মূল পৃষ্ঠা / স্বাস্থ্য / স্বাস্থ্য কিটিপ / কীটনাশক ঔষধ প্ৰয়োগ কৰোঁতে সজাগ হওক
অংশিদাৰী
Views
  • স্থিতি: সম্পাদনাৰ বাবে মুকলি

কীটনাশক ঔষধ প্ৰয়োগ কৰোঁতে সজাগ হওক

কীটনাশক ঔষধ প্ৰয়োগ কৰোঁতে সজাগ হওক, সেই বিষয়ে লিখা হৈছে ।

জনবিস্ফোৰণে পৰিৱেশত যিদৰে প্ৰভাৱ পেলাইছে, সেইদৰে অত্যধিক ৰাসায়নিক সাৰ, কীটনাশক ঔষধৰ প্ৰয়োগেও শস্যৰ উৎপাদনৰ ক্ষেত্ৰত এক আমূল পৰিৱৰ্তন আনিছে । শস্যক্ষেত্ৰত অত্যধিক ৰাসায়নিক কীটনাশকৰ প্ৰয়োগৰ ফলত কিছুমান পোক-পৰুৱা, বেমাৰ-আজাৰে এনে ঔষধৰ প্ৰতি প্ৰতিৰোধ ক্ষমতা গঢ়ি তুলিছে, ফলস্বৰুপে কীট-পতংগৰ সংখ্যাও দিনক দিনে চিন্তাজনকভাৱে বৃদ্ধি পাবলৈ ধৰিছে আৰু পৰিৱেশ প্ৰদুষণতো এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে । আমাৰ কৃষকসকলে অধিক উৎপাদনৰ আশাত কীট-পতংগ আৰু বেমাৰ ভালদৰে চিনাক্তকৰণ কৰিব নোৱাৰি যিকোনো ঔষধ নভবা-নিচিন্তাকৈ অত্যধিক হাৰত যধে-মধে প্ৰয়োগ কৰি সকলোকে এক ভয়াৱহ ভৱিষ্যতৰ পথলৈ ঠেলি দিছে । খাদ্যত থা কি যোৱা কীটনাশক ঔষধৰ অৱশিষ্ট অংশ গ্ৰহণ কৰাৰ ফলত ক্ৰমান্বয়ে সেইবোৰ শৰীৰত সঞ্চিত হৈ কেনছাৰৰ নিচিনা দুৰাৰোগ্য ব্যাধিৰ সংখ্যাও দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে আৰু এটা সময়ত ভৱিষ্যতৰ প্ৰজন্ম যে বিকলাংগ হৈ জন্ম ল’ব সেইটো স্বৰুপ । বিশ্ব স্বাস্থ্য সংস্থাৰ সমীক্ষা মতে , ভাৰতৰ দৰে উন্নয়নশীল দেশত প্ৰতি বছৰে প্ৰায় ২০,০০০ জন মানুহ খাদ্যত থাকি যোৱা অৱশিষ্ট কীটনাশক ঔষধ সেৱন কৰা ফলত মৃত্যু হয় । গতিকে কৃষকসকলে কৃষি বিজ্ঞানী তথা কৃষি বিজ্ঞানী তথা কৃষি বিষয়াসকলৰ সহায় লৈ ভালদৰে কীট-পতংগ, বেমাৰ-আজাৰ ইত্যাদি চিনাক্তকৰণ কৰি অনুমোদিত হাৰত প্ৰয়োজন সাপেক্ষে কীটনাশক ঔষধ প্ৰয়োগ কৰা উচিত । আমেৰিকা যুক্তৰাষ্ট্ৰ কীটনাশক ঔষধ উৎপাদনত আৰু জাপানে ব্যৱহাৰৰ ক্ষেত্ৰত প্ৰথম স্থান অধিকাৰ কৰি আছে । আনহাতে, এছিয়া মহাদেশৰ দেশসমূহৰ ভিতৰত ভাৰততেই সৰ্বাধিক কীটনাশক ঔষধ উৎপাদিত হয় আৰু ব্যৱহাৰৰ ক্ষেত্ৰত ভাৰতবৰ্ষই দশম স্থান অধিকাৰ কৰি আছে । ভাৰতত বৰ্তমান ৫০০ ৰো অধিক কীটনাশক ঔষধ প্ৰস্তুতকৰণ গোট আছে । বৰ্তমান ভাৰতবৰ্ষত ২৬০ টা কীটনাশক দ্ৰব্য পঞ্জীয়নভুক্ত হৈ আছে । বিশ্বৰ বিভিন্ন দেশত নিষিদ্ধ কৰা ৬৭ টা কীটনাশক ঔষধ ভাৰতত আজিও ব্যৱহৃত হৈ আছে । এইসমূহৰ ভিতৰত মনক্ৰটফছ, ফছফামিডন, টক্সাফেন, এনড’ছালফেন, কাৰ্বাৰিল, মিথাইল পেৰাথিয়ন, ফৰেট ইত্যাদি অন্যতম । এই বিষাক্ত কীটনাশকবোৰ বিদেশত বহুদিনৰ আগতেই নিষিদ্ধ কৰা হৈছে, অথচ ভাৰতত এইবোৰ কৃষিক্ষেত্ৰত অবাধে ব্যৱহাৰ কৰি অহা হৈছে । আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে এই বিষাক্ত ঔষধবোৰৰ অৱশিষ্ট অংশ দীৰ্ঘদিন ধৰি শস্যত একে অৱস্থাতে ৰৈ যায় , যদিহে অনুমোদিত হাৰত প্ৰয়োগ কৰা নহয় । ভাৰতবৰ্ষত শতকৰা ৩০ ভাগ খাদ্যৰ কীটনাশকৰ অৱশিষ্টাংশ মাত্ৰাৰ মান বিশ্ব স্বাস্থ্য সংস্থাৰ নিৰ্দেশিত মানতকৈ অনেক বেছি বুলি প্ৰমাণিত হৈছে । দিল্লী, বিহাৰ,উত্তৰ প্ৰদেশ, অন্ধ্ৰপ্ৰদেশ প্ৰভৃতি ৰাজ্যৰ পৰা সংগৃহীত নানা প্ৰকাৰৰ খাদ্য আৰু শাক-পাচলিৰ ৭৫ শতাংশতে বিষাক্ত কীটনাশক দ্ৰব্য পোৱা গৈছে । ভাৰতত এজন মানুহে প্ৰতিদিনে অধিক পৰিমাণত এই বিষাক্ত কীটনাশকবোৰ খাদ্যৰ জৰিয়তে গ্ৰহণ কৰি আছে । গতিকে শস্যক্ষেত্ৰত এনে ঔষধ প্ৰয়োগ কৰিবলৈ যোৱাৰ আগত পথাৰখনত থকা পোক-পৰুৱা, বেমাৰ-আজাৰৰ প্ৰকোপ আৰু সঠিক চিনাক্তকৰণ, সিহঁতৰ জীৱনচক্ৰ ইত্যাদিৰ ওপৰত সম্যক জ্ঞান থকা অতি প্ৰয়োজন । কীট-পতংগই অৰ্থনৈতিকভাৱে অনিষ্ট কৰিলেহে ৰাসায়নিক ঔষধৰ সহায় ল’ব লাগে । ভাৰতত কৃষিক্ষেত্ৰত ব্যৱহৃত হোৱা প্ৰায় ৩০ শতাংশ কীটনাশক ঔষধ অধিক মাত্ৰাত বিষাক্ত । গতিকে কৃষকসকলে কীটনাশক ঔষধ প্ৰয়োগ কৰোঁতে তলত উল্লেখ কৰা দিশ কেইটাৰ ওপৰত গুৰুত্ব আৰোপ কৰাটো অতিশয় প্ৰয়োজনীয় ।

