মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কিছুমান সূক্ষ্ম ব্যায়াম আৰু আসনে গোৰোহাৰ বিষ নিৰাময় কৰাত সহায় কৰে
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিছুমান সূক্ষ্ম ব্যায়াম আৰু আসনে গোৰোহাৰ বিষ নিৰাময় কৰাত সহায় কৰে

কিছুমান সূক্ষ্ম ব্যায়াম আৰু আসনে গোৰোহাৰ বিষ নিৰাময় কৰাত সহায় কৰে, সেই বিষয়ে লিখা হৈছে ।

 

বিষ মানেই এক যন্ত্ৰণা। বহুতো মানুহে বিভিন্ন বিষত আক্ৰান্ত হোৱা দেখা যায়। আজিকালি বহুতো মহিলাৰ পৰা এই সমস্যাৰ বিষয়ে শুনা যায়। প্ৰায়ভাগ মহিলাই গোৰোহাৰ বিষত ভোগে। ভৰিৰ তলত থকা এই গোৰোহাটো বিভিন্ন কাৰণত বিষত আক্ৰান্ত হয়।

যেনে- বেছি সময় ধৰি থিয় দি থাকিলে বা খোজ কাঢ়িলেও গোৰোহাৰ তলত বিষাবলৈ লয়। গোৰোহাৰ বিষৰ মুখ্য কাৰণ হ’ল ভৰিৰ গঠন। ভৰিৰ গঠনৰ ওপৰতে নিৰ্ভৰ কৰে গোৰোহাৰ বিষ। দীৰ্ঘ সময় ধৰি চেণ্ডেল নিপিন্ধাকৈ কাম কৰিলেও আৰু প্ৰয়োজনতকৈ শৰীৰৰ ওজন বেছি বৃদ্ধি পালেও গোৰোহাৰ বিষ হ’ব পাৰে।

গোৰোহাৰ বিষ হ’লেই ইউৰিক এচিদ বা থাইৰয়ড গ্ৰন্থিৰ ৰোগ হোৱা বুলি ধাৰণা কৰা যায়। কিন্তু সেইটো নহয়। শৰীৰৰ ওজন যদি তুলনামূলকভাৱে বেছি হয়, খালী ভৰিৰে যদি বহু সময় খোজকঢ়া বা অহা-যোৱা কৰি কাম কৰা হয়, তেনেহ’লে ভৰিৰ বিষ হ’ব পাৰে।

কিছুমান মহিলাৰ ক্ষেত্ৰত এইটো দেখা যায়। খালী ভৰিৰে বহু সময় ধৰি খোজ কাঢ়িব নালাগে। ভৰিৰ গোৰোহাৰ বিষ নিৰাময়ৰ বাবে প্ৰথমতে কি কাৰণত বিষ উৎপন্ন হয়, তাক নিশ্চিত কৰি উপযুক্ত চিকিৎসাৰ ব্যৱস্থা কৰিব লাগে।

গোৰোহাৰ বিষ নিৰাময়ৰ বাবে বিশেষকৈ ভৰিৰ কলাফুলৰ মাংসপেশীৰ পৰা আৰম্ভ গোৰোহাৰ মাংসপেশীৰ পৰা আৰম্ভ কৰি গোহোহাৰ মাংসপেশীৰ সক্ৰিয়তাৰ বাবে ব্যায়াম বিশেষভাৱে উপযোগী। কিছুমান সূক্ষ্ম ব্যায়াম, মুদ্ৰা আদি নিয়মিত অভ্যাস কৰিলে গোৰোহাৰ বিষ নিৰাময় হ’ব পাৰে।

পদমুদ্ৰা কলাফুলৰ মাংস পেশীৰ শিথিলীকৰণ ব্যায়াম। ভৰিৰ গাঁঠিৰ সন্ধিৰ শিথিলীকৰণ ব্যায়াম, উত্তানপদাসন আদি অভ্যাস কৰিব পাৰে। তাৰোপৰি গোৰোহাৰ ঠিক তলতে বিষোৱা স্থানত গৰম ঠাণ্ডা সেক আৰু এক মৃদু মালিচ কৰিলে বিষ লাঘৱ হয়।

এইখিনি কৰোতে ১০/১৫ মিনিটমানহে কৰিব। গোৰোহাৰ বিষ দীঘলীয়া হ’লে উপযুক্ত চিকিৎসা প্ৰয়োগ কৰাটো কৰ্তব্য।

পদমুদ্ৰা, তাৰাসন, যষ্টিকাসন, ভৰিৰ গাঁঠিৰ সন্ধিৰ সঞ্চালন, পতা অগা-পিছা আদি ব্যায়াম কৰিব পাৰে।

উৎস: স্বাস্থ্য আৰু দীৰ্ঘজীৱন

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top