মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কিডনি আৰু মূত্ৰতন্ত্ৰৰ ৰোগ নিৰাময়ৰ ঘৰুৱা দিহা
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিডনি আৰু মূত্ৰতন্ত্ৰৰ ৰোগ নিৰাময়ৰ ঘৰুৱা দিহা

কিডনি আৰু মূত্ৰতন্ত্ৰৰ ৰোগ নিৰাময়ৰ ঘৰুৱা দিহাৰ বিষয়ে লিখা হৈছে

কিডনি অঞ্চলত হোৱা বিষ:

*এই অংশত বিষ হোৱাৰ অন্যতম প্ৰধান কাৰণ হ’ল মূত্ৰতন্ত্ৰত হোৱা সংক্ৰমণ। কিডনিত হোৱা বিষ বক্ষপিঞ্জৰৰ তলৰ অংশত পিঠিৰ প্ৰায় সোঁমাজত অনুভৱ হয়। এই অংশত বিষ হ’লে সূক্ষ্ম পৰীক্ষাৰ দ্বাৰা প্ৰস্ৰাৱত পূঁজকোষ থকাটো নিশ্চিত হৈ লব লাগে।

*কিডনি অঞ্চলত বিষ হ’লে যথেষ্ট পৰিমাণে পানী খাই কিডনি আৰু মূত্ৰপথৰ পৰা অতিৰিক্ত আৱৰ্জনা আৰু পূঁজকোষ আদি ওলাই যাবলৈ দিব লাগে।

*মূত্ৰতন্ত্ৰৰ সংক্ৰমণ নিৰাময় কৰিবলৈ তলৰ দিহাটো পালন কৰক।

তুলসী পাত- ২৫ গ্ৰাম

আজোৱান- ২৫ গ্ৰাম

ক’লা নিমখ- ১২ গ্ৰাম

এই তিনিওবিধ উপাদান একেলগ মিহলাই গুৰি কৰি বটল এটাত টানকৈ সাঁফৰ মাৰি ভৰাই লওক। এই মিশ্ৰণ ২ গ্ৰাম পৰিমাণত পুৱা আৰু গধূলি গৰম পানীৰ লগত খাওক। কিডনি অঞ্চলত বিষ হ’লে এই মিশ্ৰণ এদিন বা দুদিন একেৰাহে খালে বিষ নিশ্চিতভাৱে নাইকিয়া হ’ব।

কিডনিত পাথৰ হ’লে:

*২৫০ গ্ৰাম মাটিমাহ ভালদৰে ধুই ৩ লিটাৰ পৰিষ্কাৰ পানীত এৰাতি তিয়াই ভালদৰে ঢাকি থওক। পিছদিনা পুৱা পানীৰে সৈতে মাটিমাহখিনি কম জুইত ৪ ঘন্টা সিজাওক। পানী কমি এক লিটাৰমান থাকোঁতে নমাই থওক। এতিয়া এখন কেৰাহীত ৩০-৫০ গ্ৰাম পৰিমাণৰ মাখন গৰম কৰি সিজাই থোৱা মাটিমাহখিনি পানীৰে সৈতে মাখন গৰম কৰা কেৰাহীত দি পুনৰ সামান্য উতলিবলৈ দিয়ক। তাত আন্দাজমতে ক’লা নিমখ, জালুকৰ গুৰি, জিৰা গুৰি আৰু হালধি দি লৰাই কিছুসময় পুনৰ উতলিবলৈ দিয়ক। এই দাইলৰ ২৫০ মিঃলিঃ পৰিমাণত দৈনিক দুপৰীয়া আহাৰৰ পৰিৱৰ্তে খাওক। এই ৰস একেৰাহে এসপ্তাহ খালে কিডনিৰ পাথৰ সৰু সৰু টুকুৰা হৈ প্ৰস্ৰাৱৰ লগত নিজে নিজে ওলাই আহিব। এই ৰস প্ৰতিদিনে এবাৰকৈ খাওক। ইয়াৰ কোনো পাৰ্শ্বক্ৰিয়া নাই।

এই ৰস খোৱাৰ পিছতো যদি দুপৰীয়া ভোক সহ্য কৰিব নোৱাৰে তেনেহ’লে এখন মাত্ৰ ৰুটি অথবা সৰু বাতিৰে এবাটি মাত্ৰ ভাত খাব। বেছিকৈ নেখাব।

