মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কিডনী ফেইলাৰ কেনেকৈ প্ৰতিৰোধ কৰিব :
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কিডনী ফেইলাৰ কেনেকৈ প্ৰতিৰোধ কৰিব :

কিডনী ফেইলাৰ কেনেকৈ প্ৰতিৰোধ কৰিব, তাৰ বিষয়ে লিখা হৈছে ।

 

কিডনী বা বৃক্ক আমাৰ শৰীৰৰ অতি গুৰুত্বপুৰ্ণ অংগ। কিডনীয়ে ভালকৈ কাম নকৰিলে নানা ৰোগৰ সৃষ্টি হয়। মৃত্যু পৰ্যন্ত হ’ব পাৰে। আমাৰ শৰীৰত দুটা কিডনী থাকে। এই কিডনী দুটা আমাৰ মেৰুদণ্ডৰ দুয়োফালে পেটৰ ভিতৰত পাছফালে কামীহাড়ৰ তলত থাকে। কিডনী দেখত বীনৰ দৰে আৰু এটা কিডনীৰ ওজন প্ৰায় ১৫০ ৰ পৰা ১৭০ গ্ৰাম। কিডনীৰ আকাৰ প্ৰায় এখন হাতৰ মুঠি এটাৰ সমান।

কিডনীৰ কাৰ্য কি -

১) কিডনীৰ প্ৰধান কাৰ্য হৈছে , কিডনীয়ে আমাৰ শৰীৰৰ ৰক্ত পৰিস্ৰাৱণ (ফিলটাৰ) কৰি ৰক্তৰ পৰা দুষিত পদাৰ্থবোৰ (টক্সিন)আঁতৰ কৰে। কিডনীয়ে প্ৰতিদিনে ১১৩ ৰ পৰা ১৪৪ লিটাৰ ৰক্ত পৰিস্ৰাৱণ কৰি ১ ৰ পৰা ১.৮ লিটাৰ প্ৰস্ৰাৱ উৎপন্ন কৰে। কিডনীয়ে পৰিস্ৰাৱণ কৰা এই দুষিত পদাৰ্থবোৰ প্ৰস্ৰাৱৰ দ্বাৰা শৰীৰৰ পৰা নিৰ্গত হৈ যায়। আমি যি খাদ্য খাওঁ তাত প্ৰটিন থাকে। প্ৰটিন আমাৰ শৰীৰত প্ৰৱেশ কৰাৰ সময়ত লগতে কিছুমান দুষিত পদাৰ্থ উৎপন্ন হয়। এই দুষিত পদাৰ্থবোৰ শৰীৰৰ কাৰণে খুব অপকাৰী। সেইবাবে কিডনীয়ে এইবোৰ দুষিত পদাৰ্থ ৰক্তৰ পৰা পৰিস্ৰাৱণ কৰি প্ৰস্ৰাৱৰ লগত শৰীৰৰ পৰা নিৰ্গত কৰি দিয়ে। এই শৰীৰৰ পৰা নিৰ্গত কৰি দিয়ে। এই দুষিত পদাৰ্থবোৰৰ ভিতৰত দুবিধ উল্লেখযোগ্য হৈছে ক্ৰিয়েটিন আৰু ইউৰিয়া । সেইবাবে ৰক্তত ক্ৰিয়েটিন আৰু ইউৰিয়াৰ মাত্ৰা পৰীক্ষা কৰি কিডনীয়ে ভালকৈ কাম কৰিছেনে নাই সেই বিষয়ে জানিব পাৰি। কিডনী অকামিলা হ’লে ৰক্তত ক্ৰিয়েটিন আৰু ইউৰিয়া মাত্ৰা বৃদ্ধি পাব।

২) কিডনীৰ আন এটা গুৰুত্বপুৰ্ণ কাম হৈছে শৰীৰত তৰল পদাৰ্থৰ (ফ্লুইড)মাত্ৰা নিয়ন্ত্ৰণ কৰা। কিডনীয়ে যিমান পৰিমাণ আৱশ্যক সিমান পৰিমাণৰ পানী শৰীৰত ধৰি ৰাখি বাকী অতিৰিক্ত পৰিমাণৰ পানী শৰীৰৰ পৰা বাহিৰ কৰি দিয়ে। কিডনী অকামিলা হ’লে এই অতিৰিক্ত পানীখিনি শৰীৰত থাকি যায় আৰু শৰীৰ ফুলি উঠে।

