈ পৰে।।
এইদৰে পোৱা কাৰ্বাইড আচল ব্যৱহাৰ হৈছে—এচিটাইনিক গেছ আৰু পলিভিনাইল ক্লৰাইড(PVC)নামৰ প্লাষ্টিক প্ৰ্স্ততিৰ উপৰি কেলচিয়াম ছায়েনামাইড নামৰ এবিধ সাৰ প্ৰস্ততিত প্ৰয়োগ কৰা।আমাৰ চকুত পৰা ব্যৱহাৰৰ ক্ষেত্ৰত ধাতু জ্বলাই সময়ত বায়ুৰ সান্নিধ্যত জ্বলাই নীলা শিখাৰে জোৰা লগোবা আমি দেখিবলৈ পাওঁ।এইক্ষেত্ৰত কাৰ্বাইডক পানীৰ লগত যোজন ঘটাই এচিটাইলিন গেছ প্ৰ্স্তত কৰা হয়।তাৰ ৰাসায়নিক বিক্ৰিয়াটো হৈছে—
CaC2+2H2O-C2H2+C2(OH)2
মন কৰিবলগিয়া যে ৰাসায়নিক উদ্যোগত ব্যৱহাৰৰ উদ্দেশ্যৰে প্ৰ্স্তত কৰা কাৰ্বাইড নামৰ যৌগবিধক সুচতুৰ ব্যৱসায়ীয়ে আজি ফল পকোৱা কামত ব্যাপক ৰুপত ব্যৱহাৰ কৰিবলৈ লৈছে।বাস্তবত দেখা যায় যে কেচাঁ ফলৰ ওপৰত কৰ্বাইডৰ গঢ় দ্ৰব্য ছটিয়াই বা পাউডাৰ ছটিয়াই অলপ ঢাকোন দি ৰাখিলে অতি সহজেই কেচাঁ ফল পকি বজাৰত উলিয়াই দিয়াৰ উপযোগী হৈ উঠে।সেই বুলি অৱশ্যে এইটো নহয় যে কেৱল বেপাৰী বা ব্যৱসায়ীহে কাৰ্বাইড ব্যৱহাৰেৰে বিশেষকৈ কল পকায়,বহু সময়ত প্ৰয়োজনৰ খাতিৰত কোনো কোনোবে এনেদৰে কল পকাই সকাম আদিত লগোৱাও পৰিলক্ষিত হয়।
কাৰ্বাইড প্ৰয়োগৰে পকোবা ফল গ্ৰহনে মানৱ দেহত কেনে ক্ৰিয়া কৰে সেই বিষয়ত যোৱা কেইবাবছৰো ধৰি দেশ-বিদেশত অধ্যয়ন গৱেষনা আদি চলাই থকা হৈছে।কিন্ত এতিয়ালৈ বিজ্ঞানীসকল শেষ সিদ্ধান্তত উপনীত হব পৰা নাই।তথাপি সামগ্ৰিকভাবে ইয়াৰ প্ৰ্ভাবৰ মানৱ দেহত যকৃত আৰু দেহৰ কিছু অংশত ইয়াৰ প্ৰভাব পৰাৰ আশ্ংকা ব্যক্ত কৰা হৈছে।বৰ্তমান অৱশ্যে অতিৰিক্ত্ভাবে এইটোও পোহৰলৈ আহিছে যে ইয়াৰ ফলত মানৱ দেহত কৰ্কট ৰোগৰ উদ্ৰেক ঘটাৰ অৱকাশ থাকে।সেয়হে এন বিষয়ত দেশৰ কেইজনমান প্ৰখ্যাত বিশেষজ্ঞৰ কিছু মতামত ইয়াত দাঙি ধৰি বিষয়বস্তৰ প্ৰকৃত স্বৰুপ নিৰ্নয় কৰাৰ প্ৰয়াস কৰিব বিচৰা হল।