*এই ৰসে কিডনিৰ বিষো নিৰাময় কৰে।

*এই ৰস খাই থাকিলে কঁকাল আৰু পিঠিৰ বিষ নিৰাময় হয়। মাটিমাহৰ জোল এনেদৰে প্ৰস্তুত কৰি দৈনিক ৰুটি বা ভাতৰ লগত খাই থাকিলে কিডনিৰ পাথৰ ভাঙি প্ৰস্ৰাৱৰ লগত ওলাই যাব। হাড়ৰ সন্ধিস্থল তৈলাক্ত কৰি ৰখাতো এই ৰসে সহায় কৰে।

পথ্য:

এই ৰস খাই থকা কালত তিঁয়হ, তৰমুজৰ গুটি, মাটিকঁঠাল, মগু দাইল বা গজালি ওলোৱা মগু, বাৰ্লি আৰু দৈনিক ৬-৮ গিলচ পৰিষ্কাৰ পানী খাই থাকিব।

অপথ্য:

বিলাহী, ভাত, শুকান চকলেট, চাহ, মদ, আমিষ আহাৰ, ভেণ্ডি, কচু গুটি বা থুৰি আদি কিডনিৰ পাথৰ থকা ব্যক্তিৰ বাবে অপথ্য। একেৰাহে বহুসময় বহি থকা বা প্ৰস্ৰাৱ বন্ধ কৰি ৰাখি থোৱা অভ্যাস অপকাৰী।

*মাটিমাহ নিয়মীয়াকৈ খাই থাকিলে অতিৰিক্ত বাত আৰু কফ শৰীৰৰ পৰা নিৰ্গত হৈ থাকে আৰু কিডনিত পাথৰ সঞ্চয় হোৱাত বাধা দিয়ে। মাটিমাহৰ জোল খালে প্ৰস্ৰাৱৰ মাত্ৰা বাঢ়ে আৰু জমা হোৱা পাথৰ ভঙাতো সহায় কৰে।

*নিয়মীয়াকৈ মাটিমাহৰ জোল খাই থাকিলে শৰীৰৰ চৰ্বি হ্ৰাস পায়। লিভাৰ আৰু প্লীহাৰ বাবেও ই উপকাৰী।

এই ৰস আপুনি দৈনিক কম পৰিমাণতো তৈয়াৰ কৰি ল’ব পাৰে। কমকৈ খালে একেৰাহে ৪ দিনৰ পৰা এমাহ পৰ্যন্ত খাব লাগে।

*৫০ গ্ৰাম মাটিমাহ ২৫০ মিলিলিটাৰ পানীত এৰাতি তিয়াই থৈ পিছদিনা পুৱা সেইখিনি ভালদৰে সিজি যোৱাকৈ উতলাওক। ১০০ মিঃলিঃ পানী থাকোতে নমাই থৈ গৰম হৈ থাকোঁতে পানীখিনি চেকি লৈ পুৱা খালী পেটত খাওক। বাকী থকা ডাঠ সিজা মাটিমাহ খিনি গৰু ঘিউ বা মাখনত ভাজি তাত নিমখ, হালধি আৰু জিৰা গুৰি দি নমাই থওক। এই তৰকাৰী দিনত ৰুটি বা সামান্য পৰিমাণৰ ভাতৰ লগত খাওক।

অন্যান্য দিহা:

*আঙুৰ আৰু লিচুত যথেষ্ট পৰিমাণে পটাছিয়াম আৰু ছ’ডিয়াম থাকে। কিডনি আৰু গলব্লাডাৰৰ পাথৰ নিৰাময় কৰিবলৈ এই দুয়োটা ৰসায়নিক উপাদানেই দৰকাৰ।

*গাজৰ, তিঁয়হ আৰু বীটৰ ৰসে কিডনিৰ পাথৰ লাহে লাহে গলায়। নিয়মীয়াকৈ এই তিনিওবিধ পাচলিৰ ৰস খাই থাকিলে কিডনিৰ পাথৰ ওলাই আহে।