৩) কিডনীয়ে কেতবোৰ হৰম’ন উৎপন্ন কৰে, যিবোৰে শৰীৰত পানী আৰু নিমখৰ ভাৰসাম্য নিয়ন্ত্ৰণ কৰি ৰক্তচাপ সুস্থ সীমাৰ ভিতৰত ৰাখে। সেইবাবে কিডনী বিকল (কিডনী ফেইলাৰ)হ’লে ৰক্তচাপ বৃদ্ধি হয়।

৪)কিডনীয়ে এৰিথ্ৰপয়েটিন নামৰ এবিধ হৰম’ন উৎপন্ন কৰে, যি শৰীৰত ৰক্তৰ কণিকা বৃদ্ধি কৰে। কিডনী বিকল হ’লে শৰীৰত ৰক্তহীনতাই দেখা দিয়ে। এনেক্ষেত্ৰত বিভিন্ন আইৰনৰ ঔষধ আৰু ভিটামিন খালেও ৰক্তহীনতা আৰোগ্য নহয়।

কিডনীৰ ৰোগসমুহ -

নেফ্ৰাইটিছৰ পৰা কিডনীত পাথৰ হোৱালৈকে বহুত ধৰণৰ ৰোগ কিডনীত হ’ব পাৰে। কিন্তু তাৰ ভিতৰত আটাইতকৈ জটিল আৰু গুৰুত্বপুৰ্ণ হৈছে কিডনী ফেইলাৰ।

কিডনী ফেইলাৰ কেনেকৈ হয়-

বেছিভাগ ক্ষেত্ৰতে আন কিছুমান ৰোগৰ কাৰণে কিডনীত স্থায়ীভাৱে ক্ষতি হ’বলৈ ধৰে। লাহে লাহে এই ক্ষতিৰ পৰিমাণ ইমান বেছি হয় যে অৱশেষত কিডনী বিকল হৈ পৰে আৰু কিডনীয়ে নিজৰ কাৰ্যক্ষমতা হেৰুৱাই পেলায়। ফলত কিডনীয়ে শৰীৰৰ পৰা দুষিত পদাৰ্থবোৰ বাহিৰ কৰি দিব নোৱাৰা হয়। লগতে অতিৰিক্ত পৰিমাণৰ পানীও শৰীৰত থাকি যায়।

কিডনী ফেইলাৰ প্ৰথমটো কাৰণ হৈছে ডায়েবেটিছ আৰু দ্বিতীয়টো কাৰণ হৈছে উচ্চ ৰক্তচাপ।

আন কিছুমান বংশগত স্বাস্থ্যৰ সমস্যা যেনে পলিছিছটিক কিডনী আৰু অটোইমিউন ৰোগৰ বাবেও কিডনী ফেইলাৰ হ’ব পাৰে।

কিডনী ফেইলাৰ চিকিৎসা -

কোনো ব্যক্তি কিডনী ফেইলাৰত আক্ৰান্ত হ’লে ব্যক্তিজনক জীৱিত কৰি ৰাখিবলৈ মাত্ৰ দুই ধৰণৰ চিকিৎসা আছে।

১) ডায়েলাইছিছ

২) কিডনী ট্ৰেন্সপ্লাণ্ট।

১) ডায়েলাইছিছ:

