অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কি খাম আমি?

কি খাম আমি?, সেই বিষয়ে লিখা হৈছে ।

 

এই যে বজাৰত চিকচিকাই বেঙেনা, মোক খা মোক খাকৈ থকা সেউজীয়া পটল, ভাতকেৰেলা, জিকা, পানীলাউ, ব্ৰ’কলি, ভেণ্ডি আদি পাচলিবোৰ দেখে আৰু হেঁপাহেৰে কিনি আনি ৰান্ধনিশাল পোৱায়গৈ সিবিলাক কিবা সোৱাদ পায়নে? মাত্ৰ দুটা দিন ফ্ৰিজত নাৰাখি সিবিলাক বাহিৰত ৰাখিবচোন, দূৰাতিত সোপাই গেলিবলৈহে ধৰিব, আগৰ দৰে শুকাই নাযায়। এইবোৰ আমি যোৱা প্ৰায় বিশ-পঁচিশ বছৰ ধৰি দেখি অহা দৃশ্য। বৰ্ধিত জনসংখ্যাৰ চাহিদা পূৰাবলৈ বিশেষকৈ চৰাঞ্চলৰ পমূৱা খেতিয়কে উৎপাদন কৰা এনেবোৰ পাচলি বৰ্তমান বৰবিহলৈ পৰিৱৰ্তিত হৈছে। এই বিষাক্ত পাচলিয়ে মানৱ দেহত বিয়পাইছে নিত্যনতুন ধৰণৰ বেমাৰ-আজাৰ। আনফালে প্ৰকৃতিলৈও আনিছে এক প্ৰচণ্ড ভাবুকি। উন্নত দেশবোৰত সমূলঞ্চে নিষিদ্ধ কৰা বিভিন্ন ৰাসায়নিক সাৰ, কীটনাশক দৰবাদি ব্যৱহাৰ কৰি উৎপাদন কৰা এনেবোৰ শাক-পাচলিয়ে ৰাজ্যবাসীক যে দিনে দিনে পংগু কৰি আনিছে তালৈ কাণ-সাৰ নিদিলে আমাৰ বাবে সমুখত ভয়ানক ভৱিষ্যতে বাট চাই আছে। প্ৰয়োজনাধিক ৰাসায়নিক সাৰ আৰু কীটনাশক দৰবৰ ব্যৱহাৰে কৃষিভূমিৰ স্বাভাৱিক গুণৰ অভাৱনীয় পৰিৱৰ্তন ঘটাইছে, লগে লগে আমাৰ সাত পুৰুষে দেখি অহা মাছ-পুঠিৰ লগতে অসমৰ পথাৰ-সমাৰত থকা কেঁচু-কুমটি, শামুক, জোক আদি নানা প্ৰকাৰৰ কীট-পতংগ দ্ৰুতগতিত অন্তৰ্ধান হ’বলৈ ধৰিছে। মন কৰিবলগীয়া যে, তাৰে সৰহভাগ কীট-পতংগই কৃষক বন্ধুস্বৰূপ। আনকি বহু চিনাকি ঘাঁহ-বনো অসমৰ ভূমিত নগজা হৈছে। এতিয়া আমি আমাৰ পথাৰ, খাল-বিলত থকা চিনাকি মাছ-পুঠি, যেনে- মাগুৰ-কাৱৈ, চেঙেলী-গৰৈ, পুঠি-খলিহনা, বামী-টোৰা, কোকিলা-বতিয়া, গটু-পাটিমুতুৰা, বেচা-চেলেকনা, গেদগেদী-শিঙৰা আদি বিচাৰি হাবাথুৰি খাব লাগিব। কিছুমান প্ৰজাতিতো কাললৈ বুলি হেৰাই গ’ল। বুকু ঢাকুৰি মৰিলেও সিবোৰ আৰু এতিয়াৰ প্ৰজন্মই নেদেখে। কীট-পতংগৰ অভাৱত পথাৰত বিচৰণ কৰা চিনাকি চৰাই-চিৰিকটিবোৰো অদৃশ্য হৈ পৰিল। আপোনপেটীয়া স্বভাৱৰ বশৱৰ্তী হৈ মানুহে ক্ষণিকৰ সুখ আৰু তাৎক্ষণিক লোভৰ আশাত এতিয়া স্বজন-ধ্বংসৰ যুদ্ধত নামি পৰিছে। পূৰঠ, আঁপইতা বুলি কথা নাই, সকলোবিধৰ কেঁচা ফল-মূল ৰাতিটোৰ ভিতৰত পকি উঠে। বিশেষকৈ কাৰ্বাইড ব্যৱহাৰ কৰি পকোৱা কল-আম ইত্যাদি। এঠোক পূৰঠ কল পকিবলৈ সাধাৰণতে লাগে তিনি-চাৰিদিনৰ পৰা এসপ্তাহলৈকে, কিন্তু সকলো সলনি হোৱাদি হ’ল। এতিয়া ৰাতিৰ কেঁচা কলআখি পুৱাকৈ পকি উঠে। ভাৰতীয় কিষাণ সংঘৰ ৰাজ্যিক কমিটীৰ সম্পাদকে জনাইছে যে, চীনৰ ‘পৃথিৱী’ নামৰ হ’ৰমন ব্যৱহাৰ কৰি কৃষকে আনকি ফল নধৰা গছতো হেনো ফল লগায়। তেওঁ লগতে কয় যে অসমৰ মাটি সাৰুৱা আৰু পলসুৱা যদিও এচাম দুষ্ট চক্ৰৰ প্ৰৰোচনাত ৰাজ্যৰ একাংশ খেতিয়কে অধিক মুনাফাৰ আশাত উৎপাদিত শস্য তথা মাটিৰ ৰাসায়নিক সাৰ আৰু কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰি অসমৰ জৈৱ-বৈচিত্ৰ্য আৰু মানৱ জীৱনলৈ ভয়াৱহ ভৱিষ্যতৰ ইংগিত কঢ়িয়াই আনিছে। বিশেষকৈ কীটনাশক অক্সিটচিন, ইউৰিয়া আদি ব্যৱহাৰৰ ফলত মানুহৰ খাদ্যনলী, অন্তঃনলীত কৰ্কট ৰোগ আৰু কিডনীৰ বিকলতা বৃদ্ধি পাইছে। ‘পৃথিৱী’ হ’ৰমন ব্যৱহাৰ কৰা শস্য সেৱনৰ ফলত মহিলাই সন্তান জন্ম দিয়াৰ ক্ষমতা পৰ্যন্ত হেৰুৱাই পেলোৱাৰ আশংকা কৰা হৈছে।