*শুকুৱাই লোৱা চিৰালৰ বাকলিৰ গুৰি প্ৰতিদিনে আধা চামুচকৈ খালে কিডনিৰ বিষ আৰোগ্য হয়। এই গুৰি প্ৰথমতে আধা চামুচৰ পৰা আৰম্ভ কৰি পিছলৈ ক্ৰমে বঢ়াই দুই চামুচকৈ খাব পাৰে।

*মূত্ৰতন্ত্ৰৰ সকলো ধৰণৰ ৰোগৰ বাবে কুহিয়াৰৰ ৰস, ডাবৰ পানী আৰু বাৰ্লি তিয়াই থোৱা পানী উপকাৰী।

গলব্লাডাৰ পাথৰ(পিত্তাশয়ৰ পাথৰ):

গলব্লাডাৰত পাথৰ হোৱাৰ লক্ষণ:

*আহাৰ খোৱাৰ পিছত নাভিৰ ওপৰ অংশত বা সোঁফালে আৰু তলৰ ফালে বিষ হ’ব পাৰে। বমি হৈ গ’লে বিষৰ উপশম হয়। দীৰ্ঘদিন ধৰি পিত্তাশয়ত পাথৰ থাকিলে খোৱাৰ ৰুচি নাইকিয়া হয়, পেটৰ বিষ সঘনাই হয় আৰু কেতিয়াবা বিষ বায়সীলৈকে হয়। পেটৰ পৰা গৈ ক্ৰমে পিঠিৰফালে খুচি ধৰাৰ দৰে বিষ হয়। বিষটো হঠাতে আৰম্ভ হৈ কিছু সময়ৰ পিছত নিজে নিজে নাইকিয়া হ’ব পাৰে। বেছিকৈ বিষ হ’লে বমি হয়। বিষ হৈ থাকিলে বমিৰ ভাব হ’ব পাৰে। মূৰ ঘূৰণি আৰু জ্বৰো হ’ব পাৰে।

বিষ নিয়ন্ত্ৰণত ৰখাৰ উপায়:

*গলব্লাডাৰত পাথৰ থকা ৰোগীয়ে আহাৰত পাৰ্যমানে চৰ্বি বা তেলৰ মাত্ৰা কমাব লাগে। বিষ হৈ থাকিলে পনীয়া খাদ্য এঘন্টা বা দুঘন্টাৰ মূৰে মূৰে খাবলৈ দিব লাগে। তেল বা চৰ্বি জাতীয় খাদ্যই বিষৰ প্ৰধাবন কাৰণ। সেয়ে ৰোগীৰ খাদ্যত তেলৰ পৰিমাণ প্ৰতিদিনে ২০-৩০ গ্ৰামতকৈ বেছি খাব নেলাগে।

*বিষ কমি গ’লে লাহে লাহে ৰোগীক পাচলিৰ চুপ, পাতল চাহ, সাৰ তোলা গাখীৰ আৰু পৰিষ্কাৰ চাউলৰ কোমল ভাত বা কোমলকৈ বনোৱা ৰুটি দিব পাৰে।

*শকত-আৱত ৰোগীয়ে শৰীৰৰ ওজন হ্ৰাস কৰাত গুৰুত্ব দিব। চৰ্বি জাতীয় খাদ্য কমাই খালে ওজন লাহে লাহে নিজে নিজে কমিব।

*কল পটুৱাৰ ৰস নিয়মীয়াকৈ পুৱা একাপমান পৰিমাণত খালে গলব্লাডাৰৰ পাথৰ লাহে লাহে নাইকিয়া হয়।

*তেলত ভজা, মছলা দিয়া, বেছিকৈ তেল দিয়া খাদ্য, কণী আৰু ক্ৰীম জাতীয় খাদ্য ত্যাগ কৰিব।

*পাঁচটা চীনা বাদাম, পাঁচটা ডাঙৰ কিচমিচ, তিনিগ্ৰাম চিৰালৰ গুটি, এটা ইলাচি আৰু ৮-১০ গ্ৰাম মিচিৰি ভালদৰে গুৰি কৰি আধাকাপ পানীত ভালদৰে মিহলাই লওক। চেকনিৰে চেকি ৰসখিনি উলিয়াই প্ৰতিদিনে এবাৰকৈ খাওক। এই ৰসে পাথৰ গলি যোৱাত সহায় কৰে।