কীটনাশক ঔষধ ব্যৱহাৰৰ আগত মন কৰিবলগীয়া কথাকেইটা হ’ল -

১) কীটনাশক দ্ৰব্য স্থানান্তৰিত কৰাৰ সময়ত খাদ্য বা অন্য সামগ্ৰী লগত ৰাখিব নালাগে, বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে ।

২) কীটনাশক দ্ৰব্য কেতিয়াও মানৱ দেহৰ সংস্পৰ্শলৈ প্ৰত্যক্ষভাৱে আনিব নালাগে ।

৩) কীটনাশক দ্ৰব্য ব্যৱহাৰৰ আগেয়ে প্ৰয়োগৰ নিয়মাৱলী ভালদৰে পঢ়ি ল’ব লাগে । টেমা বা পেকেটত থকা চন, তাৰিখ চাই ঔষধৰ গুণাগুণ ঠাৱৰ কৰি ল’ব লাগে ।

৪) সদায় পৰিষ্কাৰ পানী ব্যৱহাৰ কৰিব লাগে, অন্যথা স্প্ৰে’ যন্ত্ৰৰ ক্ষতি হোৱাৰ সম্ভাৱনা থাকে।

৫) অনুমোদিত হাৰত ঔষধ প্ৰয়োগ কৰিব লাগে, ই অপচয় তথা পৰিৱেশ প্ৰদূষণ ৰোধ কৰে ।

৬) ঔষধৰ পৰিমাণ স্প্ৰে’ যন্ত্ৰৰ আয়তন অনুযায়ী হিচাপ কৰি ল’ব লাগে । আৱশ্যক হোৱা ঔষধখিনি প্ৰথমে এটা সৰু পাত্ৰত ঢালি, অলপ পানীৰ লগত মিহলাই মিশ্ৰণ প্ৰস্তুত কৰি ল’ব লাগে । তাৰ পাছত স্প্ৰে’ যন্ত্ৰত আধা পানী ভৰাই ঔষধৰ মিশ্ৰণটো লাহে লাহে ঢালি জোকাৰি ল’ব লাগে । বন্ধ যন্ত্ৰটো স্প্ৰে’ কৰাৰ আগত ভালদৰে ধুই-পখালি লৈ ঔষধৰ মিশ্ৰণখিনি ভৰাব লাগে ।

৭) স্প্ৰে’ কৰাৰ আগত স্প্ৰে’ যন্ত্ৰৰ আৰু অন্যান্য আহিলা-হাতমোজা, হাতদীঘল চোলা, মুখ আৰু নাক ঢকা টুপি ইত্যাদি পিন্ধি ল’ব লাগে যাতে বিষাক্ত ঔষধবোৰ শৰীৰৰ সংস্পৰ্শলৈ নাহে । বতৰটো ভালদৰে পৰীক্ষা কৰিব লাগে । বৰষুণ দিয়াৰ সম্ভাৱনা থাকিলে স্প্ৰে’ কৰিব নালাগে । স্প্ৰে’ সদায় আবেলি বা ৰাতিপুৱা কৰিব লাগে ।

ঔষধ প্ৰয়োগ কৰাৰ সময়ত মন দিব লগীয়া কথাকেইটা হ’ল-

১) ভালদৰে ৰক্ষাকাৰী সামগ্ৰীসমূহ-হাতমোজা, মুখ আৰু নাক ঢাকনি টুপী, হাত দীঘল চোলা ইত্যাদি পিন্ধি ল’ব লাগে ।

২) স্প্ৰে’ যন্ত্ৰৰ নজল আৰু সঠিক স্প্ৰে’ যন্ত্ৰ ল’ব লাগে । কীটনাশক ঔষধ প্ৰয়োগৰ বাবে হ’ল কন নজল (Hollow cone nozzle) আৰু অপতৃণ নিয়ন্ত্ৰণৰ বাবে ফ্লেটফেন নজল (Flate fan nozzle) ব্যৱহাৰ কৰা উচিত ।