চিন্তনীয় কথা যে, আমাৰ দৈনন্দিন খাদ্য তালিকাৰ একোৱেই যেন নিৰাপদ নহয়। কি মাছ-মাংস, কি গাখীৰ-কণী, কি শাক-পাচলি বা ফল-মূল। গাখীৰৰ ভেজালকৰণৰ কথা ক’বই নালাগে। গাখীৰত পানী মিহলোৱাতো যেন অসমত কথাই নহয়, কেৱল অভাগা গ্ৰাহকে নেদেখে কি পানী মিহলালে। পুখুৰীৰ মাছো সোনকালে বাঢ়িবলৈ হেনো ইউৰিয়া ব্যৱহাৰ কৰে। মৎস্য পালনৰ দুই-এটা ঘিণলগা কিটিপৰ কথা শুনিলেও বিমৰ্ষ হৈ পৰো। ছাগলী মাংসৰ ওজন বঢ়াবলৈ বোলে কটাৰ পূৰ্বে ব্যৱসায়ীয়ে ছাগলীক নেপথ’লিন গুটি খাদ্যত মিহলাই খুৱাই দিয়ে যাতে ছালগীয়ে প্ৰচুৰ পানী খায়। তদুপৰি একেবাৰে অস্বাস্থ্যকৰ হিচাপে সিবোৰ কটা আৰু বিক্ৰী কৰাৰ প্ৰশ্নতো আছেই। ব্ৰয়লাৰ মুৰ্গীৰ দ্ৰুত বৰ্ধনৰ বাবেও হেনো বিপজ্জনক ঔষধ মিহলি খাদ্য খুওৱা হয়। পিচগে এইবোৰ কৰ্ম-কাণ্ডত বাধা দিবলৈ ৰজাঘৰো নাই, প্ৰজাঘৰো নাই। নানা প্ৰকাৰৰ প্ৰিজাৰভেটিভ ব্যৱহৃত বহিঃৰাজ্যৰ পৰা বা বিদেশৰ পৰা অহা ফল-মূলবোৰ খুওৱাতকৈ আমাৰ নিজৰ ভূমিতে হোৱা আম-কঁঠাল, লেতেকু-পনিয়ল, মধুৰী-বগৰী, জলফাই-আমলখি আদিহে শিশুহঁতক আগ্ৰহেৰে যাঁচিব লাগে।