*বাৰ্লি, কোমোৰা, মগুমাহ, ভাত, তিতা, কেৰেলা গলব্লাডাৰৰ পাথৰৰ ৰোগীৰ কাৰণে উপকাৰী।

*যিকোনো আমিষ আহাৰ, মদ, ঘেঁহুৰ আটা বা ময়দা, চানাৰ মিঠাই, চীজ, মাখন, ঘিউ, বনস্পতি, তেলত ভজা বস্তু, টেঙা জাতীয় ফল বা টেঙাৰ ৰস, বাহী খাদ্য এই ৰোগীৰ বাবে বেয়া।

*গলব্লাডাৰত পাথৰ হোৱা ৰোগীয়ে খাদ্যত প্ৰোটিনৰ মাত্ৰাও কমাব লাগে। সকলোধৰণৰ মাহজাতীয় খাদ্যতে প্ৰোটিন থাকে। চয়াবিনত সৰ্বাধিক ৪২ মিলি গ্ৰামৰ পৰা ১০০ মিলিগ্ৰাম পৰিমাণত প্ৰোটিন থাকে। ধনীয়া পাত, মটৰ, সকলো ধৰণৰ মাছ, চীজ, চীনা বাদাম, কাজু বাদাম, বাদাম, পেষ্টা, শুকান জলকীয়া, জিৰা গুটি, ধনীয়া গুটি, পাপৰ আৰু আফুগুটি আদি কম পৰিমাণত খাব।

*ৰোগীয়ে ভালদৰে ভোক অনুভৱ নকৰিলে আহাৰ নেখাব।

প্ৰস্ৰাৱ বা মূত্ৰতন্ত্ৰৰ ৰোগ:

মূত্ৰতন্ত্ৰত বহু প্ৰকাৰৰ সংক্ৰমণ হ’ব পাৰে। এইবিলাকৰ ভিতৰত প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা, প্ৰস্ৰাৱ খোলোচা নোহোৱা, সঘনাই মূত্ৰ বেগ অনুভৱ হোৱা, প্ৰস্ৰাৱৰ লগত তেজ যোৱা আদি ভালেমান লক্ষণে দেখা দিব পাৰে। এনেধৰণৰ লক্ষণযুক্ত ৰোগৰ ঘৰুৱা দিহা তলত দিয়া হ’ল।

*বেছি পৰিমাণে পানী খালে সকলো ধৰণৰ প্ৰস্ৰাৱ সংক্ৰান্ত ৰোগ উপশম হয়।

*যদি প্ৰস্ৰাৱ কৰোঁতে জ্বলা-পোৰা কৰে। সঘনাই কৰিব লাগি থাকে বা প্ৰস্ৰাৱ খোলোচা নহয়, তেনেহ’লে তৎক্ষণাত ডাক্তৰৰ পৰামৰ্শ লৈ প্ৰস্ৰাৱ পৰীক্ষা কৰাওক। প্ৰস্ৰাৱত যদি পূঁজকোষ থকা বুলি প্ৰমাণ পোৱা যায় তেনেহ’লে উপযুক্ত চিকিৎসা লওক। পৰিমাণে পূঁজকোষ থাকিলে বেছিকৈ পানী খালে নিজে নিজে নিৰাময় হয়। কিন্তু অধিক মাত্ৰাত এই কোষ থাকিলে আৰু বেছিদিনলৈ এই অৱস্থা হৈ থাকিলে প্ৰস্ৰাৱৰ ‘কালচাৰ’ পৰীক্ষা কৰোৱা উচিত।