পুনেস্থিত ভাৰতীয় খাদ্য আৰু ঔষধ তদাৰক স্ংস্থাৰ যুটীয়া আয়ুক্ত শশীকান্ত কাকাৰেৰ মতে—কাৰ্বাইড ফলত ঘঁহি দিয়াৰ পিছত ই ফলৰ ভিতৰভাগ থকা জলীয় বাষ্পৰ নিৰ্গমন ঘটোবাৰ ফলত জলহীন পৰিৱেশত ভিতৰ ভাগৰ আংশিক পকন ঘটাব ধৰে।সমান্তৰালভাবে কাৰ্বাইডত অশুদ্ধি হিচাপে থকা আৰ্ছেনিক আৰু ফছফৰাছ গেছৰ নিৰ্গমন ঘটি সেই গেছে ফলৰ বাকলিৰ বৰন সলাই হলধীয়া কৰি তোলে।তেতিয়া দেখাত ফল একোবিধ পকা হেন লাগিলেও ভিতৰভাগ সম্পূনকৈ নপকে।ত্ৎসত্বেও ব্যৱসায়ীসকলে আভুৱাভাৰি সেই ফলকে খুৱাই আহিছে।
আমাৰ দেশৰ প্ৰখ্যাত কৰ্কট ৰোগ বিশেষজ্ঞ ডা:মনীষ জৈনৰ মতে কাৰ্বাইড যদিও আজিকোপতি কৰ্কট ৰোগৰ কাৰক হিচাপে চুডান্তভাবে গন্য কৰিব পৰা হোৱা নাই,তথাপি ইয়াৰ কৰ্কট ৰোগ সৃষ্টিকাৰি ক্ষমতা থাকে বুলি প্ৰ্মান পোৱা হৈছে।সেয়েহে কাৰ্বাইড দিয়া ফল বেছি পৰিমানে খোৱা বা সঘনাই খোৱাৰপৰা বিৰত থকাৰ প্ৰয়োজন আছে।
খাদ্য স্বাস্থ্যবিধ আৰু স্বাস্থ্য পৰীক্ষাগাৰ সঞ্চালক ডা:অভয় দেশায়ে ব্যক্ত কৰা মতে কাৰ্বাইড অৰ্থাৎ কেলচিয়াম কাৰ্বাইড কৰ্কট ৰোগ উৎপত্তিৰ কাৰকৰুপে প্ৰ্তিষ্ঠিত হোৱাৰ পথত আছে বৰ্তমান।ইতিমধ্যে ই যকৃৎ আৰু দেহৰ অন্য অংশত প্ৰভাৱ পেলাব পৰাৰ কথাটো স্বীকৃত হৈছেই।তেওঁ লগতে এইটোও ব্যক্ত কৰে যে কাৰ্বাইড দি পকোবা ফল যদি ভালকৈ ধোৱাওঁ হয় তেতিয়াও কিন্ত অতি কম মাত্ৰাত ফলৰ ভিতৰ ভাগত থাকি যোৱা পি পি টি অৰ্থাৎ পাৰ্টছ পাৰ ট্ৰিলিয়ন পৰিমানেই দেহৰ বাবে ক্ষতিকাৰক হিচাপে পৰিগনিত হব পাৰে।সেয়েহে ভাৰত চৰকাৰৰ অধীনৰ এটি স্ংস্থা ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আৰু প্ৰমানিকৰন কৰ্তৃপক্ষ ফালৰ পৰা এই দ্ৰব্যবিধৰ ব্যৱহাৰ ফল পকোবা কাৰ্যত নিষিদ্ধ কৰা হৈছে।
লিখক: অৰ্পন দত্ত, দৈনিক অসম
শেহতীয়া উন্নীতকৰণ: : 1/16/2019
উৎকৃষ্ট ফল তিয়ঁহ
আশানুৰূপ ফল পাইছে শিৱসাগৰৰ আব্দুল কাদিৰে
আখৰোট
অমৰাৰো আছে ভাল গুণ