ডায়েলাইছিছ যন্ত্ৰ থকা চিকিৎসালয়ত কিডনী ফেইলাৰৰ ৰোগীক নিৰ্দিষ্ট দিনৰ ব্যৱধানত ডায়েলাইছিছ কৰা হয়। এই চিকিৎসা যথেষ্ট ব্যয়বহুল। ডায়েলাইছিছ যন্ত্ৰৰ সহয়ত শৰীৰৰ পৰা দুষিত পদাৰ্থ (টক্সিন) আৰু অতিৰিক্ত পৰিমাণৰ পানী বাহিৰ কৰি দিয়া হয়। ডায়েলাইছিছে ৰক্তচাপ নিয়ন্ত্ৰণ কৰাতো সহায় কৰে। সাধাৰণতে কিডনীয়ে যেতিয়া ৮৫ ৰ পৰা ৯০ শতাংশ কাৰ্যক্ষমতা হেৰুৱায়, তেতিয়া ডায়েলাইছিছৰ প্ৰয়োজন হয়। সাধাৰণতে প্ৰতিটো ডায়েলাইছিছত প্ৰায় ৪ ঘণ্টা সময় লাগে আৰু সপ্তাহত তিনি দিন কৰিব লাগে। ব্যক্তিজন জীৱিত হৈ থকালৈকে ডায়েলাইছিছ কৰি থাকিব লাগিব। সেইবাবে কিছুসংখ্যক কিডনী ফেইলাৰৰ ৰোগীয়ে কিডনী ট্ৰান্সপ্লাণ্ট (সংৰোপণ )কৰি লয়।

২) কিডনী ট্ৰান্সপ্লাণ্ট (বৃক্ক সংৰোপণ):

যেতিয়া দুয়োটা কিডনীয়ে নিজৰ কাৰ্যক্ষমতা হেৰুৱায়, তেনে স্থিতিত জীৱিত বা মৃত ব্যক্তিৰ কিডনী ৰোগীৰ দেহত সংৰোপণ কৰা হয়। জীৱিত ব্যক্তিয়ে কিডনী দান কৰিলে ৰোগীজনৰ সম্ভাব্য জীৱনকাল প্ৰায় ১৫ বছৰ আৰু মৃত ব্যক্তিৰ পৰা ল’লে প্ৰায় ১২ বছৰ। ৰোগী আৰু দান দিয়া ব্যক্তিজনৰ ৰক্তৰ গ্ৰুপ মিউলিন লাগিব। প্ৰায়ভাগ ক্ষেত্ৰতে ৰোগীৰ পৰিয়ালৰ বা বন্ধু-বান্ধৱৰ কিডনী সংৰোপণ কৰা হয়। মৃত ব্যক্তিৰ কিডনীৰ বাবে ৰোগীয়ে চিকিৎসালয়ৰ অপেক্ষা তালিকাত নিজৰ নামভৰ্তি কৰিব লাগিব।

কিডনী ট্ৰেন্সপ্লাণ্টৰ প্ৰধান সমস্যাবোৰ হৈছে কিডনী দান দিয়া ব্যক্তিৰ অভাৱ আৰু এই অস্ত্ৰোপচাৰত বহুত ধন ব্যয় কৰিবলগীয়া হয়। সংৰোপণৰ পিছতো বহুত দামী ঔষধ সদায় খাই থাকিব লাগিব।

কিডনীৰ স্বাস্থ্য কেনেকৈ ভালে ৰাখিব-  আমাৰ কিডনী দুটাই দিনে-নিশাই কাম কৰি আমাক জীয়াই ৰাখিছে। সেইবাবে কিডনী দুটা স্বাস্থ্যৱান কৰি ৰখাটো একান্ত প্ৰয়োজন। তলত উল্লেখ কৰা নিয়মসমুহ মানি চলিব।

১) উচ্চ ৰক্তচাপে কিডনীৰ ক্ষতি কৰে, সেইবাবে নিয়মিত নিজৰ ৰক্তচাপ পৰীক্ষা কৰি থাকিব আৰু চিকিৎসকৰ পৰামৰ্শ অনুসৰি নিয়ন্ত্ৰণত ৰাখিব।

২) ৰক্তত চেনিৰ মাত্ৰা পৰীক্ষা কৰি থাকিব। যদি ডায়েবেটিছ আছে, তেন্তে খাদ্য আৰু ঔষধৰ সহায়ত ৰক্তত চেনিৰ মাত্ৰা নিয়ন্ত্ৰণত ৰাখিব। উচ্চ ৰক্তচাপৰ ডায়েবেটিছে কিডনীৰ ক্ষতি কৰে।