*২৫০ গ্ৰাম ধনীয়া গুটি ভালদৰে শুকুৱাই সামান্য খুন্দি তাৰ বাকলিবোৰ বাছি পেলাই কেৱল পৰিষ্কাৰ গুটিভাগ উলিয়াই গুৰি কৰি ২৫০ গ্ৰাম মিচিৰি গুৰিৰ লগত মিহলাই লওক। এই মিশ্ৰণৰ ৫ গ্ৰাম পৰিমাণত পুৱা আৰু ৫ গ্ৰাম পৰিমাণত গধূলি কুহুমীয়া পানীত গুলি খাওক। এই মিশ্ৰণটো খোৱাৰ এঘন্টা বা দুঘন্টাৰ পিছলৈকে একো খাদ্য নেখাব। তিনিদিনৰ পৰা সাতদিনলৈ একেৰাহে এই ঔষধটো খাব। প্ৰস্ৰাৱৰ জ্বলা-পোৰা কৰা অসুখৰ লগতে স্বপ্নদোষো এই ঔষধে নিৰাময় কৰে। এই ঔষধটো খাই থকাৰ সময়ত যদি পায়খানা ঢিলা হয় বা সঘনাই পায়খানা কঠিন হয়, তেনেহ’লে আবেলি ৪ বজাত এবাৰ খাব। ৰাতি ইচবগুল খাব। ইচবগুল প্ৰথমে সামান্য পৰিমাণে খাব। পায়খানাৰ অৱস্থা চাই ইয়াৰ পৰিমাণ কম-বেছি কৰিব।

*ইচবগুল খালে প্ৰস্ৰাৱৰ জ্বলা-পোৰা কমে। ইচবগুল দুচামুচ পানী আৰু চেনিৰ লগত মিহলাই পিছত বেছি পৰিমাণত পানী দি খাব।

*দহ গ্ৰাম ধনীয়া গুটি এৰাতি পানীত তিয়াই থওক। পিছদিনা পুৱা এই গুটি পিহি লগত মিচিৰি মিহলাই একাপ পানীত গুলি খাওক। প্ৰস্ৰাৱৰ জ্বলা-পোৰা কমিব।

*পিয়াঁজৰ ৰস গৰুৰ গাখীৰৰ দৈৰ লগত মিহলাই খালেও প্ৰস্ৰাৱৰ জ্বলা-পোৰা কমে।

*দুটা মধ্যমীয়া আকাৰৰ পিয়াঁজ থেতেলিয়াই এগিলাচ পানীত সিজাই চেকি লৈ ৰসখিনি খাওক। বন্ধ হৈ থকা প্ৰস্ৰাৱ মুকলি হ’ব।

*পুৱা খালী পেটত চাৰি-পাঁচটা তুলসীৰ পাত চোবাই খাই পিছত অলপ পানী খাওক। গধূলিও পুনৰ পাঁচটা পাত চোবাই খাই পানী খাওক। চাৰি-পাঁচদিন একেৰাহে খালে প্ৰস্ৰাৱ জ্বলা-পোৰা ৰোগ ভাল হয়।

*দহতা বেলৰ পাত ভালদৰে ধুই লৈ পিহি গুৰি কৰি একাপ পানীত মিহলাই দিনে এবাৰকৈ খাওক। প্ৰস্ৰাৱৰ প্ৰায় সকলো দোষ নিৰাময় হ’ব। স্নপ্নদোষ নিৰাময় কৰিবলৈ প্ৰায় পোন্ধৰ দিন একেৰাহে পুৱা ঔষধ খাব লাগে।

*প্ৰস্ৰাৱ জ্বলা-পোৰা কৰাৰ লগতে খোলোচা নহ’লে এখন ডাঠ কাপোৰ ঠাণ্ডা পানীত তিয়াই নাভিৰ তলৰ অংশত পটি দি ১৫ মিনিট ৰাখিলে প্ৰস্ৰাৱ খোলোচা হয়।

*তৰমুজৰ ৰসত চেনি মিহলাই একেৰাহে পোন্ধৰ দিন খালে প্ৰস্ৰাৱ জ্বলা-পোৰা ৰোগ ভাল হয়জ।

*তিঁয়হ মিহিকৈ ৰুকি দৈৰ লগত মিহলাই ‘ৰাইতা’ প্ৰস্তুত কৰি একেৰাহে ১৫-২০ দিন খালেও প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা আৰু প্ৰস্ৰাৱ খোলোচা নোহোৱা ৰোগ ভাল হয়। তিঁয়হৰ গুটিত পটাছিয়াম থাকে আৰু ই প্ৰস্ৰাৱজনিত ৰোগৰ বাবে উপকাৰী।

*পালেং শাকত পটাছিয়াম, ছ’ডিয়াম, ভিটামিন-এ, ভিটামিন-চি আৰু কেলচিয়াম থাকে। এনেবিলাক উপাদান থকাৰ বাবে পালেং শাক খালে প্ৰস্ৰাৱ খোলোচা হয়।