৩) স্প্ৰে’ কৰাৰ সময়ত ধুম্ৰপান বা খাদ্য গ্ৰহণ কৰা অনুচিত ।

৪) স্প্ৰে’ সদায় বতাহৰ দিশত কৰিব লাগে যাতে ঔষধ উৰি আহি স্প্ৰে’ কৰোঁতাজনৰ গাত নপৰে, যাৰ ফলত শৰীৰত বিষক্ৰিয়া হোৱাৰ সম্ভাৱনা থাকে ।

৫) স্প্ৰে’ কৰাৰ সময়ত প্ৰাকৃতিক শত্ৰু পোক যেনে- মকৰা, জিঁয়া ইত্যাদিৰ উপস্থিতিৰ ওপৰত চকু দিব লাগে।

৬) স্প্ৰে’ কৰোঁতে গছবোৰ ভালদৰে তিতি যোৱাকৈ কৰিব লাগে । অন্যথা ভাল ফল আশা কৰিব নোৱাৰি ।

স্প্ৰে’ কৰাৰ পিছত ল’বলগীয়া সাৱধানতা -

১) স্প্ৰে’ যন্ত্ৰটো ভালদৰে পৰিষ্কাৰ পানী আৰু চাবোনেৰে ধুব লাগে । পানীখোৱা পুখুৰী বা নলাত ধুব নালাগে । এনে কৰিলে মাছ, জীৱজন্তু, মানুহ ইত্যাদিৰ বিষক্ৰিয়া হ’ব পাৰে । অৱশিষ্ট ঔষধখিনি গাঁত খান্দি পুতি পেলাব লাগে ।

২) স্প্ৰে’ কৰোঁতাজনে স্প্ৰে’ কৰাৰ সময়ত ব্যৱহাৰ কৰা চোলা আৰু অন্যান্য সামগ্ৰী বাহিৰতে খুলি ভালদৰে চাবোনেৰে গা-পা ধুই ঘৰৰ ভিতৰত সোমাব লাগে আৰু আহাৰ গ্ৰহণ কৰিব লাগে।

৩) ঔষধৰ খালী বটল/ পাত্ৰ ভাঙি পুতি পেলাব লাগে। এনে পাত্ৰত ঘৰৰ খোৱা সামগ্ৰী ৰখাত ব্যৱহাৰ কৰিব নালাগে ।

৪) স্প্ৰে’ কৰাৰ পাছত খেতিডৰাত ঘৰচীয়া জীৱজন্তু আৰু মানুহৰ প্ৰৱেশ নিষিদ্ধ কৰিব লাগে যাতে বিষক্ৰিয়া নঘটে ।

৫) যদি কীটনাশক দ্ৰব্য ব্যৱহাৰ কৰোঁতাজনৰ বা অন্য লোকৰ বিষক্ৰিয়া ঘটে তৎক্ষণাত ওচৰৰ চিকিৎসকৰ কাষ চাপিব লাগে । চিকিৎসকৰ ওচৰত ব্যৱহাৰ কৰা ঔষধৰ পাত্ৰ, বটল অথবা লেবেল দেখুওৱাৰ উপৰি বিতংভাৱে বৰ্ণনা কৰিব লাগে যাতে চিকিৎসকে সঠিকভাৱে চিকিৎসা প্ৰদান কৰিব পাৰে ।

লেখিকা:- ড° পূৰ্ণিমা দাস , ড° ঋতুৰাজ শইকীয়া

উৎস: দৈনিক জনমভূমি

2.55555555556
আপোনাৰ পৰামৰ্শ প্ৰদান কৰক

(এই লিখনি সম্পৰ্কে যদি আপোনাৰ কোনো মতামত নাইবা পৰামৰ্শ আছে তেন্তে ইয়াত প্ৰদান কৰক।)

Enter the word
দিক্‌ নিৰ্ণায়ক
Back to top