৩) খাদ্যত নিমখৰ মাত্ৰা একেবাৰে কমাই দিব। কিছুমান খাদ্যত যেনে চিপছ, আচাৰ আদিত বহুত পৰিমাণৰ নিমখ দিয়া থাকে। নিমখে উচ্চ ৰক্তচাপ কৰে।

৪) বিষনাশক ঔষধ (পেইনকিলাৰছ)- বিভিন্ন বিষৰ পৰা উপশম পাবলৈ বহুতো ব্যক্তিয়ে দীৰ্ঘদিন ধৰি বিষনাশক ঔষধ সেৱন কৰি থাকে। এই ঔষধবোৰে কিডনীৰ ক্ষতি কৰে। একমাত্ৰ চিকিৎসকৰ পৰামৰ্শ অনুসৰি এইবোৰ ঔষধ ব্যৱহাৰ কৰিব। মন কৰিবলগীয়া কথা হ’ল এই ঔষধবোৰ চিকিৎসকৰ নিদান (প্ৰেছক্ৰিপচন) নোহোৱাকৈয়ে সহজে বজাৰৰ পৰা কিনিব পাৰি।

৫) শৰীৰত পানীৰ মাত্ৰা কমিবলৈ নিদিব। কিডনী ভালকৈ ৰখাৰ আটাইতকৈ ভাল উপায় হৈছে দিনটো পৰ্যাপ্ত পৰিমাণে পানী খোৱা। প্ৰতিদিনে ১.৫ ৰ পৰা ২ লিটাৰ পানী খাব। অৱশ্যে জহকালি, ৰ’দত কাম কৰিলে, ব্যায়াম কৰিলে, গৰ্ভৱতী আৰু স্তনপান কৰা মহিলাৰ ক্ষেত্ৰত পৰিমাণ আৰু বাঢ়িব।

৬) ধুমপান ত্যাগ কৰক। ধুমপানে শৰীৰৰ তেজ চলাচল কৰা ধমনীবোৰৰ ক্ষতি কৰে। ফলত কিডনীয়ে যথেষ্ট পৰিমাণৰ ৰক্ত নাপায়। যথেষ্ট পৰিমাণৰ ৰক্ত নাপালে কিডনীয়ে নিজৰ কাৰ্যক্ষমতা হেৰুৱায়।

৭) নিয়মিত ব্যায়াম কৰি শৰীৰৰ ওজন স্বাভাৱিক স্থিতিত ৰাখক। অতিৰিক্ত দেহৰ ওজনে কিডনীৰ ওপৰত যথেষ্ট চাপ দিয়ে। দেহৰ ওজন কম কৰিলে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণতো সহায় কৰে।

৮) সদায় পুষ্টিকৰ আহাৰ গ্ৰহণ কৰক। মাংসৰ পৰিমাণ কমাই দি ফলমুল আৰু শাক-পাচলিৰ মাত্ৰা বঢ়াই দিয়ক।

সজাগতা: আমাৰ দেশত প্ৰতিবছৰে ২ লাখতকৈও অধিক কিডনী ফেইলাৰৰ ৰোগী নিৰ্ণয় হয়। তাৰ মাত্ৰ ৭০ শতাংশইহে ডায়েলাইছিছৰ সুবিধা পায়। তাৰে ২/৩ অংশই অৰ্থৰ অভাৱত ডায়েলাইছিছ বন্ধ কৰিবলগীয়া হয়। ভাৰতত ১,৫০,০০০ ৰোগীয়ে কিডনী ট্ৰেন্সপ্লাণ্টৰ বাবে অপেক্ষা কৰি আৰু ৯০ শতাংশই কিডনী দান পোৱাৰ আগতেই মৃত্যুমুখত পৰিব। প্ৰত্যেক নিজৰ কিডনীৰ যত্ন লওক।

লেখক: ডা: চন্দন বৰুৱা (নিয়মীয়া বাৰ্তা)

2.89473684211
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top