*মূত্ৰতন্ত্ৰৰ সংক্ৰমণ হ’লে প্ৰতিদিনে নিয়মীয়াকৈ বিলাহী খাওক। তাত থকা ভিটামিন-‘চি’ যিকোনো ধৰণৰ সংক্ৰমণৰ বাবে উপকাৰী।

প্ৰস্ৰাৱৰ পৰিমাণ কমি গ’লে:

*দুটা সৰু ইলাচি বাকলিৰে সৈতে গুৰি কৰি গাখীৰৰ লগত খালে প্ৰস্ৰাৱৰ পৰিমাণ বাঢ়ে।

*ডাবৰ পানী, বাৰ্লি পানী, কুঁহিয়াৰৰ ৰস আৰু মাটিমাহৰ ৰস প্ৰস্ৰাৱ কম হোৱা বা প্ৰস্ৰাৱ জ্বলা-পোৰা কৰা ৰোগৰ বাবে ভাল।

*তামৰ পাত্ৰত এৰাতি থৈ দিয়া পানী পিছদিনা পুৱা খালেও প্ৰস্ৰাৱৰ মাত্ৰা স্বাভাৱিক হয়।

*গোমধানৰ গুটিৰ মূৰত থকা কেশৰ(চুলি সদৃশ আঁহ) ২৫ গ্ৰাম ২৫০ মিঃলিঃ পানীত সিজাই, তিনিভাগৰ এভাগ থাকোঁতে নমাই চেকি লৈ ৰসখিনি একো মিহলি নকৰাকৈ পুৱা খাওক। প্ৰস্ৰাৱ পৰিষ্কাৰ হ’ব আৰু পৰিমাণ বাঢ়ি খোলোচা হ’ব। কিডনিত বিষ হ’লে এই চিকিৎসা পুৱা আৰু গধূলি দিনটোত দুবাৰ ল’ব। বিষ হৈ থাকিলে কিদনিত থকা সৰু পাথৰ প্ৰস্ৰাৱৰ লগত ওলাই আহিব পাৰে।

*জাতিলাউ প্ৰস্ৰাৱৰ ৰোগৰ বাবে বৰ উপকাৰী। যিকোনো প্ৰস্ৰাৱৰ ৰোগৰ বাবে লাউ ডোখৰ ডোখৰকৈ কাটি পানীত সিজাই চেকি লৈ ৰসখিনি খালে উপকাৰী পাব।

প্ৰস্ৰাৱ খোলোচা নহ’লে:

*২ গ্ৰাম পৰিমাণৰ জিৰা গুটি আৰু ২ গ্ৰাম মিচিৰি একেলগে গুৰি কৰি পানীত গুলি খালে প্ৰস্ৰাৱ খোলোচা হয়, পৰিষ্কাৰ হয় আৰু জ্বলা-পোৰা ভাৱ নাইকিয়া হয়। অসুখটো হৈ থাকিলে এই ঔষধ দিনে তিনিবাৰকৈ খাব।

*কিডনি কিবা কাৰণত আক্ৰান্ত হ’লে প্ৰস্ৰাৱ নিঃসৰণ বন্ধ হৈ পৰে। তেনে অৱস্থা হ’লে কেঁচা মূল এটা চোবাই খাওক আৰু লগতে মূলা পাতৰ ৰস ৬০ মিঃলিঃ খাওক। লগে লগে প্ৰস্ৰাৱ হ’ব আৰু জ্বলা-পোৰা বা বিষ নাইকিয়া হ’ব।

*আঙুৰ প্ৰস্ৰাৱৰ ৰোগত বৰ উপকাৰী। আঙুৰত থকা পটাছিয়াম আৰু পানীয়ে প্ৰস্ৰাৱ খোলোচা কৰে। যদি ওচৰত পায় তেনেহ’লে আঙুৰৰ পাঁচ-ছয় খিলা পাত ভালদৰে ধুই এশ মিঃলিঃ পানীত পিহি পিছত চেকি লওক। প্ৰস্ৰাৱ বন্ধ হৈ কিডনি অঞ্চলত বিষ হ’লে এই ৰস খালে বন্ধ থকা প্ৰস্ৰাৱ মুকলি হয়।