এতিয়া বজাৰত ওলোৱা বিভিন্ন বন-শাক, বাৰীয়ে-ঘৰে স্বাভাৱিকভাৱে গজি উঠা শাক-পাত, যেনে-

*ভেদাইলতা,

*নৰসিংহ,

*মছন্দৰী,

*মাটিকাদুৰী,

*ব্ৰাহ্মী,

*মানিমুনি,

*পদিনা,

*দোৰোণ,

*মৰিচা,

*কলমৌ,

*খুতুৰা,

*ভটুৱা,

*ঢেঁকীয়া,

*কলডিল,

*চজিনা,

*পূৰাকল

আদিয়েই নিশ্চিন্ত মনে খাব পৰা পাচলি হৈ ৰৈছেগৈ। সকলো গ্ৰাহকেই জৈৱিক পদ্ধতিৰে উৎপাদিত শস্যহে গ্ৰহণ কৰাত গুৰুত্ব দিব লাগে। বগৰী, বিলাহীৰ পৰা একেবাৰে চাহপাতকেইটালৈকে। ৰাজ্যখনৰ সকলো কৃষকে পুৰণি সেউজ সমৃদ্ধ অসমৰ আৰ্হিত সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে আৰু জৈৱিক কীটনাশক ঔষধাদি ব্যৱহাৰ কৰি এক সুস্থ-সবল জাতি গঢ়াত মন-কাণ দিব লাগে। স্বাস্থ্যই যে পৰম ধন সেই আপ্ত বাক্যযাৰি সৰ্বদা স্মৰণ কৰি কৃষি পদ্ধতি নিৰ্বাচন কৰা উচিত। ৰাজ্যবাসীৰ যিসকলৰ ন্যূনতম সা-সুবিধাও আছে, তেওঁলোকে যেন একো একোখন সৰু ‘কিটচেন-গাৰ্ডেন’ গঢ়ি তোলে। কৃষক ভাইসকলেই আমাৰ জীৱনদাতা আৰু ত্ৰাণকৰ্তা, কিন্তু এতিয়াও সমাজত তেওঁলোকেই বেছি অৱহেলিত। তেওঁলোকৰ সুখ-দুখৰ সমমৰ্মী হোৱাটোও আমাৰ অৱশ্যে কৰ্তব্য। সেই দায়িত্ব সুঁৱৰি সম্পূৰ্ণ জৈৱিক পদ্ধতিৰে কৃষিকৰ্মত প্ৰবৃত্ত হ’বলৈ তেওঁলোকক অনুপ্ৰাণিত কৰাৰ পবিত্ৰ কৰ্তব্যত আমি সমানে ব্ৰতী হ’ব লাগিব। সেই প্ৰক্ৰিয়াত ৰাতিটোৰ ভিতৰতে ধনী হ’ব নোৱাৰি সঁচা, পিচে জীৱনৰ অগ্নি পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱাত যে ধনিষ্টামানো সন্দেহ নাই সেয়া নিশ্চিত।

লেখক: যোগেশ দাস(সাদিন)

2.5
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top