*প্ৰস্ৰাৱ নলী পৰিষ্কাৰ কৰি ৰখাত মাটি কঠালৰ ৰসো বৰ উপকাৰী।

*আখৰোট এটা গুৰি কৰি পুৱা এচামুচ আৰু গধূলি এচামুচকৈ ঠাণ্ডা পানীৰ লগত খালে প্ৰস্ৰাৱ নলীত সংক্ৰমণ হৈ নিৰ্গত হোৱা পূঁজ আৰু সৰু-সুৰা পাথৰ প্ৰস্ৰাৱৰ লগত বাহিৰ হয়।

*গাজৰৰ ৰসো কিডনি আৰু প্ৰস্ৰাৱ নলীত হোৱা পাথৰৰ বাবে উপযোগী। গাজৰৰ ৰসে লিভাৰ ভালে ৰাখে, ৰক্তাল্পতা দূৰ কৰে আৰু প্ৰস্ৰাৱৰ জ্বলা-পোৰা নিৰাময় কৰে।

*আধাকাপ গৰম পানীত ২৫ গ্ৰাম এড়ি তেল মিহলাই খালে ১৫ মিনিটৰ ভিতৰত প্ৰস্ৰাৱ মুকলি হয়। প্ৰস্ৰাৱ বন্ধ হ’লে এই ব্যৱস্থা হ’লে এই ব্যৱস্থা গ্ৰহণ কৰি ৰোগীক নিশ্চিতভাৱে আৰোগ্য কৰিব পাৰি।

সঘনাই প্ৰস্ৰাৱ হ’লে আৰু বেছি পৰিমাণে প্ৰস্ৰাৱ হ’লে:

*২৫-৫০ গ্ৰাম বুট ভালদৰে ধুই শুকুৱাই শুকানকৈ ভাজি চোবাই খাওক। তাৰ দহ মিনিটমান পিছত ২৫ গ্ৰাম গুড় খাই এগিলাচ ঠাণ্ডা পানী খাওক। এই দিহা একেৰাহে ১০-১৫ দিন আবেলি ৪ মান বজাত মানি চলক। সঘনাই প্ৰস্ৰাৱ হোৱা, বেছি পৰিমাণত প্ৰস্ৰাৱ হোৱা দুয়োটাই উপশম হ’ব। বয়সস্থ লোকে এই দিহা একেৰাহে এমাহমান মানি চলিব। কিন্তু ডায়েবেটিচৰ ৰোগী আৰু পাতল পায়খানা হোৱা লোকে এই চিকিৎসা নকৰিব।

*সঘনাই বেছি পৰিমাণে প্ৰস্ৰাৱ কৰি থকা লোকে দুপৰীয়া আহাৰ খোৱাৰ পিছত দুটাকে ভালদৰে পকা মালভোগ কল এসপ্তাহমান খাওক। পকা জেতুলিপকাৰ লগত চেনি মিহলাই দিনে এবাৰকৈ কল খোৱাৰ পিছত খাব পাৰিলে ৰোগ সোনকালে আৰোগ্য হয়।

*আঙুৰ খালেও সঘনাই হৈ থকা প্ৰস্ৰাৱ নিয়ন্ত্ৰণ হয়।

*জামুৰ গুটি গুৰি কৰি তাৰ আধা চামুচ পৰিমাণত দিনে এবাৰকৈ খালে সঘনাই প্ৰস্ৰাৱ হোৱাৰ কষ্ট কমে।

*চজিনা পাতৰ ৰসৰ লগত তিঁয়হ বা গাজৰৰ ৰস মিহলাই খালে সঘনাই প্ৰস্ৰাৱ হোৱা ৰোগ ভাল হয়।

*আহাৰ খোৱাৰ পিছতে প্ৰস্ৰাৱ কৰাৰ অভ্যাসে কিডনিৰ ৰোগ প্ৰতিৰোধ কৰে। লিভাৰ ভালে ৰাখে আৰু বাতবিষ আদিও প্ৰতিৰোধ কৰি ৰাখে।

লেখক: ডাঃ গৌতম শৰ্মা(স্বাস্থ্য আৰু দীৰ্ঘজীৱন)

3.125
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top